সম্পাদকীয় – নৱম বৰ্ষ, একাদশ সংখ্যা, শাওন ১৯৪২ শক

মুক্ত মন, সংবেদনশীলতা আৰু সমৃদ্ধিশালী ভৱিষ্যত

পৃথিৱীত সকলো মানুহৰ জীৱন বৃত্ত ভিন্ন হ’লেও সকলো মানুহৰে উদ্দেশ্য এটাই; সেয়া হ’ল জীৱনটোত সুখ আহৰণ কৰা। দুখ কোনো মানুহৰে কাম্য নহয়। জীৱনৰ আৰম্ভণিতে সুখ বিচৰাৰ এক অভিযান আৰম্ভ হয় আৰু তাৰ লগে লগে আৰম্ভ হৈ যায় প্ৰতিযোগিতাৰ দৌৰ।

দৰাচলতে, সুখ হৈছে মানুহৰ মনৰ গভীৰৰপৰা নিগৰি অহা এক ধনাত্মক অনুভৱ বা মানসিক প্ৰশান্তি৷ মানৱ জীৱনত দুখৰ দৰে সুখো কেতিয়াও চিৰস্থায়ী নহয়। ধনাত্মক চিন্তা কৰিবলৈ আমাক এটা মুক্ত মনৰ প্ৰয়োজন। তাৰ লগতে আমি জীৱনটো সুক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈয়ো জানিব লাগিব, মনত কোনো চাঁপৰ ভৰ ৰাখিব নালাগিব৷ কিন্তু বৰ্তমান সময়ত সুখী হোৱাৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলৈ গৈ আমি মুক্ত মনেৰে জীয়াই থাকিবলৈ যেন পাহৰি পেলাইছোঁ। অস্বাভাৱিকভাৱে মানৱ জীৱনত বাঢ়ি যোৱা জড়বাদী বা বস্তুবাদী ভাৱধাৰাক ইয়াৰ এটা প্ৰধান কাৰণ বুলি ক’ব পাৰি। এটা মোটা অংকৰ চাকৰি, মোটা বেংক বেলেঞ্চ, গাড়ী, ঘৰ ইত্যাদি আহৰণ কৰিব পাৰিলেই মানুহে নিজকে সুখী বুলি ভাবিবলৈ ধৰে৷ সাম্প্ৰতিক সময়ৰ পৰিপ্ৰেক্ষিতত জীৱন সংগ্ৰাম মানেই যেন বৈষয়িক সামগ্ৰী আহৰণ কৰাৰ সংগ্ৰাম। এনে সংগ্ৰামৰ নামত বহুলোকে অনৈতিক কৰ্ম কৰিবলৈও কুণ্ঠাবোধ নকৰে। সুখেৰে জীয়াই থাকিবলৈ সঁচাকৈয়ে ইমানবিলাক বস্তুৰ প্ৰয়োজননে? উদাহৰণস্বৰূপে, বজাৰত এটা নতুন স্মাৰ্ট ফোন মুকলি হোৱাৰ লগে লগে মনত সৃষ্টি হয় এক কম্পনৰ-“ল’ব পৰা হ’লে ভাল আছিল।” অথচ আমাৰ হাতত ইতিমধ্যে এটা মোবাইল আছে। দৰাচলতে, স্মাৰ্টফোনৰ বিজ্ঞাপনটোৱে আমাৰ মনটোক নিয়ন্ত্ৰণ কৰি ৰাখিলে। আমি যে পৰাধীন মনৰ গৰাকী ওপৰৰ বাক্যটি তাৰে এটি মাত্ৰ সাধাৰণ উদাহৰণ। অনাহকত মুক্ত, মুকলি বা স্বাধীন মনৰ অনুভৱ নকৰাকৈ সুখৰ প্ৰকৃত সংজ্ঞা বিচাৰি ফুৰোঁ। বৰ্তমান সময়ত ল’ৰা-ছোৱালীবোৰ অভিভাৱক/মাক-দেউতাকে অনুভৱ কৰা সামাজিক চাঁপৰ ফলত সফলতা আৰু বিফলতাৰ পাকচক্ৰত সোমাই পৰিছে। পৰীক্ষামুখী দৌৰত প্ৰথম স্থান নাপালেই যেন সন্তানটি বিফল। বেছিভাগ ক্ষেত্ৰতে সৰুৰেপৰা সমাজে জাপি দিয়া অঘোষিত প্ৰতিযোগিতাত সন্তানৰ স্বকীয় প্ৰতিভাৰ প্ৰতি আওকাণ কৰা হয়।। এইদৰেই আজিৰ প্ৰজন্মই অভিভাৱক/মাক-দেউতাকৰ আশা-প্ৰত্যাশাৰ এক গধুৰ মানসিক বোজা লৈ জীৱন আৰম্ভ কৰে। ভাৰতবৰ্ষত প্ৰতি ঘণ্টাত এজনতকৈও অধিক ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিদিনে আত্মহত্যা কৰে। গতিকে ইয়াত মুক্ত মনৰ স্থান ক’ত। আনহাতে, মুক্ত মনৰ সৈতে জড়িত হৈ আছে ব্যক্তিৰ মানসিক স্বাস্থ্য। অভাৱ পূৰণৰ দৌৰ নাইবা সফলতা-বিফলতাৰ চাকনৈয়াত জীৱনৰ কোনোবা নহয় কোনোবা মুহূৰ্তত বিপদ, নৈৰাশ্য, হতাশাই আমাক দুৰ্বল কৰি তোলে আৰু জীৱনটোক ঋণাত্মক দৃষ্টিভঙ্গীৰে চাবলৈ বাধ্য কৰে। ই এক নিষ্ঠুৰ সত্য। মানসিক স্বাস্থ্যৰ এয়া প্ৰাৰম্ভিক অৱনতি। তদুপৰি, এনে পৰিস্থিতিত সামাজিক স্বাস্থ্যৰো অৱনতি ঘটে। সামাজিক স্বাস্থ্য বুলিলে এজন ব্যক্তিয়ে আন এজন ব্যক্তিৰ সৈতে সৌহাৰ্দ্যমূলক তথা ধনাত্মক সম্বন্ধ ৰক্ষা কৰি চলাৰ দক্ষতা আৰু কৌশলকে বুজিব পাৰি। কৃত্ৰিমতাহীন সম্বন্ধৰ জৰিয়তে সুস্থ-সবল বাতাৱৰণ সমাজখনত বৰ্তাই ৰাখিব পাৰি। কিন্তু সুখ-দুখৰ দোমোজাত হাবু-ডুবু খাই থকা পৰাধীন মনৰ ব্যক্তি এজনৰ বাবে এনে সম্বন্ধ ৰক্ষা কৰাটো সম্ভৱ নহয়। ইয়াৰপৰাই সৃষ্টি হৈছে সামাজিক স্বাস্থ্যৰ অৱক্ষয়। গতিকে বস্তুবাদী চিন্তাকে সাম্প্ৰতিক সময়ৰ মানসিক আৰু সামাজিক স্বাস্থ্যৰ অৱনতিৰ কাৰক বুলি ক’ব পাৰি। বস্তবাদী চিন্তাৰ এই ধাৰণাটো প্ৰথমে আমি সকলোৱে সলনি কৰিব লাগিব। জীৱন-যাপনৰ বাবে প্ৰয়োজনীয় কি কি সেই কথা অনুধাৱন কৰি আমি মুক্ত মনৰ গৰাকী হ’ব লাগিব।

সাম্প্ৰতিক সময়ৰ সামাজিক আৰু মানসিক স্বাস্থ্যৰ অৱনতিৰ আন এটা কাৰক হৈছে মানুহৰ সংবেদনশীলতাৰ অভাৱ। আমি প্ৰত্যেকেই সমাজৰ অংগ। জাতি, ধৰ্ম, বৰ্ণ, ভাষা, লিংগ, জীৱিকা, ব্যৱসায় ইত্যাদিৰ ওপৰত নিৰ্ভৰ কৰি এখন সমাজত এজন ব্যক্তিৰ বিভিন্ন পৰিচয় থাকে। জীৱনৰ বিভিন্ন সময়ত এই পৰিচয়সমূহৰ প্ৰয়োজনীয়তা আহি পৰে। ফলস্বৰূপে মানৱৰ নিজস্ব পৰিচয় লাহে লাহে হেৰাই যায়। যেতিয়া আমি এই বিভাজনকাৰী উপাদানসমূহৰ মাজত নিজৰ পৰিচয় বিচাৰিবলৈ যাওঁ, তেতিয়া সমাজখন আমাৰ দৃষ্টিত দুটা ভাগত ভাগ হৈ পৰে- আপোন আৰু পৰ। এনেদৰে অপ্ৰাকৃতিকভাৱে সমাজ এখন দুটা ভাগত ভাগ হৈ সামাজিক অৱক্ষয়ৰ চূড়ান্ত ৰূপ ধাৰণ কৰে। এই বিভাজনে সামাজিক ব্যাধি যেনে- উচ্চ-নীচ, পক্ষপাতিত্ব, ভয়, উন্মাদনা, হিংসা, দুৰ্নীতি, অন্যায় আদি বিয়পোৱাৰ লগতে সামাজিক বন্ধুত্বপূৰ্ণ ভাৱধাৰাৰ প্ৰতিটো স্তম্ভ আৰু মানৱীয় মূল্যবোধৰ স্খলনত ইন্ধন যোগায়। সাম্প্ৰতিক সময়ত এই আটাইবোৰে মানুহৰ মানসিক স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে আৰু মানুহক আৱেগিকভাৱে দুৰ্বল কৰি পেলাইছে। মানৱীয় সংবেদনশীলতা ভৌতিকবাদী সমাজৰ স্বাৰ্থপৰতাৰপৰা বহু দূৰত ব্যক্তিৰ সামৰ্থ্য, সহমৰ্মিতা আৰু প্ৰত্যেক মানৱীয় মূল্যত সমাহিত এনে এক তত্ত্ব যাৰ অভিব্যক্তি আমাৰ ভাৱ, ভাষা, ধাৰণা, প্ৰেৰণা, আচৰণ আৰু ব্যৱহাৰত প্ৰতিফলিত হয়। কিন্তু বৰ্তমান সময়ত আমাৰ আচৰণ আৰু ব্যৱহাৰত সংবেদনশীলতাৰ প্ৰতিফলন হয়নে? সমাজত ঘটি থকা ঘটনাবোৰ আৰু বিকৃত মানৱ প্ৰবৃত্তিয়ে হৈছে বৰ্তমান সমাজৰ বাস্তৱিকতা। দুখীয়া আৰু মজদুৰসকলে খাৱ নোপোৱাৰ ফলত হোৱা মৃত্যুৰ ঘটনা, জাতি আৰু ধৰ্মৰ নামত হোৱা মাৰপিতৰ ঘটনা, পুলিচৰ অনৈতিক বল প্ৰয়োগ, প্ৰশাসনৰ পক্ষপাতিত্বমূলক কাৰ্য, দুখীয়া লোকসকলে পৰ্যাপ্ত চিকিৎসা নোপোৱা, নাৰীৰ ওপৰত অত্যাচাৰ আৰু ধৰ্ষণ, কৃষক আৰু মজদুৰসকলৰ অৰ্থনৈতিক আৰু সামাজিক অৱস্থা, মানুহৰ প্ৰাথমিক প্ৰয়োজনীয়তা, শিক্ষা আৰু স্বাস্থ্য খণ্ডত হোৱা দুৰ্নীতি ইত্যাদি বিষয়সমূহত চৰকাৰৰ নিষ্ক্ৰিয়তা, এনেথৰণে প্ৰায় প্ৰতিদিনে ঘটি থকা হাজাৰটা ঘটনাই প্ৰতিদিনে নানা লোকৰ মানসিক স্বাস্থ্যত প্ৰভাৱ পেলায়। আজিৰ যুগত মৃত্যুৰ সংখ্যা গণনা কৰা, মৃত্যু নোহোৱা পৰ্যন্ত গণ প্ৰহাৰ কৰা, ধৰ্ষণ কৰি হত্যা কৰা তেনেই সাধাৰণ ঘটনা হৈ পৰিছে। আমাৰ কাৰণেও এতিয়া এনেবোৰ অপমৃত্যুও স্বাভাৱিক কথা। ই কেনেধৰণৰ মানৱীয় মূল্য আৰু সামাজিক সংবেদনশীলতাৰ প্ৰতিনিধিত্ব কৰে ভাবি চাবলগীয়া। সংবেদনহীন ঘটনাবোৰে সমাজত গুৰুতৰভাৱে প্ৰভাৱ পেলোৱাৰ লগতে ব্যক্তিগতভাৱে মানুহৰ চিন্তা-ভাৱনা আৰু ব্যৱহাৰতো প্ৰভাৱ পেলায়। সংবেদনহীন ঘটনাৰ ক্ৰিয়া-কলাপে আমাৰ মনস্তাত্বিক অস্থিৰতা বৃদ্ধি কৰে। অৱচেতন মন আৰু ঋণাত্মক ভাৱধাৰা আৰু আৱেগৰ কাৰণে আমাৰ সিদ্ধান্ত নিৰ্ণয় প্ৰক্ৰিয়াটো দুৰ্বল হৈ পৰিছে। ফলস্বৰূপে বৰ্তমান আমি মানৱীয় সংবেদনশীলতাৰ বিষয়ে চিন্তা নাইবা আত্মবিশ্লেষণৰ প্ৰয়োজনবোধো নকৰোঁ। এক সুস্থ মানসিক আৰু সামাজিক স্বাস্থ্যৰ বাবে আমি প্ৰতিটো স্তৰতে আত্মবিশ্লেষণ কৰিব লাগিব। আমাৰ ভৱিষ্যত প্ৰজন্মৰ সামাজিকৰণৰ প্ৰক্ৰিয়াটোত মনোনিৱেশ কৰিব লাগিব। সামাজিক মূল্যৰ লগতে, মানৱীয় সংবেদনশীলতা তথা মূল্যবোধৰ শিক্ষা দিব লাগিব। তদুপৰি, যিদিনাৰপৰা আমি অস্বাভাৱিক বস্তুবাদী চিন্তাধাৰাৰপৰা আঁতৰি আহি মুক্ত মনৰ গৰাকী হ’ম, সেইদিনাৰপৰাই সুস্থ সামাজিক স্বাস্থ্যৰ পথ মুকলি হ’ব আৰু ব্যক্তিৰ মানসিক স্বাস্থ্যও সবল হৈ উঠিব। একোজন মুক্ত মনৰ সংবেদনশীল ব্যক্তিৰূপে সমাজত থিয় দিবলৈ সকলোৱে চেষ্টা কৰিব লাগিব। তেতিয়াহে এক সমৃদ্ধিশালী ভৱিষ্যতৰ আশা কৰিব পাৰি।

(অর্ণৱ নাৰায়ন পাটোৱাৰী)
সম্পাদক,
সাহিত্য ডট্ অৰ্গ, নৱম বৰ্ষ, একাদশ সংখ্যা

Subscribe
Notify of
4 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
কন
1 year ago

সম্পাদকীয় পঢ়ি সুখী হ’লোঁ। এয়াও নিশ্চয় আপোনাৰ ধনাত্মক চিন্তাৰ মোৰ ওপৰত পৰা এক পাৰ্শ্বক্ৰিয়া । যাহওঁক। আলোচনীখনৰ উত্তৰোত্তৰ কামনা কৰিলোঁ।

হৃদয়
1 year ago

এটা চিন্তনীয় বিষয়ৰ ওপৰত সময়োচিত লেখা। সকলোৱে পঢ়ি হৃদয়াংগম কৰা উচিত।

Anonymous
1 year ago

সুন্দৰ

Nazma
1 year ago

আপোনালোকৰ ই-মেইল আইডিটো দিবচোন…অনুবাদ গল্প পঠিয়াব লাগিছিল