সম্পাদকীয় -(প্ৰদ্যুৎ জ্যোতি শইকীয়া)

“at the strike of midnight hour

when the world sleeps

India will awake to

life and freedom”

জৱাহৰলাল নেহেৰুৱে কথাষাৰ কৈছিল ভাৰতৰ স্বাধীনতা লাভৰ মুহূৰ্তত। ভাৰতে হাজাৰ হাজাৰ ৰাতি উজাগৰে থাকি স্বাধীনতা লাভ কৰিলে ঠিকেই, কিন্তু থাকি গ’ল ভাৰতত ভোকাতুৰ জনতা। ব্ৰিটিছে কোৱা “poor people hungry people”। ভোক আঁতৰাব পৰা নগ’ল। কৌটি কৌটি মানুহ ভোকত এতিয়াও ককবকাই আছে। পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ গৰম খবৰে কাকতত ঠাই পালে। কৃষকৰ আত্মহত্যাৰ খবৰ এচুকত পৰি ৰ’ল। আমাৰ অসমতো স্বাধীনতাৰ বা বলিল। ৰাজনীতিয়ে গতি পালে। তোষামোদৰ ৰাজনীতিয়ে পোখা মেলিলে। ভোকাতুৰ জনতাৰ খবৰ লোৱাৰ আহৰি কাৰো নহ’ল। ১৯৬২ চনৰ চীনৰ ভাৰত আক্ৰমণৰ সময়ত নেহেৰুৱেটো কৈয়েই পেলালে “বিদায় উত্তৰ-পূৱ”। হয়তো সেই মাহীআইৰ দৃষ্টিৰ বাবেই উত্তৰ-পূৱৰ বিশেষকৈ অসমত জাতীয়তাবাদী ভাৱধাৰাবোৰে গা কৰি উঠিল। ভাগ্যৰ বলত তেজপুৰৰ পৰা গুচি গ’ল চাইনীজসকল। নহ’লে আমাৰ ৰাইজে কি দিন দেখিব লাগিলহেঁতেন ভগৱানেহে জানে ! তাৰ পাচত আঞ্চলিকতাবাদী শক্তিবোৰ আহিল। চৰকাৰ হ’ল। আকৌ কংগ্ৰেছ আহিল। কিছুমানে হাতত অস্ত্ৰ ল’লে। বিপ্লৱ চলিল, চলি আছে। গুপ্তহত্যা চলিল। জাতীয়তাবাদী ভাল ভাল মগজুবোৰৰ হত্যালীলা চলিল ; যিসকলে চিন্তা কৰিছিল অৰ্থনীতিৰ সৱলীকৰণৰ ওপৰত। এইদৰেই চলি থাকিল। কিন্তু ভোকাতুৰ জনতাৰ সংখ্যা নকমিল। বৰঞ্চ বাঢ়িল।

এইবোৰৰ মাজতে ১৯৭০ চন মানত এটা আশাৰ ৰেঙনি বিৰিঙি ভাৰতত আৰম্ভ হৈছিল সেউজ বিপ্লৱৰ। অন্তৰ্নিহিত মূল উদ্দেশ্য ভোকাতুৰ জনতাৰ ভোক গুচোৱা। চৰকাৰে উৎসাহিত কৰিছিল খেতিয়কসকলক। গাখীৰ, তেল আৰু মাছ-মাংসৰ উৎপাদনকাৰীসকলক প্ৰচুৰ উদ্গনি দিয়া হৈছিল। কিন্তু সেয়া সীমাবদ্ধ থাকিল উত্তৰ ভাৰতৰ সমভূমি অঞ্চল আৰু পঞ্জাবৰ মাজতে। অসমেও বহুত কিবা কিবি পাব পাৰিলেহেঁতেন। যদিওবা অসমক চুইছিল কিন্তু সিমান প্ৰভাৱশালী নহ’ল। কাৰণ কেন্দ্ৰৰ অনীহা! “অপাৰেচন ফ্লাদ”ৰ সহায়ত কেন্দ্ৰীয় চৰকাৰে সেই সময়ত গাখীৰৰ উৎপাদনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। তাৰ পূর্ণ সুযোগ গ্ৰহণ কৰাৰ কাৰণে এতিয়া আমাৰ সকলোৰে ঘৰে ঘৰে গুজৰাটৰ “আমুল(আনন্দ মিল্ক ইউনিয়ন লিমিটেদ)”ৰ দুগ্ধজাত সামগ্ৰী উপলব্ধ। কিন্তু অসমত তেনে এটা খাদ্য সামগ্ৰীজাত উদ্যোগ গঢ় লৈ নুঠিল। সেই সময়ত অসম চৰকাৰ আৰু অসমীয়া ব্যস্ত আছিল “ভাষা আন্দোলন”ৰ কুচ কাৱাজত। তাৰ পাছত আৰম্ভ হ’ল অসম আন্দোলন। এই দৰেই আমি অসমীয়াবোৰে সুযোগবোৰ হেৰুৱালোঁ। যদিও “ভাষা আন্দোলন” আৰু “অসম আন্দোলন” জৰুৰী আছিল, কিন্তু তাৰ পৰা আমি পালোঁ কি ? ছটা বিদেশীও খেদা নহ’ল এই ২৭ বছৰত। ভাষা আন্দোলনৰ পৰা আমি ভাষা পালোঁ ঠিকেই। কিন্তু “ব্ৰেইন-দ্ৰেইন” প্ৰতিহত কৰিব পাৰিছোঁ জানো ? “ব্ৰেইন-দ্ৰেইন” হোৱা ৮০%ই অসমৰ কথা নাভাৱে। অসম আন্দোলনৰ পৰা গাদী লোৱা নেতা-পালিনেতাবোৰৰ বেংকত কৌটি টকা জমা হ’ল। কিন্তু অসমৰ ভোকাতুৰ জনতাৰ ভোক হ’লে নুগুছিল।

সাম্প্ৰতীক সময়ত অসম উত্তাল কৰি থকা এটা বিষয় হৈছে নদী-বান্ধ। নদী-বান্ধৰ পৰা হ’ব পৰা ভয়ংকৰ পৰিনামৰ লিখনি আৰু বা-বাতৰিৰে ভৰি পৰিছে অসমৰ বাতৰি কাগজ আৰু নিউজ চেনেলবোৰ। এটা বহুতদিনীয়া চলি থকা খবৰ। অখিল গগৈয়ে শিৰোনামা দখল কৰিছে। তেওঁৰ নেতৃত্বত গঢ়ি উঠিছে প্ৰবল জনমত। নদীবান্ধ বন্ধৰ দাবীত। চৰকাৰ উদাসীন। বৰঞ্চ চিন্তা কৰিছে কেনেকৈ টাৰ্বাইন নিব পাৰি ধেমাজিলৈ। সুযোগ ওলাল। আমাৰ অতিকৈ আদৰৰ ভূপেনমামা ঢুকাল। সুবৰ্ণ সুযোগ চৰকাৰৰ। শৱদেহ অনাৰ পৰা অন্ত্যোষ্টিক্ৰিয়ালৈকে জাকজমকতা। আমি আৱেগপ্ৰৱণ অসমীয়ায়ো আদৰৰ ভূপেনমামাৰ বিয়োগত শোকাকুল হ’লোঁ। পাহৰি গ’লোঁ নদীবান্ধ। টাৰ্বাইন গৈ ধেমাজী পালেগৈ। অখিল গগৈয়ে চকু ৰাখিছ্ল যদিও এমুঠিমান মানুহেৰে কি কৰিব ? এতিয়া জনা মতে, ভূপেনমামাৰ সমাধিৰো কাম আৰম্ভ হোৱা নাই। বিভিন্ন চৰকাৰী অজুহাত। আমি ইমান সমস্যাটোৰ প্ৰতি উদ্বিগ্ন তেন্তে সকলোবোৰতে চকু ৰখাটো আমাৰ দায়িত্ব। কিন্তু আমি অসমীয়াবোৰ যে বহুত বেচি আবেগপ্ৰবণ তাৰেই প্ৰমাণ বাৰে বাৰে দিওঁ। “অসম আন্দোলন” তাৰ জলন্ত উদাহৰণ। শেহতীয়াকৈ নদীবান্ধ। আবেগেৰে কাম নচলে। বুদ্ধিমত্তাৰেহে কাম সিজে। ইমানবোৰৰ পাছতো এটা কথা ক’ব‍ লাগিব। যোৱাটো বছৰত গুৱাহাটীত “অসম কৃষক মুক্তি সংগ্ৰাম সমিতি”ৰ তত্বাবধানত হোৱা প্ৰতিবাদী কাৰ্য্যসূচী এটাত ৰুবুল আলি নামৰ এটা নিষ্পাপ দহ বছৰীয়া শিশুৰ চৰকাৰী গুলীৰ আঘাটত মৃত্যু হৈছিল। চৰকাৰ আৰু “অসম কৃষক মুক্তি সংগ্ৰাম সমিতি”য়ে কি ব্যবস্থা ল’লে তাৰ খবৰ হ’লে নাপালোঁ। শেষত একেটাই কথা হ’ল। ভোকাতুৰ জনতাৰ মাজৰ এজনে অনাহকত প্ৰাণ দিলে। তাকো এটি দেৱশিশু। সমস্যাৰ প্ৰতি সদা সষ্টম আবেগ প্ৰৱণ অসমীয়াৰ কিন্তু সেইয়া খবৰ ৰখাৰ সময় নাই।

এচামে সপোন দেখিছে স্বাধীন অসমৰ। হাতত সক্ৰিয় আগ্নেয়াস্ত্ৰ। দুহাত ৰাঙলী ধেমাজীৰ কণমানিহঁতৰ তেজেৰে। বিপ্লৱ সেইয়া। বিপ্লৱৰ নামতো জাহ গ’ল ভোকাতুৰ জনতাৰ কণমানিহঁত। সেইদৰে জাহ গৈছে অসমীয়া ডেকা ল’ৰাও। চৰকাৰী গুলিৰ আগত। এইবাৰ চৰকাৰৰ হাত ৰাঙলী। সেই অসমীয়া ডেকা ল’ৰাটো‍ও কোনোবা ভোকাতুৰ অসমীয়াৰে সন্তান। মুঠতে হত্যা,সন্ত্ৰাস,আন্দোলনৰ নামত লুকাই পৰিল অসমৰ অৰ্থনৈতিক উন্নয়ন। অসমক যদি আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আগুৱাই দেখুৱাব লাগে তেন্তে আমি অৰ্থনৈতিক সৱলীকৰণৰ ওপৰত গুৰুত্ব দিব লাগিব। অৰ্থনৈতিক সৱলীকৰণৰ কাৰণে কেৱল আমাৰ খাৰুৱা তেল,প্ৰাকৃতিক গেছ এইবোৰতে গুৰুত্ব দিলে নহ’ব। যিহেতু অসম এখন কৃষি প্ৰধান ৰাজ্য, গতিকে গুৰুত্ব দিব লাগিব খাদ্য সামগ্ৰীৰ অধিক উৎপাদনৰ ওপৰত। মানে “সেউজ বিপ্লৱ”। আমাৰ পথাৰবোৰ সৰুৰে পৰাই দেখিছোঁ বছেৰেকত এটাহে খেতি হয়। সেইটো সময়তে ১৯৭০ চনত “সেউজ বিপ্লৱ”ৰ এশ শতাংশ লাভ উঠোৱা পঞ্জাৱ, এতিয়া খেতিৰেই গঢ়ি তুলিছে নিজ ৰাজ্যৰ উন্নতি। সৰু সৰু বজাৰবোৰতো খাদ্য সামগ্ৰীৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰেতা আহিছে। কৃষিৰে সৱল পঞ্জাবৰ অৰ্থনীতি। উৎপাদনক্ষম মাটিৰ সুব্যৱহাৰৰ জলন্ত উদাহৰণ। অসমত থকা উৎপাদনক্ষম সমভূমিবোৰক ছটা ভাগত ভগাব পাৰি,

১) উত্তৰ পাৰৰ সমভূমি [ধেমাজী,লক্ষীমপুৰ,শোনিতপুৰ আৰু দৰং]

২)উজনি ব্ৰহ্মপুত্ৰ উপত্যাকা [গোলাঘাট,যোৰহাট,শিৱসাগৰ,ডিব্ৰুগড় আৰু তিনিচুকীয়া]

৩)মধ্য ব্ৰহ্মপুত্ৰ উপত্যাকা [ নগাঁও আৰু মৰিগাঁও]

৪)নামনি ব্ৰহ্মপুত্ৰ উপত্যাকা [বঙাইগাঁও,ধুবুৰী,কোকোৰাঝাৰ,গোৱালপাৰা,বৰপেটা,নলবাৰী আৰু কামৰূপ]

৫)বৰাক উপত্যাকা [কৰিমগঞ্জ,কাছাৰ আৰু হাইলাকান্দি]

৬)পাহাৰীয়াজিলা (কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ জিলা )

এই সমভূমিবোৰক যদি আমি “সেউজ বিপ্লৱ”ৰ যোগেদি কাৰ্য্যক্ষম কৰি বছৰত তিনি চাৰিটা খেতি কৰিব পৰা কৰোঁ তেন্তে অসমৰ অৰ্থনীতি ফো-ফোৱাই ওপৰলৈ যোৱাটো খাটাং। ইয়াতে এটা কথা উল্লেখ কৰাটো ভাল হ’ব। উপৰোক্ত ছটা ভাগৰ ভিতৰত বৰাক উপত্যাকাত জনসংখ্যাৰ প্ৰৱল হেঁচাৰ বাবে ইতিমধ্যে বছেৰেকত তিনি চাৰিটা খেতি আৰম্ভ হৈছে। বাকীবোৰ সমভূমি এতিয়াও সিমান এটা আগবঢ়া নাই। বিশেষকৈ উজনিৰ বৰহ্মপুত্ৰ উপত্যাকাত। তাত এতিয়াও বছৰৰ ৭টা মাহ মাটি এনেই পৰি থাকে ; সেয়া উল্লেখনীয়।আমি কেৱল সেউজ বিপ্লৱৰ ওপৰতে গুৰুত্ব দিলে নহ’ব গুৰুত্ব দিব লাগিব খাদ্যজাত সামগ্ৰী নিৰ্ভৰশীল উদ্যোগীকৰণৰ ওপৰত। মানে গ্ৰাম্য উদ্যোগীকৰণ। চৰকাৰৰ মুনাফা হোৱা লোহা, চিমেণ্টৰ উদ্যোগে আমাক নুখুৱায়। ধনতন্ত্ৰৰ গোলামসকলকহে চহকী কৰিব। ভোকাতুৰ জনতা ভোকাতুৰ হৈয়েই ৰ’ব। গ্ৰাম্য উদ্যোগীকৰণ বুলি কওঁতে থলুৱা আন খাদ্যজাত সামগ্ৰীকো সামৰি লোৱা হৈছে। গ্ৰাম্য উদ্যোগীকৰণৰ লগতে সমানে গুৰুত্ব দিব লাগিব স্থানীয় বজাৰৰ উন্নতিকৰণত। স্থানীয় বজাৰবোৰক সংযুক্ত কৰিব লাগিব খাদ্য সামগ্ৰীৰ আন্তঃৰাষ্ট্ৰীয় বজাৰৰ লগত। তেহে কৃষকে সমুচিত মান পাব। থলুৱা বেপাৰীৰ মুনাফা বাঢ়িব। জনমূৰি আয় উৰ্দ্ধগামী হ’ব। মুঠতে অসমক এতিয়া এটা ছয়োটা উৎপাদনক্ষম সমভূমিত সমানে প্ৰভাৱ পৰাকৈ এটা “সেউজ বিপ্লৱ” লাগে। তেতিয়াহে অসমখন ৰসৰাজৰ সুজলা সুফলা, শস্য শ্যামলা হ’ব। তেহে স্বৰাজোত্তৰ ৬৫ বছৰীয়া ভোকাতুৰ জনতাৰ ভোক গুচিব।

(কিছু সংখ্যক তথ্য আন্তঃজাল যোগে প্ৰাপ্ত)

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
9 years ago

এটা সুন্দৰ সম্পাদকীয়। সচাকৈ আমাক সচা অৰ্থত সেউজ বিপ্লৱৰ প্ৰয়োজন। যিয়ে আমাক আত্মনিৰ্ভৰশীল কৰি তুলিব পাৰিব…।

Dhiru Bora
9 years ago

One who is weak shall always be exploited and holding a gun apparently can create an illusion of strenght but the basic problems shall never cease to exist.It’s about the intellectual awakening of the entire society which is the only elixir that I can perceive to mitigate our problems. My personal observation and it was a pleasure reading your editorial , rich in content aswell as pertinent.Thanks

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক