সম্পাদকীয় — প্ৰাঞ্জল অনুভৱী

আমি মন কৰিছোঁ, যোৱা কেইটামান বছৰত অসমত লেখা-মেলা কৰা মানুহৰ সংখ্যাটো অভাৱনীয় ভাবে বৃদ্ধি পাইছে৷ এয়া অসমীয়া সাহিত্যৰ বাবে শুভলক্ষণ হয় নে নহয়, সেইটো অন্য এটা আলোচনাৰ বিষয়৷ বৰ্ধিত ছপামাধ্যম আৰু ইণ্টাৰনটেৰ ব্যৱহাৰ সুচল হোৱা বাবে লেখা-মেলা কৰিবলৈ মানুহক উৎসাহিত কৰি তুলিছে৷ অজস্ৰ লেখা লিখিছে আৰু ছপা মাধ্যমলৈ প্ৰেৰণ কৰিছে৷ ছপা হৈছে৷ কোনোবাই সেই সুযোগ লাভ কৰাৰ পৰা বঞ্চিত হ’লে, নিজা খৰচত প্ৰকাশ কৰি উলিয়াইছে কিতাপ৷ ফেচবুকত প্ৰতিদিনে মেলি দিছে নিজৰ লেখা৷ এইবোৰ কৰিবলৈ হয়তো লেখক হোৱাৰ প্ৰয়োজন নাই৷ কিন্তু সাহিত্যচৰ্চা কৰিবলৈ এক বিশাল আয়োজনৰ প্ৰয়োজন৷ দীৰ্ঘদিনীয়া অনুশীলনৰ আৱশ্যক৷

আপুনি হয়তো অহৰহ কিবা এটা সৃষ্টিৰ মানসিক তাগিদা অনুভৱ কৰে৷ কিবা এটা লিখিব খোজে৷ আপোনাৰ অনুভৱখিনি প্ৰকাশ কৰিব খোজে৷ কিন্তু লেখা-মেলা বা সাহিত্যচৰ্চা কৰাৰ বাবে মানসিক তাগিদাটোৱেই শেষ আৰু একমাত্ৰ কথা নে? কেইটামান শব্দ, বাক্য এটা নিৰ্দিষ্ট ফৰ্মত লিখিলেই যেনেদৰে এটা কবিতা নহয়, ঠিক তেনেদৰে চৰিত্ৰৰ মুখত কেইটামান অৰ্থহীন সংলাপ আৰু অনৰ্থক বিৱৰণেও কোনো লেখাক গল্পৰ মৰ্যাদা প্ৰদান নকৰে৷

এইখিনিতে এটা প্ৰশ্ন মনলৈ আহিব পাৰে- কেতিয়া গল্প এটা পঠনযোগ্য হৈ উঠে? কবিতা এটা কেতিয়া হৈ উঠে কবিতা? মই পঢ়া বিশিষ্ট গল্পকাৰ অতনু ভট্টাচাৰ্যৰ কেইটামান পৰামৰ্শৰ কথা মনলৈ আহিছে- ‘(১) ভাল গল্পকাৰে চুটিগল্পত সচৰাচৰ দুটা বা তিনিটাতকৈ চৰিত্ৰৰ সমাৱেশ নঘটায়৷ ভাল গল্পকাৰ চৰিত্ৰবোৰৰ প্ৰতি অযথা আৱেগিক হৈ নপৰে৷ কোৱা হয়, ভাল লেখক চৰিত্ৰৰ প্ৰেমত নপৰে৷ (২) এটা ভাল গল্প প্ৰায়ই এছোৱা সংক্ষিপ্ত সময়ৰ চিত্ৰণ৷ ইয়াৰ অসংখ্য ব্যতিক্ৰম আছে, কিন্তু প্ৰায়েই গল্পৰ পটভূমিৰ বিস্তৃতি কেইটামান দিন, কেইটামান ঘণ্টা নতুবা কেইটামান মুহূৰ্ত৷ (৩) ভাল গল্পৰ প্ৰথম শাৰীটোৱেই চিত্তাকৰ্ষক৷ প্ৰথম শাৰীটো আৰু আৰম্ভণিৰ দফাটো দুৰ্বল (বা অতি সাধাৰণ) হোৱাৰ পাছতো গল্পটো সুন্দৰ, সুপাঠ্য আৰু সফল হ’ব- এনে আশা কৰিব পৰা নাযায়৷ (৪) ভাল গল্পত সংঘাত মাথোঁঁন এটা৷ আৰু সেই সংঘাত প্ৰবল, প্ৰচণ্ড, তীব্ৰ, তীক্ষ্ণ৷ (৫) ভাল গল্পৰ বিৱৰণ সৰ্বাত্মক, সম্পূৰ্ণ অথবা সাম্যক (Comprehensive), কিন্তু একে সময়তে ইহঁত বাহুল্যবৰ্জিত, ছিদ্ৰহীন, সংহত আৰু আটিল (Compact)৷

ঠিক তেনেদৰে কবিতাৰ ভাষাটো শিকিবলৈ, আয়ত্ত কৰিবলৈ দীৰ্ঘদিনীয়া অনুশীলন আৰু প্ৰচুৰ অধ্যয়নৰ প্ৰয়োজন৷ বহু সময়ত কবিতাৰ ভাষাটো অস্পষ্ট, ধুসৰ হোৱা বাবে কবিতাৰ যোগেদি সাহিত্যচৰ্চা কৰিববলৈ নবীনসকল বেছি আগ্ৰহী হৈ পৰা পৰিলক্ষিত হোৱা দেখা যায়৷ কিন্তু তেওঁলোকে জানি থোৱা ভাল যে কবিতা লিখাতো যিমান সহজ বুলি ভবা হয় সিমান সহজ নহয়৷ কবিতা অতিকৈ সূক্ষ্ম আৰু স্পৰ্শকাতৰ বিষয়৷ কলা৷ ভাব, ভাষা আৰু আবেদনৰ এখন বৰ্ণময় ছবি৷ এটা সুন্দৰ গান৷

প্ৰসংগক্ৰমে এটা অভিজ্ঞতাৰ কথা ক’বলৈ মন গৈছে৷ লেখা-মেলাৰ যোগেদি এগৰাকী মহিলাৰ সৈতে এদিন মোৰ চিনাকি হৈছিল৷ তেখেতে মোক জনাইছিল যে তেখেতে একেলগে কেইখনমান কবিতাৰ পুথি ছপা কৰিব৷ আৰু কবিতাৰ পুথিকেইখন অসমৰ বিভিন্ন ঠাইত উন্মোচন কৰিব৷ গুৱাহাটীৰ উন্মোচনী সভাত মোক নিমন্ত্ৰণ জনাব৷ আচৰিত হোৱা নাছিলোঁ৷ ভাবিছিলোঁ, এয়া বোধহয় তেখেতৰ দীৰ্ঘদিনীয়া সাধনা আৰু পৰিশ্ৰমৰ ফচল৷

নিৰ্দিষ্ট দিনত কবিতাৰ পুথি উন্মোচনী মই উপস্থিত হৈছিলোঁ৷ সাহিত্য অনুষ্ঠানৰ সৈতে জড়িত কেইজনমান বিশিষ্ট ব্যক্তি আৰু নিমন্ত্ৰীত অতিথিৰ উপস্থিতিত, তেখেতৰ কবিতাৰ পুথি উন্মোচনা কৰা হৈছিল৷ মোৰ হাততো পৰিছিল উন্মোচিত কবিতাৰ পুথিৰ কপি৷ কিন্তু কবিতাবোৰ পঢ়ি মই হতাশ হৈছিলোঁ৷ কিয় জানো মোৰ ধাৰণা হৈছিল, কবিতা সম্পৰ্কে কবি গৰাকীৰ বোধহয় নাছিল ন্যূনতম ধাৰণা৷ এনে ধৰণৰ কবিতাৰ বাবেই চাগে কবিতা-অকবিতাৰ বিতৰ্কৰ সূচনা হৈ আছে৷  সেই কবি গৰাকীৰ কবিতাৰ দৰে আজিও বহুত কবিতা প্ৰতিদিনে বিভিন্ন প্ৰচাৰ মাধ্যমত প্ৰকাশ হৈ আছে৷ আৰু তেনে কম আয়াসত যশস্যা লাভ কৰিব খোজা প্ৰতিভাহীন লেখকক উৎসাহিত কৰিছে সাহিত্য অনুষ্ঠানৰ লগত জড়িত এচাম অসাহিত্যিকে৷

সংগীত সাধনাৰ বাবে যেনেদৰে সা ৰে গা মা শিকাতো, ৰেৱাজ কৰাতো প্ৰয়োজনীয় কথা, ঠিক তেনেদৰে গল্প, কবিতা বা অন্য লেখাৰ যোগেদি সাহিত্যচৰ্চা কৰিব খোজ ব্যক্তিসকলে সাহিত্যৰ প্ৰাথমিক কথাবোৰ জানি লোৱা ভাল৷ তেতিয়া হ’লে হয়তো তেওঁলোকৰ লেখাবোৰ, সাহিত্যচৰ্চাবোৰ এটা পৰ্যায়লৈ মৰ্যাদা লাভ কৰিব৷ আৰু সেই প্ৰাপ্তিয়ে তেওঁলোকক সুখী কৰিব৷

প্ৰাঞ্জল অনুভৱী
সম্পাদক,
সাহিত্য ডট অৰ্গ
সপ্তম বৰ্ষ , নৱম সংখ্যা ।

Subscribe
Notify of
4 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Dhrubajyoti Sarma
3 years ago

সম্পাদকীয়টো ভাল লাগিল৷ বৰ গুৰুত্বপূৰ্ণ বিষয় এটা বৰ সুন্দৰভাৱে আৰু সহজ ভাষাৰে বাখ্যা কৰিছে৷ অভিনন্দন৷

3 years ago

এই সংখ্যাৰ সম্পাদকীয়টোলৈ বাট চাই আছিলো । পঢ়ি নিৰাশ হবলগীয়া নহল । সম্পাদক তথা সম্পাদনা সমিতিলৈ অভিনন্দন ।

পাৰবীন
3 years ago

সম্পাদকীয় পঢ়ি মনত কেইবাটাও চিন্তাৰ উদ্ৰেক হ’ল। লিখিবলৈ হ’লে পঢ়িবই লাগিব, চৰ্চা লাগিবই, এই কথাত ময়ো একমত।

পাৰবীন
3 years ago

সম্পাদকীয় পঢ়ি মনত কেবাটাও চিন্তাৰ উদ্ৰেক হ’ল। লিখিবলৈ হ’লে চৰ্চা লাগিবই, লাগিব সাধনা। জ্ঞান আৰু সাহিত্য দুয়োটাকে ঐকতানত আনিব পাৰিলেহে উৎকৃষ্ট সৃষ্টিৰ আশা কৰিব পৰা যায়।