সম্পাদকীয় (প্ৰাণজ্যোতি নাথ)

ভাল কিতাপেৰে আৰম্ভ হওক এটা শক্তিশালী গ্ৰন্থ-আন্দোলন

কেতিয়াবা ভাবোঁ, এইযে মই পঢ়োঁ… এয়া মোৰ বিলাস নেকি? যাৱতীয় কামত ব্যয় হোৱা টকাকেইটা বাদ দি সঞ্চয়ৰ নামত যি অলপ কিছু থাকে, তাৰে খুব কম পৰিমাণৰ অংশ এটি কিতাপ কিনাত খৰছ কৰোঁ ……ই কি বিলাসিতা? অৱশ্যে একশ্ৰেণীৰ ক্ষুধাতুৰে(মানসিক ক্ষুধা অৰ্থত) যেতিয়া অৰ্থৰ অভাৱত পঢ়িবলৈ ইচ্ছুক মনটো সামৰিছে তেনে ক্ষেত্ৰত মানসিক তৃপ্তিৰ অৰ্থে মোৰ গ্ৰন্থক্ৰয় একপ্ৰকাৰ বিলাসিতা যে নহয় সেইকথা নুই কৰিব নোৱাৰি। পঠন বা মননৰ বাবে গ্ৰন্থক্ৰয়ৰ পক্ষপাতিত্ব কৰাটো যুক্তিসঙ্গতনে? সময়ৰ সতে তাল মিলাই বিভিন্ন স্তৰত বিভিন্ন মাধ্যমৰ মাজেদি পাৰ হৈ আহি আজি ছপা আখৰৰ মুখ দেখিছে গ্ৰন্থই। কেতিয়াবা শিলত খোদিত হৈছিল আখৰ, কেতিয়াবা কোনোবাটো কাপোৰৰ টুকুৰাত অথবা গছৰ বাকলিত। সাঁচিপাতৰ পুথিৰ কথা বোধহয় দোহাৰাৰ প্ৰয়োজন নাই। কিন্তু সেই সময়ত, সেই পৰিৱেশত ক্ৰয়-বিক্ৰয় চলিছিলনে কিতাপৰ! অথচ সাহিত্যৰ ধাৰক আছিল কিতাপেই। গ্ৰন্থ ৰচনা আছিল একপ্ৰকাৰ দুৰূহ কাম আৰু সেইদৰে পাঠকো আছিল একেবাৰে সীমিত। তথাপি অনাখৰী জ্ঞান-পিপাসুৱে জ্ঞানৰ সম্ভেদ পাইছিল শ্ৰৱন-কীৰ্তনেৰে। অৰ্থাৎ কোনো এজন লেখকে বা পাঠকে পঢ়ি শুনোৱাৰ কৰ্মভাগি সমাপন কৰিছিল। শ্ৰৱনো একপ্ৰকাৰ বিনোদনেই। কিন্তু ভাল গ্ৰন্থ এখন পঠন বা শ্ৰৱন কোনোটোৱেই যেতিয়া অনুচিত নহয় সেয়ে গ্ৰন্থ ক্ৰয়ৰ বিলাসিতাক জ্ঞান অৰ্জনৰ এক উচিত বাট বুলি কৈ সেই ক্ৰেতাক বাৰণ কৰাৰ পৰা আঁতৰি থকাই মঙ্গল।

সীমিত ৰচনা, সীমিত ৰচয়িতা, সীমিত পাঠকেৰে ভাষা জীৱিত থাকিল কেৱল এমুঠি মানুহৰ আন্তৰিকতা, পৰিশ্ৰম আৰু নিজা আগ্ৰহৰ বাবে। সময় সলনি হ’ল আৰু লিখনত ব্যৱহৃত আহিলাসমূহ সহজলভ্য হোৱাত লিখা কামটো হৈ পৰিল সহজসাধ্য। নিত্য নতুন গ্ৰন্থ বিবিধ বিষয়ৰ পয়োভৰেৰে কিতাপৰ-বজাৰত উপলব্ধ হ’ল আৰু শিক্ষিতৰ হাৰ বঢ়াৰ সমান্তৰালকৈ বাঢ়িল পাঠক। শুনি জ্ঞান লভাৰ ধাৰণাটোৰ অলপ সালসলনি ঘটি মানুহে পঢ়ি জ্ঞান লভাত বিশ্বাস কৰিবলৈ ল’লে।লেখকৰ শ্ৰম কমিল, ব্যয় বাঢ়িল আৰু ব্যয়ৰ ভাৰ বহন কৰি লেখক আৰু পাঠকৰ মাজৰ যোগসূত্ৰ হৈ পৰিল প্ৰকাশক। বিনিয়োগৰ উপৰিও এতিয়া প্ৰকাশকৰ ওপৰত পৰিল আৰু কেতবোৰ গধুৰ দায়িত্ব…যেনে, সাহিত্য, ভাষা আৰু কিছুপৰিমাণে জাতিৰ জাতিয়ত্ব ৰক্ষাৰ দায়িত্ব। এতিয়া মানসিক আৰু শাৰিৰীক শ্ৰমেৰে লেখকে যেতিয়া লেখাসমূহ প্ৰস্তুত কৰি উলিয়াব, প্ৰকাশকে নিজৰ দায়িত্ব বুজি ভাল লেখাসমূহ পাঠকলৈ বুলি আগবঢ়াই দিব… সেইসময়ত সমাজ-হিতৈষী ৰূপে পাঠকৰো দায়িত্ব সেই লেখা গ্ৰহণ কৰা, পঢ়া, পঢ়ুৱা, আৰু লগতে প্ৰচাৰ আৰু প্ৰসাৰ কৰা। গ্ৰন্থ ক্ৰয়ত অৰ্থ ব্যয় কৰিব নোৱাৰা কোনোবাজনক পঢ়ুৱাৰ দায়িত্ব লোৱাতো নিহিত থাকে আন্তৰিকতা আৰু সৎ ভাৱ। জাতি তথা ভাষাৰ গুৰিধৰোতাসকলে_ সকলোৰে মাজলৈ সাহিত্যক লৈ যোৱাৰ কামফেৰা কোনো খেদ প্ৰকাশ নকৰাকৈ কৰিব লাগে, লগতে সক্ষম আৰু সচেতন সাধাৰণ জনতাইও।

সাহিত্য কি?‘সহিত’ শব্দৰ পৰা ‘সাহিত্য’ৰ উৎপত্তি বুলি ভবা হৈছে।‘সহিতস্য ভাবঃ সাহিত্যম’-অৰ্থাৎ সহভাৱ বা মিলন; শব্দ আৰু অৰ্থৰ সুসমন্বয় বা মিলনেই সাহিত্য। মানুহৰ_ পৰস্পৰৰ মাজত সংযোগ স্থাপনৰ অৰ্থে ভাষাৰ সৃষ্টি আৰু সাহিত্য হ’ল ভাষাৰ সু-সংগঠক আৰু শ্ৰীবৃদ্ধিৰ কাৰক। সাহিত্য অবিহনে জীৱন-নিৰ্বাহ সম্ভৱ, কিন্তু জীৱনক বাদ দি সাহিত্য অসম্ভৱ। সেয়ে হয়তো কোৱা হয়-সাহিত্য জীৱনৰ দাপোন। সাহিত্যৰ সৈতে পোনপটীয়া আৰু ঘনিষ্ঠ ভাৱে জড়িত শব্দকেইটা হৈছে লেখক, প্ৰকাশক আৰু পাঠক আৰু এই লেখক, পাঠক আৰু প্ৰকাশকৰ সপোনৰ ছবিখনৰ নামটোৱেই হৈছে-‘কিতাপ’। বৰগোহাঞি চাৰে লিখিছে “কিতাপ জীৱনৰ সঞ্জীৱনী সুধা”। এই সুধা পি জীয়াই থাকে সেই তিনিওটা চৰিত্ৰ… লেখক, পাঠক আৰু প্ৰকাশক। পদ্মশ্ৰী ড° লক্ষ্মীনন্দন বৰা চাৰে(‘শব্দ’ই আয়োজন কৰা ৩য় যোৰহাট গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱৰ উদ্বোধনী ভাষণত প্ৰসংগক্ৰমে) ক’লে; ‘আমাক জীয়াই ৰাখিছে প্ৰকাশকে।’ সেই কথাষাৰৰ আঁত ধৰি ক’ব পাৰি প্ৰকাশকক জীয়াই ৰাখিছে পাঠকে আৰু পাঠকক কিতাপে।

নিচা কৰা মানুহে জানে নিচাৰ ৰাগী, কিতাপ এজন পাঠকৰ নিচা। এজন ভাল পঢ়ুৱৈয়ে স্বৰ্গীয় প্ৰেমৰ দৰে এই নিচাক লালন কৰে। তেওঁৰ বাবে কিতাপ হৈ পৰে জীৱনী শক্তি, যাক তেওঁ ধাৰণ কৰে, আত্মাৰ দৰে।

কিতাপ-কি এক ৰহস্যময় শব্দ; ঠিক নাৰী আৰু নদীৰ দৰে। প্ৰতিখন কিতাপৰ বুকুত লুকাই থাকে অনন্ত ৰহস্য, লিখকৰ জীৱনাদৰ্শ, চিন্তা, যুক্তি আৰু সামগ্ৰিকভাৱে  লিখকৰ বক্তব্যৰ সৈতে পাঠকৰ সংযোগৰ পৰাই উদ্ভৱ হয় নানান ৰহস্য__জ্ঞান আৰু প্ৰজ্ঞাৰ ৰহস্য। একো একোখন কিতাপৰ সৈতে একো একোজন সৎ, নিষ্ঠাবান পাঠকৰ সম্পৰ্ক একোজন সৎ, নিষ্ঠাবান প্ৰেমিকৰ দৰে-একান্ত ব্যক্তিগত আৰু আত্মিক। কিতাপৰ সীমাহীন ৰহস্যৰ জগতৰ তেওঁ এনে এজন মন্ত্ৰমুগ্ধ পৰ্যটক যে তেওঁৰ বাবে বাস্তৱ জগতৰ একোৱেই তাতকৈ আশ্চৰ্যকৰ হ’ব নোৱাৰে। আচলতে গোটেই জগতখনকে শাসন কৰে গ্ৰন্থই। এবোজা কিতাপ লৈ পাঠশালালৈ যোৱাৰে পৰা আমি বহতীয়া হওঁ গ্ৰন্থৰ আৰু আমাৰ মাজৰে কোনোজনে এই দাসত্ব স্বীকাৰ কৰি হৈ পৰোঁ কিতাপৰ আজন্ম প্ৰেমিক। এখন ভাল কিতাপৰ সংৰক্ষণ এটুকুৰা সোণ সংৰক্ষণ কৰাৰ দৰে, যি নতুন প্ৰজন্মক পুৰণি শিপাৰ সন্ধান দিয়ে। গ্ৰন্থ সেইবিধ মূল্যবান বস্তু যাৰ ওপৰত নিৰ্ভৰ কৰি এটি ভাষা টিকি থাকে। ভাষাক জীয়াই ৰাখিবলৈ সেই ভাষাত চিন্তা-চৰ্চা তথা লিখন যিদৰে জৰুৰী তাতোকৈ বেছি জৰুৰী পঠন। কাৰণ পঠনেহে জ্ঞানৰ দুৱাৰ মুকলি কৰে আৰু চাক্ষুস অভিজ্ঞতা নোহোৱাকৈ এডোখৰ অচিন ঠাইৰ, নেদেখা মানুহৰ, অজানা অথচ সঁচা কৰ্ম-কাণ্ড উপলব্ধিৰ অনুভৱ দিয়ে।

গ্ৰন্থৰ জগতত সোমাই পৰা আশ্চৰ্যচকিত পৰ্যটকজনে বিচাৰ কৰিব সেই জগতৰ কোনটো ৰূপে তেওঁক আটাইতকৈ বেছি আকৰ্ষিত কৰিছে। অৰ্থাৎ কোনবোৰ তেওঁৰ বাবে ভাল কিতাপ, কোনবোৰ বেয়া কিতাপ! আমি তেওঁক সিদ্ধান্ত দিব নোৱাৰোঁ, আমাৰ সিদ্ধান্তক তেওঁৰ সিদ্ধান্ত বুলি মানি ল’বলৈ বাধ্যও কৰাব নোৱাৰোঁ। পাঠক হিচাপে মই কি পঢ়িম বা কিয় পঢ়িম সেই কথা মোৰ ৰুচিৰ ওপৰত নিৰ্ভৰশীল আৰু মই পঢ়া কোনখন কিতাপৰ কথা আপোনাক ক’ম বা আপোনাৰে সতে আলোচনা কৰিম সেয়াও মোৰ ব্যক্তিগত সিদ্ধান্ত যদিও সেই নিৰ্দিষ্ট কথাটোৰ সৈতে এক ধৰণৰ সামাজিক হিতৰ প্ৰশ্ন এটাও যিহেতু জড়িত হৈ থাকে; সেয়ে ভাল কিতাপৰ ভাল আলোচনাহে শোভনীয়। কোনখন ভাল কিতাপ ৰুচি অনুযায়ী বিভিন্নজন পাঠকে বিভিন্ন ধৰণে বিচাৰ কৰিব। কোনো এখন কোনো এজনে পঢ়ি ভালপালে, অন্য এখন অন্য এজনে পঢ়ি ভাল পাব। কিন্তু লিখনও যিহেতু এটা ভাষাৰ বিস্তৃতিৰ মাধ্যম সেয়ে লেখাৰ পৰা আমি কাকো বাৰণ কৰিব নোৱাৰোঁ। কাঞ্চন বৰুৱাই সমসাময়িক সমালোচকৰ পৰা এজন ভাল ঔপন্যাসিক ৰূপে স্বীকৃতি লাভ নকৰিলে, কিন্তু ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়ে কাঞ্চন বৰুৱাৰ প্ৰসঙ্গত কৈছে- “অসমীয়া পঢ়ুৱৈৰ মাজত উপন্যাসৰ প্ৰতি আকৰ্ষণ সৃষ্টি কৰি পঢ়ুৱৈ সৃষ্টি কৰাৰ ক্ষেত্ৰত কাঞ্চন বৰুৱা অদ্বিতীয়। যি সময়ত অসমীয়া পঢ়ুৱৈৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পোৱা বুলি আলোচিত হয়, সেই সময়ত কাঞ্চন বৰুৱাৰ দৰে লেখকসকল জাতি আৰু ভাষাটোৰ বাবে আৰু অধিক গুৰুত্বপূৰ্ণ বুলি বিবেচিত হোৱাটো মংগলজনক।”(সাতসৰী,কাঞ্চন বৰুৱা বিশেষ সংখ্যা)। এই কথাষাৰ গ্ৰহণযোগ্য এইকাৰণেই যে এতিয়াও নতুন পুৰুষে পঠন আৰম্ভ কৰে জনপ্ৰিয় উপন্যাস “অসীমত যাৰ হেৰাল সীমা’’ৰে। কিন্তু এটা দশকত এজনহে কাঞ্চন বৰুৱা ওলায়। পাঠকক আকৃষ্ট অথবা মোহাৱিষ্ট কৰি ৰখাটো কিছু লেখকৰ বাবে একপ্ৰকাৰ দুৰূহ কাম। তাতে এতিয়াৰ পাঠক আগতকৈ কিছু পৰিমাণে সচেতন আৰু বুধিয়কো । তেওঁলোকে সময় ক’ত, কিয়, কেনেকৈ খৰছ কৰিব সেই কথা আগতীয়াকৈ নিৰ্ধাৰণ কৰাত দক্ষ। সেয়ে এনে পাঠকক ফাঁকি দিয়া কামটো বৰ সহজ নহয় । যিসকল লেখকে লেখা কামটো নতুনকৈ কৰিছে তেওঁলোকে যদি অনুভৱ কৰে যে পাঠকে তেওঁলোকক গ্ৰহণ কৰা নাই, তেন্তে লেখা কামটোৰ পৰা সাময়িক বিৰতি লৈ পাঠকে স্বীকৃতি দিয়া কোনো এজন বিশিষ্ট লেখকৰ গ্ৰন্থসম্ভাৰ অধ্যয়ন কৰাটো জৰুৰী। অৰ্থাৎ ক’ব পাৰি পঠন অবিহনে লিখন অসম্ভৱ আৰু কেনেবাকৈ যদি কাৰোবাৰ বাবে সেয়া সম্ভৱ হৈছে তেন্তে সি ঐশ্বৰিক। প্ৰায়কেইজন প্ৰতিষ্ঠিত লেখকৰ আত্মজীৱনীৰ পাত লুটিয়ালে বুজা যায় যে তেখেতসকল ভাল পঢ়ুৱৈও আৰু প্ৰকৃত পঢ়ুৱৈ এজনেহে লেখাৰ মান নিৰূপণ কৰাত সফল ।

কিতাপ পাঠকৰ আত্মা আৰু দেখা গ’ল যে লিখনিত পৰিপক্কতা আনিবলৈ নতুন লেখকৰ বাবে অধ্যয়ন জৰুৰী।তাৰোপৰি শিক্ষিতৰ হাৰ বঢ়াৰ সমান্তৰালকৈ বাঢ়ি অহা মানুহৰ জ্ঞানৰ ক্ষুধা নিবাৰণৰ বাবে গ্ৰন্থ অধ্যয়নৰ বিকল্প নাই।এই সকলোদিশ চালি-জাৰি চাই ক’ব পাৰি গ্ৰন্থৰ ভৱিষ্যৎ বিপন্ন নহয়। ভাষা-সাহিত্যৰ বৈতৰণীখনত ডুব নোযোৱাকৈ চাহাবী কায়দাত চিগাৰ হুপি ‘বেপৰোৱাহ’ হৈ থাকিবলৈ হ’লে গ্ৰন্থ অধ্যয়নৰ নাওখন মেলিবই লাগিব আৰু ধুমুহা চম্ভালিবলৈ জানিব লাগিব যে কিমান মোটা তৰপেৰে এই নাও বন্ধাব লাগিব। ক’ৰবাত পঢ়িলোঁ… “কিতাপ পঢ়িবা শান্ত হ’বলৈ।” ধীৰ-স্থিৰ, সংযমী ভদ্ৰলোক ৰূপে নিজক তুলি ধৰাত গ্ৰন্থ অধ্যয়নে আমাক যথেষ্ট সহায় কৰে।মুঠৰ ওপৰত ব্যক্তি আৰু সমাজ,উভয়ৰে বিকাশত গ্ৰন্থই এক বিশেষ ভূমিকা পালন কৰে। সেয়ে গ্ৰন্থৰ কদাপি মৃত্যু নাই। আজিকালি গাঁৱে-ভূঁয়ে গ্ৰন্থমেলাৰ আদৰ বঢ়ালৈ চালে অনুমান হয় কিতাপৰ আদৰ কমা নাই আৰু যুৱচামে কিতাপৰ মাজত কি বিচাৰে, সেইদিশত লেখক-প্ৰকাশক উভয়ে কিছু চকু ৰাখিলে ক’ব পাৰি যে পাঠকৰ সংখ্যা বৃদ্ধি হ’ব। পাঠকৰ মাজত নিজ ভাষাৰ গ্ৰন্থৰ চাহিদাই নিৰ্ণয় কৰিব ভাষাৰ ভৱিষ্যতো।

ভাষা এটা বৰ্তি থাকিবলৈ আৱশ্যক সেই ভাষাত লিখিত গ্ৰন্থৰ আৰু গ্ৰন্থ সৃষ্টিৰ কামটো লেখকৰ।স্বীকৃতিয়ে আমাক লক্ষ্যত উপনীত হ’বলৈ বিশেষভাৱে উৎসাহ-উদ্দীপনা যোগায়। লেখকসকলক স্বীকৃতি প্ৰদানৰ বাবে গঠিত ভাৰতৰ সৰ্ববৃহৎ আৰু সৰ্বোৎকৃষ্ট অনুষ্ঠানটো হ’ল সাহিত্য অকাডেমি। ১৯৫৪ চনৰ ১২ মাৰ্চত প্ৰতিষ্ঠা হোৱা সাহিত্য অকাডেমিয়ে ১৯৫৫ চনৰ পৰা অকাডেমি বঁটা ঘোষণা কৰে। সেই চনতে সৰ্বপ্ৰথম অকাডেমি বঁটাপ্ৰাপ্ত অসমীয়া ভাষাৰ গ্ৰন্থখন হ’ল প্ৰসিদ্ধ কবি যতীন্দ্ৰ নাথ দুৱৰাৰ “বনফুল” আৰু ২০১৫চনত সাহিত্য অকাডেমী লাভ কৰা গ্ৰন্থখন হ’ল বিশিষ্ট গল্পকাৰ কুল শইকীয়াৰ “আকাশৰ ছবি আৰু অন্যান্য গল্প।” এই দিশৰ পৰা বিচাৰ কৰিলে ১৯৫৫ চনৰ পৰা ২০১৫ চনলৈকে যোৱা ষাঠিটা বছৰে সাহিত্য অকাডেমীৰ দৰে উৎকৃষ্ট সন্মান লাভ কৰা অসমীয়া সাহিত্যৰ মান কমিছে বুলি ক’ব নোৱাৰি। বিশ্বসাহিত্যৰ সৈতে ফেৰ মাৰিব পৰাকৈ অসমীয়া ভাষাত গ্ৰন্থ ৰচিত হৈ আছে আৰু হৈ থাকিব। মাত্ৰ লেখাৰ সমান্তৰালকৈ পঢ়াৰ ধাৰাটো উত্তৰসুৰী অসমীয়া লেখক-পাঠকে বৰ্তাই ৰাখিব লাগিব। লগতে সৈমান হ’ব লাগিব এই কথাত যে আমাৰ নতুন লেখকে মানসম্পন্ন লেখা আমাক দিবলৈ সক্ষম। এই বিশ্বাসে লিখকক উৎসাহিত কৰিব আৰু মানবিশিষ্ট লেখাৰ ধাৰাটো বৰ্তি থকাত সহায় কৰিব।

তথাপিও ৰৈ যায় এক ক্ষীণ শংকা। প্ৰযুক্তিৰ বিস্তাৰে ক্ৰমাৎ হ্ৰাস কৰিছে নেকি পঠন অভ্যাস!! যন্ত্ৰৰ ব্যৱহাৰ বাঢ়িছে, কিন্তু যন্ত্ৰই গ্ৰাস কৰিব পৰা নাই গ্ৰন্থক।আজিৰ সময়ত যন্ত্ৰ আৰু গ্ৰন্থ-ইটো সিটোৰ পৰিপূৰকহে। গতিকে যন্ত্ৰৰ প্ৰভাৱত গ্ৰন্থৰ ভৱিষ্যৎ  বিপন্ন হ’ব বুলি ভবাটো এটা অমূলক চিন্তা। কাৰণ যন্ত্ৰ দানৱে কোনোমতেই শঙ্কৰদেৱ, শ্বেইক্সপীয়েৰ, ৰবীন্দ্ৰনাথ, বেজবৰুৱাক ম্লান কৰিব নোৱাৰে, কৰাটো অসম্ভৱ। বৰঞ্চ যন্ত্ৰৰ উচিত ব্যৱহাৰে বৃদ্ধি কৰিব অধ্যয়ন স্পৃহা।অসমীয়া নতুন প্ৰজন্মই এটা ‘কিতাপ পঢ়াৰ নৱ-আন্দোলন’ গঢ়ি তুলিব আৰু যন্ত্ৰই ইয়াত এক বিশেষ ভূমিকা ল’ব বুলি মই ব্যক্তিগতভাৱে আশাবাদী। অনুবাদেও দৃঢ় কৰিব অসমীয়া ভাষাৰ গ্ৰন্থৰ ভেটি, ব্যৱধান কমাব দেশ আৰু বিদেশৰ মাজত,সময় আৰু পাত্ৰৰ মাজত। অসমীয়া গ্ৰন্থৰ অনুবাদ বাঢ়ক, ইও এক আন্তৰিক আশা।

অসমত এটা গ্ৰন্থ আন্দোলন সম্ভৱ নে? নিশ্চয় সম্ভৱ।প্ৰয়োজন মাথো কিছু জনসচেতনতা, এক জনজাগৰণৰ।গ্ৰন্থমেলাও একপ্ৰকাৰ গ্ৰন্থবিপ্লৱেই। কিন্তু বৃহৎত্তৰ স্বাৰ্থত গ্ৰন্থমেলাৰো কিছু আধুনিকীকৰণৰ প্ৰয়োজন।প্ৰকাশন প্ৰতিষ্ঠানসমূহে অনলাইন যোগে অসমীয়া কিতাপ প্ৰাপ্তব্য কৰাওক, ইও এক আন্তৰিক প্ৰস্তাৱ। শিশু-উপযোগী কিতাপৰ উৎপাদন বাঢ়ক আৰু ই আমাৰ শিশুক এখন বিষ্ময়কৰ জগতৰ সন্ধান দিয়াত সফল হওক যাতে কাৰ্টুন শ্ব, ভিডিঅ’ গেম এৰি শিশুৱে কিতাপৰ পৃথিৱীত বিচৰণৰ হাবিয়াস কৰে… ইও আন্তৰিক আশা। নতুন সমালোচক ওলাওক, সমালোচনাই পাঠকৰ সময় ৰাহি কৰি ভাল গ্ৰন্থ নিৰ্বাচনত দিক নিৰ্ণায়কৰ ভূমিকা লওক। গ্ৰন্থ বৰ্তি থাকক, গ্ৰন্থই আমাক বৰ্তাই ৰাখক। পঢ়ক,পঢ়ুৱাওক……এই বাৰ্তাৰে, বিশেষকৈ অসমীয়া ভাষাৰ গ্ৰন্থৰ উজ্জ্বল ভৱিষ্যৎ কামনাৰে,কেইজনমান বিশেষ ব্যক্তিলৈ কৃতজ্ঞতা যাঁচি, সংখ্যাটিৰ সফলতা নিৰ্ণয়ৰ ভাৰ পাঠকলৈ এৰি সম্পাদকৰ কলম সামৰিলোঁ।

 

গ্ৰন্থপ্ৰেমীলৈ শুভকামনাৰে,

প্ৰাণজ্যোতি নাথ

 

 

 

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Syed Ahmed Shah
5 years ago

I am so proud of you today.

Syed Ahmed Shah
5 years ago

I am so proud of you.