সম্পাদকীয় (মঞ্জিল-দীপাংকৰ)

মনত খু-দুৱাই থকা কথা কিছুমান

(১)

ব’হাগ। অসমীয়াৰ বাপতি সাহোন। অসমীয়াৰ জীৱনৰ আয়ুস ৰেখা। প্ৰকৃতিৰ নিয়ম মানি ন সাজেৰে উজ্জীৱিত হৈ ব’হাগ আকৌ আহিল। বতাহত বসন্তৰ গোন্ধ।
এতিয়াৰ ব’হাগ আৰু তাহানিৰ ব’হাগ। তাহানি মানে আমাৰ শৈশৱকালৰ সময়ছোৱাৰ কথা কৈছোঁ। তেতিয়াৰ ব’হাগৰ উন্মাদনা কিছু বেলেগ আছিল। প্ৰকৃতিৰ লগতে মনৰ ভিতৰচ’ৰাখনো উৎসৱমুখৰ হৈ পৰিছিল। মনৰ ভিতৰতো কপৌ ফুলিছিল, কুলিয়ে মাতিছিল, তেজে পিৰপিৰাইছিল। চাই থাকোঁতেই সময়বোৰ সলনি হ’ল। এতিয়া বিহু আহিল বুলি কুলিয়ে হাজাৰবাৰ বিনালেও মনবোৰ আগৰ দৰে ৰাইজাই নকৰেইচোন। ৰঙালীৰ ৰংবোৰ ক’ত হেৰাই গ’ল?
ৰঙালী বিহুটি মেলামুখী হোৱাৰ পাছৰেপৰা লাহে লাহে বেছিভাগ অসমীয়া ৰাইজৰ বিহুৰ স্বতঃস্ফুৰ্ত ৰংখিনি অলপ কমকৈ লগা হ’ল। এতিয়া বিহু বুলি বহুতৰেই হ’বলগা বিহুমেলাকেইখনলৈহে হেঁপাহটো যেন বেছি। গৰু বিহুৰ দিনা বৈদ্যুতিন চেনেলৰ কেমেৰা থাকিলেহে বহুতে গোহালিৰ গৰুকেইটা লৈ ওচৰৰ ৰাজহুৱা পুখুৰী বা নদীৰ পাৰত গোট খায়। এওঁলোকৰ শ্ব’-অফ সংস্কৃতিৰ সমান্তৰালকৈ কিছু লোকৰ বাবে বিহু এক নিয়মমাফিক পৰম্পৰা। ৰং লাগিলেও নালাগিলেও নিয়মমাফিক বাধ্যবাধকতাৰে এওঁলোকে বিহু পালন কৰি আহিছে। এনে শ্ব’ অফ বিহু আৰু পালিব লাগে কাৰণে পালন কৰা বিহুৰে সংস্কৃতিৰ যাত্ৰা কিমান দূৰ সম্ভৱ?
আচলতে ৰংবোৰনো কিয় নলগা হ’ল? হয়তো মানুহ আৰু মানুহৰ মাজৰ সম্পৰ্কবোৰ লাহে লাহে শিথিল হৈ পৰিছে। আগৰ সহজ-সৰল মনৰ মানুহবিলাকৰ মনবোৰ লাহে লাহে জটিল হ’ল। সম্প্ৰীতিৰ জৰীডাল ঢিলা হৈ যোৱাত ঐক্য-সংহতিৰ চিনস্বৰূপ উৎসৱ-পাৰ্বণবোৰৰ ৰংবোৰ লাহে লাহে কমি গ’ল। হয়তো আজিকালি উছৱৰো পয়োভৰ। গোলকীয়কৰণৰ দিশে আগুৱাই গৈ থাকি দেশী-বিদেশী বহু উছৱকে আমি বুকুৰ আপোন কৰি ল’লোঁ। ৰঙালীয়েও যেন নিজৰ ৰংবোৰ আনৰ লগত ভগাই ল’বলগীয়া হ’ল। হয়তো আন বেলেগ কিবা।
ৰংবোৰ ঘূৰাই আনিব নোৱাৰিনে?
(বি.দ্ৰ.- সকলোৰে কথা কোৱা নাই। এতিয়াও আমাৰ বহুতৰে গা বিহু বুলি সাতখন-আঠখন কৰে।)

(২)

বিহু অহাৰ লগে লগেই …… লগে লগেই নহয় বিহুৰ দুই-তিনিদিন আগৰেপৰাই অসমৰ গাঁৱে-চহৰে বিহু মেলাৰ ঢল আহে। সংস্কৃতিক মঞ্চলৈ অনাৰ মহৎ উদ্দেশ্যত কেৰোণ লাগি বৰ্তমান ই এক ব্যৱসায়লৈ পৰিগণিত হৈছে। চ’ত মাহৰপৰা আৰম্ভ হৈ বিহু যোৱাৰ ২-৩ মাহলৈকে বিহুৰ এই ব্যৱসায় চলি থাকে। প্ৰতি ৪-৫ কিলোমিটাৰৰ অন্তৰে অন্তৰে হোৱা এনে বিহুমেলাৰ বাবে চান্দা গোটোৱা হয় সাধাৰণ ৰাইজৰপৰাই। কেতিয়াবা একেজন মানুহেই ১০-১২ খন বিহুমেলাৰ বাবে চান্দা দিবলগীয়া পৰিস্থিতিৰো সন্মুখীন হয়। সাংস্কৃতিক সন্ধিয়াৰ নাম লোৱা সংগীতানুষ্ঠান সন্ধিয়া পাৰ হৈ ৰাতিহে আৰম্ভ হৈ পুৱতি নিশালৈকে চলে।
কথা হ’ল এনে বিহুমেলাবিলাক সুসংহত কৰিব নোৱাৰি নেকি? একোটা বৃহৎ এলেকাৰ ৰাইজ লগ হৈ বিহুৰ কেইদিনৰ ভিতৰতে এখনেই বিহুমেলা অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰা ভাল। সাংস্কৃতিক সন্ধিয়াবোৰো সোনকালে অনুষ্ঠিত কৰি শেষ কৰিব পাৰিলে শিল্পী আৰু দৰ্শক উভয়ৰে বাবে ভাল। নামী-দামী শিল্পীক নিমন্ত্ৰণ কৰাৰ নামত ৰাইজৰপৰা বৃহৎ চান্দা তোলাটো বন্ধ কৰি সেই পইচা নিজৰ অঞ্চলত বিহুৰ বিকাশ সাধনৰ নামত খৰচ কৰাটো ভাল।
বিহুমেলাৰ লগতে আজিকালি বৈদ্যুতিন মাধ্যমৰ পয়োভৰত টি আৰ পিৰ প্ৰতিযোগিতাত বিহুৱে দিক-বিদিক হেৰুৱাইছে। কাতি বিহু-মাঘ বিহুতো হুঁচৰিৰ অনুষ্ঠান টিভি চেনেলত প্ৰদৰ্শিত হয়। বিহুৰ এমাহৰ আগৰেপৰাই দিনে-নিশাই প্ৰচাৰিত বিহু অনুষ্ঠানবোৰে ৰাইজৰ মনত বিতৃষ্ণা জগাইছে।
কিন্তু এইবিলাক বন্ধ হ’ব কেনেকৈ? এনে এটা ৰমৰমীয়া ব্যৱসায় কোনোবাই এনেকৈয়ে বন্ধ কৰি দিব জানো। তেখেতসকলক কৈ লাভ নাই। উপায় আমাৰ হাততেই আছে। বিহুৰ সাত দিন পাৰ হৈ চাৰিআলিয়ে চাৰিআলিয়ে অনুষ্ঠিত হৈ থকা পাবত গজা বিহুমেলাবিলাক হয়তো আমি নিজেই বৰ্জন কৰিব লাগিব, বিহুৰ নামত টিভি চেনেলৰ অত্যাচাৰৰপৰা নিজেই আঁতৰি থাকিব লাগিব।

(৩)

আজিকালি চাৰিওফালে ঋণাত্মকতাৰ পয়োভৰ। বাতৰি চেনেলকেইটা চাই, পুৱা খবৰ কাগজখন পঢ়ি ভাল খবৰ কেইটা বিচাৰি পাওঁ? ভাল খবৰকেইটামান থাকিলেও ব্ৰেকিং নিউজ বেয়া খবৰকেইটাৰ মাজত ভালকেইটা ক’ৰবাত হেৰাই যায়। এনেই দৈনন্দিন জীৱনতো আমি কিমানটা ধনাত্মক কথা-বতৰা পাতোঁ? পৰচৰ্চা, পৰসমালোচনাৰ পৰা আহৰি লৈ ভাল কামবিলাকৰ বিষয়ে আমি কিমান সময় আলোচনা কৰোঁ? সমালোচনা বিতৰ্কৰে কি লাভ হয়? বিতৰ্ক এটাৰ অন্তত কোনো এটা পক্ষই নিজৰ ভুল মানি লয়নে?
বেয়া বুলি ভবা কামবিলাকৰ বিষয়ে সমালোচনা কৰি বহি থাকিলেই ভাল কাম কৰা নহয়। কেৱল সমালোচনা কৰিয়েই পৰিৱৰ্তন আনিব পাৰিনে? বোধহয় নোৱাৰি। এই ক্ষেত্ৰত এক ধনাত্মক দৃষ্টিভংগী বৰ্তমান সময়ৰ প্ৰয়োজন। সমাজৰ বেয়াখিনি আঁতৰাই ভালখিনি আদৰি লোৱাত আমি অৰিহণা যোগাব লাগিব। বেয়া বেয়া বুলি লোকক সমালোচনা কৰি থকাতকৈ ভাল কামখিনিৰ প্ৰচাৰ আৰু জনপ্ৰিয়কৰণ আমি কৰিব নোৱাৰোনে? হয় বেয়াবোৰে সোনকালে প্ৰসাৰতা লাভ কৰে। কিন্তু হয়তো আমি ভালখিনি ৰাইজে আদৰি ল’ব পৰাকৈ উপস্থাপন কৰিব জনা নাই। সমালোচনাৰে পৰিৱেশ দূষিত কৰি নাথাকি আমি ভালখিনিক সাধাৰণ ৰাইজৰ মাজলৈ আগবঢ়াই লৈ যোৱাত অৰিহণা যোগাওঁ আ্হক। ঘৰত বহি আনক গালি-শপনি পাৰি উপদেশ দি থকাতকৈ নিজে এটা উদাহৰণ হওক।

(৪)

“সাহিত্য”ৰ এই মাহৰ সংখ্যাটি ৰাইজলৈ বুলি আগবঢ়ালোঁ।আলোচনীখনত ৰৈ যোৱা ভুল-ভ্ৰান্তিবোৰ দেখুৱাই দিলে কৃতাৰ্থ হ’ম। এই মাহৰ সম্পাদক হিচাপে এক নতুন অভিজ্ঞতা লাভ কৰিলোঁ। আমাক যোগ্য বুলি ভাবি এই গুৰুদায়িত্ব দিয়াৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ থাকিল।
আন্তৰিকতাৰে,
মঞ্জিল কোঁৱৰ, দীপাংকৰ চেতিয়া
(সম্পাদকদ্বয়)
 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
দিব্য দত্ত
6 years ago

শুভ চিন্তন…