সম্পাদকীয় – মাঘ, ১৯৩৯ শক (জানুৱাৰী, ২০১৮)

 বৰ্ণিল অসমীয়া সংস্কৃতিৰ লোকবিশ্বাস, উৎসৱ-পাৰ্বণ, আচাৰ-বিচাৰ সকলোবোৰেই ঠাইভেদে ভিন ভিন। আৰ্য আৰু আৰ্যভিন্ন এনে বহু লোকাচাৰ অসমীয়া সংস্কৃতিৰ পৰম সম্পদ। ক’বলৈ গ’লে ভিন ভিন সংস্কৃতিৰ মিলনৰ এক সুদৃঢ় ভেটিত গঢ় লৈ উঠিছে বৃহত্তৰ অসমীয়া সংস্কৃতি। এই বৃহত্তৰ অসমীয়া লোকসংস্কৃতিৰ এক অভিন্ন অংগ হ’ল লোক উৎসৱসমূহ। প্ৰায় একুৰিৰো অধিক জনজাতিৰ তথা আন আন অজনজাতীয় লোকৰ বাসভূমি অসমত এই লোকসকলৰ নিজ নিজ সংস্কৃতি, উৎসৱ-পাৰ্বণ লগতে সময়ে সময়ে অসমলৈ অন্য বহু ভাষাভাষী লোকৰ উৎসৱসমূহৰ সমিলমিলত চহকী হৈ উঠিছে অসমৰ উৎসৱৰ গতিধাৰা। অসমীয়াৰ প্ৰাণৰ আপোন তিনিটা বিহুৰ উপৰি অতীজৰে পৰা অসমৰ গাঁৱে-ভূঞেও থলুৱাভাৱে উদযাপিত হৈ আহিছে অন্য বহু লোকউৎসৱ। অসমীয়া সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ অংগ এই উৎসৱসমূহৰ আচাৰ-নীতিৰ স্থান বিশেষে গঢ়-মিল আছে। নামনি অসমৰ কামৰূপ, দৰং আৰু গোৱালপাৰা জিলাৰ কিছুমান অঞ্চলত ব’হাগ মাহত পালন কৰা ভঠেলি উৎসৱৰ ৰীতি-নীতিবোৰ সকলো ঠাইতেই প্ৰায় একে যদিও ঠাই বিশেষে ইয়াক স’ৰি বুলিও জনা যায়। দৰং জিলাত ইয়াক আকৌ ‘দেউল’ বুলি কোৱা হয়। কৃষিনিৰ্ভৰ অসমীয়া জাতিৰ থলুৱা লোকউৎসৱসমূহৰ প্ৰায়সংখ্যকেই কৃষিপ্ৰধান উৎসৱ। জেঠ আহাৰ মাহত দক্ষিণ কামৰূপৰ বিভিন্ন স্থানত ঘৰুৱা অথবা ৰাজহুৱাকৈ উদযাপিত হোৱা ভেলদিয়া উৎসৱো এনে এক উৎসৱ। কৃষিৰ প্ৰস্তুতি পৰ্বৰ “গোছ ৰোৱা বা ভূই ৰোৱা” উৎসৱ আৰু এই গোছ লোৱা উৎসৱেৰে আৰম্ভ কৰা পথৰুৱা কৃষি উৎসৱৰ সামৰণি মৰা “গোছ উঠা উৎসৱ” উভয়েই কৃষিজীৱী অসমীয়াৰ অন্য দুটা প্ৰাণৰ উৎসৱ। পথাৰৰ সোণগুটি ঘৰলৈ চপোৱাৰ পিছত অসমীয়াৰ ঘৰে ঘৰে উদযাপন কৰা হয় “ন খোৱা পৰ্ব” বা উৎসৱ। ইয়াৰ উপৰি অসমীয়া জনজাতীয় লোকসকলৰ মাজতো এনে বহু কৃষিভিত্তিক উৎসৱ উদযাপন হৈ অহা দেখিবলৈ পোৱা যায়। ৰাভা কৃষিসমাজৰ ‘বায়খো’, গাৰো জনজাতিৰ কৃষি উৎসৱ ‘ওৱানগালা’ আদি উল্লেখনীয় উদাহৰণ।

কৃষিভিত্তিক উৎসৱসমূহৰ উপৰি বিভিন্ন সংস্কাৰমূলক উৎসৱো অসমীয়াৰ ঘৰে ঘৰে পালন কৰা হয়! জাতকৰ্ম, মৃতকৰ কৰ্ম, বিবাহ আদি এনে সংস্কাৰমূলক উৎসৱৰ অন্যতম।

অসম ভিন্ন ধৰ্মাৱলম্বী লোকৰ মিলনভূমি! হিন্দু, ইছলাম, খ্ৰীষ্টান, জৈন, শিখ, বৌদ্ধ আদি সকলো ধৰ্মৰ লোকৰে মহাসংগমত সাৰুৱা হৈ উঠিছে বৰাক, ব্ৰহ্মপুত্ৰৰ দুই পাৰ! হিন্দু ধৰ্মৰ শাক্ত, বৈষ্ণৱ, ইছলাম, শিখ, তথা অন্য ধৰ্মাৱলম্বী লোকসকলৰ মাজত পালিত হয় অন্য বহু ধৰ্মীয় উৎসৱ। পূজা-পাৰ্বণ, ঈদ, বৰদিন আদিৰ উপৰি জনবিশ্বাসৰ ভেটিত কিছু কিছু থলুৱা লোকউৎসৱো উদযাপিত হয়! হিন্দু ধৰ্মৰ পচতি, সুৱৰি আদি এনে কিছু লোকউৎসৱ।

এনে উৎসৱসমূহৰ সৈতে বহু লোকবিশ্বাস সংপৃক্ত হৈ থাকে। এই লোকবিশ্বাসৰ আধাৰতে অংকিত হয় বৰ অসমৰ এক বহুৰঙী সাংস্কৃতিক মানচিত্ৰ। পৰিৱৰ্তিত সমাজ ব্যৱস্থাই সকলো ক্ষেত্ৰতে নতুনত্ব অনাৰ দৰে আমাৰ লোককৃষ্টিসমূহলৈয়ো কিছু পৰিৱৰ্তন আনিছে যদিও আজিও অসমৰ গ্ৰাম্য সমাজখনে অসমীয়া জাতিক মূল সুঁতিৰ পৰা আঁতৰি অহাৰ বাট প্ৰতিৰোধ কৰাত নীৰৱ ভূমিকা পালন কৰি আছে। সমাজ আৰু মানৱতাৰ প্ৰতি প্ৰত্যাহ্বানৰ সৃষ্টি কৰা অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ উৰ্ধত উদযাপিত হোৱা সকলো উৎসৱেই আচলতে এখন সমাজ সংগঠিত হৈ থকাৰ অন্যতম ছাবিকাঠি। যিবোৰ লোকবিশ্বাস আৰু সংস্কাৰধৰ্মী উৎসৱে মাটি আৰু মানুহৰ প্ৰতি প্ৰত্যাহ্বানৰ সৃষ্টি নকৰে সেইসমূহৰ পালনেও সমাজৰ কোনো ক্ষতিসাধন নকৰে। স্বকীয়তা বিসৰ্জন নিদিয়াকৈ তথাকথিত আমদানিকৃত উৎসৱসমূহো পালন কৰাটোকো আমি স্বাগতম জনাওঁ আৰু এনে উৎসৱ থলুৱা উৎসৱসমূহৰ প্ৰতি এক আগ্ৰাসন বুলি আমাৰ মনে নধৰে যিহেতু বিশ্বাস কৰোঁ সংস্কৃতি এক বোৱতী সুঁতিৰ দৰে আৰু ভিন্নতাই ইয়াক সমৃদ্ধহে কৰে!

ধন্যবাদেৰে

পল্লৱী গোস্বামী

মুখ্য সম্পাদক

সাহিত্য ডট্ অৰ্গ, মাঘ, ১৯৩৯ শক

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments