সম্পাদকীয় : মৃণাল জ্যোতি গোস্বামী

 

সম্পাদকীয় লিখিবলৈ কম্পিউটাৰত মূৰটো গুজি আছিলোঁ৷ ভাৱ হৈছিল লিখিবলগীয়া চোন একোৱেই নাই৷ সকলোৱেই বৰ ব্যস্ত, সকলো কথা ৰাইজে জানেই… কি নতুন কথা লিখিম… লিখিবলগীয়া দেখোন বহু বিষয় আছে… নাই সকলো ৰাইজে জানেই…
 
এইদৰে কথাবোৰ পাগুলি থাকোঁতে দাদা বন্ধু এজনে কোৱা অভিজ্ঞতা এটালৈ মনত পৰিল৷ প্ৰায় ২৩-২৫ বছৰৰ আগৰ কথা৷ মোৰ দাদাজনৰ প্ৰিয় বন্ধু এজন সেই সময়ত নতুন দিল্লীত পঢ়িবলৈ গৈছিল৷ বহু দিনৰ মূৰত ঘৰলৈ আহিলে তেখতক বন্ধুজনে খেচখেচায়— ‘কেতিয়াবাটো চিঠি এখন লিখিব পাৰ৷’ সেইবাৰ বন্ধুজন পুনৰ দিল্লীলৈ উভতি গ’ল৷ এবাৰ ট্ৰাংক ক’ল কৰি খবৰো ল’লে, তেতিয়াও বহু আপত্তি চিঠি নিলিখাৰ বাবে৷ দাদাজনৰ ঘৰত এটা প্ৰেছ আছিল৷ তেওঁ এদিন কাম এটা কৰিলে৷ এখন ডবল ডিমাই আকাৰৰ কাকত লৈ প্ৰথমতে ‘মৰমৰ বন্ধু…..’ বুলি লিখি গোটেই কাকতখন জোৰাকৈ একাবেঁকা এদাল আঁচ মাৰি শেষত ‘তোৰ বন্ধু…..’ বুলি লিখি ভালদৰে জাপি কুচি দিল্লীলৈ প’ষ্ট কৰি দিলে৷
 
পাছৰ বন্ধত বন্ধুজন ঘৰলৈ আহি তেওঁক ক’লেহি যে, দাদাজনৰ চিঠিখন পোৱাৰ দিনা তেওঁ বায়েকে দিয়া চিঠি এখনো পাইছিল৷ সেইখন আছিল বায়েকৰ স্কুলীয়া ছোৱালীজনীয়ে এফালে A, B, C, D লিখা কাকত আৰু তাৰে পিচফালে বায়েকে সাধাৰণভাৱে লিখা ঘৰৰ খবৰ৷ আনকি সেই চিঠিখনৰ পাতখিলাও ভালদৰে ফলা হোৱা নাছিল, বেঁকা-বেকীকৈহে আছিল৷… তেখেত বোলে লগৰ বন্ধুসকলক বৰ অন্তৰিকতাৰে এই চিঠি দুখন দেখুৱাইছিল৷… সেই অৰ্থ ৰাইজেই অনুধাৱন কৰক…
 
কি লিখিম৷  একোকে মনলৈ অহা নাই৷ বিভিন্ন ধৰণৰ কথাৰে মনটো ভৰি আছে৷ লিখিবহে নোৱাৰোঁ দেখোন৷ শৈশৱলৈ চিলনী সাঁতোৰ মেলিলোঁ৷ মনৰ পৰ্দাত ভাঁহি আহিল— হাফপেণ্ট পিন্ধ ল’ৰা এটাই লগৰীয়াৰ সৈতে খেৰকটীয়াৰ বুকুত সাঁতুৰিবলৈ শিকিছে… বেতগুটিৰ কেঁহাৰে মুখ বিকটাইছে… ইমান ইমান পানী/ গংগা ৰাণী; ইমান ইমান বোকা/ চাহেব দাদা… পুনৰ মণ্টাজ— ৰজাই হুকুম দিছে/ এদিম চেদিম বাই/ কি হুকুম দিছে/ এদিম চেদিম বাই… মেটেকানী, গছৰ আঁৰে আঁৰে লুকাভাকু খেলিছে… কাবাদি খেলিছে…
 
আৰু এতিয়া… সেই যে পানীত নামিছিলোঁ, বোকাত সোমাইছিলোঁ… কিহৰ পানী, বোকা আছিল বাৰু… জীৱনৰ বোকা-পানী; জীৱনৰ সাঁতোৰ৷ ৰজাৰ হুকুম মনাৰ মানসিকতা এটা বাৰু তেতিয়াই গঢ় লৈছিল নেকি আমাৰ; লুকাচুৰি, কাবাদি যে খেলিছিলোঁ, সেয়া বাৰু বৰ্তমান সময়ত জীৱনৰ সৈতে খেলা লুকাচুৰি বা কাবাদিত কৈ কিহত বেলেগ আছিল? নে সেয়া আমাৰ বৰ্তমানৰ বাবে প্ৰস্তুতি…
সম্পাদকীয় লিখিবলৈ গৈ কিবা হে লিখিলোঁ৷ ইমানতে সামৰিলোঁ, সেই দাদাজনৰ দৰে দীঘলীয়া এঁকা-বেঁকা আঁচডালেৰে…
 
পুনঃ যিখিনি কথা নক’ল নহয়-
সাহিত্য.অৰ্গৰ এই সংখ্যটি সজাব বিচাৰিছিলোঁ ‘জীৱনৰ নাটক, নাটকৰ জীৱনৰে’৷ সংখ্যাটি সজাওঁতে আমি কেইবাজনো ব্যক্তিৰ ওচৰত ঋণী৷ বিশেষকৈ শ্ৰদ্ধেয় অৰুণ শৰ্মাদেৱ, কুলদা কুমাৰ ভট্টাচাৰ্যদেৱ আৰু নৰেন পাটগিৰিদেৱৰ ওচৰত৷ তেখেতসকলে একাষাৰতে তেওঁলোকৰ একোটাকৈ প্ৰবন্ধ এই সংখ্যাত প্ৰকাশ কৰিবলৈ অনুমতি প্ৰদান কৰিছে৷ সময়ৰ অভাৱ তথা শাৰীৰিক অসুস্থতাৰ বাবে নতুনকৈ লিখি দিব নোৱাৰিলেও পূৰ্বে প্ৰকাশিত প্ৰবন্ধকে প্ৰকাশ কৰিবলৈ অনুমতি প্ৰদান কৰাৰ বাবে ফেচবুকৰ ‘অসমীয়াত কথা-বতৰা’ গোট আৰু সাহিত্য.অৰ্গৰ সমূহ সদস্যৰ তৰফৰ পৰা আমি তেখেতসকলক কৃতজ্ঞতা জনাইছোঁ৷ ইয়াৰ লগতে আমাৰ গোটৰ কেইবাজনো সদস্যই অন্তৰিকতাৰে বিভিন্ন দিশত এই সংখ্যাটি সজাওঁতে সহযোগ কৰাৰ বাবে ব্যক্তিগতভাৱে আমি তেখেতসকলৰ ওচৰত কৃতজ্ঞ৷ তেখেতসকলৰ নাম ইয়াত বিশেষভাৱে আৰু উল্লেখ নকৰিলোঁ৷
এই সংখ্যাটি ৰাইজৰ পৰা মৰম-আদৰ লাভ কৰিবলৈ সক্ষম হ’লে তাৰ কৃতিত্বৰ অধিকাৰী হ’ব সমূহ লেখক-লেখিকা প্ৰমুখ্যে কাৰিকৰী দলৰ সদস্য-সদস্যাসকল৷ আৰু যদি কিবা কম বা ভুল ৰৈ গৈছে সেয়া হ’ব সম্পাদনাৰ দায়িত্ব লোৱা অভাজনৰ৷
শেষত পুনৰ কওঁ
চৰৈৱতী, চৰৈৱতী…

 
 
 
 
 

(মৃণাল জ্যোতি গোস্বামী)

Subscribe
Notify of
4 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
BRAJEN PATHAK
9 years ago

পঢ়ি ভাল পালো| সমাজৰ কেইবাতাও দিশ লিখকে লিখনিটোত তুলি ধৰিছে|

দিগন্ত যাদৱ শৰ্মা
9 years ago

মনমোহা সম্পাদকীয়, শৈশৱলৈহে যেন ওভতাই লৈ গ’ল । এইবাৰৰ সংখ্যাটো কেইবাটাও মুল্যবান লিখনিৰে ভৰি পৰিছে ।

Ritimoni Bordoloi
9 years ago

পঢ়ি খুউব ভাল লাগিল………………..

lakhi
3 years ago

পঢ়ি ভাল পালোঁ,,