সম্পাদকীয় (লক্ষ্য জ্যোতি নাথ)

অসমৰ পৰ্য্যটনস্থানসমূহ , চৰকাৰ আৰু আমাৰ কৰণীয়

প্রাকৃতিক সম্পদ, অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান, আপুৰুগীয়া জীৱ-জন্তু, পৰিভ্ৰমী চৰাই, ঐতিহাসিক মঠ-মন্দিৰ,স্থাপত্য আদিৰে দেশী-বিদেশী পৰ্য্যটকক আকৰ্ষণ কৰিব পৰা এখন ৰাজ্য হ’ল অসম। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ থকা কাজিৰঙা, মানাহ, ডিব্ৰু চৈখোৱা, উৰাং, নামেৰি- ৫খন ৰাষ্ট্ৰীয় উদ্যান; পবিতৰা, গৰমপানী, লাওখোৱা, বৰনদী, সোণাই-ৰুপাই, পাভৈ, হোলোঙাপাৰ গিবন, দিহিং-পাটকাই, নামবৰ, পানীদিহিং, চক্ৰশিলা, বুঢ়া চাপৰি আদি অভয়াৰণ্য একো একোখন পৰ্য্যটনস্থলী। অসমৰ মাজেদি বৈ যোৱা ২৯০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ব্ৰহ্মপুত্ৰ নদী এচিয়াৰ ভিতৰতে অন্যতম দীঘল নদী। অসমৰ সভ্যতা-সংস্কৃতি ব্ৰহ্মপুত্ৰ নৈৰ সৈতে ওত:প্ৰোতভাৱে জড়িত। ব্ৰহ্মপুত্ৰ নদীৰ প্রাকৃতিক দৃশ্য অতি মনোমোহা, আকাশৰ পৰা লক্ষ্য কৰিলে ব্ৰহ্মপুত্ৰ নৈক অসমৰ মাজেৰে এখন চাদৰ পাৰি থোৱাৰ দৰে লাগে। ব্ৰহ্মপুত্ৰ নৈৰ মাজত থকা এচিয়াৰ সৰ্ব বৃহৎ নদী দ্বীপ মাজুলী অসমৰ পৰ্য্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু।
মাজুলীৰ সত্ৰ সমূহ, মাজুলীৰ কলা-সংস্কৃতি আদিয়ে সদায় দেশী-বিদেশী পৰ্য্যটকক আকৰ্ষণ কৰি আহিছে। গুৱাহাটীৰ কামাখ্যা মন্দিৰ, অসম ৰাজ্যিক সংগ্রহালয়, শংকৰদেৱ কলাক্ষেত্ৰ, উমানন্দ মন্দিৰ, অসম ৰাজ্যিক চিৰিয়াখানা, নৱগ্ৰহ মন্দিৰ, উত্তৰ গুৱাহাটী আদি পৰ্য্যটনৰ কেন্দ্ৰবিন্দু। অসমৰ আন এক ঐতিহাসিক পৰ্য্যটকক আকৰ্ষণ কৰিব পৰা ঠাই হৈছে তেজপুৰ, য’ত ঊষা-অনিৰুদ্ধৰ প্রেম সফল হৈছিল, যাক প্রেমনগৰী বুলিও জনা যায়। তেজপুৰৰ অগ্নিগড়, মহাভৈৰৱ মন্দিৰ, ভৈৰৱী মন্দিৰ, চিত্ৰলেখা উদ্যান, উষা পাহাৰ আদি উল্লেখযোগ্য পৰ্য্যটন স্থান ।
অসম হৈছে শংকৰ-আজানৰ দেশ। যুগ যুগ ধৰি অসমত হিন্দু কি মুছলমান, বৌদ্ধ আদি ধৰ্মৰ লোক একেলগে বসবাস কৰি আহিছে। হাজোৰ পোৱামক্কা হৈছে ইয়াৰ জ্বলন্ত উদাহৰণ। যাক দৰ্শন কৰিবলৈ বছৰি বহু দেশী-বিদেশী পৰ্য্যটক অসমলৈ আহে। এসময়ত অসমত ৰাজত্ব চলোৱা আহোম সাম্ৰাজ্যৰ স্বৰ্গদেউসকলে সাঁজি যোৱা ঐতিহাসিক ৰং-ঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, শিৱ দৌল, জয় দৌল আদিৰে অসমৰ সোণালী ইতিহাসক জিলিকাই ৰখা ঐতিহাসিক শিৱসাগৰ জিলা অসমৰ আন এক পৰ্য্যটনস্থলী। অসমৰ সাংস্কৃতিক ৰাজধানী বুলি জনাজাত, চাহ উৎপাদনৰ অন্যতম স্থান তথা আহোম শাসনৰ শেষ ৰাজধানী যোৰহাট প্রাকৃতিক সৌন্দৰ্য্যৰে চহকী এখন চহৰ। যোৰহাটৰ ঢেঁকীয়াখোৱা বৰ নামঘৰ, লাচিত বৰফুকন মৈদাম, গৰখীয়া মন্দিৰ, অসম সাহিত্য সভাৰ চন্দ্রকান্ত সন্দিকৈ ভৱন আদি চাবলৈও বছৰি বহু পৰ্য্যটকৰ আগমন ঘটে। উত্তৰ কাছাৰ জিলাৰ চৰাইৰ আত্মহত্যাৰ স্থান নামে জনাজাত জাতিংগাও অসমৰ অন্য এক পৰ্য্যটনস্থলী।

বিশ্ব বিখ্যাত আপুৰুগীয়া এশিঙীয়া গঁড় চাবলৈও বছৰি বহু দেশী-বিদেশী পৰ্য্যটক অসমলৈ আহে। তাৰোপৰি গম পোৱা গৈছে যে ঐতিহাসিক স্থান, অভয়াৰণ্য আদি চাবলৈ যোৱাৰ উপৰিও বহু পৰ্য্যটক বিভিন্ন ঠাইলৈ সেই ঠাইসমূহৰ থলুৱা খাদ্য সমূহৰ জুতি ল’বলৈ যায়, সেই ঠাইখনৰ স্থানীয় উৎসৱবোৰ চাবলৈ যায়। অসমৰ এক সুকীয়া পৰিচয় আছে। অসমৰ সংস্কৃতি, অসমৰ খাদ্য, অসমৰ উৎসৱৰ এক নিজস্ব চিনাকি আছে। অসমীয়াৰ বাপতি সাহোন বিহুৱে বিশ্ব দৰবাৰত চিনাকি দিবলৈ সক্ষম হৈছে।
প্রতি বছৰে বিহুৰ সময়ত অসমলৈ বহু বিদেশী পৰ্য্যটক আহে। বৰ্তমান সময়ত সাৰুৱা তেলৰ পাছতেই পৰ্য্যটন উদ্যোগ হৈছে বিশ্বৰ সকলোতকৈ বেছিকৈ চলা ব্যৱসায়। আমাৰ অসমখনতো পৰ্য্যটন উদ্যোগ চলা পূৰ্ণ সম্ভাৱনা আছে লগতে পৰ্য্যটকক আকৰ্ষণ কৰিব পৰা বহু সমল আছে। যিকোনো পৰ্য্যটনস্থলীলৈ যাবলৈ হ’লে প্রথম কথাটো আহি পৰে যোগাযোগ। অসমৰ যোগাযোগ ব্যৱস্থা আন ৰাজ্যৰ তুলনাত বহু পিছপৰা। ৰাষ্ট্ৰীয় ঘাঁইপথ, ৰেল সেৱা আৰু বিমান এই তিনিটা হ’ল প্রধান ব্যৱস্থা। দেখা যায় যে অসমৰ সকলো ৰাষ্ট্ৰীয় ঘাঁইপথ উন্নত নহয়। সেইবোৰ প্রথমতে চৰকাৰে উন্নতভাৱে সাঁজিব লাগিব। ৰাষ্ট্ৰীয় ঘাঁইপথৰ পৰা পৰ্য্যটনস্থলীলৈ সুগম পথৰে যোগাযোগৰ ব্যৱস্থা কৰি দিব লাগিব। ভাৰতৰ সকলো ঠাইৰ পৰা অসমলৈ ৰেল চলাচল নহয় যাৰ ফলত বহু লোকে অসমলৈ কম খৰছত আহিবলৈ বিচাৰে যদিও আহিব নোৱাৰে। অসমৰ পৰ্য্যটন উদ্যোগ আগবঢ়াই নিবলৈ হ’লে ৰেলসেঁৱা সুচল হ’বই লাগিব। লগতে বিদেশী পৰ্য্যটকৰ বাবে বিমান সেঁৱা আৰু বিমান বন্দৰৰ পৰা পৰ্য্যটনস্থলীলৈ সুকলমে লৈ যোৱাৰ ব্যৱস্থা চৰকাৰে কৰিব লাগিব। যোৱা কিছুবছৰৰ পৰা অসমত ইমানেই হিংসাত্মক ঘটনা হৈ আছে যে বহু পৰ্য্যটক অসমলৈ আহিবলৈ ইচ্ছা কৰিলেও প্রাণৰ শংকাত অসম পৰিভ্ৰমণ কৰিবলৈ নাহে। সেই শংকা দূৰ কৰাৰ দায়িত্ব চৰকাৰৰ। দেশী-বিদেশী পৰ্য্যটকসকলে সুৰক্ষিতভাৱে যাতে অসমৰ পৰ্য্যটনস্থলীসমূহ চাব পাৰে তাৰ বাবে প্রশাসন ব্যৱস্থা সষ্টম কৰিব লাগিব। লগতে পৰ্য্যটনস্থলীসমূহৰ নূণ্যতম দূৰত্বত যাতে পৰ্য্যটকসকল থাকিব পাৰে, খোৱা-বোৱা কৰিব পাৰে তাৰ বাবে প্রয়োজনীয় হোটেল-ল’জ আদি নিৰ্মাণ কৰিব লাগিব। ইয়াৰ ফলত দুটা লাভ হ’ব প্রথমে পৰ্য্যটকসকলৰ থকা-খোৱাৰ বাবে চিন্তা নাথাকিব আৰু দ্বিতীয়তে বহু নিবনুৱায়ো কৰ্ম সংস্থাপন লাভ কৰিব।

আজিকালি সকলো বিষয়তে প্রচাৰ বা বিজ্ঞাপন বৰ দৰকাৰী। প্রচাৰ নকৰিলে বহু কথা বহু মানুহে গম নাপায়। গুজৰাটৰ পৰ্য্যটনস্থলীলৈ সকলোকে আকৰ্ষণ কৰিবলৈ বলীউদৰ জনপ্ৰিয় অভিনেতা অমিতাভ বচ্চনৰ দ্বাৰা প্রচাৰ চলাইছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেলিভিচন চেনেল সমূহত। মাজতে কেৰেলা পৰ্য্যটন বিভাগৰো বিজ্ঞাপন এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ চেনেল এটাত দেখিছিলো। যাৰ ফলত সেই ঠাইবোৰত পৰ্য্যটকৰ সংখ্যা বাঢ়িছে আগতকৈ। গুজৰাটলৈ পৰ্য্যটক সিংহ চাবলৈ যায়। সেই হিচাপত আমাৰ অসমত বিশ্ববিখ্যাত এশিঙীয়া গঁড়, বিৰল প্রজাতিৰ পৰিভ্ৰমী চৰাই আদি আছে। আমিও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ টেলিভিচন চেনেল সমূহত যদি বিজ্ঞাপন দেখুৱাব পাৰো অসমলৈও যে পৰ্য্যটকৰ সোঁত ব’ব সেইয়া আমাৰ দৃঢ় বিশ্বাস। লগতে অসমৰ বন্যপ্ৰাণী, আমাৰ অসমৰ গৌৰৱ এশিঙীয়া গঁড়, অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান, ঐতিহাসিক সমলবোৰ সুৰক্ষিতভাৱে ৰখাৰ দায়িত্ব আমাৰ।
“অতিথি দেৱো ভৱ:”-গতিকে দেশী-বিদেশী পৰ্য্যটকসমূহক যিমানে পাৰো সহায় কৰিবলৈ যত্ন কৰিব লাগে। অচিনাকি ঠাইৰ বুলি লুণ্ঠন কৰা মানসিকতা পৰিহাৰ কৰি আমি অসমীয়া কিমান মৰমীয়াল, সৎ আৰু দয়ালু, সেইকথা তেওঁলোকক কামেৰে দেখুৱাব লাগে। এই সকলোবোৰ যদি আমি সুচাৰুৰূপে কৰি যাব পাৰো অসমৰ পৰ্য্যটনস্থানসমূহ যে বিশ্বদৰবাৰত জিলিকি উঠিব তাত কোনো সন্দেহ নাই।

বিনম্ৰতাৰে,
লক্ষ্য জ্যোতি নাথ

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
bhakta
5 years ago

লক্ষ্য দা, মই এজন সাধাৰণ পাঠক । মই কোনো কবি বা লেখক নহয়। গতিকে সমালোচনা কৰাৰ ধৃষ্টতা প্ৰকাশ নকৰো । কিন্তু মোৰ মনত উদ্ভৱ হোৱা দুটামান কথা কওঁ ।
অকনমান চিধাচিধি কোৱা যেন লাগিল কথাবোৰ। কোনো মহৎ লোকৰ বাণী ৰ উপমা বা উদ্ধৃতিদি লিখা হলে আৰু ভাল লাগিলহেতেন সম্ভৱত:। বিশ্বত পৰ্যটন উদ্যোগ ৰ দ্বাৰা কোন কোন দেশে কি কি পদ্ধতি অৱলম্বন কৰি জাকতজিলিকা হৈ পৰিছে তাৰ ও উদাহৰণ দিব পাৰিলেহেতেন নিশ্চয়। সকলো কামৰ বাবে কেৱল চৰকাৰে কৰি ব নোৱাৰে।পৰ্যটন উদ্যোগ ত হেঙাৰ হ’ল অসম বন্ধ দিয়া জাতীয় সংগঠন বোৰ, উগ্ৰপন্থী সংগঠন বোৰ আৰু খুব সম্ভৱ আমিও কিছু কিছু পৰিমাণে । চৰকাৰে নিশ্চয় বহু কাম কৰিব পাৰে। কিন্তু কৰা নাই।
সাৰুৱা তেল শব্দটো আ মি কিতাপত খাৰুৱা তেল, আৰু ৰেলসেঁৱা টো ৰেলসেৱা বুলি পোৱা হে মনত আছে। এতিয়া যদি কোনোবা অভিধান ত ওলাইছে নাজানো।
যি কি নহওক, ক্ষমা প্ৰাৰ্থনা ৰে…………….
দোষ দায় নধৰে যেন

ভক্তজ্যোতি গগৈ
5 years ago

লক্ষ্য দা, মই এজন সাধাৰণ পাঠক । মই কোনো কবি বা লেখক নহয়। গতিকে সমালোচনা কৰাৰ ধৃষ্টতা প্ৰকাশ নকৰো । কিন্তু মোৰ মনত উদ্ভৱ হোৱা দুটামান কথা কওঁ ।
অকনমান চিধাচিধি কোৱা যেন লাগিল আপোনাৰ কথাবোৰ। কোনো মহৎ লোকৰ বাণী ৰ উপমা বা উদ্ধৃতি দি লিখা হলে আৰু ভাল লাগিলহেতেন সম্ভৱত:। পৰ্যটন উদ্যোগৰ দ্বাৰা কোন কোন দেশে কি কি পদ্ধতি অৱলম্বন কৰি সমগ্ৰ বিশ্বতে জাকত-জিলিকা হৈ পৰিছে তাৰ ও উদাহৰণ দিব পাৰিলেহেতেন নিশ্চয়। সকলো কাম কেৱল চৰকাৰে কৰিব নোৱাৰে।পৰ্যটন উদ্যোগত প্ৰধান হেঙাৰ হ’ল অসম বন্ধ দি দি অস্থিৰ কৰি তোলা জাতীয় দল সংগঠন বোৰ, বোমা বাৰুদ ফুটাই ভাবুকি দিয়া উগ্ৰপন্থী সংগঠন বোৰ, নতুন মানুহ দেখি বেছি ভাড়া লোৱা ট্ৰেন্চপৰ্ট ৰ গাড়ী চালক আৰু খুব সম্ভৱ আমিও কিছু কিছু পৰিমাণে । চৰকাৰে নিশ্চয় বহু কাম কৰিব পাৰে। কিন্তু কৰা নাই।
সাৰুৱা তেল শব্দটো আমি কিতাপত খাৰুৱা তেল, আৰু ৰেলসেঁৱা, বিমান সেৱাঁটো ৰেলসেৱা, বিমানসেৱা বুলি পোৱা হে মনত আছে। এতিয়া যদি কোনোবা অভিধানত আপুনি লিখাৰ দৰে ওলাইছে নাজানো।
যি কি নহওক, ক্ষমা প্ৰাৰ্থনাৰে…………….
দোষ দায় নধৰে যেন।

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক