সম্পাদকীয় (-ৰক্তিম গোস্বামী)

“The fear of death follows from the fear of life. A man who lives fully is prepared to die at any time.” ― Mark Twain

মাৰ্ক টোৱাইনৰ এই কথাষাৰ মোৰ অতি প্রিয়। এটা কিচকিচিয়া ক’লা ঘোঁৰা হৈ অহৰহ খেদি ফুৰা মধ্যবিত্তৰ অসুৰক্ষিত মনোভাৱক আওকাণ কৰি যিমান পাৰো কথাষাৰ বুকুত বান্ধি জীয়াই থাকিবলৈ চেষ্টা কৰোঁ। আজিৰ বুকুত বহি কাইলৈৰ ঘৰ সাজি মই যে তাত থাকিব পাৰিম তাক লৈ মই কেতিয়াও নিশ্চিত নহয়। ভয় ভয়কৈ পাৰ কৰা জীৱনৰ প্রতিটো দিন মোৰ বাবে মৃত্যুৰ একো একোটা সৰু সৰু কিস্তি মাথোঁ। হয়, পূৰ্ণাংগ ৰূপত জীয়াই থকাই সঁচা অৰ্থত জীয়াই থকা।

Life is something, we should cherish,
We never know, when we’ll perish.
Live each and every single day,
Smell the flowers, stop and play.

ভোগবাদ আৰু পূৰ্ণাংগ ৰূপত জীয়াই থকাৰ সংজ্ঞাৰ মাজৰ ৰেখাডাল যদিও শকত কিন্তু অতি বস্তুবাদী মনোভাৱ, সূক্ষ্মদৃষ্টি আৰু সঠিক চিন্তাৰ দীনতাই সেই ৰেখাডালক  অদৃশ্যপ্ৰায় কৰি পেলাইছে। সেয়েহে মানুহৰ আত্মিক তুষ্টিৰ প্রাসংগিকতা হেৰাই গৈছে, ইজনে আনজনৰ লগত কৰা বস্তুৰ তুলনামূলক প্রতিযোগিতাৰ মাজত। এই প্রতিযোগিতা ক্রমাৎ দ্রুতৰ পৰা  দ্রুততৰ হৈ গৈ আছে। দূৰ-দূৰণিলৈকে ক’তো কোনো ষ্টপেজ নাই। সজ-অসজৰ চিন্তা বাদ দি যিকোনো প্রকাৰে টকাৰ পাহাৰ গঢ়ি আন দহজনতকৈ কেনেকৈ ওপৰত থাকিব পাৰি তাৰ চিন্তাত টোপনি হেৰাইছে অলেখৰ। গম নোপোৱাকৈ মনে মনে সংগোপনে বিয়পিছে এই ব্যাধি সন্তানলৈ। মা-পিতাকে সন্তানৰ মগজুত সাজি দিয়া অলেখ বস্তু থ’ব পৰা অট্টালিকাটোৰ খালী কুঠৰীবোৰ পূৰাবলৈ দিনক দিনে বাঢ়ি আহে সন্তানৰ বস্তুৰ তালিকাৰ দৈৰ্ঘ্য। তালিকাখনৰ উচিত বাচ-বিচাৰ অবিহনে চাহিদাবোৰ পূৰ কৰাটো যে মাতৃ-পিতৃৰ গৌৰৱৰ অন্যতম কাৰণ হৈ পৰিছে আজিৰ তাৰিখত, বিশেষকৈ নতুনকৈ ধনী হোৱা মধ্যবিত্তৰ মাজত। ব্রেকহীন এই দ্রুত ভুৱা অৰ্থকেন্দ্রিক আন্তঃপাৰিবাৰিক প্রতিযোগিতামূলক যাত্রাৰ পৰিণতি ‘কাল’ হোৱা অলেখ উদাহৰণ আছে আৰু এনে বহু ঘটনা আদিৰ পৰা অন্তলৈ মই নিজ সাক্ষী হৈ ৰৈছোঁ।

১)  সিদিনা গুৱাহাটীৰ ৰেভ পাৰ্টিত মৃত্যু হোৱা কম বয়সীয়া ল’ৰাটোৰ ঘৰ মোৰ ঘৰৰ পৰা খুব বেছি এক কিলোমিটাৰ দূৰৈত। দেউতাক তেজপুৰৰ এজন অতি প্রভাৱশালী ব্যৱসায়ী।

২) দুদিন আগতে পেচাত এগৰাকী অধ্যাপিকা আৰু খুব সংৰক্ষণশীল মাতৃয়ে মোৰ পত্নীক কোৱা এষাৰ কথা—”মই এটা কথাতেই আশ্বস্ত যে মোৰ ল’ৰাই মদ নাখায়, মোক কেতিয়াও মিছা নকয়।” কথাষাৰ মূল্যহীন হৈ পৰিছিল যেতিয়া খবৰ পাইছিলো যে দিল্লীৰ পৰা অভিযান্ত্ৰিক শিক্ষা সাং কৰি ঘৰলৈ যোৱা তেওঁৰ তজবজীয়া ডেকা ল’ৰাটোৰ গুৱাহাটীৰ মাজমজিয়াত এক পথ দুৰ্ঘটনাত মৃত্যু হ’ল। পিছত খবৰ গম পাইছিলোঁ দুৰ্ঘটনাৰ কাৰণ আছিল সুৰাৰ ৰাগী।

৩) প্রতিবাৰ ঘৰলৈ গ’লে ২ বা ৩ জন লগৰ বা কম বয়সীয়া চিনাকী ল’ৰাৰ সুৰাকেন্দ্রিক কাৰণত মৃত্যু ঘটাৰ খবৰ অবাঞ্চিতভাৱে সহজ বাতৰি হৈ পৰিছে।

৪)  মটৰ চাইকেল দুৰ্ঘটনাৰ কথাবোৰ বেলেগে নকওঁ।

– এইকেইটা খবৰ মই নিশ্চিত যে অসমৰ প্রতিখন সৰু বৰ নগৰ-চহৰত বাস কৰা সকলোৰে বাবে চিন্তনীয় তথা নৈমত্তিক খবৰ।

প্রথমেই মনলৈ আহিছিল এইবাৰ সাহিত্য ডট অৰ্গৰ ‘বিষয়-বস্তু’ক লৈ সম্পাদকীয় শিতানত কিবা এটা লিখিম। কিন্তু তেনে কিছু খবৰ আৰু ঘটনাই মনটোত লুকা-ভাকু খেলি থকাৰ বাবে ভবা ধৰণে সম্পাদকীয়ৰ বিষয়বস্তুক বাস্তৱ ৰূপ দিব নোৱাৰিলোঁ। আমাৰ জাতীয় ঐতিহ্যৰ লগত জড়িত সকলো বিষয়ৰ লগত উঠি অহা চামৰ গাঢ় সংস্পৰ্শ জাতীয় স্বাৰ্থতে এক আকোৰগোঁজ সত্য। যি কাৰণতে নহওঁক নতুন চামৰ পশ্চাৎগমনে মোক বাৰুকৈয়ে শংকিত কৰিছে। এজোপা তজবজীয়া গছক গঢ় দিবলৈ যিদৰে উপযুক্ত আৰু নিৰ্ভেজাল সাৰ-পানীৰ প্রয়োজন, সেইদৰে শিশু এটিক মানুহলৈ গঢ়লৈ উঠাৰ বাটছোৱাত আলফুলে ছটিয়াই দিয়াৰ প্রয়োজন জাতীয় গৌৰৱবোধৰ ক্ষুদ্র ক্ষুদ্র বীজবোৰ, যিবোৰে কালক্রমত হ’ব আত্মপৰিচয় আৰু গৌৰৱৰ সবল উপাদান। সংবাদ মাধ্যমৰ জকমকীয়া বিজ্ঞাপনৰ ভুৱা আলস্যতাত দ্রুতগতিত বস্তুবাদৰ পৃথিৱীখনত হেৰাই যোৱা আমাৰ মনবোৰৰ লগতে সমান্তৰালভাৱে নষ্ট হোৱা যুৱশক্তিৰ অসমীয়া দৰে জাতি এটাৰ বাবে গোলকীকৰণৰ বতাহত নতুন চামৰ চিন্তাত ক্রমাৎ ম্লান হ’বধৰা জাতীয় শ্রদ্ধা আৰু কৰণীয় মনোভাৱ এক অতি চিন্তনীয় বিষয়। ।

প্রকৃততে কৰণীয় যে বহুত। মই কিছুদিন আগতে ছুইডেনৰ প্রায় ১৭ বছৰীয়া ফে’চবুকৰ বন্ধু এজনৰ লগত এনে এক বিষয়তে কথা হওঁতে তেওঁ কৈছিল— সাংস্কৃতিকভাৱে বিশ্ব মানচিত্রত আমাৰ দেশখনৰ স্থিতি হয়তো শূন্য। কিন্তু আমাৰ যিখিনি আছে তাকে লৈ শিশুৰ পৰা বৃদ্ধলৈ আমি সকলোৱে গৌৰ কৰোঁ। আমি শৈশৱৰ পৰাই আমাৰ সংস্কৃতিৰ লগত একাত্ম আৰু তাক লৈ আমি আজীন গৌৰ কৰোঁ।” খুব ভাল লাগিছিল কথাষাৰ। বহু ধৰণে, বিভিন্ন দৃষ্টিভংগীৰে কথাষাৰ বিশ্লেষণ কৰিলোঁ বহু পৰলৈ। উত্তৰত পালো প্রকৃততে কথাটো সহজ- এটা প্রজন্মৰ পৰা সবল আৰু সুস্থভাৱে আন এটা প্রজন্মলৈ প্ৰবাহিত হোৱা আত্মগৌৰৱবোধৰ জাতীয় পৰম্পৰাৰ এক সবল উদাহৰণ মাথোঁ হেনৰিকৰ কথাবোৰ।

কঁপি থকা দলংখনত খুপিখুপি খোজ কাঢ়ি পাৰ কৰা মোৰ অতীত।  নৈৰ প্রবল সোঁতত আওকাণ কৰি কতবাৰ কতজন কিমান দিনলৈ এনেকৈ পাৰ হ’ব এই থুনুকা দলঙৰ বুকু গচকি??

বাস্তৱিক চিন্তন আৰু কৰণীয় সকলোৰে দায়িত্ব, সকলোৰে বাবে।

ৰক্তিম গোস্বামী

Subscribe
Notify of
10 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
8 years ago

সুন্দৰ, সুলিখিত আৰু মননশীল সম্পাদকীয়। আপ্লুত হলোঁ

Chandana Saikia
8 years ago

Very good approach. I like each and every topic. Specially the editorial really touching my heart as I am also a mother of three.

Mrinal Kumar Borah
8 years ago

সুন্দৰ ৰক্তিমদা।

দেৱব্ৰত গগৈ
8 years ago

“আমাৰ জাতীয় ঐতিহ্যৰ লগত জড়িত সকলো বিষয়ৰ লগত উঠি অহা চামৰ গাঢ় সংস্পৰ্শ
জাতীয় স্বাৰ্থতে এক আকোৰগোঁজ সত্য। যি কাৰণতে নহওঁক নতুন চামৰ পশ্চাৎগমনে মোক
বাৰুকৈয়ে শংকিত কৰিছে”…………………. নতুনচামৰ দৃষ্টিভংগী যেন পুৰণিচামৰ ইচ্ছাতেই গঢ়ি
উঠিছে এনে ভাব হয় । আমাৰ মাটি , আমাৰ সমাজ আৰু আমাৰ সংস্কৃতিৰ লগত মিল নথকা
ইংৰাজী মাধ্যমৰ স্কুলখনলৈ নতুনচামক পুৰণিচামেই হাতত ধৰি লৈ গৈছে । যিসময়ত অসম
জাতীয় বিদ্যালয়ৰ দৰে আৰু হেজাৰখন বিদ্যালয়ৰ প্ৰয়োজন সেই সময়ত মাথোন এখন জাতীয়
বিদ্যালয়েই মহানগৰীত অকলে অসমৰ আচল ৰূপটো নতুন চামৰ লগত চিনাকী কৰিব দিব
লগীয়া হৈছে ।
নতুন চামৰ মাজত পশ্চাৎগমন কৰাখিনিৰ সংখ্যা নিছেই তাকৰ কিন্ত সমাজখনত তেওঁলোকৰ
প্ৰভাৱ ভয়ংকৰ । প্ৰতিটো প্ৰজন্মৰ মাজত এনে এচাম পশ্চাৎগামী আছেই । এইসকলেই
এসময়ত বিখ্যাত অসম আন্দোলনটোক কুখ্যাত কৰিছিল , পৰৰ্ৱতী সময়ত এওঁলোকৰ মাজৰ
পৰাই ছালফা নামৰ জীৱ বিধ ওলাই আহিছিল আৰু বৰ্তমান এওঁলোকেই ৰাজপথ , সমাজ
আৰু পৰিয়ালবোৰক অস্থিৰ কৰিছে । চলিত আইনে হয়তো এওঁলোকক ঢুকি নাপাব , সমাজেও
এওঁলোকক লৈ আমনি পাব । সেয়ে মন কৰিব লাগে যে এওঁলোকৰ সংখ্যাটো বাঢ়ি নাযায় আৰু
ইয়াৰ দায়িত্ব লব লাগিব পুৰণিচামেই ।

abhijit bhattacharjya
8 years ago

khub bhal lagil pohi..lekhonitu bastob sonmoto aru kisuman amar sokur sonmukhote ghoti thoka syoto kotha dangi dhota hoise..

8 years ago

While, I am delighted to see the postings; but for a 74 years old man like me the letters are too tiny to read comfortably. Can something be done about it in future?
With best wishes,
Dr.Pulin Dutta

Xahitya.Editor
Reply to  Dr.Pulin Dutta
8 years ago

Mr. Dutta, you can install a bigger sized Bengali font like “Siyam rupali” and set it as default font. You can also simply press CTRL and + to zoom the web page (CTRL and – for unzooming). Thank you.

Anonymous
8 years ago

Letters r indistinct.I opened with hope
but could not read.
A.Padmapati

Xahitya.Editor
Reply to  Anonymous
8 years ago

You can install a good Bengali font like “Siyam rupali” or “Kalpurush” and set it as your browser’s default font. Perhaps that along with pressing CTRL and + for zooming will help you.

Dushyant
8 years ago

Good one