সম্পাদকীয় – ৰাজশ্ৰী ধনদিয়া

বাস্তৱৰ ধামখুমীয়াত শৈশৱৰ হেৰোৱা ছন্দ আৰু আমাৰ কৰণীয়

আজিৰপৰা প্ৰায় আঠ বছৰৰ আগৰ এটা সন্ধিয়া৷ আকাশত সেইদিনা মাঘী পূৰ্ণিমাৰ জোন জিলিকিছিল৷ বাহিৰৰ স্নিগ্ধ জোনাক বাধাহীনভাৱে ভিতৰলৈ সোমাই আহিব পৰাকৈ পঢ়া কোঠাৰ খিৰিকীখন খুলি দিওঁতেই সোমাই আহিছিল চাৰি বছৰ পূৰ কৰিবলৈ লোৱা ভাগিনীজনী৷ প্ৰশ্ন নোসোধাকৈ থাকিব নোৱাৰা কণমানিজনীয়ে সুধিছিল, “মাহী, খিৰিকীখন কেলৈ খুলি থৈছা?”

“জোনবাইটো ভিতৰলৈ সোমাই আহিবলৈ সোণ”, তাই আশ্বস্ত হ’বপৰাকৈ উত্তৰ দিছিলোঁ৷

“ঠিক আছে, যেতিয়া সোমাই আহিব মোক মাতি দিবাগৈচোন দেই৷” গুচি গৈছিল তাই, সৰল অন্তৰ এখনৰ অকুণ্ঠিত প্ৰত্যয়ৰ কুঁকি এটা মোৰ হাতত গুজি থৈ, একে আষাৰতে বিশ্বাস কৰিছিল তাই সেই কথাষাৰ, খুলি থোৱা খিৰিকীখনেদি জোনবাইটো সোমাই আহিব আৰু মাহীয়েকৰ সৈতে লগলাগি তাই কথা পাতিব৷

এয়াই শৈশৱ, যাৰ সৈতে জড়িত থাকে শিশু মনৰ স্নিগ্ধতা, নিষ্কলুষ হৃদয়ৰ সৰলতা, আৰু অবোধ মনৰ শুভ্ৰতা, য’ত কপটতা নাই, কৃত্ৰিমতা নাই, নাই কোনো জটিল প্ৰশ্নৰ সহজলভ্য সমাধান বিচাৰি কৰা হাঁহাকাৰ৷ যি শুনে সেয়া মানে, যি দেখে সেয়া কৰে, আৰু যিটো নুবুজে বিনাদ্বিধাই সন্মান- আত্মসন্মান, গৌৰৱ, অহংকাৰৰ ঠুনুকা বৰ্মক লৈ সংকোচ নকৰাকৈ সুধি লয়, শিকি লয়৷ সেয়ে শৈশৱ নিৰ্ভেজাল, শৈশৱ নিষ্পাপ৷

জীৱনৰ বোকা- পানী খচকি সুদীৰ্ঘ বাট অতিক্ৰম কৰি বিয়লি- বেলাত থিয় হোৱা এজন ব্যক্তিক সৰ্বাধিক ব্যথিত কৰে এৰি অহা দিনবোৰৰ সোঁৱৰণীয়ে, আৰু এই স্মৃতিপটৰ প্ৰাৰম্ভিক অধ্যায়তে থাকে তেওঁৰ সোণোৱালী শৈশৱৰ ৰূপোৱালী কথকতা৷ দৰাচলতে শৈশৱত এনে কি আছে যাক লৈ যিকোনো ব্যক্তিৰেই অভ্যন্তৰ স্মৃতিকাতৰ হৈ পৰে? আজিৰ শিশুৱে যি শৈশৱক হাতৰ মুঠিত পাইছে সেয়া কিমান দূৰ প্ৰাণোচ্ছল আৰু জীৱোদ্দীপক সেয়া বুজিবলৈ অনেক কথাই গমি- পিটি চাবলগীয়া হয়৷

‘বৃদ্ধি’ আৰু ‘বিকাশ’ দুয়োটাই ভিন্ন অৰ্থ বহন কৰে৷ ‘বৃদ্ধি’ৰ জৰিয়তে মানৱ শৰীৰৰ দৈহিক পৰিপক্বতাক বুজোৱাৰ পৰিৱৰ্তে ‘বিকাশ’ এক সামগ্ৰিক ধাৰণা যিয়ে দৈহিক, মানসিক, আৱেগিক আৰু সামাজিক আটাইকেইটা দিশ সামৰি লয়৷ ৰুচো, ৰাইবাৰ্ণকে প্ৰমুখ্য কৰি অন্যান্য মনোবৈজ্ঞানিক দাৰ্শনিকসকলে আগবঢ়োৱা মানুহৰ বিকাশৰ স্তৰীয় বিভাজনসমূহৰপৰা এটা কথা স্পষ্টভাৱে প্ৰতীত হয় যে মানুহৰ শৈশৱ কালছোৱাই ব্যক্তিৰ পৰৱৰ্তী বিকাশৰ ভেঁটি স্থাপন কৰে৷ মনোবৈজ্ঞানিক ভিত্তিত জন্মৰপৰা পাঁচ বছৰ বয়সলৈকে শৈশৱ কাল বুলি কোৱাৰ পৰিবৰ্তে পাঁচ বছৰৰপৰা বাৰ বছৰ বয়সলৈকে বাল্যকাল বুলি গণ্য কৰা হয়৷ অৱশ্যে আমি সামগ্ৰিক ভাৱে ল’ৰালিৰ সময়ছোৱাকে ‘শৈশৱ’ কাল বুলি কওঁ৷ কৌতূহল প্ৰৱণতা, কল্পনা প্ৰৱণতা, খেল প্ৰৱণতা, সৰ্বপ্ৰাণবাদিতা, ভাষিক বিকাশ, সংবেদনাত্মক বিকাশ ইত্যাদিবোৰ শৈশৱকালৰ বিকাশৰ মাপকাঠীৰ বিভিন্ন স্তৰ৷

শৈশৱ কাল বুলি ক’লে নষ্টালজিক হৈ নপৰা ব্যক্তি খুব কমেইহে আছে৷ আজিৰ তাৰিখত ‘শৈশৱ’ বুলি ক’লেই এটা নিৰ্দ্দিষ্ট প্ৰজন্মৰ মনবোৰ এক বিশেষ আৱেগে চুই যায়৷ এই আৱেগ প্ৰজন্মটোৱে পাৰ কৰি অহা নিজৰ সোণোৱালী শৈশৱৰ স্মৃতিকাতৰতাৰ ফলতেই কেৱল উদ্ভূত নহয়, বৰঞ্চ অনুজ প্ৰজন্মই সেই নিৰ্ভেজাল আনন্দ খিনিৰপৰা বঞ্চিত হৈ যান্ত্ৰিক দিন নিওৱাৰ দুখবোধেৰেও তপ্ত৷ মনৰ মনিকোঠাত সযতনে সাঁচি থোৱা আমাৰ একালৰ শৈশৱৰ সেই ছবিখনৰ সৈতে সংপৃক্ত হৈ আছিল কিছুমান নিঃস্বাৰ্থ, নিৰ্ভেজাল আৰু সজীৱ অনুভূতিৰ অনুৰণন যাক সময়ৰ স্পন্দনহীন ধাতৱীয় গতিয়ে আজি নিৰ্মমভাৱে কাঢ়ি লৈ গৈছে৷ নিচেই সাধাৰণ যেন লগা, কিন্তু শিশুমনৰ বাবে অসাধাৰণ ৰং কিছুমানে ভৰাই ৰাখিছিল সেই সময়ছোৱা৷ ককাদেউতাৰ কান্ধত উঠি বৰ- নামঘৰত ভাওনা চাবলৈ যোৱা, জোনাক- বিধৌত ৰাতিবোৰত আগ- চোতালত পাটী পাৰি আকাশলৈ মুখ কৰি আইতাৰপৰা জোন- বেলি- তৰাৰ সাধু শুনা বা ঐৰাৱতে পানী খাবলৈ যোৱা ৰাস্তাটো বিচাৰি উলিওৱা, পকামিঠৈ খাবলৈ পোৱাৰ আশাত ভাদ মাহত আইতাৰ সৈতে নামঘৰলৈ যোৱা, কেৱল বেলুন বা চকৰি এটাতে পৰিতৃপ্ত মনটোক বোকোচাত বান্ধি দেউতাৰ সৈতে চাইকেলত উঠি টাউনৰ পূজা চাবলৈ যোৱা, সেউজীয়া পথাৰখনৰ শিতানত আৰু ঘৰৰ চোতালত তুলসীৰ তলে তলে বন্তি জ্বলি উঠাৰ পাছত হাতত ঠোঙা লৈ ঘৰে- ঘৰে গৈ মাহ- প্ৰসাদ, কল- কুঁহিয়াৰ গোটোৱা, পুহৰ ৰাতিবোৰত ছভৰি- আঠভৰি জুহালত আলু পুৰি ককাদেউতাৰপৰা ‘শকুনিৰ প্ৰতিশোধ’ কিম্বা ‘দক্ষযজ্ঞ’ৰ বচন শুনা, দাৱনীয়ে ধান কাটি সোণগুটিৰ ডাঙৰিবোৰ লৈ যোৱাৰ পাছত উদং হৈ ৰোৱা পথাৰত চেঁচুক খন্দা আৰু টেঙাৰে বল খেলা, ভোগালীৰ উৰুকাত চুবুৰীৰ জ্যেষ্ঠজনে ভেলাঘৰ সাজু কৰি থকাৰ মাজতে সমনীয়াৰে সৈতে নৰা আৰু ইকৰাৰ যোগাৰ কৰা, ‘পিঠাখোৱা ভূত’ক দেখা পোৱাৰ আশাত ৰাতি দুপৰলৈকে জুহালত পিঠা সেকি থকা আইৰ লগত কলমতিয়াই বহি থকা, সমনীয়াৰ লগত ফুটুকলাৰে হাত- জিভা বেঙুনীয়া কৰাৰ প্ৰতিযোগিতা, ঘৰৰ পৰা লুকাই- চুৰকৈ গৈ কাঁইটৰ আঁচোৰতো হাৰ নামানি শিঙৰি খোৱা, পঢ়াশালীৰপৰা ঘৰলৈ উভতাৰ বাটত জোপোহাৰ আঁৰত সোণালী পৰুৱা- নাচনী পৰুৱা ধৰিবলৈ যাওঁতে পানীখোৱা ফ্লাস্কটো বাটৰ কাষত এৰি থৈ অহা, বৰষুণৰ বতৰত মূৰত কচুপাত ৰাখি পদূলিমুখৰ খালটোত কাগজৰ নাও উটুওৱাই দিয়া, গাঁৱৰ পথাৰৰ মাজৰ জানটোত লগৰীয়া সৈতে বৰশী বোৱা ইত্যাদি অনেক সৰু- বৰ বিক্ষিপ্ত দিনপঞ্জিৰে প্ৰাণৱন্ত আছিল সেই শৈশৱ কাল৷

দ্ৰুতগতিত পৰিবৰ্তনৰ দিশে প্ৰবহমান সময়ৰ সৈতে সোঁত মিলাই সমাজেও পৰিবৰ্তনৰ বসন এখন পিন্ধি লৈছে৷ তাৰ অনুৰূপ ৰং সলনি হৈছে আমাৰ জীৱনৰ, আৰু নিঃসন্দেহে অতিশয় স্বাভাৱিক প্ৰক্ৰিয়া এটাৰে জীৱনৰ এক এৰিব নোৱাৰা স্তৰ হিচাপে শৈশৱেও ৰং সলাইছে৷ আজি স্কুল বাছ, স্কুল ভেনত বিদ্যালয়লৈ অহা যোৱা কৰা শিশুবোৰক কংক্ৰীটৰ পৃথিৱীখনত পিঠিৰ গধুৰ স্কুল বেগ, হোম- ৱৰ্কৰ বোজাই হেঁচা মাৰি থয়, প্ৰাইভেট টিউশ্যন, আৰ্টৰ ক্লাছ, সাঁতোৰ প্ৰশিক্ষণ, নাচ- গানৰ ঘৰুৱা শিক্ষকে মুকলিকৈ উশাহ ল’বলৈকো সময় নিদিয়া কণমণিহঁতে কাহানিও বোকা- পানী খচকি পোৱা নাই, অথবা বালিৰে ভাত ৰান্ধিও পোৱা নাই৷ আজিৰ শিশুৰ কাৰণে সিহঁতৰ অভিভাৱকৰ শৈশৱটোৱেই এটা সাধুকথাৰ দৰে৷ সেই সাধুকথাৰ আঁত বিচাৰিবলৈ সিহঁতৰ অৱকাশ নাই বা সিহঁতক সুযোগো দিয়া নহয়৷

এই যে আমি আক্ষেপ কৰোঁ, আজিৰ ‘শৈশৱ’ আগৰ দৰে সৰল হৈ থকা নাই বুলি, তাৰ কাৰণসমূহ ফঁহিয়াই চালে বহুত কথাই স্পষ্ট হৈ পৰে৷ এইক্ষেত্ৰত প্ৰথমেই আমি উনুকিয়াব লাগিব একালৰ গাঁৱৰ মানুহখিনিৰ নগৰমুখী জীৱন- যাত্ৰাৰ কথা৷ জীৱন- জীৱিকাৰ তাড়নাত, উচ্চশিক্ষাৰে সু- শিক্ষিত হৈ এটা স্বাৱলম্বী আৰু স্বচ্ছল জীৱন পাৰ কৰাৰ বাসনা লৈ অনেকেই শিপা এৰি নতুন মাটিত উধাব খোজে৷ দৈনন্দিন ব্যস্ততাৰ প্ৰত্যাহিকতাত পূৰ্বসূৰীৰ সম্পৰ্কবোৰৰ লগত কেৱল নিয়ম মাফিক যোগাযোগহে ৰক্ষা কৰাটো অনিচ্ছাকৃত হ’লেও এক অভ্যাসতেই পৰিণত হয়গৈ৷ নগৰৰ পৰিৱেশত, কংক্ৰীটৰ পৃথিৱীত গাঁৱৰ বিশুদ্ধ পৰিৱেশ আৰু সেই পৰিৱেশক আধাৰ হিচাপে লৈ উপবিষ্ট জীৱন- বীক্ষাৰ সমলসমূহ পাবলৈ নাই৷ সেয়েহে এইখন পৃথিৱীৰ শৈশৱ প্ৰাকৃতিক উপাদানসমূহৰপৰা বঞ্চিত হৈয়ে ৰয়, যাৰ ফলত আহিনৰ পথাৰখনৰ সেউজবুলীয়া কোঁহবোৰ কাৰোবাৰ বাবে হৈ পৰে ‛ঘাচ্- ফুচ্’, টিপ্- টিপাই থকা জোনাকী লণ্ঠনবোৰক ‘ফায়াৰ ফ্লাই’ অথবা সতোৰঙী ৰামধেনুক কেৱল ‛ৰেইন ব’’ বুলি চিনি পোৱা শিশুৱে সেয়ে অনুভৱ কৰিব নোৱাৰে এইবোৰৰ পৰা হৃদয়লৈ সঞ্চাৰিত হ’বপৰা আশাৰ ঢপ্- ঢপনিক৷

আজিকালি পূৰ্বৰ যৌথ পৰিয়ালসমূহ বিভাজিত হৈ একক পৰিয়াললৈ সংকুচিত হৈছে৷ ইয়াৰ পৰিপ্ৰেক্ষিতত কিছুমান সম্বোধন আৰু সেই সম্বোধনৰ ভেঁটিত হৃদয় দখল কৰি ৰখা চেনেহৰ সম্পৰ্ক পাহৰণিৰ গৰ্ভত হেৰাই যোৱাৰ উপক্ৰম হৈছে৷ ককাক- আইতাক আৰু নাতি- আজোনাতিৰ মাজৰ নিকপকপীয়া সম্বন্ধ আজিকালি কাচিৎহে দেখিবলৈ পোৱা যায়৷ এটা সময় আছিল, যেতিয়া আমাৰ শৈশৱৰ সময়ছোৱা এককভাবে দখল কৰি ৰাখিছিল আমাৰ ককা- আইতাই৷ ভৰপূৰ ঘৰ এখনত শিশুৰ মানসিক জগতখনৰ একেবাৰেই নিকট ব্যক্তিজনেই আছিল ককা বা আইতা৷ শিশুৰ মনোজগতখনত খলকনি তুলি থকা কেতবোৰ কৌতূহল, ৰহস্যৰ সন্তোষজনক উত্তৰ কেৱল এই দুয়োগৰাকী মহীৰূহৰ বৰপেৰাতহে যুগুত আছিল৷ সাধুকথা, পৌৰাণিক আখ্যান, বীৰ- বীৰাংগনাৰ গাঁথাৰ জৰিয়তে পৃথিৱীখনৰ সৈতে শিশুটিক পৰিচয় কৰাই দিয়াৰ প্ৰধান হোতা আছিল তেওঁলোক৷ কিন্তু আজিকালি একক পৰিয়াল সমূহত নিঃস্বাৰ্থ বান্ধোনৰ এই নিৰ্ভেজাল ছবিবোৰ দেখিবলৈ পোৱা নাযায়৷ কৰ্ম সংক্ৰান্তত আৰু সন্তানৰ সু- শিক্ষাৰ উদ্দেশ্যেৰে পৰিয়ালৰ মূল ভেঁটিৰপৰা নিলগে থকা অভিভাৱকসকলে অৱসৰৰ দিনকেইটাত কোনো ‘হিল ষ্টেশ্যন’ বা বিনোদন পাৰ্কলৈ যোৱাটোক অগ্ৰাধিকাৰ দিয়ে; তাৰপাছত বাকী ৰোৱা দিনকেইটাত ঢৌতে খৰ মাৰি পুৰণা ঘৰখনলৈ ফুৰিবলৈ যায়৷ হাতত থকা নিচেই কম সময়ছোৱাত সেয়েহে তেওঁলোকৰ পক্ষে কোনোপধ্যেই সম্ভৱ নহয় নিজে পাৰ কৰি অহা শৈশৱটোক সন্তানৰ হাতত তুলি দিয়াৰ৷

শিক্ষাৰ জাগৰণ আৰু আত্ম- সচেতনতাৰ প্ৰসাৰৰ লগে- লগে মানুহৰ মাজত প্ৰতিযোগিতামূলক মনোভাৱ বৃদ্ধি পাই আহিছে৷ অহৰ্নিশে আনতকৈ আগুৱাই যোৱাৰ তীব্ৰ ইচ্ছাক ‘নিচা’লৈ পৰ্যবসিত কৰা অভিভাৱকে নিবিচাৰে যে নিজৰ সন্তানটি আনতকৈ পিছ পৰি ৰওক৷ সেয়েহে যুগৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আজিকালি শিশুহঁতক পিতৃ- মাতৃয়ে বিভিন্ন প্ৰশিক্ষণ দিয়ায়৷ বিদ্যালয়ত শিকাৰ অতিৰিক্ত ভাৱে ঘৰুৱা টিউশ্যনৰ উপৰিও নানানটা বিষয়ত, যেনে বিভিন্ন ধৰণৰ খেলসমূহ, চিত্ৰাংকণ, নৃত্য, গীত, সাঁতোৰ, সমৰ- কলা ইত্যাদি৷ পাঠ্যক্ৰম বৰ্হিভূত বিষয়সমূহত ছাত্ৰ- ছাত্ৰীৰ দখল থকাটো প্ৰশংসনীয় আৰু গ্ৰহণযোগ্যও, কিন্তু শিশু এটাৰ ওপৰত অত্যধিক চাপ প্ৰয়োগে শিশুটিৰ মানসিক বিকাশৰ পথত হেঙাৰ হৈ পৰে৷ এই মাত্ৰাধিক ব্যস্ততাবোৰে শৈশৱৰ সেই আহৰি সময়কণৰপৰা শিশুহঁতক বঞ্চিত কৰিছে যিকণ সময়ত সিহঁতে সমনীয়াৰ লগত খেলা- ধূলা কৰি, বিভিন্ন কিতাপ পঢ়ি, মুকলি পৰিবেশৰ মুকলি বায়ু সেৱন কৰি নিজৰ দৈহিক, মানসিক, বৌদ্ধিক আৰু সামাজিক বিকাশৰ পথ সুচল কৰিব লাগিছিল৷

আগৰ দিনত ‛গৰম বন্ধ’ বুলি ক’লেই শিশুহঁতৰ কোমল হিয়া আনন্দই নধৰা হৈছিল৷ একান্তই নিজাববীয়াকৈ পোৱা সেই সময়ছোৱাত ল’ৰা- ছোৱালীহতে নিজৰ জগতখনত নিৰ্ভয়ে আৰু নিৰাপদে উমলিব পাৰিছিল৷ সেই সময়ছোৱাত গাঁৱে- ভূঞে থকা মইনা পাৰিজাত বা মইনা- মেলসমূহ শিশুৰ বিকাশৰ অন্য এক গুৰুত্বপূৰ্ণ কাৰক আছিল৷ এক কথাত ক’ব পাৰি, এই অনুষ্ঠানটি শিশুক সামাজিক জীৱন এটালৈ আগবঢ়াই লৈ যোৱাৰ প্ৰথমটো খোজ যিয়ে কবিতা- আবৃত্তি, ৰচনা, চিত্ৰাংকন, বৰগীত, নাটক ইত্যাদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ জৰিয়তে শিশুৰ মাজৰ সুপ্ত প্ৰতিভাসমূহৰ বিকাশৰ বাট মোকলোৱাৰ লগতে মনত আত্মবিশ্বাসৰ পোখা মেলাত সহায় কৰে৷ আজিকালি মইনা পাৰিজাতৰ দৰে অনুষ্ঠান নিঃচিহ্নপ্ৰায় হৈ গৈছে৷ বিদ্যায়তনিক শিক্ষাৰ উপৰিও অন্য বিভিন্ন অ- বিদ্যায়তনিক ক্ষেত্ৰত অহৰহ প্ৰতিযোগিতাৰ নিগনি দৌৰত ব্যস্ত থকা কনমণিহঁতৰপৰা জহৰ বন্ধৰ প্ৰকৃত আমেজ কাঢ়ি লোৱাৰ উপৰিও সিহঁতৰ একক ভাবে দখল থকা ক্ষেত্ৰখনত সুপ্ত প্ৰতিভা বিকাশৰ সুযোগো খুব কমেইহে পায়৷

এইটো অনস্বীকাৰ্য যে বিজ্ঞান আৰু তথ্য- প্ৰযুক্তিৰ গগনচুম্বী আহৰণসমূহে এখন হৃদয়ৰপৰা আনখন হৃদয়লৈ নিঃস্বাৰ্থ সাঁকোডালৰ দৈৰ্ঘ বঢ়াই গৈ আছে৷ তাৰ উপৰিও শিশুহঁতক ক্ৰমাৎ আগবঢ়াই লৈ গৈছে এক যান্ত্ৰিক প্ৰত্যহিকতাৰ দিশে৷ উৎসৱ পাৰ্বন, সামাজিক বা ঘৰুৱা অনুষ্ঠান এটাত আনন্দৰ ভাগ ল’বলৈ যাওঁতে যেতিয়া সৰু ল’ৰা- ছোৱালী দেখা পাওঁ, তেতিয়া খুব উৎসুকতাৰে লক্ষ্য কৰোঁ সিহঁতক৷ পিতৃ- মাতৃৰ স্মাৰ্টফোন, এনৰইড মোবাইলৰ ৰঙীন স্ক্ৰীণত ব্যস্ত সিহঁতৰ শৈশৱৰ চঞ্চল লহমাবোৰ৷ সম্পৰ্কীয় মাহীয়েক বা জেঠপেহাকে আহি মাতষাৰ দিলেও উত্তৰ দিবলৈ তলমূৰ ওপৰ নকৰা ল’ৰা- ছোৱালীহঁতে যিটো বয়সত সমনীয়াহতক লগ পাই দৌৰা- ধপৰা কৰি পৰিৱেশটো ৰজন- জনাই থাকিব লাগিছিল, সেইটো বয়সত মাথোঁ পাঁচ ইঞ্চিৰপৰা বাৰ ইঞ্চিৰ স্ক্ৰীণৰ পৃথিৱীখনৰ প্ৰলোভনত মগ্ন হৈ থাকে৷

কেৱল সেয়াই নহয়, আজিৰ শিশুৱে তথ্য- প্ৰযুক্তিপ্ৰসূত আহিলাসমূহত ব্যস্ত থকাৰ অজুহাততে হেৰুৱাই পেলাইছে কিতাপ পঢ়াৰ আনন্দ৷ গ্ৰন্থ সমুদ্ৰ মন্থন কৰি প্ৰজ্ঞা আৰু নিৰ্মল আনন্দৰ ৰত্ন লাভৰ পৰা বঞ্চিত হৈছে আজিৰ শৈশৱ৷ এটা সময় আছিল, যেতিয়া সঁফুৰা, মৌচাক, নতুন আৱিষ্কাৰ, সাৰথি আদি শিশু আলোচনী মাহটোৰ আৰম্ভণিতেই অভিভাৱকে নিজৰ সন্তানৰ বাবে কিনি নানিলেই নহৈছিল৷ পঞ্চতন্ত্ৰ, অকণিৰ ৰামায়ণ, অকণিৰ মহাভাৰত, বুঢ়ী আইৰ সাধু, বীৰবলৰ সাধু, ঈছপৰ সাধু, জাতকৰ সাধু ইত্যাদি গ্ৰন্থ সম্ভাৰ ঘৰে ঘৰে পোৱা গৈছিল৷ গ্ৰন্থমেলা আহিলেই অভিভাৱকে নিজৰ সন্তানক লৈ যাবলগা হৈছিল, জ্ঞানপিপাসু তৃষ্ণাতুৰ এখুদমান মনবোৰ হাতত সাধু- কিতাপখন তুলি লোৱা মাত্ৰকে হৰ্ষোল্লসিত হৈ পৰিছিল৷ কিন্তু এতিয়া সেই দৃশ্য দেখা পোৱা নাযায়৷

বিজ্ঞান জগতৰ কালজয়ী নায়ক আৰু বিশ্ববিশ্ৰুত পদাৰ্থ বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনে শিশুৰ বুদ্ধিদীপ্ততাৰ বাবে সাধুকথা পঢ়িবলৈ দিয়াৰ ওপৰত জোৰ দিছিল৷ মনোবিশ্লেষকসকলেও মন্তব্য আগবঢ়ায় যে শিশুৰ কোমল মনত এই সাধুকথা আখ্যানবোৰে কেৱল আনন্দ দিয়াই নহয়, চিন্তাৰ কৰ্ষণ কৰায়, মনস্তাত্বিক বিশ্লেষণত অৰিহণা যোগায়, সাধুকথাৰ বিভিন্ন চৰিত্ৰ সমূহৰ যোগেদি, সেই চৰিত্ৰসমূহ মুখামুখি হোৱা ঘাত- প্ৰতিঘাত বা জীৱনৰ বিভিন্ন স্তৰীয় অনুভূতিৰ জৰিয়তে ব্যৱহাৰিক পৃথিৱী খনৰ সৈতে শিশুৰ অভিযোজন ঘটে৷ আশ্চৰ্যত বহল হৈ যোৱা গোল- গোল দুচকুৰে কণমানিটোৱে এখন কাল্পনিক ছবি মনত আঁকি লয়- য’ত কোনোবাই যদি নিজকে পৰী বা ৰাজকুমাৰীৰ বেশত দেখা পায়, তেন্তে আন কোনোবাই হয়তো নিজকে দেখা পায় সোণৰ ঘোঁৰাত উঠা বীৰ ৰাজকুমাৰ অথবা ঘন জংঘলৰ মাজত বাঘ- ভালুক- হাতীৰে সতে উমলি- জামলি শৈশৱ পাৰ কৰা বন- কোঁৱৰৰ বেশত৷ নিজৰ লগত শিশুৱে কঢ়িয়াই লৈ ফুৰে এখন কাল্পনিক বিশ্ব য’ত সিহঁতৰ বাবে অনেক ৰহস্য থূপ খাই থাকে৷ সেই ৰহস্যৰ আঁত উলিয়াবলৈ যাওঁতেই কেতিয়াবা শিশুটিৰ হাতত গজি উঠে অপৈণত হাতেৰে ৰং- তুলিকা সহিত আঁকি উলিওৱা এখন ছবি অথবা অসাঠন শব্দেৰে একোটা পদ্য যাক হয়তো অলপ ইফাল- সিফাল কৰি ল’লেই উমান পোৱা যায় শিশুটিৰ মাজত লুকাই থকা সৃষ্টিশীলতাৰ সম্ভাৱনীয়তাক৷
কিন্তু আজিৰ শিশুৰ বিনোদনৰ উৎস ড’ৰেমন, ছোটা ভীম, টম এণ্ড জেৰীতে সীমাবদ্ধ৷ হয়, এই উপাদান সমূহেও আনন্দ যোগায়, শিশুৰ মনবোৰ ৰঙিয়াল কৰিয়েই তোলে৷ কিন্তু আজিৰ বিনোদনৰ উৎসসমূহৰ অত্যধিক কল্পনা প্ৰৱণতাই সিহঁতক এখন অস্বাভাৱিক জগতৰ বাসিন্দা কৰি তোলে৷ তাকো ব্যৱহাৰিক পৃথিৱীৰ সৈতে খোজ দিব নোৱাৰাকৈ৷ আগৰ সাধুকথাবোৰত হিত- অহিত ভাল- বেয়াৰ ইংগিত আছিল৷ পক্ষীৰাজ ঘোঁৰাত সোণৰ তৰোৱাল লৈ ৰাজকুমাৰ উৰি যোৱা কাহিনীটো কাল্পনিক হ’ব পাৰে, কিন্তু বন্দীনী ৰাজকন্যাক অপহৰণ কৰি লৈ যোৱা দস্যুক পৰাভূত কৰাৰ বিজয়ে পৰোক্ষভাৱে শিশুৰ সৰল মনত বিশ্বাস ওপজায় যে ‘বেয়া’ কাম কৰিলে সদায় ‘বেয়া’ ফল পোৱাটো ধুৰূপ৷ ঠিক সেইদৰে জ্ঞানী- মূৰ্খ ছাগলীহালে নিজৰ মাজত কথোপকথন কৰাটো অস্বাভাৱিক হ’ব পাৰে, কিন্তু সাধুটোৱে পোহৰাই দিয়া নীতিশিক্ষা শিশুটিৰ অনাগত দিনবোৰৰ বাবে পাথেয় হৈ ধৰা দিয়ে৷ কিন্তু আজিকালি ইণ্টাৰনেটৰ ব্যাপক ব্যৱহাৰৰ ফলশ্ৰুতিত শিশুৰ মনোজগতখনৰপৰা সাধু কিতাপৰ ছবি প্ৰায় ধূসৰ হৈ পৰিছে৷ গ্ৰন্থ মেলাৰ বিপনীবোৰত শিশুহতক দেখা পাওঁ, মাথোঁ দহ শাৰীৰ সাধু এটাক ৰং- বিৰঙৰ ছবি কিছুমানেৰে উপস্থাপন কৰা ইংৰাজী কিতাপবোৰে সিহঁতক আকৰ্ষণ কৰে৷ আগতে অভিভাৱকে সন্তানক উপদেশ দিছিল, ইংৰাজী পাঠ পঢ়ি থাকোঁতে নতুন শব্দ পালে তৎক্ষণাত অভিধানখন মেলি অৰ্থটো চাই ল’বলৈ, তেনে কৰিলে ভৱিষ্যতলৈ মনত ৰৈ যায়৷ আজিকালি অভিধানৰ ব্যৱহাৰ তেনেই কম৷ আঙুলি এটা ইফাল- সিফাল কৰিলেই মোবাইল বা লেপটপৰ স্ক্ৰীণত ইণ্টাৰনেটত গোটেই পৃথিৱীখনেই চোন উবুৰি খাই পৰে৷ সেয়েহে ল’ৰা- ছোৱালীবোৰ বিচ্ছিন্ন হৈ পৰিছে এখন স্বাভাৱিক আৰু প্ৰাকৃতিক পৃথিৱীৰপৰা৷

কিন্তু, বিচাৰ্য বিষয় হ’ল যে, আজিৰ ‘শৈশৱ’ আগৰ শৈশৱৰ দৰে হৈ থকা নাই বুলি অভিযোগ- অনুযোগ কৰি থকাতেই জানো জ্যেষ্ঠসকলৰ দায়িত্ব শেষ হৈ যাব?

প্ৰশ্ন হয়, এইক্ষেত্ৰত আমাৰ কৰণীয় কি?

এটা কথা ধুৰূপ যে, বিৱৰ্তন সদায় অৱধাৰিত৷ নিঃসন্দেহে যুগৰ পৰিৱৰ্তনৰ লগে লগে আমাৰ জীৱন আৰু জগতলৈ স্বতঃস্ফূৰ্তভাবে অহা পৰিৱৰ্তনক আমি সম্পূৰ্ণ ৰূপে উলাই কৰি বন্ধ পানীৰ দৰে আবদ্ধ হৈ ৰ’ব নোৱাৰোঁ৷ তথাপি এইটোও নুই কৰিব নোৱাৰি যে পৰিৱৰ্তনৰ বোৱতী সোঁতত পুৰণাখিনিক লগত কঢ়িয়াই লৈও আমি নতুনত্বক আদৰিব পাৰোঁ৷ যিহেতু শৈশৱতেই ব্যক্তিৰ বিকাশৰ অংকুৰণ হয়; সেয়েহে মানৱীয় প্ৰমূল্যবোধৰ সাৰ্বিক উন্মেষ ঘটাকৈ সন্তানক এটা সুস্থ আৰু স্বাভাৱিক পৰিৱেশ দিয়াটো জানো আমাৰেই কৰ্তব্য নহয়?

অভিভাৱকৰ মুখ্য দায়িত্বই হ’ল সন্তানৰ সামগ্ৰিক বিকাশৰ ওপৰত গুৰুত্ব দিয়া, আৰু এই সামগ্ৰিক বিকাশ যে শিশুৰ স্বাভাৱিক, স্বতঃস্ফূৰ্ত আৰু প্ৰাকৃতিক গতি- প্ৰকৃতিয়েহে নিৰ্মাণ কৰিব পাৰে সেয়া তেওঁলোকে যিমান সোনকালে অনুধাৱন কৰিব পাৰে সিমানেই সন্তানৰ বাবে মংগল৷ ৷ নগৰ- মহানগৰৰ যান্ত্ৰিক জীৱনৰ সৈতে অভ্যস্ত অভিভাৱকে ব্যস্ততাৰপৰা সময় উলিয়াই নিজৰ শিপাৰ সৈতে একাত্ম হৈ নিজে পাৰ কৰি অহা ল’ৰালিৰ কিয়দংশ সন্তানৰ হাতত তুলি দিব পাৰে৷ আঘোষিত প্ৰতিযোগিতাৰ দৌৰত মানৱীয় প্ৰমূল্যবোধৰ ছন্দপতন যাতে নহয় তাৰ প্ৰতি সজাগ হৈ পুৰণি স্নেহবন্ধনসমূহক সঞ্জীৱিত কৰি তোলাৰ ওপৰত গুৰুত্ব দিব লাগে৷

অভিভাৱকসকলে নিজৰ শৈশৱৰ কথাবোৰ সাধুকথাৰ দৰে সন্তানক শুনাব পাৰে৷ ইয়াৰ জৰিয়তে শিশুটিৰ মনত কৌতূহল আৰু আগ্ৰহৰ সৃষ্টি হ’ব৷ পুৰণি কথাবোৰৰ অৱতাৰণাৰ জৰিয়তে আজিকালি প্ৰকৃতিৰ বুকুৰপৰা হেৰাই যোৱা আৰু সমাজ তথা সাংস্কৃতিক জীৱনৰপৰা বিচ্ছিন্ন হৈ যোৱা কেতবোৰ উপাদানৰ সৈতে শিশুটিৰ পৰিচয় ঘটাৰ অৱকাশ আছে৷ শিশুৰ মন মানেই কৌতূহল, কৌতূহলবোৰৰপৰাই সিহঁতে প্ৰশ্ন কৰে, আৰু সেই প্ৰশ্নৰ উত্তৰসমূহৰপৰাই সিহঁতে শিকে৷

অৱশ্যে যি ঠাইত প্ৰাকৃতিক সমলসমূহ পোৱা নাযায়, তাত এয়া কিদৰেনো সম্ভৱ বুলিও প্ৰশ্ন নুঠা নহয়৷ এইখিনিতে অভিভাৱকৰ নিষ্ঠা আৰু সদিচ্ছাৰ কথাটো আহি পৰে৷ মহানগৰৰ সভ্যতাৰ সৈতে একাত্ম হোৱা আৰু ব্যস্ত দিনপঞ্জীয়ে হেঁচা মাৰি ৰখা এনেধৰণৰ প্ৰতিষ্ঠিত ব্যক্তিকো ব্যক্তিগতভাৱে লগ পোৱাৰ সৌভাগ্য ঘটিছে যি নিজৰ সন্তান ধানৰপৰা চাউল হোৱাৰ প্ৰক্ৰিয়াটো সন্দৰ্ভত অজ্ঞ বাবেই ব্যস্ততাপূৰ্ণ কৰ্মজীৱনক কিছুদিনৰ বাবে বিৰতি দি পৈতৃক গৃহলৈ সন্তানক লৈ গৈছে, আঘোণৰ পথাৰত সোণগুটিৰ ডাঙৰিৰ সৈতে পৰিচয় কৰাই দিছে, ঘৰৰ চোতালত মৰণা মৰাৰ পৰা ধানবনা মিলত চাউল উৎপাদন হোৱালৈকে সন্তানক প্ৰত্যক্ষ কৰাৰ সুযোগ দিছে৷ তেনেকুৱা অনেকজন সংবেদনশীল অভিভাৱক আমাৰ মাজত আছে৷ গতিকে সন্তানৰ জিজ্ঞাসা পূৰ্ণ কৰিবলৈ অভিভাৱকে এইখিনি কষ্ট কৰিব লাগিব৷

শিশুৰ বিকাশত ঘৰখনৰ সামাজিক আৰু সাংস্কৃতিক পৰিৱেশে পূৰামাত্ৰাই প্ৰভাৱ পেলায়৷ শিশুৱে কিতাপৰ প্ৰতি সৌহাৰ্দ্য ঘৰখনতেই অনুভৱ কৰিব পাৰিব লাগিব আৰু অভিভাৱকেই শিশুক কিতাপৰ সৈতে এই বন্ধুত্ব গঢ়ি তুলিবলৈ শিকাব লাগিব৷ ইয়াৰ বাবে এটা কথা মনত ৰখা বাঞ্ছনীয় যে ঘৰখনত অহৰহ ভোজমেল- নৈশপাৰ্টীত ব্যস্ত থকা অভিভাৱক, এক- ঘেয়ামী ব্যস্ত দৈনন্দিনতাৰ অজুহাতত শিশুক পৰ্যাপ্ত সময় নিদিয়া অভিভাৱক বা টেলিভিশ্যন, আই- পেড, লেপটপ, মোবাইলত ব্যস্ত থকা অগ্ৰজসকলৰপৰা শিশুৰ মনত যে পঢ়াৰ প্ৰতি ধাউতি নোপজে সেয়া ধুৰূপ৷ যেতিয়া কোনো এটি শিশুৱে প্ৰত্যক্ষ কৰিব যে পৰিয়ালৰ অন্য সদস্যই গ্ৰন্থ- অধ্যয়নৰ জৰিয়তে নিতৌ ন-ন কথা শিকিছে আৰু আলোচনা কৰিছে, তেতিয়াহে শিশুটিৰ মনত নিজেও সেই চিঞাহীৰ সাগৰত ডুব গৈ বিশ্ব- বীক্ষণৰ সোৱাদ ল’বলৈ হেঁপাহ উপজিব৷ কিতাপৰ সৈতে সহৃদয়তাৰ এনাজৰীৰে বান্ধ নাখালে কেনেকৈ লাভ কৰিব জীৱনৰ আদিপাঠ? কিতাপ মানেতো কেৱল পাঠ্যপুথিয়েই নহয়৷ পাঠ্যপুথিৰ পৰিসৰৰ ভিতৰতে সীমাবদ্ধ ৰখাৰ ফলত আজিৰ শিশুৰ সৰ্বাংগীণ বিকাশৰ পথ বাধাপ্ৰাপ্ত হৈছে৷ ডঃ হোমেন বৰগোহাঞিদেৱে এষাৰ বৰ সোণসেৰীয়া কথা কৈছে, “ছাত্ৰ অৱস্থাতেই যদি মানুহৰ মনত কিতাপ পঢ়াৰ আগ্ৰহ সৃষ্টি নহয়, তেন্তে পিছলৈ সেই আগ্ৰহ সৃষ্টি কৰা সম্ভৱ নহয়৷” সৰুকালত কিতাপ পঢ়াৰ জৰিয়তে ল’ৰা- ছোৱালীৰ ব্যাকৰণৰ শুদ্ধতা সম্পৰ্কে বোধ হয়, পূৰ্ণবাক্য গঠন কৰিবলৈ শিকে, বানান শুদ্ধ হয় আৰু ভাষাটোৰ ওপৰত লাহে- লাহে দখল আহে৷ সেয়েহে অভিভাৱকে আজৰি পৰত কিতাপ এখন হাতত তুলি সন্তানৰ কাৰণে অনুকৰণৰ পথটি সুগম কৰি ৰখা উচিত৷

শিশুৰ সাৰ্বিক বিকাশৰ বাবে প্ৰয়োজন এখন মুকলি আকাশৰ; ধাতৱীয় ব্যস্ততা, যান্ত্ৰিকতা, বিৰামহীনতা আৰু পুৰণি সোঁৱৰণীবোৰৰ প্ৰতি অভিভাৱকৰ উন্নাসিকতাই শৰবিদ্ধ কৰা আকাশে শিশুক সেই পৰিৱেশ দিব নোৱাৰে৷ এই শাৰদীয় বতৰত হয়তো প্ৰত্যেক অভিভাৱকৰে মনত দোলা দি যায় নিৰ্মলপ্ৰভা বৰদলৈৰ কথাকেইষাৰে,

“আহিনৰ পথাৰৰ গোন্ধ

কেনেবাকে নাকত আহি লাগিলে

মই হেৰাই পাওঁ মোৰ দেউতাক
,
মোৰ সন্তানৰ কাৰণে
দোকানৰ জাপ ভঙা গামোচাৰ সুবাসত

হেৰাই পাওঁ মোৰ আইক

মই মোক ক’ত থৈ যাম,

ক’ত?”

সময়ৰ অদমনীয় শক্তিক প্ৰত্যাহ্বান জনাই আমি নিজৰ ল’ৰালিৰ সেই দিনবোৰলৈ হয়তো ঘূৰি যাব নোৱাৰোঁ, কিন্তু সামান্য সদিচ্ছা আৰু প্ৰচেষ্টাৰে আমাৰ সন্তানৰ হাতত তুলি দিব পাৰোঁ তাৰেই কিয়দংশ৷ সমাজৰ অভিভাৱকসকলৰ মাজত এই সন্দৰ্ভত সজাগতা অনাৰ উদ্দ্যেশ্যে ‘শৈশৱৰ লেছেৰি বোটলা’ক মূল বিষয় হিচাপে লৈ ‘সাহিত্য ডট অৰ্গ’ৰ সপ্তম বৰ্ষৰ ষষ্ঠ সংখ্যাটো প্ৰকাশ কৰা হৈছে৷

আমি আশাবাদী যে জীৱনমুখী অনুভৱৰ বাংময় সমাহাৰেৰে আজিৰ শিশুৰ শৈশৱ আকৌ সংৰচিত হ’ব৷ ■■

 

ৰাজশ্ৰী ধনদিয়া
সম্পাদক
সাহিত্য ডট অৰ্গ
আহিন, ১৯৪০ শক

বিঃ দ্ৰঃ আলোচনীখনৰ বিভিন্ন শিতানত প্ৰকাশিত লিখনিসমূহ লেখক- লেখিকাৰ স্বকীয় মতামত আৰু চিন্তাধাৰাৰ ওপৰত আধাৰিত৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments