সম্পাদকীয়

Editorial-image-1024x720-300x210
 
 

আজি ভালেমান বছৰ ধৰি আমাৰ অসমীয়া জাতিয়ে শুনিবলৈ পাই অহা কেতবোৰ শব্দৰ ভিতৰত এটা শব্দ হ’ল “অস্ত্বিত্ব”। আমাৰ অসমীয়া জাতিৰ অস্ত্বিত্ব বিপন্ন, সংকটময়। তাৰ বাবে লাগে পৰিৱৰ্তন। বৰ্তমান অসম ভূমিত অনুপ্রৱেশৰ সমস্যা, খিলঞ্জীয়াৰ মাটিৰ অধিকাৰ, বৃহৎ নদী বান্ধ, পৃথক ৰাজ্যৰ দাৱী, সন্ত্রাসবাদীৰ সমস্যা,দুৰ্নীতি, বন্ধ, পথবন্ধ, নাৰী নিৰ্য্যাতনৰ সমস্যা, বানপানী, খহনীয়া ইত্যাদি বিভিন্ন সমস্যাই পৰিস্থিতি গভীৰভাৱে সংকটময় কৰি তুলিছে।  আমাৰ খিলঞ্জীয়াৰ অস্ত্বিত্ব যিহেতু সংকটত, গতিকে ৰাজনৈতিক পৰিৱৰ্তন বিচাৰি শাসক পক্ষ সলনি নকৰিলে গত্যন্তৰ নাই।–—-ঠিক এনে এটি চিন্তাধাৰাৰে পাৰ হৈ যোৱা নিৰ্বাচনটোত গৰিষ্ঠ সংখ্যক অসমীয়া ৰাইজে নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ উঠি পৰি লগা যেন ধাৰণা হ’ল। এই ক্ষেত্রত ৰাইজৰ প্রৱল আৱেগৰ সোণালী সুযোগক এক বিশেষ ৰাষ্ট্ৰীয় দলে নিজৰ সপক্ষে ব্যৱহাৰ কৰিবলৈ ষোল্ল অনাই সফলকাম হ’ল যেন ধাৰণা হয়।

সি যি কি নহওক, হয়তো শাসক পক্ষ সলনি হব। কিন্তু আমাৰ অস্ত্বিত্ব নিৰাপদ হৈ থাকিবনে? আচলতে আমাৰ অস্ত্বিত্বৰ সংকটৰ উৎস কি? নিৰাময়ৰ উপায় ক’ত? কেৱল ৰাজনৈতিক পট-পৰিৱৰ্তনতেই অস্ত্বিত্বৰ ৰক্ষা-কৱচ নিহিত হৈ আছেনে? সেয়া আজিৰ সময়ৰ মূল চিন্তা হোৱা উচিত।

বিষয়টোৰ গভীৰতালৈ যোৱাৰ পূৰ্বে আনুসংগিক অন্য কিছু প্রসংগ আলোচনা কৰি ললে অধিক সুবিধা হব।

জ্ঞানীলোকৰ মতে –“ছটা কামৰ পৰা মূৰ্খক চিনিব পাৰি৷ কাৰণ নোহোৱাকৈ খং, নিৰৰ্থক কথা-বাৰ্তা, উন্নতি নোহোৱাকৈ পৰিৱৰ্তন, উদেশ্য নোহোৱাকৈ অনুসন্ধান, অচিনাক্তক বিশ্বাস আৰু শত্ৰুক বন্ধু বুলি জ্ঞান কৰা৷  আমাৰ অসমীয়া মানুহৰ চৰিত্ৰটো এই ছয় গুনৰ আঁচোৰ আছে নেকি বাৰু? আজিৰ অসমৰ সমাজ জীৱন, সাংস্কৃতিক পৰিকাঠামো অথৱা অৰ্থনৈতিক পৰিমণ্ডললৈ চকু ফুৰালে সততে দৃশ্যমান হোৱা ঘটনা-পৰিঘটনাবোৰ কেনেধৰণৰ?

পুৱাৰ বাতৰি কাকতখন মেলি লৈ চকু ফুৰালে হত্যা-হিংসাৰ অশুভ খবৰবোৰৰ লগতে নানান ধৰনৰ ৰঙীন বিজ্ঞাপনে চকু চাট মাৰি ধৰে৷ বিজ্ঞাপনবোৰ লক্ষ্য কৰিলে দেখিব সৰহ সংখ্যতে আপোনাৰ সমস্যাৰ সহজ সমাধানৰ বাবে সদা প্ৰস্তুত নানানজন জ্যোতিষী,বাবাজী,তান্ত্ৰিক কবিৰাজৰ পয়োভৰ৷ বছৰ বছৰ ধৰি যিবোৰ সমস্যাই আপোনাক জোলোকা-জোলোকে পানী খুৱাইছে; যাৰ সমাধানৰ কোনো উপায় নেদেখি আপুনি ব্যাকুল হৈ মানসিকভাৱে উন্মাদ হোৱাৰ উপক্ৰম হৈছে, সেইবিলাক পাহাৰ হেন সমস্যাৰ চকুৰ পচাৰতে সমাধানৰ মন্ত্ৰ আছে এইসকল জ্যোতিষী,বাবাজী,তান্ত্ৰিকৰ হাতত৷ এইসকলৰ হাতত থকা দুৰ্লভ দৈৱশক্তিৰ দ্বাৰা যিকোনো বিপদৰ পৰাই আপুনি পৰিত্ৰান পাব পাৰে যদিহে উপযুক্ত মাননি দিবলৈ আপুনি সক্ষম ৷

বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ অভাৱনীয় উন্নয়ন, জ্ঞানৰ বিস্ফোৰনৰ পিছতো এইখন এখন আমাৰ সকলোৰে চিনাকী ছৱি ৷ কেৱল জ্যোতিষী,বাবাজী,তান্ত্ৰিকেই নহয় কাছাৰীৰ সন্মুখৰ দাঁতৰ পোক উলিওৱা চিকিৎসকজন, বিভিন্ন ৰোগৰ সহজলভ্য পথ্য আৰু ঔষধেৰে ফুটপাথৰ ফাৰ্মাছীখন, ৰত্ন-পাথৰ, আঙুঠিৰ দোকানকেইখন, আজিৰ দিনত সকলোৰে সহজলভ্য চিনাকী দৃশ্য৷ এইবোৰে আজিৰ দিনতো কিহৰ ইঙ্গিত বহন কৰে বাৰু? জীৱনৰ পাঁচ-ছয়টা অমূল্য বছৰৰ কঠোৰ সাধনাৰ পিছতো এজন সফল চিকিৎসক হিচাপে নিজকে গঢ় দিয়াটো কিমান কঠিন, কিমান কষ্টকৰ অথচ ৰাতিটোৰ ভিতৰতে উদ্ভৱ হোৱা এইসকল স্বয়ম্ভু ফুটপাথৰ চিকিৎসকৰ কদৰ আমাৰ বুজন সংখ্যক জনসাধাৰণৰ মাজত সদা বিৰাজমান।

আমাৰ মানসিকতা, শিক্ষা ব্যৱস্থা,চিন্তা-চেতনা তথা সামগ্ৰিকভাৱে জাতি হিচাপে আমাৰ স্থান কোনখিনিত, সহজ ভাষাত আমি কিমানৰ মানুহ তাৰ মাপকাঠীডাল এনেধৰনৰ ঘটনাৰাজীয়ে নিৰ্ধাৰণ নকৰেনে?

আমাৰ নগৰ অঞ্চল বিলাকলৈ চকু ফুৰালেই দেখা যায়, মূল মূল নগৰীয়া মাটি-ভেটি বিলাক ক্রমশঃ অনা অসমীয়াৰ দখলত। খিলঞ্জীয়াৰ হাতত নগৰীয়া মাটি নাই বুলিবই পাৰি। কেৱল আন্দোলন কৰি, শ্লোগান দি আমি আমাৰ অস্তিত্ব বজাই ৰাখিব নোৱাৰো। নাচ-গান, সাহিত্য-সংস্কৃতিৰ চৰ্চাৰেও নোৱাৰি। জাতি এটা সৱল হবলৈ অৰ্থনৈতিক ভেটিও সৱল হব লাগিব।

অন্যহাতেদি, তথাকথিত বিশ্বায়ন বা গোলকীকৰণে আমাৰ সন্মুখত যতনাই দিছে চকু চাট মৰা ভোগ-বিলাসৰ নিত্য-নতুন সম্ভাৰ। মানুহৰ ভোগাকাংখ্যা বাঢ়িছে। ‘আহৰণ কৰা আৰু ভোগ কৰা’-এয়ে বিশ্বায়নৰ আমোঘ মন্ত্র। সৰ্ৱত্র ভোগবাদৰ বিলাসী প্রচাৰ। এই ভোগবাদৰ প্রচাৰত প্রলোভনৰ দাসত্ব স্বীকাৰ কৰি নগৰ-মহানগৰ এলেকাৰ পিতৃপুৰুষৰ ভেটিটো ধনী ব্যৱসায়ীক শ্রেণীৰ প্রলোভনত আয়াসতে বিক্রী কৰি দিয়া অসমীয়াৰ এতিয়া অভাৱ নাই। পিতৃ ভেটি বিক্রী কৰি শেহতীয়া মডেলৰ গাড়ী, অত্যধুনিক জীৱন শৈলী, সুৰা, পাৰ্টী, নৈশ জীৱন ইত্যাদিৰ মোহত আমি যেন মোহাছন্ন। সজ উপায়েৰে কষ্ট, পৰিশ্রম, উদ্ভাবনী চিন্তাৰে তৰপে তৰপে উধাই যাবলৈ যি এক ‘মানসিক ক্ষুধা’ৰ প্রয়োজন, আমাৰ সেই ক্ষুধাৰ দুখ লগাকৈ অভাৱ।

ওপৰত আলোচিত প্রসংগবোৰৰ ইটোৰ লগত সিটোৰ সংগতি নথকা যেন লাগিলেও আচলতে এয়াই সামগ্রিকভাবে আমাৰ জাতি হিচাপে চিন্তাধাৰাৰ, কৰ্মজীৱনৰ, সবাৰোপৰি আমাৰ অস্ত্বিত্বৰ কথাকেই প্রতিফলিত কৰিছে। আমাৰ অস্ত্বিত্ব, খিলঞ্জীয়াৰ অস্ত্বিত্ব নিজৰ হাতৰ মুঠিত। আমি নিজকে পৰিৱৰ্তন কৰিব লাগিব।  এই পৰিৱৰ্তন আমাৰ চিন্তাধাৰাৰ, আমাৰ মানসিকতাৰ।

পৃথিৱীখনত হৈ চৈ লগাই কোনো কাম সফল নহয় ৷ মহৎ কামবোৰ নীৰৱে হয় ৷ সুন্দৰ হৃদয়ৰ মানুহৰ মহৎ চিন্তাবোৰ সদায় মহৎ কাৰ্য্যত উচৰ্গা হয় ৷ নিৰলস চেষ্টা আৰু নিবিড় নিষ্ঠা অবিহনে কোনো কামেই সাধিত নহয় ৷ আমি “হব দে” মনোবৃত্তিৰ পাশত বন্দী নেকি ? এই তুষ্টিৰ মনোভাৱ আমাৰ জাতীয় উন্নতি আৰু অগ্ৰগতিৰ অন্তৰায় নেকি ?

অসমীয়া মানুহৰ অনুসন্ধান আৰু অধ্যয়নৰ পৰিসৰ অত্যন্ত ঠেক৷ জিজ্ঞাসাৰ ক্ষেত্ৰখন বৰ সীমিত৷ বিবিধ বিষয়ত আমাৰ কৌতুহল নাই, বিবিধ ক্ষেত্ৰত আমাৰ বিচৰণ নাই, গতানুগতিকতাৰ পাশত আমি আৱদ্ধ৷ চিন্তন, মনন, অধ্যয়ন, ভ্ৰমনৰ অভাৱত নতুন নতুন চিন্তা-চেতনাৰ দ্বাৰা আমি উদ্বুদ্ধ নহওঁ৷ উদ্গতি সাধিবলৈ হ’লে অসমীয়াসকল সচেতন আৰু তৎপৰ হ’ব লাগিব৷ পৰিশ্ৰমী হ’ব লাগিব৷ কৰ্মত লাজ-এলাহ পৰিত্যাগ কৰিব লাগিব৷ স্বাৱলম্বী হোৱাৰ যত্ন পুৰুষাৰ্থ কৰিব লাগিব৷ যুৱক-যুৱতী, ছাত্ৰ-ছাত্ৰী সকলৰ ষি অফুৰন্ত প্ৰাণ-প্ৰাচুৰ্য্য আছে তাক চিন্তাশক্তিৰ সহযোগত কৰ্মশক্তিত পৰিনত কৰিব লাগিব৷ আমাৰ ডেকা-গাভৰু সকলে আত্মবিশ্বাস ৰাখি বিভিন্ন দিশত আত্মপ্ৰতিষ্ঠাৰ বাট মুকলি কৰিব লাগিব৷

এতিয়া বহাগৰ বতৰ। বাপতি সাহোন ৰঙালী বিহুটিত আনন্দ কৰাৰ বতৰ। জাতীয় জীবনৰ এনে এক সুমধুৰ ক্ষণত আমি ইতিবাচক চিন্তাৰে আগুৱাই যোৱাৰ পণ লও আহক!

শেষত এটা কথা স্বীকাৰ নকৰি উপায় নাই যে, “সাহিত্য.অৰ্গ”ৰ দৰে ই-পত্রিকাৰ সম্পাদনা কৰাৰ যোগ্যতা আমাৰ অলপো নাই। গতিকে অজস্র ভুল-ত্রুটি আমাৰ অজ্ঞানতা বা সীমাৱদ্ধতাৰ বাবেই থাকি যাব। পাঠকে সেই সমূহ শুধৰাই লব বুলি আমি আশাবাদী। শেষত  “সাহিত্য.অৰ্গ”ৰ লগত ওতপ্ৰোত ভাবে জৰিত স্থায়ী সম্পাদনা সমিতিৰ সমূহ সদস্য তথা জ্যোতিৰূপম দত্ত, দেৱব্ৰত বৰা, মিতালী, ৰাজীৱ, অমিতাভ, অৰুণজ্যোতি, দিগন্ত, মৃদুল আদি সকলোটিলৈকে আন্তৰিক কৃতজ্ঞতা থাকিল।

আন্তৰিক ধন্যবাদেৰে

টুৱাৰাম দত্ত,

সম্পাদক,  ‘সাহিত্য ডট অৰ্গ’ৰ এপ্রিল’২০১৬ সংখ্যাঅসমীয়া ভাষা-সাহিত্য চৰ্চাৰ

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক