সম্পাদকীয় – কাতি, ১৯৩৯ শক (অক্টোবৰ, ২০১৭)

বৈচিত্ৰ্যময় প্ৰাকৃতিক সৌন্দৰ্য্যৰে আমাৰ অসম এক ঐশ্বৰ্যপূৰ্ণ স্বৰ্গপুৰী৷ য’ত সোণৰ মাটিত ফলে, সোণোৱালী শইচ৷ সেউজীয়াৰ সমাৰোহ মোৰ জন্মভূমিক জীপাল কৰি ৰাখিছে আমাৰ চিৰ প্ৰৱাহিত নৈ, জান, জুৰি আদিয়ে যাৰ হৃদস্পন্দন ব্ৰহ্মাৰ পুত্ৰ, আমাৰ অসমীয়াৰ জীৱন ৰেখা বৰলুইত৷ সেয়েই প্ৰকৃতিৰ লগত অসমীয়াৰ জীৱন ওতপ্ৰোতভাৱে জড়িত, আমাৰ লোকাচাৰ, আমাৰ উৎসৱ সকলো সেয়েহে প্ৰকৃতি কেন্দ্ৰিক৷ প্ৰকৃতিৰ প্ৰশান্তিতেই মানুহ টোপনি যায় আৰু চৰাইৰ মাততে সাৰ পায় অসমৰ প্ৰভাত৷ আমাৰ পৰিৱেশ লৈয়েই আমাৰ জীৱন৷ আমি যি পৰিৱেশতেই নাথাকো লাগিলে, সেই পৰিৱেশৰ দ্বাৰা আমি প্ৰভাৱাম্বিত৷ পৃথিৱীত প্ৰাপ্ত আপুনি দেখা এনে এটাও বস্তুও বিচাৰি নাপাব যি বস্তু প্ৰকৃতিৰ উপাদানৰ পৰা উৎপন্ন হোৱা নহয়৷ জোতাৰ পৰা মাইক্ৰচিপলৈ সকলো বস্তু প্ৰাকৃতিক উপাদানৰ পৰাই লোৱা, মানুহে কেৱল তাক ৰূপান্তৰহে কৰিছে৷ প্ৰাকৃতিক সম্পদৰ অপূৰ্ব সমাহাৰ আৰু তাৰ বহনক্ষম ব্যৱহাৰৰ দ্বাৰা আমি জীৱন কৰি তোলো আনন্দময়৷ কিন্তুু সেই প্ৰাকৃতিক সম্পদে আমাক কৰা উপকাৰৰ প্ৰতিদান হিচাবে আমি প্ৰকৃতিৰ অপকাৰহে কৰো, নিজৰ ব্যক্তিগত স্বাৰ্থ পূৰণ কৰিবলৈ গৈ প্ৰকৃতিৰ প্ৰতি আমি হৈ যাও অকৃতজ্ঞ, অত্যাচাৰী আৰু নিৰ্দয়… আমি হৈ পৰো নিকৃষ্ট মানুহ৷ প্ৰাকৃতিক পৰিবেশৰ অন্যতম সৌন্দৰ্য্য তাৰ বনৰাজি আৰু বৃক্ষৰাশি৷ সেউজীয়া গছ আৰু তৰুলতাই আমাক জীয়াবলৈ অক্সিজেন সৰবৰাহ কৰে৷ বৃক্ষ য’ত আমাৰ পৰম আত্মীয়, পৰম বন্ধু, তাতেও আমি হৈ যাও বৃক্ষৰ প্ৰতি ভালপোৱাহীন৷

যোৱা ৩টা দশকত অসমে হেৰুৱাইছে ১০হাজাৰ বৰ্গ কিলোমিটাৰতকৈও অধিক বনভূমি, মাত্ৰ ২০১৩-১৫ এই দুই বছৰতেই অসমে হেৰুৱাই পেলাইছে ৪৮ বৰ্গ কিলোমিটাৰ বনভূমি৷ কেৱল অসমেই নহয় উঃপূঃ ভাৰতত মণিপুৰক বাদ দি আটাইকেইখন ৰাজ্যই দ্ৰুতগতিত হেৰুৱাইছে বনভূমি৷ এই ধ্বংসৰ ফলত সাংঘাতিক ভাবে বৃদ্ধি পাইছে বায়ু প্ৰদূষণৰ মাত্ৰা৷ গছৰ অবিহনে কাৰখানাৰ বিষাক্ত ধোঁৱা, পথে-ঘাটে চলিত অসংখ্য গাড়ীৰ বিষাক্ত ধোঁৱাই আগৰ তুলনাত পৰিবেশৰ ভাৰসাম্যতাত কু-প্ৰভাৱ পেলাইছে, গোলকীয় উষ্ণতাক বৃদ্ধি কৰিছে আৰু মানুহৰ স্বাস্থ্যহানীৰো এক প্ৰধান কাৰক হৈ পৰিছে৷ আগতে সাধাৰণ মানুহে এই সম্পৰ্কে নাজানিছিলে, এতিয়া জানিও উদাসীন৷

আগতে বানপানী হ’লেও বানপানীৰ পিছত খেতিৰ মাটিক পানীয়ে জীপাল আৰু পলস পেলাই সাৰুৱা কৰিছিলে৷ এতিয়া বানপানীয়ে খেতিত পলসৰ সলনি বালি পেলাই পথাৰ সমূহক কৃষিকাৰ্যৰ অনুপযোগীহে কৰি তোলে৷ ইয়াৰ মুখ্য কাৰণ হ’ল বনাঞ্চলৰ ধংস, বনাঞ্চলে আমাৰ জলচ্ছেদ সমূহক সুৰক্ষিত কৰে, আমাৰ পৃষ্ঠমৃত্তিকাক সুৰক্ষিত ৰাখিব নোৱাৰিলে মাটিৰ ধাৰণ ক্ষমতা কমি যায় আৰু বৰষুণীয়া বতৰত ই সহজেই পানীৰ সতে উটিগৈ নৈৰ বুকু তৰাং কৰে৷

অসমৰ মাটিকালিৰ সৰ্বমুঠ ১, ৯৪, ৪১৩ বৰ্গ কিলোমিটাৰ৷ বিভিন্ন সৰু ডাঙৰ নৈয়ে আগুৰি আছে তাৰে এক বৃহৎ ঠাই, আৰু কেৱল ব্ৰহ্মপুত্ৰই অসমৰ ৬৯০ কিলোমিটাৰ প্ৰৱাহত ৭০, ৬৩৪ বৰ্গ কিলোমিটাৰ ঠাই আগুৰি আছে, যিটো গোটেই অসমৰ ভৌগলিক এলেকাৰ ৫.৯%৷ চৰকাৰি তথ্যমতেই কেৱল ব্ৰহ্মপুত্ৰই প্ৰতিবছৰেই ৮ হাজাৰ হেক্টৰ ভূমিত গৰাখহনীয়াৰ সৃষ্টি কৰে৷ দুয়োপাৰে গৰাখহনীয়া গ্ৰস্থ এই মাটিবোৰে নৈৰ বুকু তৰাং কৰে আৰু লাহে লাহে মৃত্যুমুখি হৈ পৰে নৈ৷ নৈৰ বুকু তৰাং হোৱাত বানপানীয়ে প্ৰতি বছৰেই ধাৰণ কৰে সংহাৰী ৰূপ৷ ইতিমধ্যেই বনাঞ্চল ধ্বংসৰ ফল হিচাবে ৫০-৬০বছৰ আগলৈকে সাৱলীল ভাৱে বোৱা নৈ সমূহ আজি হয় মৃত নহয় মৃত্যুমুখী আনকি মহাবাহু বুলি আমি গৌৰৱ কৰা ব্ৰহ্মপুত্ৰও এইদৰে চলিলে অহা ৩০ বছৰৰ ভিতৰত ই সাগৰলৈ বৈ যোৱাৰ সক্ষমতা হেৰুৱাই পেলাব আৰু তেতিয়াই কেবাগুণে বাঢ়ি যাব বানপানীৰ প্ৰকোপ, অনুৰ্বৰতাই ছানি ধৰিব গোটেই ব্ৰহ্মপুত্ৰ উপত্যকা৷ নদী-নালা, খাল-বিল, জলাভূমি সমূহ দখল কৰি, অপৰিকল্পিত ভাবে ভূগৰ্ভস্থ পানী উত্তোলন কৰি, অপৰিমিত ৰাসায়নিক সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰি, কণী থকা মাছ আৰু আঠুৱা জালৰ ব্যৱহাৰ কৰি আমি কিন্তুু আমাৰ আজিৰ লাভৰ বাবে নিজৰ জীৱিকাৰ পথকেই চিৰদিনৰ বাবে ধ্বংস কৰি আছোঁ৷

এতিয়া ইয়াৰ সমাধান নো কি…? চৰকাৰৰ ইমান বিয়াগোম বিভাগবোৰ থাকতে নৈ আজি কিয় মৃত্যুমুখী? কিয় বানপানীক নিয়ন্ত্ৰণ কৰা দিনে দিনে অসাধ্য হৈ পৰিছে? ? ইয়াৰ একমাত্ৰ সমাধান হৈছে নৈৰ পানী ধাৰণ ক্ষমতাৰ বৃদ্ধিকৰা আৰু বনাঞ্চল বৃদ্ধি কৰি ভূমিৰ জৈৱবস্তুপুঞ্জ (biomass) বৃদ্ধি কৰা৷ কেৱল নমামী ব্ৰহ্মপুত্ৰৰ দৰে চৰকাৰী উৎসৱ পাতি এই সমস্যাৰ সমাধান কৰিব নোৱাৰি৷ নৈ ৰক্ষাৰ বাবে প্ৰয়োজন এক সুস্থ নদী আৰু বন নীতিৰ, এটি পৰিবেশ বান্ধব অথচ অধিক শক্তিশালী আইন প্ৰণয়ন আৰু তাৰ বাস্তৱ ৰূপায়ণ সময়ৰ দাবী৷ আইনক বৃদ্ধাঙ্গুলি দেখুৱাই কৰা বনাঞ্চল ধ্বংস, নৈৰ বুকুত অবৈধ দখল, কোটি টকাৰ দুৰ্নীতিযুক্ত নিয়ন্ত্ৰণহীন নদীবান্ধৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হবই লাগিব আৰু ৰাইজেও ইয়াৰ সপক্ষে জনমত গঠন কৰিব লাগিব, ৰাইজ সজাগ নহ’লে কোনো চৰকাৰেই বনাঞ্চল ধ্বংস ৰোধ কৰাৰ ক্ষমতা নাৰাখে৷ নৈৰ অস্বাভাৱিক মৃত্যু, বনাঞ্চল ধ্বংসৰ দৰে কাৰ্যক ৰোধ কৰিবলৈ ৰাইজেই আগভাগ ল’ব লাগিব৷ মানুহৰ হাতত হোৱা বনাঞ্চলৰ মৃত্যু, নৈৰ মৃত্যু সঁচা অৰ্থত এটা হত্যাকাণ্ডৰ সমান, এক বিশাল জনগোষ্ঠীকে নৃশংসভাবে নিঃশেষ কৰি দিয়াৰ সমান৷ আমি সজ্ঞানে আৰু কিমান দিনলৈ চাই ৰম এই বনাঞ্চল ধ্বংস, এই নদীহত্যা?
আমাৰ অসমৰ সম্পদক আমি অসমীয়াই যথাযথ সংৰক্ষণ আৰু সদ্-ৱ্যৱহাৰ নকৰো বাবেই আমি চৰম দৰিদ্ৰতাৰ চিকাৰ৷ প্ৰাকৃতিক সম্পদ আৰু পৰিবেশৰ আমিয়েই যত্ন ল’ম, আমিয়েই সংৰক্ষণ কৰিম, আমিয়েই তাৰ সদ্-ব্যৱহাৰো কৰিম তাতেই তো আছে আমাৰ উন্নয়ন আৰু অগ্ৰগতিৰ মূল মন্ত্ৰ৷ অসমীয়াই যেন আমাৰ প্ৰাকৃতিক সম্পদক দেশ আৰু জাতিৰ বন্ধুৰূপে আদৰি লয় তাৰেই কামনা কৰিলোঁ৷
আশাকৰো শুভ দিন সমাগত৷

জয়দীপ চক্ৰৱৰ্তী
সম্পাদক, সাহিত্য ডট অৰ্গ
কাতি, ১৯৩৯ (অক্টোবৰ, ২০১৭)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments