সম্পাদকীয়

আঘোণী পৰশ- তৃপ্তি বৰা

আঘোণ মানেই সোণালী প্ৰতিশ্ৰুতি, আঘোণ মানেই ভৰুণ মন, আঘোণ মানেই সোণগুটিৰ সুবাস, আঘোণ মানেই এটি পুৰঠ সপোন, হেমন্তৰ আগমন। কুঁৱলীৰ আঁচলত ধৰি এখুজি দুখুজিকৈ নামি অহা আঘোণ একাঁজলি ৰ’দালি, দূবৰিৰ দলিচাত এক বুটাবছা বাখৰ!

আঘোণ মানেই জানো মাথোঁ সোণগুটিৰ সুবাস? আঘোণে কঢ়িয়াই স্মৃতিৰ ভঁৰালৰ সোণোৱালী সুবাসক। তাহানিতে লেচেৰি বোটলা, ন-খোৱা, চোতালত বলধযোৰৰ লগত সমানে সমানে কণমানি ভৰিৰে মৰণা মৰা, নিয়ৰজিলিকা দূবৰিৰ দলিচাত সৰি থকা সতেজ শেৱালি বোটলা, শীতৰ আগমনৰ লগে লগে জুহালত পোৰা আলুৰ জুতি লৈ সাধুকথাৰ জগতত ভাঁহি ফুৰা আৰু কত যে কি!

বৰ্তমান বিশ্বায়নৰ যুগ। ডিজিটেল মাধ্যম, ইণ্টাৰনেট আদিয়ে পৃথিৱীখনক সৰু কৰি তুলিছে। পিছে আঘোণ তাহানিৰ দৰেই আজিও আহিছে। একেদৰেই নিয়ৰ সৰিছে, একেদৰেই পথাৰ ভৰিছে। কিন্তু এতিয়াৰ আঘোণ আৰু তাহানিৰ আঘোণৰ মাজত যেন আকাশ-পাতাল পাৰ্থক্য। এইয়া হয়তো দৃষ্টিৰ পাৰ্থক্য- দুটা যুগ অথবা দুটা প্ৰজন্মৰ পাৰ্থক্য।

আমি আমাৰ শৈশৱক যিদৰে উপভোগ কৰিছিলোঁ, বৰ্তমান আমাৰ উত্তৰ পুৰুষে সেইদৰে সেই শৈশৱৰ সুধা হয়তো আকণ্ঠ পান কৰিব নোৱাৰে। অৱশ্যে সেয়া বৰ্তমান যুগত সম্ভৱো নহয়। সেউজীয়াৰ ঠাইত কংক্ৰিটৰ অৰণ্যৰে ভৰি পৰা বৰ্তমানৰ পৃথিৱীত আকাশৰ বিশালতাক অনুধাৱন কৰিবলৈ আমি আকাশখন দেখোঁৱেই বা কিমান? এৰি অহা সোণোৱালী সময়বোৰক স্মৃতিৰ জোলোঙাৰে চাকি চাব পাৰোঁ যদিও আমি বিচাৰিলেও সেই দিন নাপাওঁ। বাৰ-চৈধ্য ফুটীয়া কোঠাৰ ফ্লেটত থাকি জন-অৰণ্যৰ মাজত আঘোণৰ পথাৰৰ সুবাস বিচাৰি যোৱাটো পৰ্বতত কাছকণী বিচৰাৰ দৰেই নহয় জানো?

এই পৰিৱৰ্তন অনস্বীকাৰ্য তথা গ্ৰহণযোগ্যও। সময়ৰ বোকোচাত উঠি অহা পৰিৱৰ্তনশীলতাক হাঁহিমুখে গ্ৰহণ কৰিব পৰাটোৱেই হৈছে সুখী জীৱনৰ মূলমন্ত্ৰ। পৰিৱৰ্তনশীলতা সময়ৰ ধৰ্ম আৰু সময়ৰ গতিশীলতাক সহজভাৱে গ্ৰহণ কৰিব পৰাটোৱেই হয়তো সফল জীৱনৰ চাবিকাঠী। বাহ্যিক দৃষ্টিৰে প্ৰকৃতিক যিয়ে উপভোগ কৰিব পাৰে, তেৱেঁই অন্তৰ্দৃষ্টিৰেও আনৰ দুখ-যন্ত্ৰণাক অনুধাৱন কৰিব পাৰে। হয়তো তাতেই লুকাই থাকে পৰিৱৰ্তনশীলতাক সুখলৈ ৰূপান্তৰিত কৰিব পৰা এক আমোঘ মন্ত্ৰ।

আজিৰ পৰা পঁচিশ-ত্ৰিশ বছৰৰ আগেয়ে আমি যি পৰিৱেশত ডাঙৰ হৈছিলোঁ, সেই পৰিৱেশ আমি আমাৰ সন্তানক দিয়াটো অসম্ভৱ। কিন্তু চেষ্টা কৰিলে নিশ্চয়কৈ আমি তেনে এক পৰিৱেশ গঢ়ি তুলিব পাৰোঁ। আমাৰ সতি-সন্ততিক টিভি ভিডিঅ’, মোবাইল গেম আদিতেই ব্যস্ত কৰি নাৰাখি চাদত বহি জোনাকৰ পোহৰত সাধুকথাৰ আমেজ দিবলৈ সামান্য চেষ্টা কৰিব নোৱাৰি জানো? আঘোণৰ প্ৰলেপেৰে কংক্ৰিটৰ চাদতো আবৰি ৰাখিব পাৰোঁ আমাৰ উত্তৰ পুৰুষক। ঢাৰিপাটি পাৰি আইতাই কোৱা সাধুকথা বাংময় হৈ ফুটি উঠিব পাৰে আপোনাৰ বা মোৰ কণ্ঠস্বৰত। আঘোণৰ সাধু কোৱা মুখখনত হয়তো আইতাৰ তামোলৰ সেলেঙীৰ গোন্ধ অবিহনেও আমি আমাৰ ভৱিষ্যত প্ৰজন্মৰ সংবেদনশীলতা, কল্পনাপ্ৰৱণতা, সৃষ্টিশীলতা তথা আবেগক অধিক শক্তিশালী কৰি তুলিব পাৰোঁ। প্ৰকৃতিৰ প্ৰেমেৰে সেই পুৰুষক উদ্বেলিত কৰি প্ৰকৃত মানুহ কৰি তুলিবলৈ আমি এনেদৰে যৎসামান্য চেষ্টা নিশ্চয়েই অব্যাহত ৰাখিব পাৰোঁ।

আমি আমাৰ দিনবোৰ আমাৰ উত্তৰ পুৰুষক দিব নোৱাৰোঁ যদিও তেওঁলোকক তেওঁলোকৰ দৃষ্টিৰেই বৰ্তমানৰ প্ৰকৃতিক উপভোগ কৰিবলৈ অলপ সুবিধা কৰি দিব পাৰোঁ। গছপুলি এটি ৰুই আৰু এখন ফুলনি পাতিও দেখোন কংক্ৰিটৰ অৰণ্যত সেউজীয়াক উপলব্ধি কৰিবলৈ দিব পাৰি। আঘোণৰ কোমল পুৱাবোৰক উপভোগ কৰিবলৈ দিয়াৰ সমানে বাৰিষাৰ এজাক বৰষুণত এদিন তিতিবলৈ সিহঁতক জানো অনুমতি দিব নোৱাৰি? কুঁৱলীৰ মিঠা আৱেশৰ দৰেই ভিজা মাটিৰ গোন্ধ উপভোগ কৰিবলৈ আমাৰ উত্তৰ পুৰুষক আমি সজীৱ কৰি তুলিব পাৰোঁ।

এখন সুস্থ সমাজৰ মূল ভেঁটিয়েই হৈছে নিজৰ ঘৰখন। পৰম্পৰা, কৃষ্টি-সংস্কৃতি এটা জাতিৰ অবিচ্ছেদ্য অংগ। যাক উপেক্ষা কৰি চলা সম্ভৱ নহয়। সংস্কৃতিয়ে এখন বোৱঁতী নৈৰ দৰে এটা জাতিৰ পৰিচয় বহন কৰে। দুষ্কৃতিয়ে সেই নৈক মৰাসুঁতিলৈ পৰিণত কৰে। নিজৰ বিচাৰ-বিবেচনাৰে বেয়াবোৰক এৰি ভালখিনিক আঁকোৱালি ল’ব পাৰিলেই সোণত সুৱগা চৰে। আনৰ ভালবোৰ আঁকোৱালি লোৱাটো ভাল কথা, কিন্তু সেইবুলি নিজৰখিনিক পুৰণিকলীয়া বুলি আঁতৰাই পেলোৱাৰ পৰিৱৰ্তে নিজকে সগৌৰৱেৰে আন দহজনৰ আগত পৰিচয় দিব পৰাকৈ উত্তৰ পুৰুষক গঢ় দিয়াটোও আমাৰেই কৰ্তব্য নহয়নে? অৱশ্যে বৰ্তমানৰ বিদ্যালয়সমূহতো তেনে কিছুমান পদক্ষেপ লোৱা দেখিবলৈ পোৱা গৈছে। ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহতো বৰ্তমানে ভোগালীৰ উৰুকাত মেজি জ্বলোৱা, ৰঙালীত হুঁচৰি গোৱা আৰু ছাত্ৰ-ছাত্ৰীক বৰগীত, বিষ্ণু, জ্যোতি, ভূপেন্দ্ৰ সংগীত আদি শিকোৱা দৃষ্টিগোচৰ হয়। এয়া নিতান্তই সমাজলৈ ধনাত্মক বাৰ্তা তথা প্ৰশংসনীয় পদক্ষেপ বুলিব পাৰি। এনে পৰিৱৰ্তন আমাৰ সদায় কাম্য।

আধ্যাত্মবোধে মানুহৰ মনত ধনাত্মক চিন্তাৰ সঞ্চাৰ কৰে। পুৱা-গধূলি ধূপ-চাকি জ্বলাই প্ৰাৰ্থনা এভাগি গোৱা অভ্যাসটো প্ৰকৃততে আমাৰ মনটোক প্ৰফুল্ল কৰি ৰখাৰ এক অন্যতম উপায়। ধূপৰ সুগন্ধ আৰু চাকিৰ পোহৰৰ মায়াময় পৰিবেশত গোৱা প্ৰাৰ্থনাৰ সুৰে মানুহৰ দেহ, মন পৱিত্ৰ কৰাৰ লগতে মানুহক প্ৰাণৱন্ত কৰি তোলে। ধ্যানে আমাৰ মনোবল বৃদ্ধি কৰাত সহায় কৰে। সুখী তথা সফল জীৱন এটিৰ বাবে যোগাত্মক দৃষ্টিভংগীৰ নিতান্তই প্ৰয়োজন। সকলো কথাকে বিশ্বাস-অবিশ্বাসৰ চালনীৰে চালি চোৱাৰ পৰিৱৰ্তে আমাৰ সন্তানক আধ্যাত্মিকতাৰ অৱলোকনেৰে অৱলোকিত কৰিবলৈ আমি অলপ হ’লেও চেষ্টা কৰিব পাৰোঁ।

শেহতীয়াকৈ সমগ্ৰ অসমতে খলকনি তোলা জে ই ই (JEE) কেলেংকাৰীয়েও আমাক বহু কথা ভাবিবলৈ বাধ্য কৰিছে। আমি বাৰু আমাৰ সন্তানৰ ওপৰত নিজা চিন্তাধাৰা জাপি দিছোঁ নেকি? জীৱনটো তেওঁলোকৰ দৃষ্টিৰে চাবলৈ দিয়াৰ পৰিৱৰ্তে অভিভাৱকে নিজৰ দৃষ্টিভংগীৰ বিতচকু এযোৰ পিন্ধাই দিয়া নাইনে বাৰু? ডাঙৰেই হওক বা সৰুৱেই হওক, নিজৰ জীৱনটোৰ ওপৰত সকলোৰে নিজা অধিকাৰ থাকে। সেই কথা পিতৃ-মাতৃসকলে পাহৰি যোৱাটো অনুচিত। তেওঁলোকক আমাৰ পছন্দ বা অপছন্দসমূহ জাপি দিয়াৰ পৰিৱৰ্তে তেওঁলোকৰ মাজত থকা সৃজনীশীলতাক উদগনি দি কৰ্মযোগী হোৱাত সহায় কৰিব পাৰোঁ। তদুপৰি অত্যধিক উচ্চাকাংক্ষা তথা পিতৃ-মাতৃয়ে নিজৰ অপূৰ্ণ হাবিয়াস সন্তানৰ জৰিয়তে পূৰণ কৰিবলৈ বিচৰাই ইয়াৰ অন্যতম কাৰণ নহয়তো! ইণ্টাৰনেট তথা সামাজিক মাধ্যমসমূহৰ জৰিয়তে ভূৱা যশ-খ্যাতি টকা-পইচাৰে কিনি ৰাতিটোৰ ভিতৰতে লাভ কৰা জনপ্ৰিয়তাও ইয়াৰ আন এক কাৰণ বুলি ভাবিব পৰা যায়। কম আয়াসতে পোৱা জনপ্ৰিয়তাৰ লোভত বহুক্ষেত্ৰত পিতৃ-মাতৃয়েও সন্তানক বিপথে পৰিচালিত কৰিছে বুলি ক’লেও হয়তো ভুল নহ’ব।

বৰ্তমান প্ৰতিযোগিতাৰ যুগ। তাৰ বাবে আমি আমাৰ সন্তানক প্ৰস্তুত কৰিবই লাগিব। গছ এজোপা ৰুলে ফললৈ আশা কৰিয়েই ৰোৱা হয়, অথচ ফল লাগক বা নালাগক গছজোপাই ছাঁ দিব পৰাকৈ বাঢ়িবলৈ সাৰ-পানী যোগাই যতন লোৱাটো পিছে ৰোৱাজনৰহে কৰ্তব্য। মূল কথা হ’ল, সন্তানক ভৱিষ্যতৰ বাবে প্ৰস্তুত কৰক কিন্তু প্ৰতিযোগিতাৰ এন্দুৰ দৌৰৰ বাবে নহয়, জীৱন গঢ়িব পৰাকৈ গঢ় দিয়াটোহে জৰুৰী। লগতে প্ৰকৃতিৰ লগত একাত্ম হ’বলৈও সুযোগ দিয়ক যাতে যান্ত্ৰিকতাৰ পৰিৱৰ্তে তেওঁলোকে মানৱতাক উপলব্ধি কৰিব পাৰে। আঘোণৰ নিয়ৰ উপভোগ কৰিবলৈ, মাঘৰ ভোগালীক আদৰিবলৈ অথবা কাতি বিহুৰ আকাশবন্তিৰ চাকিগছি অনুভৱ কৰিব পৰাকৈ আমাৰ উত্তৰ পুৰুষক প্ৰস্তুত কৰি তোলাত নিশ্চয়েই অভিভাৱক হিচাপে আমাৰো দায়িত্ব আছে। বিশ্বায়নৰ এই ধামখুমীয়াত এই অনুভৱবোৰ আমাৰ শিশু অথবা নতুন পুৰুষৰ মনবোৰত প্ৰোথিত কৰিব পাৰিলেই হয়তো অনাগত দিনত সমাজখনত অসূয়া-অশান্তি আদি লাহে লাহে নোহোৱা হৈ পৰিব।

প্ৰকৃততে আমাৰ জীৱনবোৰো এক পৰিক্ৰমা নহয়নে? তাহানিতে বাহিৰৰ পৰা আহিয়েই গা ধুই আহি ভিতৰলৈ সোমোৱা নিয়মটোক আমি ইতিমধ্যে উপেক্ষা কৰিবলৈ লোৱাৰ পৰতেই কৰ’না অতিমাৰীয়ে আমাক পুনৰ সোঁৱৰাই দিলে যে পৰিষ্কাৰ-পৰিচ্ছন্নতাইহে নিৰোগ তথা সুস্থ জীৱন উপহাৰ দিব পাৰে। বৰ্তমান মহামাৰীৰ তাণ্ডৱ কমিছে যদিও ই আমাক কিছু ভাল শিক্ষা দি গৈছে। এই শিক্ষাই আমাক আমাৰ স্বভাৱৰ পৰিৱৰ্তন কৰিবলৈ বাধ্য কৰালে। ভাল স্বভাৱ, ৰীতি-নীতি আৰু সু-সংস্কাৰে মানুহক জ্ঞানী কৰি তোলে আৰু জ্ঞানী হ’ব পৰাটোৱেই মানৱ জন্মৰ সাৰ্থকতা। নিশ্চিতকৈ প্ৰকৃতিয়ে আমাৰ উত্তৰ পুৰুষকো চাফ-চিকুণতাৰ বিষয়ে অলপমান হ’লেও সজাগ কৰি তুলিলে।

শেষত সকলোলৈকে আগন্তুক শীতৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। কুশলে থাকক। বৰ্তমানৰ পৰিস্থিতিৰ বাবে ল’বলগীয়া সাৱধানতাখিনি অৱলম্বন কৰি চলক। শেষত পুনৰাই ক’ম, আপোনাৰ শৈশৱ, অনুভৱ আৰু আঘোণৰ ভৰুণ প্ৰকৃতিক আপোনাৰ উত্তৰ পুৰুষৰ সৈতেও ভাগ-বটোৱাৰা কৰক। আপোনাৰ সেই সোণালী সুদিনৰ ছাঁ-পোহৰৰ খেলে জাতিষ্কাৰ কৰি তোলক আমাৰ নতুন প্ৰজন্মক। ধন্যবাদেৰে,

তৃপ্তি বৰা
সম্পাদক
সাহিত্য ডট অৰ্গ

Subscribe
Notify of
3 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
অবিনাশ শৰ্মা
11 months ago

সুন্দৰ সম্পাদকীয়৷

উজ্জ্বল
11 months ago

পূৰঠ সম্পাদকীয়৷

Anonymous
11 months ago

বৰ সুন্দৰ লেখা।