সম্পাদকৰ কোঠালিত… (গল্প নহয়, সত্য) (আব্দুছ ছাজিদ)

xampadok

কাকত-আলোচনীৰ সম্পাদক বুলিলে ভয়েই লাগে৷ বুদ্ধিজীৱী মানুহ৷ বহু কথা জানে৷ গতিকে, বাতৰি কাকতৰ সম্পাদকজনৰ কোঠাত ক’তনো বহা হয় আৰু? এতিয়া হিচাপ কৰি পোৱা মতে, আজিৰ পৰা ১২ বছৰৰ আগতে এবাৰ ‘নতুন দৈনিক’ত ডক্টৰ নগেন শইকীয়া ছাৰৰ কোঠাত ভয়ে ভয়ে ভৰি দিছিলোঁ৷ মৰসাহ কৰি দুবাৰ ‘আমাৰ অসম’ত হোমেন বৰগোহাঞি ছাৰৰ চেম্বাৰত পদাৰ্পণ কৰাৰ সৌভাগ্যও হৈছে৷ তৃতীয়বাৰ, সৌ-সিদিনা ‘অগ্ৰদূত’ত, কনকসেন ডেকা ছাৰৰ কোঠাত প্ৰৱেশ কৰিলোঁ৷ তাকো আকৌ এবাৰ নহয়, দুবাৰ অগা-পিছাকৈ৷ শেষৰ অভিজ্ঞতাটো আছিল আনকেইটাতকৈ বেলেগ বিধৰ৷ এয়া তাৰে উল্লেখ৷

বীৰেনদা (বীৰেন সিংহ)ৰ জৰিয়তে জানিবলৈ পাইছিলোঁ, তিনিদিনীয়া ‘অগ্ৰদূত’ত বিগত ৫.৭.১৯৮১ তাৰিখে ছামছিং হাঞ্চেৰ লেখা এটি প্ৰকাশ হৈছিল৷ কৰি থকা কিতাপ এখনত অন্তৰ্ভুক্ত কৰাৰ স্বাৰ্থতে ‘ৰাংছিনাৰ ইতিবৃত্ত’ শীৰ্ষক উক্ত লেখাটো পাবলৈ প্ৰাৰ্থনা জনাই ৯ ফেব্ৰুৱাৰী তাৰিখে কাকতখনৰ সম্পাদক ডেকা ছাৰক দৰখাস্ত এখন হাতে হাতে দিছিলোঁগৈ৷ তেখেতৰ কেবিনত সেইদিনাই প্ৰথম সোমালোঁ৷ বহিলোঁ, উদ্দেশ্য ব্যাখ্যা কৰিলোঁ, অন্যান্য কথাও পাতিলোঁ, চাহ খালোঁ, সুযোগতে পিৰিক-পাৰাককৈ ইফালে-সিফালে থকা কিতাপ-পত্ৰবোৰো চালোঁ৷ চুবলৈ সাহস নহ’ল৷

দুনাই কওঁ,  প্ৰয়াত ছামছিং হাঞ্চে ডাঙৰীয়াৰ জীৱনৰ ওপৰত আলোকপাত কৰি ডিফু সাহিত্য সভাই উলিয়াবলৈ প্ৰস্তাৱ লোৱা ‘ছামছিং হাঞ্চে : কৃতি আৰু কৃতিত্ব’ নামৰ গ্ৰন্থ এখনৰ বাবেই বীৰেনদাই কোৱা সেই লেখাটোৰ প্ৰয়োজন আছিল৷ উল্লেখ কৰা ভাল হ’ব যে গ্ৰন্থখনৰ সম্পাদক পৱিত্ৰ বৰাই ঢোলৰ লগৰ টেমেকা ৰূপে মোকো টানি-আঁজুৰি লগতে নিয়াত আন এজন সম্পাদকৰ কোঠালিত বহাৰ সৌভাগ্য শেহতীয়াভাৱে মোৰ হ’ল৷ বিচৰা লেখাটোৰ সৈতে নিজেও একলম যুগুতোৱাৰ প্ৰতিশ্ৰুতি আৰু ফোন যোগে জনাব বুলি ক’লে কনকসেন ডেকা ছাৰে৷

শনিবাৰে (১৪মাৰ্চ ২০১৫) মাতিছে বুলি প্ৰস্তাৱিত কিতাপখনৰ সম্পাদকৰ ম’বাইলত খবৰ আহিলত দুয়ো ৰাতিপুৱাই নামনিমুৱা নাগালেণ্ড এক্সপ্ৰেছেৰে গুৱাহাটীলৈ ঢাপলি মেলিলোঁ৷ লক্ষ্য এটাই, মানে ৱান পইণ্ট এজেণ্ডা৷ কাহিলীপাৰা পথৰ ‘অগ্ৰদূত ভৱন’৷ ৰিচেপচনত কথাষাৰ জনাই চিৰি বগাই উঠি গ’লোঁ৷ সম্পাদক কোঠাত নাছিল৷ অলপ পিছতে ঘৰৰ ভিতৰলৈ যোৱা দৰজাখনেৰে দীঘল খোজেৰে প্ৰৱেশ কৰিলে, ক্ষীণ কায়াৰ ওখ মানুহজনে৷ প্ৰথমেই সাজু কৰি ৰখা নিজৰ লেখাটো দেখুৱালে৷ চাহ-তাহ খুৱালে৷ তাৰ পিছত অফিচৰে এজনক মাতি আমি বিচৰা লেখাটো ছপা হোৱা ‘অগ্ৰদূত’ৰ পুৰণি ক’পীবোৰ উলিয়াই দিবলৈ নিৰ্দেশ দিলে৷ ‘অগ্ৰদূত, তিনিদিনীয়া’ৰ বাইণ্ডিং কৰি ৰখা ১৯৮১ আৰু ১৯৮২চনৰ বৃহৎ তথা গধুৰ ভলিওম দুটা তেওঁ জাৰি-জোকাৰি কাষৰ আলহী বহা কোঠাৰ টেবুলত থৈ আমাক খবৰ দিলেহি৷ প্ৰবল উৎসুকতা আৰু আশাভৰা মন লৈ শেন দৃষ্টিৰে এখিলা এখিলাকৈ পাত লুটিওৱাত লাগি গ’লোঁ আমি দুয়ো৷ বছৰ বছৰ ধৰি গোট খোৱা ধূলি-মাকতিয়ে সেই উৎসাহ-উদ্যমক মুঠেই তল পেলাব নোৱাৰিলে৷ বৰং আন কিছুমান পুৰণি লেখাও থাওকতে পাই গোগ্ৰাসে গিলি গ’লোঁ৷ কাগজবোৰৰ বয়স অনেক বছৰ হ’ল গতিকে বৰণ হালধীয়া আৰু খুৰ্‌খুৰীয়া হৈ পৰিছিল৷ সাৱধানতা অৱলম্বন কৰিলোঁ আৰু পিছত ভালকৈ হাত ধুলোঁ৷

বিচাৰিছিলোঁ এটাহে৷ পালোঁ পাঁচটা! মনত স্ফূৰ্তি লাগিবৰ কথাই৷ হাঞ্চেদাৰ কলমত ‘সাহিত্য সভাৰ ভূমিকা কেনে হোৱা উচিত?’ (২৮.৬.১৯৮১), ‘অসম সাহিত্য সভাৰ আগন্তুক অধিৱেশন য’ত অনুষ্ঠিত হ’ব, সেই ৰাংছিনাৰ ইতিবৃত্ত’ (৫.৭.১৯৮১), ‘ত্যাগৰ প্ৰতীক লবংগলতা বৰুৱা’ (২১.১০.১৯৮১), ‘কাৰবি সংস্কৃতিৰ সঁফুৰা বুটলি…’ (৮.১১.১৯৮২)ৰ উপৰি ‘আজিৰ কাৰবি আংলং কোন পথে?’ (২৩.৬.১৯৮২, সাংবাদিক মঃ মতিউৰ ৰহমানে লোৱা হাঞ্চেদাৰ আছুতীয়া সাক্ষাৎকাৰ) লেখাকেইটা উদ্ধাৰ কৰিলোঁ৷

‍      আচলতে খবৰ আছিল, আৰু বিচাৰিছিলোঁ ‘ৰাংছিনাৰ ইতিবৃত্ত’হে৷ তাৰ হিচাপত ঘৰৰ পৰা কাগজ-কলমো লৈয়ে গৈছিলোঁ, লিখি আনিম বুলি৷ পিছে এতিয়া কি হ’ব? ইমানবোৰ পৃষ্ঠা টুকি থাকিলে সময়ো দেখোন বহুত লাগিব! বাইণ্ডিং নোখোলাকৈ ফটোক’পীও কৰিবগৈ নোৱাৰি৷ লগত নিয়া কেমেৰাৰে ফটো তুলি চালোঁ৷ সম্পূৰ্ণ পাত জুৰি থকা লেখাটোহঁত কেইবাবাৰো তুলিলোঁ৷ কিন্তু নাই, পিছৰ পৰ্যায়তযে মিলাবলৈ ভীষণ কষ্টসাধ্য হ’ব সেয়া তেতিয়াই বোধগম্য হ’ল৷ হঠাতে বুদ্ধি এটা মূৰত খেলালে৷ সম্পাদকৰ কাষতে থকা অন্য এখন টেবুলত কম্পিউটাৰ এটা দেখিছিলোঁ৷ কোনোবা এজনে পুৰণি কাকতৰ পৰা সম্পাদকীয়বোৰ টাইপ কৰি আছিল৷ চিন্তা কৰিলোঁ, তেওঁকে খাতিৰ কৰা যাওক নহ’লে৷ ইফালে দুপৰীয়াৰ আহাৰ খাবলৈ গৈ তেৱোঁ তেতিয়া ঠাইত নাই৷ আন এজনক সোধ-পোছ কৰাত গম পালোঁ, কেতিয়া আহিব ঠিকনা নাই, নাহিবও পাৰে৷ ইফালে বিশ্ৰামৰ সময় হোৱাত সম্পাদক ডাঙৰীয়াও অন্দৰমহল পালেগৈ৷ অৱশ্যে যোৱাৰ আগতে এবাৰ আমাৰ ওচৰলৈ আহি নিজেই কৈ গ’ল, কিবা সহায়ৰ প্ৰয়োজন হ’লে জনাবলৈ৷ ভাবিলোঁ, কি কৰা যায় এতিয়া? কাম সমাপ্ত কৰি আমিও ডিফুলৈ ঘূৰি যাব লাগে৷ যিমান সোনকালে হয়, সিমানেই ভাল৷

ৰিচেপচনিষ্ট গাভৰুজনীক কোৱাত তাই চিধাচিধিকৈ কৈয়ে দিলে দিলে বোলে কম্পিউটাৰটো খুলি কি আছে কৰি লওক৷ ভাবিলোঁ, তেনেকৈ নহ’ব৷ অনধিকাৰ হস্তক্ষেপে বিপদ ঘটাব পাৰে৷ বিনা অনুমতিত য’তে-ত’তে হাত দিয়া অনুচিত৷ সেয়া কলমেই হওক কিম্বা কম্পিউটাৰ৷ গণেশগুৰিলৈ গৈ ভাতকেইটা খাই অহাই শ্ৰেয় বুলি আমিও হোটেলৰ সন্ধানত পথলৈ ওলালোঁ৷ ইতিমধ্যে পেটে গোঁ-গোঁৱনি তুলি বিদ্ৰোহ ঘোষণা কৰি আছিলেই৷ ভাতৰ টেবুলতে সুযোগ পাই ভাৰত-জিম্বাবৱেৰ মাজত চলি থকা বিশ্বকাপ ক্রিকেটৰ খেলখনৰো ৰোমাঞ্চকৰ অন্তিম অ’ভাৰকেইটা চাই দিলোঁ৷ ভাৰত জিকিল৷ ঘূৰি আহি দেখোঁ, এইফালে পূৰ্বৰ পৰিস্থিতিয়ে বাহাল৷ ডিটিপি অ’পাৰেটৰো নাই, সম্পাদক ডাঙৰীয়াও নাই নিজৰ নিজৰ চকীত৷ বিকল্প হিচাপে অন্য এজনক খাটনি ধৰা হ’ল৷

এইজনে ফোনেৰে যোগাযোগ কৰিলে টাইপ কৰাজনক৷ কথাটো জনোৱাত প্ৰথমে আপত্তিৰ সুৰ এটা ভাহি আহিল৷ সেয়া স্বাভাৱিক৷ উত্তৰত এইফালৰ পৰা কোৱা হ’ল যে ছাৰে কিবা সহায় লাগিলে ক’বলৈ কৈ গৈছে৷ আকৌ প্ৰশ্ন উঠিল, কোনে টাইপ মাৰিব ইমানসোপা? কিতাপৰ সম্পাদকে তেতিয়া সদম্ভে ঘোষণা কৰিলে বোলে তেওঁৰ লগত থকাজনে খৰকৈ টাইপ মাৰিব পাৰে৷ তেৱেঁই কৰিব৷ তেওঁ নিজে মাতি যাব৷ সোনকালেই হৈ যাব৷ মানুহজনে অকণমান হেঁহো-নেহো কৰিছিল যদিও ছাৰে অনুমতি দিলে আপত্তি নাই বোলাত আমাৰো কামটো সিজিব যেন লাগিল৷ কিছুবেলিৰ মূৰত তেওঁ উপস্থিত হ’লহি৷ কথাখিনি বুজাবুজিৰ ৰূপত আকৌ এবাৰ আলোচনা হ’ল৷ টাইপ কৰা হ’লে লগত অনা পে’ন ড্ৰাইভত লৈ লোৱা হ’ব বুলিও জনালোঁ৷ তেওঁ এটা চৰ্তত ৰাজি হ’ল৷ ‘কাম হোৱাৰ পিছত চিডিতহে ল’ব পাৰিব৷ পে’ন ড্ৰাইভ ব্যৱহাৰ কৰিব নোৱাৰিব৷ কাৰণ, এই কম্পিউটাৰত ডেকা ছাৰৰ কিতাপৰ কাম চলি আছে৷’ ‘হ’ব’ বুলি অভয় দিয়াত ডেস্কটপটো তেওঁ অন্‌ কৰিলে৷ ৰামধেনুৰ লগতে পে’জমেকাৰত ফাইল এটা খুলি দিবলৈ অনুৰোধ জনালোঁ৷ সেয়া কৰি উঠি মোক নিজৰ চকীখনত বহিবলৈ দিলে৷ অনুমতি পাই, ড্ৰাইভাৰৰ চিটত বহি কী-ব’ৰ্ডখনত এনেয়ে মোহাৰ কেইটামান মাৰি ল’লোঁ৷ বাওঁহাতে বহি মস্ত ভলিউম দুটাৰ এটা মেলি লৈ আমাৰ সম্পাদকে প্ৰথমটো লেখাৰ শ্ৰুতলিপি দিবলৈ উদ্যত হ’ল৷ টাইপিং আৰম্ভ হৈ গ’ল৷ মানুহজনে অলপ পৰ চালে৷ বোধহয় বিশ্বাস আৰু সন্তুষ্টি দুয়োটাই বিচাৰি পালে৷ ‘আপোনালোকে কৰক দেই’ বুলি কৈ কেনিবা গুচি গ’ল৷

অলপ পাছত ডেকা ছাৰ আহিল৷ পৰিস্থিতি আৰু অগ্ৰগতি সম্বন্ধে তেখেতকো পুনৰবাৰ জ্ঞাত কৰা হ’ল৷ তেখেতে মৃদুভাৱে হাঁহিলে মাথোন৷ ‘কৰি লোৱা’ বুলিলত মণিটৰত কাৰ্চৰডাল ধাৰাসাৰে দৌৰিব লাগিল৷ নিজৰ চকীত বহি তেখেতেও কিবা লিখিবলৈ ল’লে৷ কাষতে আমি আমাৰ কাম কৰি থাকিলোঁ৷ বেলেগ মাত-কথা, অনাহক হাই-উৰুমি নাই৷ পৰিৱেশটো কিবা এটা ভাল লাগি গ’ল৷ স্পীডো বাঢ়ি গ’ল৷ ছাৰ আকৌ উঠি ভিতৰলৈ যোৱাৰ উমান পালোঁ৷

তেনেদৰেই একে বহাতে ডেৰঘণ্টামানৰ ভিতৰতে গোটেইকেইটা লেখাৰ টাইপিং সমাপ্ত কৰি পেলোৱা হ’ল৷ অন্তিম লেখাৰ অন্তিম পেৰেগ্ৰাফটো কৰি থাকোঁতেই অ’পাৰেটৰজন আহি পালে৷ চিডি এখন তেৱেঁই দিলে৷ শেষৰ দাঢ়িডাল দি চেভ কৰিয়ে ফাইলটো তেওঁক ৰাইট কৰি দিবলৈ অনুৰোধ জনাই মই চকী এৰিলোঁ৷ অলপ পাছতে বহু আকাংক্ষিত চিডিখন বেগৰ ভিতৰ সোমাল৷ আমাৰ সম্পাদকে লগে লগে চিডিৰ মূল্য পৰিশোধ কৰিলে৷ কাম সুকলমে হ’লত মানুহজনক ধন্যবাদ জনালোঁ৷

দৈনিক বাতৰি কাকতৰ সদ্যব্যস্ত সম্পাদকৰ কোঠাত সোমাই, সম্পাদকৰ ব্যক্তিগত কাম চলা কম্পিউটাৰত বহি, সংৰক্ষিত কাকতৰ পৰা ৩৪বছৰ পুৰণি সংখ্যাৰ লেখা উদ্ধাৰ কৰি টাইপ মাৰি কম সময়তে উলিয়াই আনিব পৰাৰ কথাটো ভাবি পিছত নিজৰে কিবা সপোন সপোন যেন লাগিল৷ ইফালে ধন্যবাদ এষাৰ জনাবলৈ আহিবৰ সময়ত ডেকা ছাৰক বিচাৰিলোঁহে বিচাৰিলোঁ, নাপালোঁ৷ দূৰৰ পৰা মনেৰেই কৃতজ্ঞতা জনাই ‘অগ্ৰদূত ভৱন’ এৰিলোঁ আৰু কালক্ষয় নকৰি গুৱাহাটী ৰে’ল ষ্টেচন অভিমুখে অট’ৰিক্সা এখনত বহি পৰিলোঁ৷ ১নং প্লেটফৰ্মত উজনিমুৱা ৰাজধানী এক্সপ্ৰেছখন যেন তেতিয়া আমাৰ বাবেহে ৰৈ আছিল! দৌৰ মাৰি গৈ উঠাৰ লগে লগে চলিবলৈ আৰম্ভ কৰিলে৷ সম্পাদকৰ কোঠালিটোলৈ মনত পৰি থাকিল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments