সম্পূৰ্ণ সত্য (-জয়ন্ত আকাশ বৰ্মন)

সম্পূৰ্ণ সত্য

 

জয়ন্ত আকাশ বৰ্মন

 

 

 

সিদিনা বিশ্ব শিশু শ্ৰমিক দিৱস নাছিল…

সিদিনা বিশ্ব সাক্ষৰতা দিৱসো নাছিল.

সন্ধিয়াৰ লগে লগে আমি ভোকাতুৰ এজাক ল’ৰা সোমাই গৈছিলোঁ হোষ্টেলৰ ওচৰৰে আমাৰ চিনাকি হোটেল খনলৈ । কাঁচৰ গিলাচৰ খট-খট, তীখাৰ থালৰ থাচ-থাচ, চামুচৰ থিং-চিং । কাঠৰ মেজ- চকী আৰু এসন্ধ্যা উত্ৰাৱল কলৰৱ- পৰীক্ষা পালেহিয়েই-মুঠেই পঢ়া হোৱা নাই-,আজি তোৰ ৰুমলৈ নেহা আহিছিল ন..?,-চুপাৰে তাক বৈদ্য কামোৰ দিলে আজি-, ষ্টাডি লীভ -, কাৰোবাৰ মুখত একামোৰ চিংৰা, ছেহঃ … চাহৰ গিলাচটো পেলালি-,থাৰ্ড পেপাৰত গেৰিম ভাই,-সি লাষ্ট ইয়েৰৰ টপাৰ আছিল, নোট্ চ জেৰক্স…

আৰু তাৰ পিচত নিজম হোটেল-। লাহে-লাহে সি মোৰ ওচৰ চাপি আহিল। সি মানে আমি চাহ খোৱা হোটেল খনৰ “পোৱালি”টো। মলিয়ন হাফ পেন্টৰ প’কেটৰ পৰা এটা খাম উলিয়ালে আৰু মোক ক’লে-“দাদা”,… তাৰ পাচত নাক টো মোহাৰিলে,-“বেয়া নাপায় যদি”-মালিকে চাই আ্ছে নেকি চাই ল’লে-” মোক আমাৰ ঘৰৰ ঠিকনাটো ইয়াত লিখি দিব নেকি..? মই ঘৰলৈ পঠাব লাগিছিল। অলপ টকা।

মই লিখিব-পঢ়িব নাজনো নহয়।” চালো, এঘাৰ-বাৰ বছৰীয়া এটা মলিয়ন ল’ৰা। সুধিলোঁ-” ঘৰত কোন আছে?”

” মা আৰু তিনিজনী ভনী”

:পঢ়া-শুনা?

:স্কুল গৈছিলোঁ । পঢ়া নহ’ল। পিতা ঢুকাল তেতিয়াই।

সকলো শিশুৰ ৰং একেই। তাৰ ফালে চালো।

: ১০২ মোৰ ৰুম নম্বৰ। কাম শেষ হ’লে আহিবি আজি।

: হ’ব দাদা। গছজোপাৰ সমুখৰ ৰুমটোৱেই নেকি আপোনাৰ…?

: অ, আহিবি।

 

—– —-

ৰাতি প্ৰায় ১০ বজাত মোৰ দুৱাৰত টোকৰ পৰিল। সি সোমাই আহিল।

-বহ ।

চকীখনত সি বহিল। তাৰ গাৰ পৰা সস্তীয়া ভীম বাৰ চাবোনৰ গোন্ধ উটি আহিল।

খামটোত মই তাৰ ঘৰৰ ঠিকনাতো লিখি দিলোঁ।

মণি-অৰ্ডাৰ ফৰ্ম ভৰাই দিলোঁ।

:অলপ লিখা-পঢ়া শিকিবি..? তেতিয়া নিজেই এইবোৰ কৰিব পাৰিবি।

সি মূৰ দুপিয়ালে।

: সদায় কাম শেষ হোৱাৰ পিচত মোৰ ৰুমলৈ আহিবি তেতিয়াহ’লে।

সি মূৰ দুপিয়ালে। তাৰ দুচকু ভাস্বৰ হৈ উঠিল।

সি মোৰ ৰুম আহি থাকিল, সদায় ৰাতি, তাৰ হোটেলত কাম-বন শেষ কৰি আজৰি হৈ। মই তাক আৰম্ভণিৰ পৰা শিকাবলৈ চেষ্টা কৰি গ’লো। মাজে -মাজে তাৰ নিৰ্দোষ ভাবে মোকো বহুত নিৰ্দোষ হ’বলৈ শিকালে।

সি লাহে লাহে তাৰ নাম টো নিজে লিখিব পৰা হ’ল। অনতি পলমে সি কষ্ট, অধ্যৱসায়, কৃতকাৰ্যতা ইত্যাদি শব্দ ও অনায়াসে লিখিব, পঢ়িব আৰু বুজিব পৰা হ’ল।

এদিন ৰাতি এঘাৰ বজাত তাৰ চালিৰ তলত পোহৰ দেখা পাই কৌতূহল বশত: মই সোমাই গ’লো। সি একান্ত মনে তেতিয়া তাৰ লগত একেলগে হোটেলত কাম কৰা বাকী “পোৱালি”কেইটাক লিখিবলৈ শিকাই আছিল।

— —- —- —

দিন পাৰ হ’ল-আৰু ময়ো হোষ্টেল এৰি আহিলো। প্ৰজেক্টৰ কামত সিদিনা তেজপুৰলৈ গৈছিলোঁ। দাদা বুলি চিঞৰি এখন কাৰ আহি মোৰ কাষত ৰৈ গ’ল। আৰু গাড়ীৰ পৰা নামি আহিল মোৰ সেই তাহানিৰ ছাত্ৰ। আত্মবিশ্বাসী সি মোক তাৰ নিজা ৰেষ্টোৰা’লৈ লৈ গ’ল-দুমহলীয়া ঘৰৰ এক আটকধুনীয়া ৰেষ্টোৰা। মেনেজাৰ জনেও হাঁহি-হাঁহি মোক উষ্ম আদৰণি জনালে। মেনেজাৰ জন আমাৰ সেই হোষ্টেলৰ সেই আন পোৱালি জন আছিল।

একাপ কফি মুখত লৈ শুনি গলো তাৰ ৰূপ কথা সমান উন্নতিৰ কথা । তাৰ উন্নতি বুলি এই কাৰণেই ক’লো – সি দুখন আৰ্ট স্কুল খুলিছে,দুখীয়া আগ্ৰহী ছাত্ৰৰ বাবে । থকা-খোৱা সম্পূৰ্ণ বিনামূলীয়া, কোনো “ফীজ”নাই শিকাৰ নামত। আৰু সি এটা “ফাণ্ড ও খুলিছে, দুখীয়া ছাত্ৰ-ছাত্ৰীক যথাসাধ্য সহায় কৰিবলৈ— তোমাক লৈ মই গৌৰৱান্বিত বন্ধুবৰ…।।।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments