সম্পৰ্কৰ কথাবৃত্ত (সুপ্ৰকাশ ভূঞা)

কথাবোৰ সৰলৰৈখিক নাছিল। বক্ৰৰেখাৰ দৰে অকোঁৱা-পকোঁৱাহে আছিল। আঁত হেৰাইছিল;বিচাৰি উলিওৱাটো সহজ নাছিল।

সকলোৱে কৈছিল সি ভুল কৰিছে। মাক-দেউতাক,বহু শুভাকাংক্ষীয়ে কৈছিল এই কথা।নীলাৰ স’তে একেলগে থাকিবলৈ লোৱাৰে পৰা কথাবোৰত পাক লাগিছিল।কেইবাজনো বন্ধুৱে তাৰ সংগ এৰিছিল।ঘৰৰ মানুহবোৰেও যোগাযোগ কৰা বন্ধ কৰিছিল।

দেউতাকে ফোনতে কৈছিল,”আমাৰ বাবে তই মৰিলি আজিৰপৰা।”

সেইবাৰ ফোন কৰোঁতেই মাকে সুধিছিল,

:”তাই বোলে সেন্দূৰ নলয়?” কঁপা কঁপা যেন লাগিছিল মাকৰ মাত।

:”কোনে কৈছে?”সিয়ো ওলোটাই প্ৰশ্ন কৰিছিল ।

:”দেখা মানুহে কৈছে আকৌ ।” মাকৰ মাতত অভিযোগৰ সুৰ।

:”অ’ নলয়।” সি নিৰ্লিপ্তস্বৰে ক’বলৈ যত্ন কৰিছিল।

:”তেন্তে কিয় থাকে তোমাৰ লগত?” থোকাথোকি হৈছিল মাকৰ মাত।

: “… … ” সি মৌন হৈ ৰৈছিল।

:”তাই বোলে আমাৰ জাতৰ নহয়?” আকৌ সুধিছিল মাকে।

:”কি বেলেগ জাতৰ? তাই মানুহ নহৈ বাঘ,সিংহ বুলি ভাৱিছা নেকি?”

:”মই সেইবোৰ নাজানো। মুঠতে তাইক সেন্দূৰ ল’বলৈ ক’বা। দেউতাৰে অজাতি আনিলা বুলি দেও পাৰি আছে। মই বুজাম। গুচি আহিবা। বিয়া পাতি দিম।” মাকে সংযোগ বিচ্ছিন্ন কৰি দিছিল।

 

আকাশখনে তেতিয়া এখন শৰাইঢকাৰ ৰূপ লৈছিল আৰু চৌদিশে মেলি দিছিল অলেখ বহুবৰ্ণী সূতা। দূৰৈৰ বাওধানৰ পথাৰৰ পৰা মাকৰ পাছে পাছে সৰু ল’ৰা এটা ঘৰলৈ উভতিছিল। সি বিৰিয়াৰ দৰে কান্ধত লৈ অনা জেওৰা খুঁটিটোৰ দুমূৰে দোলি আছিল একোটাকৈ লেছেৰি ধানৰ মুঠি। ঘৰমুৱা দাৱনী এজাকৰ আঁৰ-বেৰ নাইকিয়া কথা-বতৰা আৰু হাঁহি -খিকিন্দালিৰে মুখৰিত হৈ পৰিছিল বিয়লি বেলাৰ পাৰঘাট।ঘাটৈৰ নাওখন অহালৈ আটায়ে বাট চাই আছিল। সিয়ো ৰৈ আছিল।ৰৈ ৰৈ আমনি লাগিছিল তাৰ।উগুল-থুগুল মনেৰে এবাৰ সি ওপৰলৈ চাই ভেলেঙা লাগিল। অস্তাচলত ৰান্ধনি বেলিৰ নানা ৰঙৰ খেলা।

:”ঐ ভেবা কি হ’ল?”ইলাবাৰ খিলখিল হাঁহিত তাৰ সম্বিৎ ঘূৰি আহিল।দাৱনীজাকৰ মাজতে আছিল ইলাবা। ইলাবাৰ পাছে পাছে সিয়ো নাৱত উঠিলগৈ।..

ইলাবা। তাৰ ভাব হয় ইলাবা যেন তাৰ শৈশৱ আৰু কৈশোৰৰ সেইখন ৰহণীয়া আকাশ যাৰ তলত বতাহত লাহ লৈ আছিল তাৰ চিনাকি ধাননি পথাৰখন। সিহঁতৰ ধাননিডৰাৰ কাষতে আছিল ইলাবাহঁতৰ ধাননিডৰা। ইলাবাই ধান দাইছিল।চাপৰি চাপৰি দাইছিল বাওধান।দূৰৈৰপৰা কোনোবাই ৰিঙিয়াই গাইছিল,”ঐ দ’কৈ পথাৰত ইলাই ধানে দালে ঘিলা চকলীয়া মুঠি…”।সঁচাই কেনে সুন্দৰ আছিল ইলাবাই দোৱা ধানৰ মুঠিবোৰ।কেনেকৈ যে বান্ধিছিল মুঠিবোৰ ইমান ধুনীয়াকৈ ।কি গাঁঠি দিছিল? গাল ফলা নে মোছোৰা?ইলাবাহঁতৰ পথাৰলৈ গ’লে সি মুঠিবোৰ থৰ লাগি চাই ৰৈছিল । দুপৰীয়া হ’লে পথাৰত ৰ’দে খাওঁ খাওঁ মূৰ্তি ধৰে।সেই সময়তে ইলাবাই ৰবাবটেঙা ফুটিয়াই। কলপাতত নিমখ-জলকীয়াৰে সানি ৰসে ভৰা ৰৱাব টেঙা এভাগ তাক খাবলৈ দিয়ে। সেইভাগ খোৱাৰ পাছত ৰৱাব টেঙাৰ বাকলিবোৰ সি টুপী এটাৰ দৰে মূৰত পিন্ধি লয়। ইলাবাই তাক নৰাৰ পেঁপা এটা সাজি দিয়ে। পেঁপাটো বজাই বজাই সি যেন গোটেই পথাৰখনৰ ৰজাহে হয়।সি মন কৰে আকাশখনে তেতিয়া পকা ৰৱাব টেঙাৰ বাকলিৰ বৰণ লয়।..চকুৰ আগতে আঘোণৰ আহৰি নাইকিয়া পথৰুৱা দিনবোৰ শেষ হয়।ফেঁহুবৰণীয়া নৰাৰ পথাৰ এখন আমন-জিমনকৈ পৰি থাকে সিহঁতৰ ঘৰৰ পাছফালে।আগফালৰ মূল পথেদি যোৱাতকৈ পাছফালৰ পথাৰৰ বঁকিয়াইদি ইলাবাহঁতৰ ঘৰলৈ বেছি চমু হয়।পুহমহীয়া আবেলিবোৰত কোমল ৰ’দজাক গাত লৈ তামোলৰ বঁটাটোৰ স’তে তাৰ মাক পাছফালে বহে। বহে মানে বহি বহি কিবা গুঁঠি থাকে।হালধীয়া আৰু ৰঙা সূতাৰ ডাঙৰ বল দুটা কোঁচত লৈ পেঞ্চিলতকৈ দীঘল মাৰি দুডালেৰে কিবা গুঁঠি থাকে। বছৰেকীয়া পৰীক্ষাৰ পাছত সিহঁতৰ স্কুল বন্ধ।কি কৰোঁ কি নকৰোঁকৈ সি আগফাল -পাছফাল কৰি থাকে।এপাকত সি মাকৰ কাষ পায়হি। ভৰি নচুৱাই নচুৱাই সি টুল এখনত বহি মাকলৈ চাই থাকে।কি ভাৱি জানো আপোনমনে শলা দুডালেৰে সূতাবোৰ গুঁঠিথকা মানুহজনীয়ে মিচিকিয়াই হাঁহি থাকে। শান্ত আৰু পোহৰ হৈ থাকে মাকৰ মুখখন।তাৰ আমনি লাগে- তাৰহে একো কাম কৰিবলৈ নাই।

:”মা কি কৰিছানো?”সি সোধে।

:”হু…” যেন টোপনিৰ পৰাহে সাৰপায় মাকে।

:”কি কৰিছানো এইবোৰ?”

:’তোমালৈ ছুৱেটাৰ এটা গুঁঠিছো।”মাকে তালৈ চাই হাঁহি মাৰি কয়।

:”অ’…” এইবাৰ সি আচল কথাটো ক’বলৈ মুখ মেলে, “মা, মই ইলাবাহঁতৰ ঘৰলৈ যাওঁনে?”

:”মই অকণমান শুৱলৈহে কৈছিলোঁ।এতিয়া কেলৈনো যাব লাগে।অলপ পিছত ৰণ্টুহঁতে মাতিবই দেখোন খেলিবলৈ।”

:”অ’ মা যাওঁ চোৱা, যাওঁনে?” সি লেনীয়াই কয়।

মাক মনে মনে থকা দেখি সেয়াই সন্মতিৰ লক্ষণ বুলি বুজিব পাৰি সি পথাৰে পথাৰে ঢাপলি মেলে।ইলাবাহঁতৰ ঘৰৰ পাছফালে পথাৰত অস্থায়ীভাৱে খৰালিৰ দিনকেইটাত ধান বঢ়োৱা-শুকুৱা কৰিবলৈ এখন চোতাল উলিয়াই লৈছে।মচি-কাচি একেবাৰে চিকুণ কৰি থৈছে ইলাবাই।চোতালখনৰ কাষতে এডাল কাপোৰ মেলা ডাঁৰ।ডাঁৰত মেলি থোৱা নানাৰঙী কাপোৰবোৰ বতাহত নাচি থাকে।ওচৰতে ৰ’দ লৈ ইলাবা বহি থাকে।প্ৰায়ে কিতাপ পঢ়ি থাকে।দীঘল কাহিনী থকা কিতাপ।সি গ’লে তাকো পঢ়ি শুনায়।কিন্তু সিদিনা ইলাবাই কিতাপ পঢ়ি থকা নাছিল।মাকৰ দৰে কিবা গুঁঠিহে আছিল।

“মাৰ দৰে ইলাবাও এজনী মকৰা।কিনো এইবোৰ গুঁঠি থাকে পাই।” মাকে বা ইলাবাই পাকঘৰত মকৰাজালবোৰ দেখিলে যি বিৰক্তিত কপালৰ গাঁঠি থূপ খুৱাই ঠিক তেনে বিৰক্তিৰে সি ভোৰভোৰায়।তথাপি ৰঙা- নীলা সূতাৰ বলবোৰ দেখি তাৰ ভাল লাগি গ’ল।

:”ইলাবা,নীলা সূতাৰ বলটো মোক দিবানে?চিলা উৰুৱাম।”

:”ধ্যেৎ অঁকৰাটো,এনেকুৱা ঊলৰ সূতাৰে চিলা নুৰুৱায় নহয়।”

:”অ’ হয় নেকি।…তেন্তে তুমি ছুৱেটাৰ গুঁঠিছা নেকি?”

:”নহয় অ’, শৰাইঢকা গুঁঠিছো।”

:”কি শৰাইঢকা?”

:”ধ্যেৎ অঁকৰাটো, শৰাই এখন ধুনীয়াকৈ ঢাকি থোৱা কাপোৰখন মন কৰিবাচোন,সেইখনেই।”

:”কেলৈ গুঁঠিছানো?”

:”মোৰ বিয়াৰ কাৰণে আক’।” ইলাবাই তালৈ চাই মিচিকিয়াই হাঁহিছিল।…

ইলাবাৰ এদিন বিয়া হৈ গ’ল।তেতিয়া সি হাইস্কুলৰ ওপৰৰ শ্ৰেণীত- নাইন নে টেনত পঢ়ি আছে।কিয় জানো,বিয়াৰ পিছদিনা প্ৰাৰ্থনা কৰোঁতে সি নেদেখাজনক খাটিছিল,অহাবাৰ ইলাবা সদায় যেন কাষতে থাকে।আঁতৰি নাযায় যেন। আস্, ভাল লগা মানুহবোৰক নিজৰ কাষতে সদায় ৰাখি থ’ব বিচৰা কৈশোৰৰ সেই ভাৱাবেগৰ নামেই বা কি আছিল?সেয়াই আছিল নেকি ভালপোৱা?ইলাবাৰ বিয়াৰ এবছৰ নৌহওঁতেই সি শুনিছিল অগ্নিদেৱতাক সাতবাৰ প্ৰদক্ষিণ কৰি যিজন পুৰুষৰ স’তে আজীৱন সংগী হোৱাৰ অংগীকাৰ কৰিছিল,সেইজনৰ ঘৰতে ইলাবাই বোলে নিজৰ গাতে…।আস্,শৰীৰৰ আশী শতাংশ জ্বলি গৈছিল ইলাবাৰ।তাৰ বিশ্বাসেই হোৱা নাছিল।ইলাবাই কেতিয়াও এনে কাম কৰিব নোৱাৰে।কিন্তু একো উপায় নাছিল।কাকো একো নোকোৱাকৈ ইলাবা শুই পৰিছিল আৰু শেষবাৰৰ বাবে জ্বলি উঠিছিল চিতাত।

কিন্তু তাৰ বাবে ইলাবা ছাই হৈ নগ’ল।উমি উমি জ্বলি ৰ’ল মনৰ মাজত।মেট্ৰিক পাছ কৰাৰ পাছত সি উচ্চ শিক্ষাৰ বাবে এই মহানগৰলৈ গুচি আহিল।কলেজৰ সেই প্ৰথম দিনবোৰতে সি লগপাইছিল ছোৱালীজনীক।একেই হাঁহি , একেই চকু-মুখ,একেই কথা-বতৰা।সাইলাখ ইলাবাৰ দৰে।সি চিনাকি হৈছিলগৈ।নীলা আছিল তাইৰ নাম।লাহে লাহে দুয়ো অন্তৰংগ হৈ পৰিল।হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছত ডিগ্ৰী পঢ়ি থাকোঁতেই ডাক বিভাগৰ মূল কাৰ্যালয়ত সি ক্লাৰিকেল জব এটা পাই গ’ল।তাৰ পাছত নীলা তাৰ ওচৰলৈ গুচি আহিল।

…সি লাহে লাহে বুজি উঠিছিল নীলা কেতিয়াও ইলাবা হ’ব নোৱাৰে।নীলাৰ মাজত সি ইলাবাক বিচাৰিবলৈ বাদ দিছিল।দুয়োৰে বেকগ্ৰাউণ্ড বেলেগ।তদুপৰি নিজস্বতা বুলিও কথা এটা থাকে।তাৰ এনে লাগে বিয়া-বাৰুৰ প্ৰতি নীলাৰ যেন এলাৰ্জি আছে।তাই যেন মুক্ত সম্পৰ্কত বিশ্বাসী।নীলাই নিজেই কৈছিল তাক_ এইবোৰ কথা।এজন আঢ্যৱন্ত ব্যৱসায়ীৰ প্ৰেয়সী আছিল তাইৰ মাক।ব্যৱসায়ীজনৰ পত্নী আছিল,সন্তান আছিল।সেয়েহে তেওঁ নীলাৰ মাকক বিয়া কৰাব নোৱাৰিলে। দুৰ্ভাগ্যবশতঃ কেন্সাৰ ৰোগত যুঁজি যুঁজি মৃত্যু হোৱা মাকৰ মুখখনে নীলাক আজিও খেদি ফুৰে।মাকৰ মৃত্যুৰ পাছতো সেই মানুহজনেই নীলাৰ সকলো খৰচ বহন কৰিছিল।তেৱেঁই আছিল নীলাৰ দেউতাক; অথচ সেই মানুহটোক তাই অন্তৰেৰে ঘিণ কৰিছিল।সেইদিনা কান্দোনত ভাগি পৰা নীলাক বুকুত সামৰি লৈ সি ভাবিছিল এইজনী ছোৱালীক বিয়া-বাৰুৰ কথা কৈ আৰু দুখ দিয়া নাযায়।…সিদিনা সি কেৱল ডায়েৰীত লিখিছিল,”নীলাই কোৱাৰ দৰে যদিও আমি মুক্ত,যদিও দুটা তৰাৰ দৰে আমাৰ নিজস্ব স্থিতি আছে,তথাপি মহাকৰ্ষণ শক্তিৰ বাবে তৰা দুটা পৰস্পৰে পৰস্পৰৰ প্ৰতি আকৰ্ষিত হৈ থাকোঁ। ….গোলাপৰ ডাল এটা মাটিত গুঁজি দিয়াৰ পাছত লাহে লাহে পোখা মেলাৰ দৰে,আমাৰ এই সম্পৰ্কতো পোখা মেলিছে প্ৰেমে….”

সম্পৰ্কবোৰ সমীকৰণ নহয় যে সদায়ে এটা সমাধানসূত্ৰ থাকিব।বৰ জটিল এই সম্পৰ্কবোৰ। সেওঁতাত সেন্দূৰ ল’লেই , বিবাহৰ বান্ধোনেৰে বান্ধ খালেই সম্পৰ্ক এটা গভীৰ হৈ নাযায়।কিয় পৱিত্ৰ মন্ত্ৰোচ্চাৰণেৰে দেহ আৰু আত্মা একাকাৰ কৰি পেলোৱাৰ পাছতো ইলাবাই মৃত্যুক কিয় সাৱটিব লগা হ’ল?তাকো বিয়াৰ এবছৰ নৌহওঁতেই?গৰ্ভত এটি ভ্ৰূণে স্থিতি লোৱাৰ পাছতো? কিয়? আয়তীৰ জাত-জাত উৰুলি,আৰ্শীবাদ,হৰিধ্বনি আৰু হাজাৰ হাজাৰ মানুহৰ শুভকামনাই কিয় জীয়াই ৰাখিব নোৱাৰিলে ইলাবাক?সকলোৱে কৈছিল ইলাবাই আত্মহত্যা কৰিলে। সি জানে কিমান জীৱনমুখী আছিল ইলাবা।শৈলশিখৰেদি খলখলাই বৈ অহা এটি নিৰ্ঝৰিণীৰ দৰে প্ৰাণচঞ্চল আছিল ইলাবা,যাৰ মনৰ মাজত নিজৰি নিজৰি উঁহ দি আছিল যেন এটি চিৰন্তন সৰোবৰ।আখৰ লিখিবলৈ শিকাওঁতে ইলাবাই তাক হস্তলিপি লিখিবলৈ দিছিল-“জীৱন সুন্দৰ।” বাৰে বাৰে লিখাইছিল এই চুটি বাক্যটি।তাৰ লগৰ এটাৰ নামো জীৱন আছিল।তাকে ধুনীয়া বুলি কৈছে ছাগে-এনে ভাৱেৰে কিছু অৱদমিত গোপন ঈৰ্ষাৰে সি ইলাবাক সুধিছিল,”ইলাবা,জীৱন কোননো?’’ :”তোমাৰ ভিনদেউ আকৌ।”মিচিকি হাঁহিৰে কৈছিল ইলাবাই।সেই ইলাবাই আত্মহত্যা কৰিব পাৰেনে?তাৰ মনত তীব্ৰ সন্দেহে বাহ বান্ধে।সেইখন ঘৰত ইলাবাক হত্যা কৰা নাইতো?আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা নাইতো? কিন্তু একো প্ৰমাণ নাই।অসহনীয় নীৰৱতাত হেৰাই গৈছে ইলাবা।…তাৰপাছতো সামাজিকতাৰ আওতাত, আনুষ্ঠানিকতাৰ আওতাত সম্পৰ্কবোৰ মূল্যায়ন কৰিবলৈ এচামে উঠি পৰি লগা দেখিলে তাৰ খং উঠে।খেৱাই অনা খেৱালী জাল এখনত বন্দী মাছৰ দৰে ধৰফৰাই থাকে সি। মকৰাজাল এখনত বন্দী পতংগ এটাৰ দৰে ছটফটাই উঠে।পিছমুহূৰ্ততে সি ভাবে কিয় সিহঁত মকৰাজালত লাগি থকা ম’হ-মাখিবোৰৰ দৰে হ’ব? সি সেই মকৰাটোৰ দৰে কিয় এখন জাল গুঠিব নোৱাৰে?সম্পৰ্কৰ জালগোঁঠনি।এনাজৰীৰ বান্ধোন।বাৰে বাৰে পৰিও ভাগৰি নপৰা মকৰাটোৰ দৰে।

সি নীলাৰ লগত একেলগে থাকে।সেয়া কি পাপ?কিয় মাক-দেউতাকে সেয়া পাপ বুলি ভাবিছে?ইয়াত কি গভীৰতা নাই?এই যে সিহঁত কেতিয়াবা দূৰে দূৰে থাকিলেও নিজৰ মাজত এটাই আনটোৰ উপস্থিতি অনুভৱ কৰে- সেয়া কি আত্মিক সম্পৰ্ক নহয়? তাত কেৱল শৰীৰহে আছে নেকি?

এয়া অসহ্যকৰ পেটৰ বিষৰ বাবে সি দুদিন ধৰি নাৰ্চিং হোমৰ বিছনাত পৰি আছে।এইকেইদিন গাৰ ছাঁৰ দৰে তাৰ লগত লাগি আছে নীলা,তাক পৰিচৰ্যা কৰিছে।আজি তাৰ অপাৰেচন হ’ব। গ’ল্ড ব্লাডাৰৰ এটা সাধাৰণ অপাৰেচন।নীলাই তাৰ ঘৰলৈ খবৰ দিছে।খবৰ পায়ে সকলো পাহৰি ঢপলিয়াই আহিছে তাৰ মাক-দেউতাক। আবেলিলৈ মাক-দেউতাক আহি পোৱাৰ কথা। মাক-দেউতাক আহিব বুলিয়ে নীলাই নিজক যথেষ্ট সলনি কৰিছে।”বিবাহ এক বৈধ বেশ্যাবৃত্তি আৰু সেন্দূৰ লোৱাটো এক পুৰুষতান্ত্ৰিক চক্ৰান্ত ” বুলি কোৱা নীলাই সেওঁতাত সেন্দূৰ আঁকিছে,মেখেলা-চাদৰ পিন্ধিছে।কিন্তু তাইক এইবোৰ কৰিবলৈ সি কেতিয়াও কোৱা নাছিল।তাই নিজেই ভাৱি কৰিছে।হয়তো এই পৰিৱৰ্তন সাময়িক।হয়তো হয়,হয়তো নহয়! তথাপি বহুদিনৰ মূৰত মনৰ মাজত পাক লাগি থকা সূতাডালৰ যেন সি আঁত বিচাৰি পালে।আকৌ হাৰি হাৰি ভাগৰি নপৰা যুঁজাৰু মকৰাটো সাজু হৈছে ; নীলাৰ দেৱালখনৰ পৰা মাক-দেউতাকৰ দেৱালখনলৈ যি সাজিব সূতাৰ এটা বাট…। সঁচাই সি পাৰিবনে?2.xamparkar kathabritto_suprakash bhuyar golpo

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments