সম্পৰ্ক আৰু শান্তিৰ পথছোৱা —জয়ন্ত কুমাৰ ডেকা

 

“দৰাচলতে , মই ভাৱো মানুহৰ গাত অতিবাদী চৰিত্ৰ সৃষ্টি কৰাত আমাৰ দেশখনৰ বিপজ্জনক ভূমিকা আছে | মই ভাৱো – শ শ বছৰ ধৰি চলি অহা প্ৰব্ৰজনৰ বাবে ভাৰতীয় মানুহে অপাৰ কষ্ট ভোগ কৰিছে আৰু সমৃদ্ধওঁ হৈছে | ভিন্ ভিন্ শাসনকৰ্তাৰ প্ৰতি আনুগত্যই আমাৰ একক ৰাজ-অনুগত্য নিষ্প্ৰভ কৰি দিছে | তাৰ পৰিবৰ্তে , একে সময়তে দয়ালু আৰু নিষ্ঠুৰ , সংবেদনশীল আৰু নিস্পৃহ বা কাঠচিতীয়া ,গম্ভীৰ আৰু চঞ্চল হোৱাৰ এক অসাধাৰণ শক্তি হৈছে আমাৰ | অভিজ্ঞ চকু নহ’লে , দেখাত আমাক ৰঙীন ছবিৰ দৰে লাগিব পাৰে | আৰু সমালোচনাৰ দৃষ্টিত , আমি আমাৰ বিভিন্ন গৰাকীৰ নিকৃষ্ট অনুকৰণহে | ”

– এ.পি.জে. আব্দুল কালাম

কালামদেবৰ কথাখিনি এইবাবেই উল্লেখ কৰি লৈছো যে আমাৰ দেশৰ মানুহৰ যিকোনো বিষয় এটাকে ৰাজহুৱা আড্ডাত এটা , ফেচবুকত আন এটা …বন্ধুৰ লগত আৰু আন কিবা এটা কোৱাৰ প্ৰবনতা আন সমাজতকৈ বহু বেছি | সকলোকে সন্তুষ্ট কৰাৰ দূৰ্বাৰ হেপাহে (?) নে নিজকে সকলো স্তৰৰ পৰাই দোষমুক্ত কৰাৰ স্বাৰ্থ সেইয়া সচাঁই এক ৰহস্য ……

আহিছো মূল কথালৈ | ৪৯৭ আইনখনক বাতিল কৰাক লৈ হৈ-হাল্লা কৰাৰ যুক্তি অলপো নাই | বৃটিছে বনোৱা আইন হে আছিল সেইখন | বেদ-পুৰাণৰ দিশেৰে চালে এইয়া আগৰে পৰাই গ্ৰহনযোগ্য আছিল | মহাভাৰত-ৰামায়ণৰ কাহানী উপকাহিনীত ভৰপুৰ হৈ পৰি আছে এনেবোৰ বিষয় | সৰুকালৰে পৰা আমি সকলোৱে সাধু-গল্পত আদিতো পঢ়িলো ” এজন সদাগৰৰ সাতগৰাকী ঘৈনীয়েক আছিল “…, ” এজন ৰজাৰ ৫ গৰাকী পত্নি আছিল ” আদি ঘটনা সমূহেই | এগৰাকী পত্নি থকা সাধুবোৰত গিৰীয়েক সদায় দুখীয়া বুঢ়াই আছিল |

বৃটিছ সকলে ভাৰতীয় সংস্কৃতি কিমান অধ্যয়ন কৰি এই আইনখন নিৰ্মান কৰিছিল সেইয়া সদায়ে সন্দেহৰ আৱৰ্তত | মোৰ ধাৰণাত কেৱল ধৰ্ম ,ঘৰ-পৰিয়াল , জাত-পাত আদিত ব্যস্ত ৰখোৱাৰ প্ৰতিটো প্ৰক্ৰিয়াকৈ তেওঁলোকে ছলে-বলে আমাৰ ওপৰত প্ৰয়োগ কৰিছিল | যাৰ ফলতে সমগ্ৰ দেশ গোলামীৰ গ্ৰাসত পৰিল | ভাৰতীয় সংস্কৃতিৰ বৰ্তমানত আমি দেখা স্তৰ খিনি ৰূপান্তৰৰ প্ৰক্ৰিয়াৰে হোৱাৰ ফলাফলখিনিহে | য’ত পুৰুষতন্ত্ৰৰ প্ৰভাৱৰ লগতে আব্দুল কালামদেবে উল্লেখ কৰা কথাখিনিৰ প্ৰভাব বহু বেছি | প্ৰকৃত ভাৰতীয় সংস্কৃতিৰ ওপৰত ধুলি-বালি পৰা বহু যুগে হ’ল | যি এচামৰ স্বাৰ্থৰ বাবেই চাফা কৰা হোৱা নাই বা নহ’ল |

সমস্যা বিবাহ বহিৰ্ভূত সম্পৰ্কক লৈ নহয় , মূল সমস্যাটো হৈছে ‘ হ’বলৈ কিয় পাই !’ তাক বিবেচনা নকৰাটোহে | আৰু যদি হয় সদায়ে ই এক অপৰাধে নে ? ভাৰতীয় সমাজত এটা সময়ৰ পৰা বিবাহ কেৱল যৌনজীৱন আৰু বংশৰক্ষাৰ ( সম্পৰ্কৰ ফলত সন্তান জন্ম দিয়া আৰু বংশ ৰক্ষাৰ ধাৰণা দুটা পৃথক বিষয় ) বাবেই কৰিব লাগে বুলিও যে এটা নিকৃষ্ট ধাৰণা প্ৰচলিত …. ; এই কথাক লৈ কেইজন সচেতন ?? দ্বিতীয় কথা ; দুজন ব্যক্তিৰ মনৰ মিলনেৰেহে সম্পৰ্কৰ পাতনি হোৱা উচিত | এই সত্য প্ৰতিজন শিক্ষিত-অশিক্ষিত ব্যক্তিয়ে জীৱনৰ এটা স্তৰত প্ৰকৃতিৰ পৰা শিকিয়ে যায় | কিন্তু আমাৰ সমাজত ধৰ্ম-জাত-পাত-ষ্টেচাছ-কুণ্ডলী আদিৰেহে সম্পৰ্কৰ পাতনি হয় | ব্যক্তি দুজনৰ মনৰ আগ্ৰহ বহু সময়ত সেয়ে উপেক্ষিতই হৈ ৰয় | সেয়ে যেতিয়াই মনৰ সংযম ক্ষমতাই শেষ স্তৰ পাই প্ৰকৃতিৰ প্ৰভাৱত পৰম্পৰা পৰাজিত হৈ পলাই যায় | ক্ষমা কৰিব পলাই নাযায় | প্ৰদৰ্শন এটা হৈ ৰয় …..

কিন্তু সমাজৰ ভয়তে ( শ্ৰদ্ধাত নহয় ) পৰম্পৰাৰ প্ৰদৰ্শন আৰু মনৰ ইচ্ছাকো স্থাপনৰ খেলখন নিয়াৰিকৈ চলাই যোৱাত আমি ভাৰতীয় সকল পাকৈত হৈ উঠিছো | পাৰদৰ্শিতা আৰু প্ৰদৰ্শনৰ ভিতৰত প্ৰদৰ্শনৰ গ্ৰহনযোগ্যতা আমাৰ সমাজত বহু বেছি | সেইয়া সামাজিক সন্মান লাভৰ ক্ষেত্ৰতে হওঁক বা মাংগলিক (?) কাৰ্যতে | পাকৈতসকলে এই প্ৰদৰ্শনৰ সুত্ৰত ( পাৰদৰ্শিতাত নহয় ) নিজকে সুন্দৰভাবে উপস্থাপন কৰিবলৈ সদায়ে সক্ষম | কিন্তু যিসকল পাকৈত নহয় তেওঁলোকৰ ?? মনৰ অনিচ্ছাৰে প্ৰদৰ্শনৰ আনুষ্ঠানিকতাৰ বাবে তেওঁলোকক মানসিক অৱস্থা চূড়ান্ত যন্ত্ৰণাদায়ক অৱস্থাত থাকে | এই খেলখনত বলি হৈ আছিল প্ৰধানতঃ মহিলাসকল আৰু একাংশ পুৰুষ | পাকৈত সকলৰ বাবে এই আইনখন থকা বা নথকা একেই কথা | কিন্তু যিসকল পাকৈত নহয় তেওঁলোকৰ জীৱন দূৰ্বিষহ হৈ পৰে |

বিবাহে জীৱনত সুখৰ চাৰ্টিফিকেট কাহানিও দিয়া নাছিল , ভৱিষ্যতেও নিদিয়ে | বিবাহ এটা মাধ্যম হে | জীৱনৰ যাত্ৰাত এজনক বাচি লোৱাৰ | সেই সংগীজনৰ ব্যৱহাৰ , মনৰ মিলন তথা সহযোগিতাই হে সুখ-শান্তিৰ পথ নিৰ্মান কৰে | এই মাধ্যমেৰে বাচি লওঁতে একাংশৰ ভুল হোৱাটো একেবাৰে স্বাভাবিক কথা | আমাৰ ইয়াত সম্পৰ্কৰ কাৰক সমূহ কুণ্ডলী,জাত-পাত,ধৰ্ম আদিহে | সেইয়ে ভুলৰ লগত জীৱন নিৰ্বাহ কৰাতকৈ ভুলৰ শুধৰনি খুবেই প্ৰয়োজনীয় | বিবাহৰ আগৰ সম্পৰ্কবোৰ যদি গ্ৰহনযোগ্য ; ভুল বুলি ক্ষমা কৰাৰ যোগ্য , বিবাহৰ পাছৰ খিনি সম্পূৰ্ণকৈয়ে অপৰাধ নে ? | “বিবাহ” শব্দটোৰ লগতে “ডিভোৰ্চ” নামৰ এটা শব্দও যে জড়িত এইয়া নজনাৰ ফলতে বহুতৰে জীৱন দুৰ্বিসহ হৈ পৰে |বিবাহ বিষয়ত ফেচবুকত বা ৰাজহুৱাকৈ যিয়ে যি লিখি নাথাকক বা কৈ নাথাকক প্ৰতিজন ব্যক্তিয়েই নিৰ্জনতাত নিজকে সত্যবোৰ কি ধৰনে কৈ থাকে সেয়া চাগে লিখাৰ প্ৰয়োজন নাই |

আইনখনে পৰকীয়া প্ৰেম অথবা সম্পৰ্কক বৈধ বুলি কোৱা নাই | আনৰ স্ত্ৰীৰ লগত সম্পৰ্ক স্থাপন হোৱাৰ পাছত কেৱল অভিযোগৰ ভিত্তিতে জেল হ’ব পৰা পুৰুষখিনিক এটা সকাহ দিয়ালে | আৰু নাৰীগৰাকীৰ ভাষ্যকো গুৰত্ব প্ৰদান কৰাৰ পথ এটা খুলিলে | গোপনীয়তা ৰক্ষা এটা স্তৰলৈহে ভাল … কিন্তু সম্পৰ্কৰ গোপনীয়তা শেষলৈ ভয়াবহে হয় | সমাজত ইয়াৰ প্ৰভাৱ slow poison ৰ দৰে | পৰম্পৰাৰ গতিতকৈ প্ৰকৃতিৰ গতি ক্ষীপ্ৰ নহ’ব পাৰে কিন্তু প্ৰহাৰ বহু তীব্ৰ হয় | সেয়ে বিবেচনা নকৰাকৈ চিধাই অপৰাধ বুলি স্বীকৃতি দিয়াতকৈ ‘হ’বলৈ কিয় পালে?’ আৰু ‘প্ৰদৰ্শন আৰু মনৰ সত্যৰ কোনটোৰ লগত আগুৱাই যোৱা উচিত ?’ এই দুটা দিশ ভাবিবলৈ সুবিধা দিলে | আৰু উচিত যি তাক কৰাৰ সুযোগ দিলে ।

আইন-কানুন যিমানেই সৃষ্টি নকৰক ..; জীৱনৰ ওপৰত যিদৰে কোনো ব্যাখ্যাই নচলে , ঠিক তেনেদৰে এই পৃথিবীত পুৰুষ নাৰীৰ সম্পৰ্কৰ ওপৰতো কোনো প্ৰতিষ্ঠিত গ্ৰহনযোগ্য সুত্ৰ নাই |

আৰু অনুগ্ৰহ কৰি ভাৰতীয় সংস্কৃতি কেনেকুৱা তাৰ ব্যাখ্যা ওপৰোৱাকৈ দিব নাযাব | আপুনি মই ভৱাতকৈ ভাৰতীয় সংস্কৃতি বহুত বিশাল আৰু গ্ৰহনযোগ্য | “বসুদৈব কুটুম্বকম” দৰে শ্ৰেষ্ঠ আৰু উদাৰ মানসিকতা ভাৰতীয় সংস্কৃতিৰে বিশ্বলৈ অৱদান | “সৰ্বে ভৱন্তু সুখীনা ; সৰ্বে সন্তু নিৰাময়া” কেৱল আওৰাবলৈ নহয় ….ইয়াৰ গভীৰতাও ভাৰতীয় দৰ্শনেই বিশ্বৰ আগত দাঙি ধৰিছে |

———————————————————————————————

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক