সম্পৰ্ক (দিগন্ত কুমাৰ ভট্টাচাৰ্য্য)

ফোনটো উঠোৱাৰ লগে লগে শুনিলোঁ এক অচিনাকি কন্ঠ- ‘জয়ন্ত কাশ্যপৰ নম্বৰ হয় নে?’ ‘হয়, কৈছোঁ’- মই ক’লোঁ। ‘মই পৱিত্ৰ দা..মানে পৱি দাই কৈছোঁ’ মই ভাবিবলৈ ধৰিলোঁ, কোন পৱিত্ৰ দা। আমাৰ কলেজ’ৰ ছিনিয়ৰ কোনোবা…নে ফে’চবুকত পোৱা আন কোনোবা দাদা। ‘অপু..মই পৱি দা…তেজপুৰৰ….’-কিছুপৰ পিছত ক’লে তেওঁ। লগে লগে মোৰ মনটোৱে উৰা মাৰিলে তেজপুৰলৈ…পৱি দা মানে মোৰ পেহীহঁতৰ ঘৰখনলৈ। প্ৰতিবছৰে প্ৰায় এমাহমান থকাকৈ আমি সৰুতে তেজপুৰলৈ গৈছিলোঁ। ঘৰৰ সৰু বাবে মই আটাইতকৈ বেছি মৰম পাইছিলোঁ সকলোৰেপৰা। ‘ঐ অপু, তুমি আটাইতকৈ কাক ভাল পোৱা?’- সৰু ল’ৰা-ছোৱালীক সোধা এটা ‘কমন’ প্ৰশ্ন মোকো সুধিছিল পেহীহঁতে। ‘পৱিদাক মই ইমান ভাল পাওঁ…আকাশৰ সমান’-মই কৈছিলোঁ। তাৰ পিছত মা-দেউতা-পেহীহঁতৰ ক্ৰম পৰিছিল। ‘পৱি দা, তুমি কাক বেছি ভাল পোৱা?’- মই সুধিছিলোঁ। ‘তোমাক’ বুলি মোক কোলাত লৈ কান্ধত উঠাইছিল পৱিদাই। মোৰ পাঁচ-ছয়বছৰীয়া শিশুমনটোৰ গৰ্বৰ সীমা নোহোৱা হৈছিল। পৱিদাই মোক চাইকেলত উঠাই গোটেই তেজপুৰখন ঘূৰাই ফুৰাইছিল। ত্ৰিৱেণী হলত চিনেমা দেখাইছিল। সন্ধিয়া পদুম পুখুৰীৰ পাৰত ভজা বাদাম খুৱাই ভিন্ন গল্প কৈছিল। তেৱেঁই ‘কেডবেৰী’ৰ চকলেটৰ লগত মোক চিনাকি কৰাই দিছিল প্ৰথম। এদিন পৱিদাৰ বিয়া হ’ল। বৌগৰাকী অহাৰ পিছত নিশা পৱি দাৰ লগত মই শোৱাত বাধা আহিল। বৌক মই দেখিব নোৱাৰা হ’লোঁ। ‘তুমি আটাইতকৈ কাক বেয়া পোৱা?’- মোক সুধিলে মই বৌজনীলৈ আঙুলিৰে দেখাও মুখ ফুলাই। এদিন গম পালোঁ-পৱিদা’ৰ ল’ৰা এটা হ’ল। ক্লাছ ফাইভ মানত থাকোঁতে গৰমৰ বন্ধত তেজপুৰলৈ যোৱাৰ সময়ৰ কথা। পৱি দা যেন সলনি হৈছিল বহুত। পৱি দাৰ কোলাত হাঁহি হাঁহি জপিয়াই থকা পৱি দাৰ ল’ৰাটোলৈ মোৰ খুউব ঈৰ্ষা হৈছিল তেতিয়া। পদুম পুখুৰীৰ পাৰত বহি গল্প শুনা নহ’ল সেইবাৰ। কেডবেৰী’ৰ নতুন কি চকলেট বজাৰলৈ আহিছে, সেয়াও গম নাপালোঁ। সেইদিনা মই অনুভৱ কৰিছিলোঁ- মানুহৰ মনৰ ভিতৰত থকা মৰমৰ পৰিমাণৰ চাগে সদায় এটি সীমা থাকে। কাৰোবাৰ প্ৰতি মৰম বাঢ়ি অহাৰ লগে লগে হয়তো অজানিতে কাৰোবাৰ প্ৰতি থকা মৰমৰ পৰিমাণ কমি যায়। মোৰ প্লাষ্টিকৰ সৰু পুতলা স্কুটাৰখন মোৰ অতি মৰমৰ আছিল। সেইখনত আঁচোৰ এটি পৰিলেও মোৰ চকুপানী ওলাইছিল। পিছৰবাৰ পূজাত দেউতাই কিনি দিয়া পুতলা ‘মাৰুতি কাৰ’খন পোৱাৰ পিছত স্কুটাৰখন ক’ত পৰি থকা হ’ল গমকেই নোপোৱা হ’লোঁ। কিয় মই দুয়োখনকে সমানে ভাল পাব নোৱাৰিলোঁ? পেহা-পেহী ঢুকোৱাৰ পিছত আজি প্ৰায় পোন্ধৰবছৰ মই তেজপুৰলৈ যোৱা নাই। আচলতে সময়-সুবিধা মিলাব পৰা নাই। ঠিক সিমানেই সময় হয়তো মই পৱিদা’ৰ লগতো কথা পাতিবলৈ সুযোগ পোৱা নাছিলোঁ…. ………. ‘তুমি শুনি আছা নহয়, অপু? আমাৰ ইয়াৰ বিয়া পাতিছোঁ…আহিব লাগিব কিন্তু’। যিজন পৱি দা এটা সময়ত মোৰ আটাইতকৈ ভাল লগা ব্যক্তি আছিল, সেইজনৰ মাত আজি মই চিনিব নোৱাৰিলোঁ! তেওঁৰ ল’ৰাটোৰ নামটোও মই মনত পেলাব পৰা নাই। সম্পৰ্কবোৰ ইমানেই ঠুনুকা নে?! পৱি দাক ল’ৰাটোৰ নামটো সুধিবলৈ মন নগ’ল। ভাবিলোঁ বিয়ালৈ যাব লাগিব, তাৰ নামটোৰ লগতে তাকো চিনি পাবলৈ সুযোগ এটা পাম!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক