সম্পৰ্ক (মৌচুমী দাস)

ট্ৰিং ট্ৰিং… …
ট্ৰিং ট্ৰিং… …আধা টোপনিৰ মাজতে ম’বাইলৰ এলাৰ্মটো বন্ধ কৰিবলে চেষ্টা কৰিলোঁ৷ চকুমুদিয়েই খেপিয়াই খেপিয়াই ফোনটো বিচাৰি নোপোৱাত বিচনাতে গাৰুটো কাণত লৈ আকৌ শুই থাকিলোঁ৷ দহ বাজি দহ মিনিট৷ আকৌ বাজিল৷ এলাৰ্মৰ কৰ্কশ শব্দত বিৰক্ত হৈ এইবাৰ উঠিয়েই দিলোঁ৷ এলাৰ্ম বন্ধ কৰিবলৈ লওঁতেই মোবাইলৰ স্ক্ৰীনত চকু পৰিল, দেখিলোঁ ৰশ্মিৰ৷ তেতিয়াহে মোৰ সম্বিৎ ঘূৰি আহিল৷ ছেঃ, তাই আজি মোক লগ ধৰাৰ কথা আছিল৷ ঘড়ীটোলৈ চালোঁ, দহটা বাজিলেই৷ কোনফালে কি কৰোঁ এতিয়া৷ দেওবাৰ বুলিয়ে অলপ দেৰিলৈকে শুই দিলোঁ৷ আনদিনাৰ দৰে হোৱা হ’লে চেম্বাৰ, নাৰ্ছিংহোম এইবোৰৰ পৰা আহৰিয়েই নাপালোঁ হয়৷ আকাংক্ষালৈও ফোন এটা কৰিব লাগিছিল৷ লৰালৰিকৈ মুখখন ধুই আকাংক্ষালৈ ফোন লগালোঁ৷
 
“হেল্ল’, আকাংক্ষা…… আই এম চ’ চৰি, আজি শুই উঠা দেৰি হ’ল অলপ৷ কি কৰিছা? মামা-মামীৰ ভালনে আৰু লীনৰ কি খবৰ? তোমাৰ অনুপস্থিতিয়ে সকলোবোৰ আউল লগাই দিছে৷ কামবোৰ কৰি সোনকালে আহা অসমলৈ।”
 
তাই ক’লে, “মামাহঁত আৰু লীনৰ ভালেই৷ লীনেএইমাত্ৰ তোমাৰ কথা সুধি আছিল৷ তুমি চিন্তা নকৰিবা, মোৰো ভালেই৷ মোৰ কামকেইটা শেষ হ’লেই মই ইয়াৰ পৰা যামগৈ৷ খোৱা-বোৱাবোৰ সময়মতে কৰিবা৷ ঠিক আছে বাৰু, এতিয়া ৰাখিছোঁ”৷
 
ফোনটো থৈ ভাবিবলৈ ধৰিলোঁ৷ পেছাত মই ডাক্তৰ৷ দিনটো নাৰ্ছিংহোম এখনত বা মোৰ ব্যক্তিগত চেম্বাৰত অহৰহ মানুহ লগ পাওঁ ৷ বিভিন্ন অভিজ্ঞতাৰে পুষ্ট ‘মই’ লগ পাওঁ বিভিন্নজনক৷ কেতিয়াবা এনেকৈয়ে কিছুমান মানুহ বৰ আপোন হৈ পৰে৷ তেজৰ সম্পৰ্ক নাথাকে অথচ হৃদয়ৰ এচুকত সুপ্ত হৈ থকা এটা আপোন ভাবে সুৰুঙা পালেই জাগ্ৰত হয়৷
 
ইন্টাৰনেট, মেইল, স্কাইপ এইবোৰৰ মাজত লাহে লাহে সোমাই পৰিলোঁ৷ লগৰবোৰে কৈছিল, “ভাৰ্চুৱেল পৃথিৱীখনক বেছিকৈ বিশ্বাসত নল’বি৷ বেছিভাগেই মুখাপিন্ধা”৷ কথাষাৰে মোক বিপাঙত পেলাইছিল৷ মই বাৰু মানুহৰ লগত আন্তৰিকতাৰে কথা পাতোঁ বুলিয়েই মানুহে মোক অলপ বেলেগ দৃষ্টিৰে চায় নেকি ? ৰশ্মিৰ কথা বাৰে বাৰে মনলৈ আহিবলৈ ধৰিলে৷ বিশ্ববিদ্যালয়ৰ আলোচনীৰ বাবে স্বাস্থ্য বিষয়ক লেখা এটি বিচাৰি ভাগিন ৰূপমৰ লগত আহিছিল৷ ৰূপমে ৰশ্মিক মোৰ লগত চিনাতি কৰাই দিছিল৷ সেইদিনা বহু কথা পতা হৈছিল। সেইদিনাই ছোৱালীজনীৰ লগত কিবা এটা আত্মীয়তা গঢ় লৈ উঠিছিল৷ এদিন ই-মেইলবক্স চাই থাকোঁতে ৰশ্মিৰ মেইল এটা পালোঁ৷ ধন্যবাদসূচক মন্তব্য এটা দি তাই কৈছিল, “মৃগাংক দাদা, সেইদিনা আপোনাক লগ পাই বৰ ভাল লাগিল৷ কেতিয়াবা আকৌ লগ পাম৷ আলোচনীৰ কপি এটা মই আপোনাক দি আহিম”।
 
“বাবু, চাহ ঠাণ্ডা হৈ গ’ল।”
 
চাহ-দোকানী ৰামুৰ মাততহে সম্বিৎ ঘূৰাই পালোঁ৷
 
কাষৰ দোকানখনত উচ্চস্বৰত ৰেডিঅ’টো বাজি আছে, এটা গজল৷ ইমান পৰেতো তাই আহি পাব লাগিছিল। মই তাইক সময় দিয়া নাছিলোঁ; তিনি বজাত আহিম বুলিছিল তাই৷ ঘড়ীটোলৈ চালোঁ, এক বাজিছে ৷ ছেকেণ্ডৰ কাঁটাডাল অহৰহ আগলৈ যাবলৈ চেষ্টা কৰিছে৷ বেটেৰিটো সলনি কৰা দহ দিনৰো বেছি দিন হোৱা নাই৷ ঘড়ীটো তুলনামূলকভাবে ভাল কোম্পানীৰে৷ দামো বেছি। বিৰক্তিৰ লগে লগে মনৰ মাজত বিৰাগৰ জন্ম হ’ল৷ সময়ৰ উৱাদিহ নাপাই কাষৰ দোকানখনলৈ সোমাই গ’লোঁ৷
 
“কিমান সময় হ’ল বাৰু ?”
ৰেডিঅ’টোৰ শব্দৰ পৰিমাণ হ্ৰাস হ’ল৷
 
“কিহৰ দামৰ কথা সুধিলে ?”
“মূল্য নহয়, সময় কিমান হ’ল বাৰু?  মোৰ ঘড়ীটো এক বজাতে বন্ধ হৈছে ৷”
 
মোৰ হাতৰ ঘড়ীটোত তেওঁৰ দৃষ্টি পৰাৰ উমান পাই তেনেকৈ ক’লোঁ৷ দোকানত বহি থকা যুৱকজনে বাওঁ হাতখনলৈ চাই মূৰ নদঙাকৈ ক’লে, “যদি আজি দিনৰ এক বজাত আপোনাৰ ঘড়ীটো বন্ধ হৈছে তেন্তে এতিয়া ছয় ঘণ্টা বিশ মিনিট পাৰ হৈ গ’ল৷ যুৱকজন বেছ ৰসিক যেন লাগিল৷ যুৱকৰ বাক্যটো শেষ হওঁতেই পুনৰ ৰেডিঅ’টোৰ স্বৰ উচ্চ হৈ পৰিল৷
 
তাই এক ঘণ্টা বিশ মিনিট আগতেই অহাৰ কথা আছিল৷ ক’ৰবাত কিবা অসুবিধা হৈছে নেকি বাৰু৷ কথাটো ভবাৰ লগে লগে তাইৰ প্ৰতি মই গভীৰ অনুৰাগ অনুভৱ কৰিলোঁ৷ ইমান সময়ে মোৰ মনত তাইৰ প্ৰতি উদয় হোৱা বিৰক্তি আৰু বিৰাগৰ ভাবৰ তৎক্ষণাত অৱসান ঘটিল৷ লগে লগে মই অসহায় অনুভৱ কৰিবলৈ ধৰিলোঁ৷ তাই যদি অহাই নাই তেন্তে মোৰ অপেক্ষাৰ অৰ্থ হ’ব সময় নষ্ট৷ গুচি যাবও নোৱাৰোঁ৷ যদি তাই আহিছে তেন্তে মোক নাপাই ক্ষোভত ফাটি পৰিব৷ আৰু কিছু সময়, অন্ততঃ এক ঘণ্টামান অপেক্ষা কৰাৰ বাহিৰে গত্যন্তৰ নাই৷
 
――――――――――――
তাইক প্ৰথম লগ পোৱা দিনটো মোৰ ভালকৈয়ে মনত আছে৷ কেনেকৈ পাহৰিম তাইৰ কোমল কণ্ঠস্বৰৰ সেই ব্যঞ্জনা৷ পাহৰিব নোৱাৰোঁ মই তাইৰ স্পৰ্শ, সেই স্বৰ্গীয় অনুভৱ৷ মোলৈ হাতখন আগবঢ়াই দি সুধিছিল ―
“আপুনি যোৰহাটৰ?”
“হয়, পিছে তুমি?”
“মই ৰশ্মি৷ মোৰ ঘৰ তেজপুৰত৷ মই আপোনাক অৱশ্যে চিনি পাওঁ৷ ৰক্তিমৰ মুখত আপোনাৰ কথা প্ৰায়েই শুনি থাকোঁ৷ আপুনি ইয়াত স্থায়ীভাবে থাকে?”
 
“হয়”, খুব চমুকৈ উত্তৰটো দিয়াৰ পিছতে ভাবিলোঁ ― “তাইকতো মই সুধিব লাগিছিল যে তাই গুৱাহাটীলৈ অহা কিমান দিন হ’ল ? ঘৰত কেনে ? কোন কোন আছে ? তাইৰ বিষয়ে সোধাটো মোৰ ভদ্ৰতাৰ পৰিচায়ক হ’লহেঁতেন ৷”
কিন্তু তাইক সোধাৰ প্ৰয়োজনেই নহ’ল৷ নিজৰ বিষয়ে তাই নিজেই কৈ গ’ল৷ বিশ্ববিদ্যালয়ৰ ছাত্ৰী, সাহিত্য চৰ্চাত ৰাপ আছে। কিতাপ-পত্ৰ পঢ়াৰ অভ্যাস থাকিলেও বৰ্তমান সাহিত্যৰ গতি-বিধি বিষয়ত মই একেবাৰে অজ্ঞ৷ মোৰ অধ্যয়নৰ পৰিসৰ অসমীয়াত বেজবৰুৱাৰ পৰা কাঞ্চন বৰুৱাতে সীমাবদ্ধ৷ আধুনিক কবিতা মোৰ বাবে দুৰ্বোধ্য, শব্দ কিছুমানৰ সমষ্টি মাথোঁ৷ একোৱেই নুবুজোঁ৷
 
জীৱনত বহু মানুহৰ লগতেই চিনাকি হোৱা যায় আৰু বহুতো মানুহ কেৱল স্মৃতি হৈয়ে ৰৈ যায়৷ তাই কিন্তু স্মৃতি হৈ নৰ’ল৷ মোৰ জীৱনক যেন প্ৰাচুৰ্যৰে উপচাই তুলিলে তাই৷ একঘেয়ামিৰে ভৰা জীৱনক তাই দান কৰিলে প্ৰচণ্ড উদ্যম আৰু অনুপ্ৰেৰণা৷ জীৱনক নতুনকৈ চাবলৈ শিকালে তাই৷ এতিয়ালৈ এনে হৈছে যে দুই-তিনিদিনৰ মূৰে মূৰে তাইৰ খবৰ এটা নাপালে মই অস্থিৰ হৈ পৰোঁ। তাইৰ আৱেগসঞ্চাৰী প্ৰতিটো শব্দই মোক এখন আনন্দৰ জগতলৈ লৈ যায় য’ত মই সকলো পাহৰি থাকোঁ৷ আকাংক্ষা, প্ৰাপ্তিৰ সকলো পূৰ্ণতাৰে মোৰ জীৱন ঐচৰ্যময় কৰি তোলা আকাংক্ষাই মোৰ মৰমৰ অৰ্ধাংগিনী৷
 
কিন্ত কিয় সকলোৱে এই কথাক সহজভাবে ল’ব নোৱাৰে৷ একবিংশ শতিকাৰ মনুষ্য হৈও মানুহৰ মনবোৰ কিয় ইমান ঠেক৷ কিন্ত সিহঁতে মানি ল’বই লাগিব৷ মইতো কোনো ডাঙৰ অপৰাধ কৰা নাই৷ মানুহে মানুহক ভাল পোৱাটো, তেওঁৰ সৈতে হৃদয়ৰ  ভাবৰ আদান-প্ৰদান কৰাটো কেনেকৈ পাপ হ’ব পাৰে৷ মোৰ হৃদয় ভেদ কৰি ৰশ্মিয়ে এতিয়ালৈ মোৰ জীৱনৰ একাংশ অধিকাৰ কৰি পেলাইছে৷ মইতো তাইক এতিয়া এই অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰোঁ৷ এনে কৰিলে তাইৰ নিষ্পাপ ভালপোৱা আৰু আন্তৰিকতাৰ প্ৰতি অন্যায় কৰা হ’ব৷ ‘তুমি’ৰ পৰা এতিয়া সম্বন্ধটো ‘তই’লৈ ৰূপান্তৰিত হৈছে। গভীৰৰ পৰা গভীৰতালৈ পৰিৱৰ্তিত হৈছে এই সম্বন্ধ৷ মই মোৰ সংসাৰখনৰ বাবে মোৰ সাধ্যৰ ভিতৰত সকলো কৰিছোঁ৷ আকাংক্ষাক মোৰ মৰমৰ পৰা অলপো বঞ্চিত কৰা নাই। মইতো ৰশ্মিক বিয়া কৰাব বিচৰা নাই৷ তেনে সম্পৰ্কৰ কথা ভবাটোও মোৰ বাবে ঘৃণনীয় কথা৷ তেনেহ’লে, চৌপাশে থকা এই চিনাকি-অচিনাকি মানুহবোৰে এই বিষয়টো কিয় সহজভাৱে ল’ব নোৱাৰে৷
মোৰ বিচলিত মন সুস্থিৰ হৈ পৰিল৷ কিন্তু এয়াই জানো শেষ সত্য ? মই যদি কোনো অপৰাধেই কৰা নাই তেন্তে ৰশ্মি আৰু মই মুক্তভাৱে কিয় ঘূৰিব নোৱাৰোঁ ? কিয় তাইক লগ ধৰিবৰ বাবে প্ৰায়েই মই জনশূন্য ঠাইলৈ যাব লাগে যি ঠাইত মোক চিনি পোৱা মানুহ নোলায়৷ ৰশ্মি আৰু মোৰ মাজত তেজৰ সম্পৰ্ক নাই৷ কিন্তু তাইৰ প্ৰতি মোৰ যি ভালপোৱা আছে, যি শ্ৰদ্ধা আছে, যি আন্তৰিকতা আছে সেইয়া হয়তো কিছুমান তেজৰ সম্পৰ্কতকৈও বহু ওপৰত।
 
মই মোৰ সপক্ষে যুক্তি দিয়াৰ ব্যৰ্থ চেষ্টা কৰিছোঁ৷ হত্যাকাৰীয়েও নিজৰ সপক্ষে যুক্তি দিয়ে৷ আমি জীৱশ্ৰেষ্ঠ হৈও আচলতে ইমান নিঃস্ব যে নিজে কৰা সকলো কাৰ্যকে সমৰ্থনযোগ্য কৰি তুলিবলৈ প্ৰয়াস কৰোঁ৷ কথাবোৰ ভবাৰ লগে লগে মোৰ শৰীৰত তেজৰ গতি বৃদ্ধি পালে৷ উৎকণ্ঠাত মই মানুহটো ঘামি পৰিলোঁ৷
 
আকাংক্ষাৰ মনত মোৰ প্ৰতি কোনো সন্দেহ নাই৷ তাই সন্দেহ, ঈৰ্ষা আদি ৰিপুৰ পৰা বহু ঊৰ্দ্ধত৷ জুৰিৰ পানীৰ দৰে তাইৰ হৃদয় পৰিষ্কাৰ। মই এই নিৰ্মল পানীখিনি মলিনতাৰ আৱৰ্জনাৰে দূষিত কৰিব বিচাৰিছোঁ নেকি? ব্যক্তিগত আৰু সামাজিক দুয়ো স্তৰতে মই অপৰাধী চাগৈ, সেই কথা বুজিব পৰাকৈ মোৰ মনুষ্যত্ব অটুট আছে। মই সঁচাকৈ ‘মানুহ’ বুলি চিনাকি দিয়াৰ উপযুক্তনে ? নে মই নৈতিকভাৱে স্খলিত হৈছোঁ সমাজৰ দৃষ্টিত।
 
আকাংক্ষাই চাগে ভাবিছে যে মই এতিয়া ব্যস্ত আছোঁ মোৰ চেম্বাৰত৷ পুৱাই ওলাই এতিয়ালৈকে ঘৰ গৈ নোপোৱা বাবে তাই হয়তো ব্যাকুল হৈ পৰিছে। তাইক কেইদিনমানৰ আগতে মই সুধিছিলোঁ ― “মোৰ বিষয়ে কোনোবাই তোমাৰ সন্মুখত বেয়া মন্তব্য কৰিলে কি কৰিবা তুমি?”
 
বিহ্বল হৈ পৰিছিল তাই! চকুৰ কোণত বিৰিঙি উঠিছিল মুকুতাৰ দৰে চকুপানী৷ তাইৰ বাবে মইয়ে সঁচা, বেলিটোৰ দৰেই সঁচা, পৃথিৱীখনৰ দৰেই বাস্তৱ ― কৈছিল তাই৷ ইমান বিশ্বাস আৰু আস্থা !
 
আৰু ৰশ্মি, তাইক মই এদিন সুধিছিলোঁ,”তই মোক বেয়া মানুহ বুলি ভাব নেকি? তোৰ প্ৰতি থকা মোৰ আন্তৰিকতা স্বৰ্গীয়৷ ভুল নুবুজিবি কেতিয়াও৷ তেজ মঙহৰ সম্পৰ্ক নাথাকিলেও ‘তই’ মোৰ আত্মাৰে সম্পৰ্কিত হৈ আছ আৰু থাকিবি চিৰদিন৷”
 
তাই কৈছিল, “দাদা আপুনি মোৰ জীৱনটোক পূৰ্ণতা প্ৰদান কৰিলে৷ মই ভবাতকৈ বহু গুণে সুখী আপোনাক পাই৷ আশীৰ্বাদ কৰিব যাতে মৰম-চেনেহবোৰ এনেদৰেই জীয়াই থাকে”।
 
সন্ধিয়াই ক্ৰমশঃ ক’লা চাদৰেৰে বেলিটোক ঢাকি ধৰিছে৷ পোহৰৰ হেঙুল বৰণীয়া ক্ষীণ আভাৰ বাদে বেলিৰ অস্তিত্ব বুজিব পৰাকৈ একো নাই৷ সম্ভৱ কাৰেণ্ট গ’ল৷
 
লাহে লাহে গাড়ীখনৰ কাষলৈ গৈ চিটত অলসভাৱে কিছু সময় শৰীৰটো এৰি দিলোঁ৷ ঘৰ পাই মুখ-হাত ধুই  কম্পিউটাৰৰ কী-ব’ৰ্ডত আঙুলি বুলালোঁ৷ মোতকৈ অনুজ এজনে মেইল এটা পঠিয়াইছে। খুলি চাই ভাল-বেয়া দুই এটা কথা-বতৰা হোৱাৰ পাছত সি মোক সুধিলে – “আপোনাৰ নিজৰ ভণ্টী নাই নেকি ?”
 
মই ক’লোঁ, “আছে, একে আইৰ সন্তান নহয়, কিন্তু নিজৰ দৰে !”
 
প্ৰশান্তিয়ে মনটো ভৰাই তুলিলে৷
 
ম’বাইলটো উলিয়াই ৰশ্মিলৈ বুলি লিখিলোঁ – “তই এজনী মৰমিয়াল কোমল অন্তৰৰ ছোৱালী, তোৰ মনটো বহুত পৱিত্ৰ৷ মই সন্মান কৰোঁ তোৰ এই পৱিত্ৰতাক, তোৰ অন্তৰত যেন কলুষতাই ঠাই নাপায়৷ মনটো এনেকৈয়ে কোমল কৰি ৰাখিবি, অন্তৰখন এনেদৰেই পৱিত্ৰ কৰি ৰাখিবি৷ মোৰ শুভকামনা সদায়েই আছে তোৰ লগত৷ ভালে থাকিবি৷”
 
ম’বাইলৰ ‘ছেণ্ড’ বুটামটো টিপি দিলোঁ৷ আনন্দতে চকুৰে লোটক বৈ আহি ম’বাইলৰ স্ক্ৰীনতে পৰিল৷ মেছেজটো আৰু স্বচ্ছ হৈ জিলিকি উঠিল ৷
 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
pallab jyoti konwar
7 years ago

ভাল লাগিল