সম্বন্ধ – দিব্যজ্যোতি বৰমুদৈ

হস্পিটেলখনৰ ব্লাড বেংকৰ সন্মুখত নয়ন একপ্ৰকাৰে বহি পৰিল৷ কি কৰিব কি নকৰিব ভাবিব নোবাৰা হৈছেগৈ সি৷ ব্লাড বেংকটোৰ মানুহকেইজনক বাৰে বাৰে কুটুৰিছে সি….“পাৰে যদি দাদা সোনকালে বিচাৰকছোন৷” —

নয়নৰ পত্নী মলয়া৷ তাই প্ৰাই এক সপ্তাহে হ’ল জীবন মৃতু্্যৰ লগত খেলা খেলি থকা৷ সিহঁত দুটাৰ মৰমৰ সন্তান জুৰি৷ তাইৰ সাত বছৰ হৈছেহে৷ তায়ো এসপ্তাহৰ ভিতৰত বহুখিনি বুজি পোৱা হৈ পৰিল৷ নয়নৰ মাক দেউতাক হালেও বোৱাৰিয়েক থকা আই চি ইউ কোঠাৰ সন্মুখৰ পৰা নুঠা সাত দিনেই হ’ল৷ নয়নো পগলাৰ দৰে ইফাল-সিফাল ঘূৰিছে….. তাৰ মৰমৰ মানুহজনীক জীৱনদান দিব পৰা এবটল অ’ নিগেটিভ তেজ বিচাৰি৷ সি প্ৰায় চলাথ কৰি শেষ কৰিছে যোৰহাট চহৰৰ প্ৰতিটো ব্লাড বেংক৷ প্ৰতিখন ঠাইত এটাই উত্তৰ…..“দাদা আপোনাৰ ফোন নম্বৰটো দি যাওক, পালে আমি আপোনাক জনাম৷”…. একেটা উত্তৰ পাই পাই নয়ন হতাশ হৈ পৰিছে৷ হতাশাই তাক এনেকুৱাকৈ আগুৰিছে যে তাৰ যে এজনী ছোবালী আছে সি পাহৰি গৈছে! কোনো এপাকত তাৰ মাক দেউতাকলৈও খং উঠিছে, মনত এনেকৈ ভাব হৈছে যেন তাক অতীতে ক্ষমা নকৰি খেদি ফুৰিছে! ……. তাৰ নিজৰ ভনীয়েক ময়ুৰীলৈ খুব মনত পৰিব ধৰিছে, যেন ময়ুৰী আহি দাদা বুলি মাতি বৌয়েকৰ ওচৰলৈ দৌৰি যাব!

নয়নে জনাত একমাত্ৰ সি চিনি পোৱা মানুহজনী হ’ল ময়ুৰী৷ যাৰ ব্লাড চেম্পোল অ’ নিগেটিভ৷ কিন্তুু সি জানিও ভনীয়েকক মাতিব পৰা নাই৷ কিয়নো সিহঁতৰ এটা নিষ্ঠুৰ অতীত আছে৷ কলেজ পঢ়ি থাকোঁতে সি তাৰ নলে গলে লগা বন্ধু ছহিদূল ইছলাম নামৰ ল’ৰা জনক মাজে মাজে সিহঁতৰ ঘৰলে লৈ আহিছিল৷ নয়নৰ বন্ধু বুলিয়েই তাৰ নীতি- নিয়ম মনা ঘৰখনেও লাহে লাহে ছহিদূলক ঘৰখনলে অহা যোৱা কৰাত কোনো আপত্তি নেদেখুৱাইছিল৷ তেনেকৈ থাকোঁতেই এদিন তাৰ ভনীয়েক ময়ুৰীৰ ছহিদূলৰ লগত ভালপোৱা হ’ল, সেয়া কোনেও গমকে নাপালে৷ দুবছৰ মানৰ পিছত যেতিয়া নয়নৰ ঘৰখনে গম পালে তেতিয়া ময়ুৰীৰ ওপৰত কৰা হিটলাৰী শাসন তাই সহিব নোৱাৰি এদিন ছহিদূলৰ লগত পলাই গুছি গ’ল৷ সম্বন্ধ তাতেই শেষ; সমাজৰ আওতাৰ বাহিৰ হোবা ময়ুৰী সিহঁতৰ কাৰণে চিৰদিনৰ বাবে হেৰাই গ’ল৷ ককায়েক হিচাপে ময়ুৰীক সি ঘূৰাই মূল সুঁতিলে আনিব খুজিছিল…..কিন্তুু নোৱাৰিলে৷ ছহিদূলে আকৌ এজনী বিয়া পাতি ল’লে….. কিন্তুু ময়ুৰী নাহিল৷ তেতিয়া নয়নে তাইক কৈছিল…..“য’তে থাক আইজনী ভালকৈ থাকিবি৷”

নয়নে কথবোৰ ভাবি থাকোঁতেই কেতিয়া হস্পিটেলখনৰ ফ্লোৰত বহি লৈছিল সি গমকে পোৱা নাছিল৷ নাৰ্ছ জনীৰ মাতত হে সি সম্বিত্ ঘূৰাই পালে৷ দাদা….“ তেজৰ যোগাৰ হ’ল৷ “….
সি মূৰ তুলি চাইয়ে তাৰ সন্মুখত মাক দেউতাকক থিয় দি থকা দেখিলে৷ দেউতাকৰ কান্ধত মাকে মূৰ থৈ কান্দি আছে আৰু জুৰীয়ে আয়েকক সাৱটি ধৰি তালৈকে চাই আছে৷ কাৰো মুখত মাত নাই৷ কাষৰ কোঠালিটোৰ পৰা সি ভনীয়েক ময়ুৰীক উলাই অহা দেখা পালে৷ তাইৰ মুখত এটা ক্ষীণ হাঁহিও কোনেও দেখা নাছিল৷ তাই কাষ চাপি আহিল……এবাৰ সকলোলৈকে চাই তাই ক’লে, “দাদা তই ভুল বুজি নাথাকিবি, যে তই মোৰ কাৰণে কিবা ভুল কাম কৰিছ৷ ভুল মই কৰিছিলো আৰু সেই ভুলক লৈ মই সদায় অনুতপ্ত৷ ঘৰখনলে নাহোঁ কাৰণ তহঁতৰ সন্মানবোধ আছে৷ কিন্তুু, মোৰ নহয়….তহঁতৰ৷ মা-দেউতাক ভালে ৰাখিছ সেয়াই মোৰ বাবে বহুত৷ এতিয়া মই যাওঁগৈ….৷ “

কোনেও কাকো একো ক’ব পৰা নাই! ভাষাই চকুৰ চকুপানীৰ বসন পিন্ধিছে৷

ময়ুৰী কৰিড’ৰটোৰ শেষত গৈ থমকি ৰ’ল৷ পিছলৈ ঘূৰি চাই নয়নক ক’লে…“দাদা আজি ৰাখি বন্ধনৰ শুভ ক্ষণ৷ মোৰ শৰীৰৰ তেজেৰে আজি তোক তোৰ মৰমৰ উপহাৰ এটা দি আহিছো৷ এবাৰ চাই আহগৈ……৷ ”

নয়নে ময়ুৰীৰ উচৰলৈ দৌৰি গৈ সাৱটি ধৰিলেগৈ৷ চকুপানীৰ মাজত পৃথিৱী হেৰাই গ’ল! মাক দেউতাকেও দুয়োটাক সাৱটি ধৰিলেহি! জুৰীও সিহঁতৰ মাজত সোমাই পৰিল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments