সম্বিৎ (উজ্জ্বল ফুকন)

সম্বিৎ

–          উজ্জ্বল ফুকন

“অই নানা, ক’ত যাৱ ৰে ? আমোলাপট্টিলৈ যাবিনেকি”? — মদনে চিঞৰি সুধিলে । নানাৰ ভাল নাম অৰ্জুন গুৱালা, কিন্তু সকলোৱে তাক নানা বুলিয়েই মাতে ।

ৰিক্সাৰ গতি অলপ কম কৰি নানাই উত্তৰ দিলে, “যাম ৰে, আহি যা”।

“তই গৈ থাক, আমি গৈ আছোঁ তোৰ পিছে পিছে । বাট হেৰুৱালে তোক দেখুৱাই দিম”। ৰমেনে এইবাৰ চিঞৰি ক’লে।

দুয়োটাই খিলখিলাই হাঁহিবলৈ ধৰিলে । গহীনো আহি সিহঁতৰ হাঁহিত যোগ দিলেহি ।

“ধেৎ চাল্লা, ফাল্টু কৰিব আহিছ ।”–তাহাঁত কেইটাৰ ফালে চাই নানাই খঙতে বকিবলৈ ধৰিলে –“চাল্লা, এখন ৰুটীৰ কাৰণে আমি ৰিক্সা চলাইছোঁ আৰু তাকে চাই তহঁতি ফূৰ্তি পাইছ, যা যা তহঁতৰো দিন আহিব”। নানাই খঙত চিঞৰি গুচি গ’ল।

শেষৰ শব্দকেইটাই তিনিওটাৰে বুকু বিন্ধি গ’ল । “নাই, এই নানাক জোকোৱাটো বেয়া হৈছে”।

বুধিন বৰাই চোতালৰ পৰা সিহঁতৰ কাণ্ড কাৰখানা চাই আছিল। “হেৰ’, মূৰখোৱাহঁত তহঁতৰ আৰু কাম নাইকিয়া হ’ল নেকি ? সেই যে খাটি খোৱা মানুহটোক জোকাবলৈ আহিছ ।

তিনিওটা তলমূৰ কৰি বুধিন বৰাৰ কাষ পালেহি । “ককা, আমাৰ ভুল হ’ল ।ধেমালিৰ মাজত কথাটো ইমান গহীন হৈ যাব বুলি আমি ভবা নাছিলোঁ” – ৰমেনে লাহেকৈ ক’লে ।

“কেবল মোক কিয় টানিছ তই, আৰম্ভ মদনেহে কৰিছিল” – গহীনে চিঞৰি উঠিল ।

“হেৰ, গোবৰ, তোৰ কথা কোৱা নাই, পৰিবেশটোৰ কথা কৈছে । বাঁহগছৰ দৰে ওখহে হৈছ, মগজটো অলপো বঢ়া নাই ।দুই কাঁহী ভাত খাই মগজটো মোটা হৈছে তোৰ ।অলপ গাখীৰ খোৱা আৰম্ভ কৰ” – বুধিন বৰাই গহীনক ক’লে ।

গহীনে লাজত তললৈ মূৰ কৰি ভৰিৰ নখেৰে মাটি খুচৰিবলৈ ধৰিলে ।

“গহীনৰ আৰু এতিয়া গাখীৰ খোৱা বয়স নাই” – মদনে ফুচফুচাই ৰমেনক ক’লে ।

কিন্তু শহাকণীয়া বৰাই কথাটো শুনি মদনক ক’লে – “হয়, কটা নিধক, হয় । তহঁতৰ এতিয়া গাখীৰ খোৱা বয়স নাই । কি খাম বুলি ভাবিছ ?  সিবিধতহে ধৰিবি যেন পাইছোঁ । আজিকালিটো ধেৰ নাম দিছ তহঁতি, দেমকেয়াৰ টনিক, ফূৰ্তি পানী’ নহয়নে ?”

তিনিওটা এইবাৰ শিলপৰা কপৌৰ দৰে ৰৈ থাকিল ।

বুধিন বৰাই আজি কিন্তু এৰি দিয়াত নাই ।

“হেৰ’, অসমীয়া জাতিক মানে কানি খুৱাই কানিয়া কৰি গ’ল । কিন্তু বৰ্তমানৰ ৰক্ষকবোৰো মানতকৈ কোনোগুণে কম নহয় । আগৰ চৰকাৰে যদি ৰেচনৰ দোকানৰ দৰে মদৰ দোকান খুলিছিল তেন্তে এতিয়াৰ চৰকাৰে আৰু এখোজ আগবাঢ়ি পাণ দোকানৰ দৰে পদূলিয়ে পদূলিয়ে মদৰ দোকান খুলিছে । আবকাৰি বিভাগ অসম চৰকাৰৰ আজি দ্বিতীয়টো লাভজনক বিভাগ ।মদে আজি আমাৰ সমাজ জীৱন কোঙা কৰাত উঠি পৰি লাগিছে । এতিয়া তহঁতমখা ওলাই আহিছ এই আবকাৰী বিভাগটো সকলোতকৈ লাভজনক বিভাগ কৰিবলৈ তেন্তে মই বাধা দিয়াৰ প্রশ্নই নাহে । কি মদন, মই ঠিক কৈছোঁনে ?” -বুধিনে মদনলৈ চাই ক’লে।

মদনে অঙ্ক শিক্ষকে গোটেই শ্রেণীটোৰ আগত হাত ৰঙা পৰি যোৱাকৈ মাৰি দুৱাৰমুখত কাণত ধৰাই থওঁতেও চাগে’ ইমান লাজ পোৱা নাছিল ।

“আৰু তহঁতৰ কথাত যদি সেই চাহ জনগোষ্ঠীৰ মানুহটোৱে অসমীয়া মূল সুঁতিৰ পৰা ওলাই যাব খোজে তেতিয়া তহঁতি জানো ৰখাব পাৰিবি ? আমাৰ পূৰ্বপুৰুষে গোটেই জাতি জনগোষ্ঠীক একতাৰ ডোলেৰে বান্ধি গঢ়ি থৈ যোৱা বৰ অসম আমাৰ চকুৰ আগতে ভাঙি টুকুৰা টুকুৰ হ’ল। মই কিন্তু সিহঁত আঁতৰি যোৱাৰ বাবে আমাৰ দিনৰ ভৈয়ামত থকা মানুহখিনিক দোষ দিওঁ । আমি যি ভুল কৰিলোঁ তাৰ পুনৰাবৃতি যাতে আমাৰ নতুন প্রজন্মই নকৰে তাৰ কাৰণেহে বক্তৃতা দি তহঁতৰ কাণ পকালোঁ । কিবা যদি বুজি পালি তেন্তে ভাল কথা, নহ’লেও উপায় নাই ।”

“নাই ককা, আমি বুজি পাইছোঁ । আমি নানাৰ ওচৰত ক্ষমা খুজিম” – তিনিওটাই একেলগে ক’লে।

“ভাল কথা । কিন্তু মই নাজানো, নানা এতিয়া কেনে অৱস্থাত থাকে ।গধূলি হ’লতো” – বুধিন বৰাই মিচিকিয়াই ক’লে । বুধিনৰ কথা শেষেই নহ’ল, ঘৰৰ মুখৰ আলিবাটৰপৰা এটা চিঞৰ ভাঁহি আহিল ।

“মই অৰ্জুন, যুধিষ্ঠিৰৰ বংশৰ মানুহ । তহঁতি মোক হাঁহিছ । আজি মোৰ হাতত ধনু নাই কি হ’ল, হাৰিয়াৰ বটলটোতো আছে ।”

“শেষ,  নানাই খাই বৈ আহিছে, আজি তহঁতক চৈধ্য গোষ্ঠী উজাৰি গালি পাৰিব”- বুধিনে ক’লে ।

ভৰিৰে পূৰণ চিন সাজি সাজি আহি থকা নানা বুধিন বৰাৰ ঘৰৰ মুখৰ খালত সোমালহি ।

“হেৰৌ নানা, তইতো খালত পৰি গ’লি” – মদনে চিঞৰি নানাক ক’লে ।

“তহঁতি মূতি দিলে উটি যোৱা মানুহ । মই অৰ্জুন, যুধিষ্ঠিৰৰ বংশধৰ ! পৰি মৰা মানুহ নহয়” – নানাই খালৰ পৰাই চিঞৰি ক’লে ।

“কিন্তু তই দেখোন পৰিলিয়েই” – ৰমেনে মাত লগালে ।

“পৰিলোঁহে, মৰিলোঁ জানো” – নানাই ক’লে ।

বুধিন বৰাই নানাৰ কথা শুনি মিচিক-মাচাককৈ হাঁহিবলৈ ধৰিলে – “হেৰ’, তাক খালৰপৰা উঠাই আমাৰ চোতাললৈ লৈ আহ” ।

তিনিওটাই নানাক দাঙি চোতাললৈ লৈ আহিল । হাৰিয়াৰ গোন্ধ আৰু খালৰ গেলা বোকাৰ গোন্ধ মিহলি হৈ নানাৰ গাৰ পৰা এটা অকটা গোন্ধ ওলাইছিল ।

“যা, পানী এবাল্টি আনি তাক চাফা কৰি দে” – বুধিনে গহীনক ক’লে ।

তিনিওটাই পানীৰে গা ধুৱাই নানাক চাফা কৰাত লাগিল ।

“চাহ বাগিছাতেইইইইই……. আমাৰ জীৱননন, মাজে মাজে হাৰিয়া খাবৰ মন” – নানাই ৰিমিক্স কৰি গোৱা গানটো শুনি গোটেইবোৰে হাঁহিব ধৰিলে ।

নানাইও সিহঁতলৈ চাই এটা মাতাল হাঁহি মাৰিলে ।

“নানা ৰে, আমাক মাফ কৰি দিবি, আবেলি তোক ধেমালিতে জোকাইছিলোঁ”-মদনে নানাক ক’লে ।

নানাৰ এতিয়া হাৰিয়াৰ নিচা অলপ অলপ আঁতৰিছিল—“হেই, একো নাই ৰে, তহঁতিতো মোৰ ল’ৰাৰ নিচিনা, হয় না ৰে চাচা” – নানাই বৰাৰ ফালে চাই সুধিলে ।

“হয়, হয়” – বুধিন বৰাৰ উত্তৰ ।

“হেই ভাইহঁত, মোৰ ৰিক্সাটো বাটত থাকি আহিল, তহঁতি লৈ আহিব পাৰিবি নেকি ?” – নানাই তিনিওটাকে সুধিলে ।

তিনিওটাই হয়ভৰ দি ৰিক্সাখন লৈ আহিল ।

মদনে চলোৱা ৰিক্সাত তিনিওটা উঠি ল’লে । দুয়োকাষে গহীন আৰু ৰমেনক লৈ নানা গহীনৰ গাতে বহি দিলে ।

ঘৰলৈ গৈ থাকোঁতে নানাই মতলীয়া হৈ গাই গ’ল — “আমি অসমীয়া, নহওঁ দুখীয়া বুলি সান্ত্বনা লভিলে নহ’ব ! হ’ব নেকি ভাইহঁত ?”

তিনিওটাই একেলগে চিঞৰে – “নহ’ব” ।

নানাই আকৌ গাবলৈ ধৰে—“আমি এইভাগে থাকিলেইইই হ’ব” ।

তিনিওটাই ভালকৈ বুজিলে নানাই যে গানটো নিচাত গোৱা নাই । আজি যেন আৰু এজন প্ৰকৃত অসমীয়া হেৰাই যোৱাৰ পৰা ৰক্ষা পৰিল ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments