সম্ভোগ – অভিজিত দত্ত


এয়া আজি প্ৰায় চাৰিশ বছৰমান আগৰ কথা। এখন জনজাতীয় গাঁও আছিল। আচৰিত বেশভূষা পৰিহিত এই গাঁওখনৰ মানুহবোৰ। এখন দেশৰ সীমামূৰীয়া অঞ্চল এটাত অৱস্থিত এই গাঁওখনত খোৱা-পিন্ধাৰ একো সমস্যা নাছিল। অৱশ্যে তেওঁলোকৰ খোৱাৰ বাবে বৰ বিশেষ খাদ্যসামগ্ৰীৰ প্ৰয়োজনো নাছিল। পথাৰখনৰ ফৰিং, উইচিৰিঙা আদি ভাজি খাই তেওঁলোকে পৰিতৃপ্তি লাভ কৰিছিল। আনহাতে গাঁওখনৰ কাষৰতে থকা অৰণ্যৰ বিশাল গছবোৰৰ পাতবোৰেৰে এই খৰ্বকায় আকৃতিৰ মানুহবোৰে লজ্জা নিবাৰণ কৰিছিল। তেওঁলোকৰ কথা অথবা বিখ্যাত কাহিনীসমূহ লিপিবদ্ধ কৰা হৈছিল। এই কামটো কৰিবলৈ তেওঁলোকে শিলসমূহ নিৰ্বাচন কৰি লৈছিল। শিলত কাটি কাটি তেওঁলোকে কথা অথবা কাহিনীসমূহৰ মুখ্য বিষয়সমূহ লিখি থৈছিল।


আজি প্ৰায় বিশ বছৰমান ধৰি প্ৰখ্যাত নৃতত্ববিদ ড° বৰুৱাই বিলুপ্তপ্ৰায় জনজাতীয় গাঁওখনৰ ভাষা উদ্ধাৰ কৰাত সময় অতিবাহিত কৰিছে। তেওঁ পাঠোদ্ধাৰ কৰা কথাবোৰ তেওঁৰ নোটবুকত আৰু কম্পিউটাৰত সাঁচি থৈছে। সেই জনজাতীয় লোকসকলৰ উত্তৰ পুৰুষে কোৱা কথাবোৰ তথা তেওঁলোকৰ আদিপুৰুষসকলে শিলত খোদিত কৰা কথাসমূহৰ সূত্ৰ এটা গাঠি তাৰ ওপৰত তেওঁ একোটা কাহিনী সৃষ্টি কৰি থৈছে।
অভিনৱে ৰাতি দুপৰত এটা কাহিনী পঢ়িবলৈ আৰম্ভ কৰিলে।


“মানুহজনী হয়তো তেতিয়া গছডালত ওলমি আছিল। মই যেন শিলটোৰ কাষত বহি মানুহজনীক লক্ষ্য কৰি আছোঁ। মানুহজনীৰ ছবি এখন শিলটোত খোদিত কৰা হৈছে। তাৰ ওচৰতেই হয়তো এয়া জলাহ ভূমি এখনৰ ছবি আঁকিছে। সৌ সেয়া অদূৰত আন কেইজনমান মানুহৰ ছবি বিদ্যমান হৈ আছে। সম্ভৱতঃ এই মানুহকেইজনে গাত এটা খান্দি আছে। সৌৱা ৰজাৰ কাপোৰ পিন্ধা মানুহজনে কিবা এটা মুখত দি তাইলৈ চাই আছে। তাৰ ওচৰতে এজনী সৰু ছোৱালীৰ চিত্ৰ অংকন কৰা হৈছে। মুখত তাৰ হাঁহি বিৰিঙিছে।
“অ’ ককাই, তোৰ কাম শেষ হোৱাগৈ নাই নেকি অ?” কাঁচিখনেৰে পিঠি খজুৱাই মানুহজন মোৰ ওচৰলৈ আগুৱাই আহিল। মই তাক চিনি পাওঁ। জনজাতীয় লোকজনৰ নাম আদি। সি এই গাঁৱৰ পুৰোহিত। গাঁওখনৰ এটা মন্দিৰত সি কৰ্মত নিয়োজিত হৈ আছে। পুৰোহিত হিচাবে শিলত খোদিত এই চিত্ৰসমূহ মচি-কাচি চাফ কৰাৰ দায়িত্বও তাৰ হাতত ন্যস্ত আছে। প্ৰথম অৱস্থাত সিহঁতে মোক সহ্য কৰিব পৰা নাছিল। পিছে সিহঁতৰ ধৰ্মত মই দীক্ষা লোৱাৰ পিছত সিহঁতে মোক কিছু ক্ষেত্ৰত হকাবাধা নকৰা হ’ল। বৰং মাজে মাজে সিহঁতৰ ভাগৰ ফৰিং এটা বা আমৰলি পৰুৱা এটাৰ ভাগো মই পোৱা হ’লোঁ।
এয়া দিনটোৰ কাম শেষ কৰি মই মোৰ সৰু কোঠালীটোত সোমাইছোঁ। কম্পিউটাৰটো ‘অন’ কৰি লৈ মই কথাবোৰ জুকিয়াই চালোঁ।
মোৰ অভিজ্ঞতা আৰু জ্ঞানে নিম্নলিখিত কাহিনীটো সৃষ্টি কৰিবলৈ সাজু হৈছে। মই নাজানো এই কাহিনীটো কিমান শুদ্ধ অথবা ভুল। কিন্তু আজি অতবছৰে এই জনজাতীয় সমাজখনৰ প্ৰচলিত ৰীতি-নীতি সম্পৰ্কে মই যি অধ্যয়ন কৰিছোঁ, তাৰ সহায়ত মই এনে এটা কাহিনীয়েই যুক্তিযুক্ত হ’ব বুলি বিশ্বাস কৰিছোঁ। আনহাতে আদিহঁতৰ নিচিনা মানুহৰ দ্বাৰা বৰ্ণিত ঘটনাসমূহেও নিশ্চয়কৈ মোক এই কাহিনীৰ ধাৰাটো বিকাশ কৰিবলৈ সুবিধা প্ৰদান কৰিব। নিশ্চয় ইয়াৰ সত্যাসত্য এদিন নিৰূপণ হ’ব।’


তাইৰ নামটো মেন্দি বা ছান্দি বুলি ধৰি ল’ব পৰা যায়। কাৰণ সেই জনজাতীয় সমাজখনত এই দুটা নামৰ ব্যৱহাৰে আদৰৰ ছোৱালী এজনীক বুজাইছিল। এই ধৰক আজিকালি আমি যে ছোৱালীজনীক মৰমতে মাজনী বা সোণপাহী বুলি মাতোঁ, তেনেদৰেই এই নাম দুটাৰে আদৰতে ছোৱালী এজনীক সম্বোধন কৰিছিল জনজাতীয় সমাজখনে।
জনজাতীয় সমাজখনত মিবু আছিল এজন পৰাক্ৰমী মানুহ। মানুহজন ধনে-ধানে নদন-বদন আছিল। কৃষি কৰ্মত নিয়োজিত মানুহজনৰ সাতগৰাকী ঘৈণীয়েক আছিল। অৱশ্যে এই সাতগৰাকী ঘৈণীয়েকৰ পাণিগ্ৰহণ কৰাৰ কাৰণটো কামনা বা বাসনাৰ লগত জড়িত হোৱা এটি বিষয় নাছিল। ইয়াৰ লগত জড়িত বিষয়টো শ্ৰমৰ লগতহে সাঙোৰ খাই আছিল। যিহেতু জনজাতীয় সমাজখনত এগৰাকী পুৰুষে দুগৰাকী বা ততোধিক নাৰীৰ স্বামী হোৱাত কোনো বাধা-নিষেধ নাছিল, সেয়েহে মিবুৰ দৰে যিসকল লোকৰ অৱস্থা টনকিয়াল আছিল, তেওঁলোকে একাধিক নাৰীৰ পাণিগ্ৰহণ কৰি তেওঁলোকক খেতি-খোলাৰ কামত লগাইছিল। এনেদৰে তেওঁলোকে মজুৰি নিদিয়াকৈ পত্নীৰ নামত সৃষ্টি কৰিছিল কিছুমান আজন্ম বনুৱাৰ।
এই মিবুৰেই চকু পৰিল মেন্দিৰ ওপৰত। তাইৰ বাপেকটোৰ মৃত্যুৰ পিছত মেন্দিয়ে তাইৰ মাক আৰু সোৰোপা ভায়েকটোক চোৱাচিতা কৰিছিল। মেন্দিৰ গাঁৱৰ মানুহ এজনে মিবুক খবৰটো দিছিল। মিবুয়ে দুদিনমান আলেঙে-আলেঙে মেন্দিক লক্ষ্য কৰিলে। আৰু এদিন সি মেন্দিৰ মাক আৰু ভায়েকটোৰ দায়িত্ব ল’ব বুলি সমাজক প্ৰতিশ্ৰুতি দি মেন্দিক আনি তাৰ ঘৰ সোমোৱালেহি। মেন্দিৰ নতুন পৰিচয় নিৰ্ধাৰণ হ’ল। তাই মিবুৰ অষ্টম পত্নী হিচাবে স্বীকৃতি লাভ কৰিলে। মিবুৰ খেতি চাবলৈ আন এগৰাকী বনুৱাৰ সৃষ্টি হ’ল।
মেন্দিৰ কলিজাটো ক’লা হ’ল। তাইৰ সতিনীসকলৰ অত্যাচাৰ বা পথাৰত কৰা কামতকৈও তাইৰ গাঁওখন এৰি অহা দুখে তাইক যেন এক যন্ত্ৰলৈ ৰূপান্তৰিত কৰিলে। অৱশ্যে যন্ত্ৰৰূপী মেন্দিক মিবুয়ে আদৰ-যত্ন কৰাত কাৰ্পণ্য নকৰিলে। এনেয়ো মিবু মানুহটো বৰ বেয়া নহয়। সি তাৰ পত্নীসকলক অলপ অচৰপ মৰম কৰে। পিছে তাৰ মৰমটো আকৌ মেন্দিৰ বাবে বাপেকে জীয়েকক কৰা মৰম যেনহে অনুভূত হ’ল। তথাপি মেন্দি এনেদৰেই বাচি থাকিল।
মেন্দিৰ বিয়া হোৱা দুবছৰমান হৈছে। তাইৰ কোলালৈ এটা ফুলকুমলীয়া শিশু আহিছে। মেন্দিয়ে তাইৰ নাম আগং ৰাখিছে। লোদোৰ-পোদোৰ ছোৱালীজনীয়ে মেন্দিক আজিকালি সৰু হাত দুখনেৰে স্পৰ্শ কৰিব পৰা হৈছে। তাইৰ স্পৰ্শই মেন্দিৰ বাবে কঢ়িয়াই আনিছে অমিয়া সৰগৰ সুখ। মেন্দি আজিকালি ৰাংঢালি হৈছে। মিবুক দেখিলে তাইৰ খংটো নুঠা হৈছে।
আৰু লাহে লাহে যুৱক হোৱাৰ পথত অগ্ৰসৰ হৈছে কাগং।


মই এইমাত্ৰ সাৰ পালোঁ। কিবা এক চৰাইৰ মাতত ৰাতিপুৱাটো মোৰ কিবা এক শিশু যেন লাগিল। পুৱাটিয়ে যেন সেয়া চৰাইৰ মাতত কলকলাই আছে।
মোৰ আগঙলৈ মনত পৰিল। কাহিনীটো আধা হৈ আছে। চাহ একাপ বনাই কম্পিউটাৰটো অন কৰি ল’লোঁ। আৰম্ভ কৰিলোঁ সেই অসম্পূৰ্ণ কাহিনীৰ পৰৱৰ্তী অংশ।


কাগং মিবুৰ প্ৰথম পত্নীৰ সন্তান। সি সৰুৰে পৰাই বেছ তজবজীয়া। এয়া সি যৌৱনৰ দুৱাৰদলিত আহি উপনীত হৈছেহি। তাৰ গোফ ঠুটিয়াবলৈ আৰম্ভ কৰিছে। সি পখিলাৰ পিছে পিছে লৰা-ঢপৰা কৰিবলৈ আৰম্ভ কৰিছে। এটা পখিলাৰ ৰূপপান কৰাতকৈ তাৰ ঠেংখন বা পাখিখন ভাঙি দি সি অমানুষিক আনন্দ লাভ কৰে।
সি আজিকালি মেন্দিক চাই থাকে। তাইৰ উঠন বুকুত প্ৰায়েই তাৰ চকুদুটাই ভৰ কৰে। সময় সুবিধা পালেই সি মেন্দিৰ স’তে চুপতি মাৰে। তাইতকৈ আঠ বছৰমানে সৰু কাগঙৰ চকুদুটাৰ লোলুপ দৃষ্টি তাই ঠিকেই বুজিছে। পিছে তাৰ উপদ্ৰৱৰ ভয়ত তাই কথাটো মিবুক ক’ব পৰা নাই।
কিনকিনিয়া বৰষুণৰ ৰাতি আছিল। আগং মাকৰ বুকুত সোমাই টোপনিত লালকাল দিছে। মেন্দিৰো চকু লাগি আহিছে। আৰু সেই সময়তেই অঘটনটো ঘটিল। মেন্দিয়ে বিকট চিঞৰ এটা শুনিলে। তাই ধহমহকৈ উঠি বহিল।
এটা অপ্ৰত্যাশিত খবৰে বাট এটা বুলি তাইৰ বুকুলৈ উঠি আহিল। খবৰটোৱে কান্দোন এটাৰ ৰূপ লৈ তাইক বুৰাই পেলালে।
সেই খবৰটো আছিল মিবুৰ নিধনৰ খবৰ। শুই থাকোতেই তাৰ মৃত্যু ঘটিল। মেন্দি অকলশৰীয়া হ’ল।


মিবুৰ মৃত্যুৰ পিছত মেন্দিৰ দিনবোৰ সলনি হ’ল। এটা তিৰবিৰাই থকা তৰাক পপীয়া তৰাৰ ৰূপ দিবলৈ কাগং তৎপৰ হৈ পৰিছে।
আজি তিনিদিন আগতে ঘটনা এটা ঘটিছে। আগঙে মেন্দিৰ গাখীৰ খাই থকা অৱস্থাত তাইক জোৰ কৰি কাগঙে সাৱটি ধৰিছে। শায়িত অৱস্থাত তাইক বলাৎকাৰ কৰা হৈছে। তাই কথাটো কাগঙৰ মাকক জনাইছে। কিন্তু মানুহগৰাকীয়ে তাইকহে গালি-শপনি পাৰিছে। মেন্দি দুখত ভাঙি পৰিছে। পুৰুষপ্ৰধান সমাজখনত তাইৰ অভিযোগৰ কোনো মূল্য নাই বুলি তাই জানে। আনহাতে বাপেকটোৰ মৃত্যুৰ পিছত মানুহজনৰ সকলো সম্পত্তি প্ৰথম পুত্ৰৰ হয় বুলিও মেন্দিহঁতৰ সমাজখনে বিশ্বাস কৰে। মৃত বাপেকৰ পত্নীসকলকো তেওঁৰ প্ৰথম পুত্ৰই ভোগ কৰাত একো বাধা নাই। পুতেকে নিজৰ মাকটোৰ বাদে যিকোনো সতীয়া মাককেই সম্ভোগ কৰিব পাৰে।


লাহে লাহে মেন্দিৰ জীৱনটো তমসাময় হৈ পৰিল। হকে-বিহকে কাগং তাইৰ কাষ চপা হ’ল। তাইৰ গাটো পিটিকি দিয়া, ৰাতি তাৰ শোৱাপাটিলৈ তাইক লৈ যোৱা আদি কথাবোৰ চলি থাকিল। তায়ো এক প্ৰস্তৰ মূৰ্তিৰ দৰে তাৰ মতেই জীৱনটো চলাই থাকিল। সিহঁতৰ সমাজখনে সমগ্ৰ ঘটনা দেখিও নেদেখাৰ ভাও জুৰিলে।
মেন্দিৰ অথন্তৰ বাঢ়ি আহিল। আজিকালি তাইৰ গাটো দুৰ্বল হৈ পৰিছে। তাইৰ খোৱাৰ প্ৰতিও এটা অনীহাই জন্ম লৈছে। দুদিনমানৰ পৰা কিবা এটা খালেই বমি ওলোৱা আৰম্ভ হৈছে।
গাঁওখনৰ জৰাফুকা কৰা পিম্বু বেজে তাই গৰ্ভৱতী হোৱা বুলি তাইক জনাইছে।
মেন্দিৰ মূৰৰ ওপৰত যেন আকাশখন ভাঙি পৰিল। তাই কাগঙৰ কাষ পালেগৈ।
“কাগং, মই পেটত তোৰ পোৱালি ধাৰণ কৰিছোঁ। কিবা এটা কৰ, কাগং।”
মেন্দিৰ কথাত কাগং খঙত ফাটি পৰিল। সি ক’লে,
“য’তে ত’তে তই কামটো কৰিবি আৰু মোক ধৰিবি। আঁতৰ ইয়াৰ পৰা এতিয়াই।”
কাগঙৰ কথাত মেন্দি আচৰিত হৈ পৰিল। এয়া তাইৰ দেহা চুৱা কৰা কাগং। তাইৰ জীৱনটো শেষ কৰি পেলোৱা কাগং।
প্ৰচণ্ড খঙত সুৰাসক্ত কাগঙক তাই চৰ এপাট সোধালে।


এয়া ঘটনাটো শেষ কৰিবলৈ ওলাই মই আদিৰ কথা ভাবিছোঁ। সিয়েই এদিন মন্দিৰৰ পূজা-অৰ্চনা শেষ কৰি শিলত খোদিত কৰা চিত্ৰসমূহ চাই মোক কথাটো কৈছিল,
“অ’ ককাই, এই যে গছত ওলমি থকা মানুহজনী, তাই হ’ল মেন্দি। গিৰিয়েকৰ মৃত্যুত তাই নিঠৰুৱা হৈছিল অ’। আৰু সৌ যে গাতটো দেখিছ, তাতেই তাইৰ শৰীৰটো পোতা হৈছিল। সেই যে ৰজাৰ কাপোৰ পিন্ধা মানুহজন, সি হল কাগং। মানুহজনীৰ গিৰিয়েকৰ প্ৰথম ঘৈণীয়েকৰ প্ৰথম সন্তান। তাৰ কাষতে থকা সৌ সৰু ছোৱালীজনী তাইৰ, মানুহজনীৰ। তাই হল আগং। তাইক শাস্তি দিয়া হৈছে। কিয় জান? কাগঙৰ উৎপাতত তাই এদিন তাক এপাত চৰ সোধালে। আচলতে তাই যে পেটভাৰী হ’ল আৰু তেতিয়াও কাগঙে তাইক উপেক্ষা কৰিলে, তাই সেইবাবেই প্ৰথমবাৰৰ বাবে থৰকাচুতি হেৰুৱাই তাক চৰপাট বহুৱালে। চৰ খাই কাগং ক্ৰোধত ৰঙা পৰি উঠিল। এনেয়েও সি অলপ পাগল ধৰণৰ আছিল। সি বুজি পালে যে মেন্দিৰ ভাল লগা ভাৱটো সি কেতিয়াও আদায় কৰিব নোৱাৰে। বৰং তাই তাৰ সন্তান পেটত ধাৰণ কৰি তাৰ বিপদ চপাব কেতিয়াবা। গতিকে সৰু ছোৱালীজনীৰ আগতেই সি তাইক মাৰি পেলালে দে।”
“সঁচানে কাহিনীটো?” মই আদিক সিদিনা সুধিছিলোঁ।
“নাজানো দে। আমাৰ বহু কাহিনী আছে নহয়; এই শিলত কটা ছবিবোৰৰ ওপৰত। তাৰেই ইয়ো এটা কাহিনীয়েই দে।” আদিয়ে মোক এনেদৰে কৈছিল।

১০
কাহিনীৰ মূল এয়াই। এই শেষৰ কথাখিনি মানে আদিয়ে কোৱা কথাখিনিৰেই মই কাহিনীটো শেষ কৰিলোঁ।”

১১
“অভি, অভি। উঠ অ’। কিমান শুবিনো আৰু?”
মাকৰ মাতত সি সাৰ পালে। সি দুৱাৰখন খুলি দিলে। এগৰাকী শীৰ্ণকায় মহিলা তাৰ কোঠালৈ সোমাই আহিল।
সেয়া তাৰ মাক। মাকে লাহেকৈ আহি তাৰ বিচনাখনত বহিল।
অভিয়ে মাকলৈ অপলক নেত্ৰে চাই থাকিল। মাকৰ মিচিকিয়া হাঁহি এটাই তাক চুই গ’ল।

১২
এইবাৰ অভিনৱে সঁচাকৈ সাৰ পালে। সি আচৰিত হ’ল। সদ্যমৃত বাপেক ড° অনিৰ্বান বৰুৱাই সৃষ্টি কৰা কাহিনীটো পঢ়ি থাকোতেই সি নিদ্ৰাৰ কোলাত ঢলি পৰিছিল।
সপোনত তাৰ মাক আহি তাৰ বিচনাখনত বহিছিল। মাকে দেউতাকৰ আগতেই ইহলীলা সম্বৰণ কৰিছিল। দেউতাকে সেই সময়ত কোনো পাহাৰত কিবা এক বিষয় অধ্যয়ন কৰি আছিল। শৈশৱতে হেৰুওৱা মাকৰ স্মৃতিত অভিনৱৰ মনটো কেনেবা কৰিলে।
মেন্দি আৰু তাৰ মাকৰ দুখন মুখ একাকাৰ হৈ সেই কাহিলি পুৱা অভিনৱৰ চকুৰ আগত ভাহি থাকিল।


Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক