সময়ৰ অভাৱ – হিতেশ্বৰ শৰ্মা

ব্যস্ততা আৰু সময়ৰ চিন্তাই বৰ্তমান মনোজগতখন সৰ্বত্ৰ দখল কৰি ৰাখিছে৷ প্ৰাচীন গ্ৰীক দাৰ্শনিক Antiphon আৰু সমসাময়িকসকলে কৈছিল যে সময় হ’ল এক বিশেষ মাপ দণ্ড য’ত মানুহৰ মন মগজুৱে বাস্তৱৰ ঘটনাৰাজিক এক বিশেষ অনুক্ৰমত সজাব পাৰে৷ গতিকে সময়ক কেৱল এক ভ্ৰম বুলিহে ভাবিব পাৰি৷ কিন্তু হেৰক্লিটাছে সময়ক সম্পূৰ্ণ বাস্তৱ বুলি ধৰি লৈছিল৷ তাৎপৰ্য্যপূৰ্ণভাবে আধুনিক বিজ্ঞানে কয় যে সময়ৰ চেতনাবোধ কেৱল মানুহৰহে আছে৷ বৰ্তমানটো হ’ল বাস্তৱ, য’ত আমি জীয়াই থাকোঁ৷ বাকী অতীত বা ভৱিষ্যত হ’ল আমাৰ একো একোটা ধাৰণাহে৷ মানুহৰ মগজুৱে ঘটি থকা ঘটনাসমূহক সময়ৰ ৰেখাত এটা অনুক্ৰমত বহুৱাই তুলনা কৰিব পাৰে আৰু সম্ভাৱনীয়তাখিনিক একেদৰে কল্পনা কৰি একে অনুক্ৰমত বহুৱাই লৈ ভবিষ্যত চিন্তা কৰিব পাৰে৷ এই ভবিষ্যতৰ ধাৰণা বা সময়ৰ অনুক্ৰমত সজ্জিত কৰি তুলনা কৰিব পৰা শক্তিয়েই হয়তো সৃষ্টিশীল চেতনাৰ বিকাশ ঘটাইছিল আৰু আজিৰ সভ্য আৰু বিকশিত অৱস্থা এটাৰ জন্ম দিছে৷ সেয়েহে সময়ৰ মূল্য বহু ওপৰত বুলি ভবাৰ বহুতো অৱকাশ আছে৷ এতিয়া সময়েই হ’ল আটাইতকৈ মূল্যৱান বস্তু৷ কিন্তু এইখিনিতেই আমাৰ মনলৈ

পুনৰ একেটা প্ৰশ্ন আহে যে এই সময়ৰ সৃষ্টিকৰ্তা কোন? গ্ৰহ নক্ষত্ৰ ইত্যাদিবোৰক স্ৰষ্টাই যেনেকৈ এক কায়িক ৰূপ দিছে সময়ৰো কিবা কায়িক ৰূপ আছে নেকি? নাইবা ই সঁচাকৈয়ে এক ভ্ৰম নেকি? যদি ইয়াৰ অস্তিত্বই নাই তেন্তে তাৰ অভাৱ ইমান কিয় হয়৷ সময়ৰ অস্তিত্ব সম্বন্ধে যদিও চিন্তাবিদ, দাৰ্শনিক, বিজ্ঞানীসকল এতিয়াও এক মতত উপনীত হব পৰা নাই, কিন্তু সময়ৰ অভাৱ সম্বন্ধে সকলোৱে একমত৷

এতিয়া মাথোঁ ব্যস্ততাৰ যুগ৷ সকলোতে কেৱল সময়ৰ অভাৱ পৰিলক্ষিত হৈছে৷ সঁচাকৈয়ে সময়ৰ অভাৱ নে এই অভাৱৰ সৃষ্টি আমি নিজেই কৰিছোঁ?

বায়ুং চুল হান (Byung chul-han) এজন কোৰিয়ান বংশোদ্ভৱ৷ বৰ্তমান বাৰ্লিন ইউনিভাৰ্চিটিৰ কলা আৰু দৰ্শনৰ অধ্যাপক৷ তেওঁৰ অলপতে (2015) প্ৰকাশ হোৱা “ভাগৰুৱা সমাজ“ গ্ৰন্থই ক্লান্তি বা ভাগৰৰ দাৰ্শনিক বিশ্লেষণে এক প্ৰকাৰৰ আলোড়ন সৃষ্টি কৰিছে৷ কিতাপখনৰ মূল বিষয় হ’ল অত্যধিক ইতিবাচক বাতাবৰণে আমাৰ মনত সৃষ্টি কৰা চাপে এক প্ৰকাৰৰ সময়ৰ অভাৱ তথা অপ্ৰয়োজনীয় ব্যস্ততাৰ পৰিৱেশ গঢ়ি তুলিছে৷ এই ব্যস্ততাৰ বাবে আমাৰ সমাজখন একপ্ৰকাৰৰ ভাগৰুৱা হৈ পৰিছে৷ এটা কথা মন কৰিবলগীয়া যে বৰ্তমান সমাজখন আমি লাভ কৰিছোঁ কঠোৰ শ্ৰম বা পৰিশ্ৰমৰ যোগেদি৷ কঠোৰ শ্ৰমৰ জৰিয়তে এজনে জীৱনত সফল হব পাৰে৷ আনহাতে এলেহুৱা হ’লে বা পৰিশ্ৰম নকৰিলে বিফল হব পৰে৷ যোৱা শতিকাটোত মান নিৰ্ণয় কৰা হৈছিল “সফল“ বা “বিফল” ৰ (success or fail) যোগেদি৷ এতিয়া সেই শ্ৰম বা পৰিশ্ৰমৰ ঠাই দখল কৰিছে ব্যস্ততাই৷ চাৰিওফালে ইমান ইতিবাচক বাতাবৰণৰ সৃষ্টি হৈছে যে গোটেই জগতখন কিছুমান শ্লোগানেৰে ভৰি পৰিছে৷ “তুমি কৰিবই লাগিব“ (you must do it), “তুমিয়েই পাৰিবা“ (you can do it) জাতীয় ইতিবাচক শ্লোগানে মনোজগতখনত অত্যধিক চাপৰ সৃষ্টি কৰিছে৷ এতিয়া আৰু সফল বা বিফল নাই, আছে মাথোঁ প্ৰাপ্তি আৰু বঞ্চিত৷ এতিয়া কেৱল লাভ লোকচানৰ হিচাপত নিমজ্জিত সমাজ৷ মানুহে যিহেতু সময়ৰ ৰেখাডাল চিনি পায় গতিকে বৰ্তমানটো পৰিহাৰ কৰি কল্পনাৰে সৃষ্ট এক ভবিষ্যতৰ প্ৰাপ্তিৰ বাবে লক্ষ্য আগতেই স্থিৰ কৰি পেলায়৷ সেই কাল্পনিক লক্ষ্যত উপনীত হোৱাৰ বাবে যি প্ৰচেষ্টা বা কৰ্মৰাজিৰ প্ৰয়োজন তাক হেঁচি ঠেলি সময়ৰ ৰেখাত সুমুৱাই দিয়ে৷ সেয়েহে সময়ৰ অভাৱ বাৰুকৈয়ে অনুভৱ হয়৷ সুন্দৰ ভবিষ্যতৰ আকাংক্ষাই ইমানেই মোহাচন্ন কৰি ৰাখে যে পৰাজয় হ’লেও বাৰে বাৰে চেষ্টা কৰি জীৱনৰ সকলোখিনি হেৰুৱাই পেলায়৷ দেখা যায় যে বহুজাতিক ব্যৱসায় প্ৰতিষ্ঠানসমূহে সময়ে সময়ে কৰ্মচাৰীসকলৰ মাজত বিভিন্ন প্ৰশিক্ষণৰ জৰিয়তে (motivational class) সুন্দৰ ভবিষ্যতৰ সপোন জাগ্ৰত কৰি ৰাখে৷ কেনেদৰে সময়ৰ ৰেখাডালত হেঁচি-ঠেলি অত্যধিক কামৰ বোজা সুমুৱাই দিব পাৰে তাৰ প্ৰশিক্ষণৰ (time management) ব্যৱস্থা কৰে৷

গোটেই বিশ্বতে এতিয়া কেৱল বাণিজ্যিক প্ৰতিযোগিতা৷ জীৱন ধাৰণৰ মান উন্নত হৈছে সঁচা, লগতে প্ৰয়োজনীয় অপ্ৰয়োজনীয় জীৱন ধাৰণৰ আহিলাৰো পয়োভৰ ঘটিছে৷ প্ৰতিটো আহিলাই যেনে টেলিফোন, মোবাইল, কম্পিউটাৰ, টিভি, গাড়ী আদিয়ে দৈনন্দিন জীৱনৰ সময় কাঢ়ি লৈ গৈছে। ফলত সময়ৰ এক বিৰাট অভাৱে দেখা দিছে৷ আমি হয়তো অজানিতে এক এনেকুৱা ভবিষ্যতৰ ফালে আগবাঢ়ি গৈ আছোঁ য’ত কিছুমান অনুভূতিৰ স্থান সময়ৰ বাবে চিৰ কালৰ বাবে হেৰাই যাব৷ শৰতৰ শেৱালি বুটলা, হাচনাহানাৰ গোন্ধত মন মতলীয়া হোৱা, কুঁৱলীৰ বগা জাল ফালি ওলাই অহা বেলিৰ অনুভৱ, জোন আৰু জোনাকী আদিৰ বাবে হয়তো সময়ৰেই অভাৱ হ’ব৷ পৰি ৰ’ব কেৱল এক কাল্পনিক ভবিষ্যত, য’ত থাকিব কেৱল প্ৰাপ্তি – অপ্ৰাপ্তিৰ হিচাপ আৰু এদল যন্ত্ৰমানৱ৷  ■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments