সময়ৰ চাকনৈয়াত দুৰ্গাপূজা (নৱনীতা বৰ্মন)

আকৌ আহিল পূজা; পূজাৰ আগমনে নতুন উৎসাহ-উদ্দীপনাৰ মাজেৰে আমাৰ চৌদিশে ক’ব নোৱাৰাকৈয়ে এক নতুন পৰিৱেশনৰ সৃষ্টি কৰে৷ শেৱালি ফুলৰ বতৰা লৈ অহা শৰতে আমাৰ কাণত দি থৈ যায় দুৰ্গোৎসৱৰ বতৰা৷ আৰু দূৰ্গোৎসৱৰ সুৱাসে আমাৰ হৃদয়লৈ কঢ়িয়াই লৈ আহে এক অজান পুলক৷ বিশাল পথাৰৰ সেউজীয়াৰ বুকুত আহিনৰ আশাই গজালি মেলে৷ শেৱালিৰ স্নিগ্দ্ধতাৰে হিয়া উপচাই শৰৎ যেন হৈ পৰে অপেক্ষাৰ ঋতু৷ প্ৰকৃততে উৎসৱ যিয়েই নহ’ওক কিয় (বিহু,পূজা, ঈদ কিম্বা বৰদিন); সকলোৰে থাকে এক নিজস্ব তাৎপৰ্য্য আৰু অৰ্থ৷ সমগ্ৰ পূবভাৰতৰ দৰে আমাৰ অসমতো দুৰ্গা পূজা উৎসাহ উদ্দীপনাৰে পালন কৰা হয়৷ হিন্দু ধৰ্মৰ পুৰণি আখ্যানত উল্লিখিত অনুসৰি দেৱী দুৰ্গাক মা ভগৱতী আৰু পাৰ্বতীৰ ৰুপ বুলি গন্য কৰা হয়৷ শক্তিৰ অধিষ্ঠাত্ৰী এই দেৱীৰ পূজাত মানুহ যিমানেই নিজৰ কৰ্মক্ষেত্ৰত ব্যস্ত নহ’ওক কিয়, এই উৎসৱৰ সময়ত সকলো লগ হয়৷ হিয়াবোৰ লগ লাগে৷ জীৱনৰ সুখ-দুখ কষ্ট পোৱা-নোপোৱাৰ অংকবোৰ খন্তেকৰ বাবে হ’লেও পাহৰি উৎসৱ পাৰ্বনত যোগদান কৰে; প্ৰিয়জনৰ সৈতে বাহিৰত এসাঁজ খায়, ফুৰ্টি-তামাছা কৰে৷ আচলতে উৎসৱ-পাৰ্বনেই হৈছে এনেকুৱা এটি উৎস যিয়ে বিভিন্ন ধৰ্মৰ লোকক এক সম্প্ৰীতিৰ ডোলেৰে বান্ধ খুৱাব পাৰে৷ সেয়ে প্ৰতিজন ধৰ্মৱালম্বী লোকে ইজনৰ আনজনৰ উৎসৱ -পাৰ্বনত সমানে অংশগ্ৰহণ কৰা উচিত৷
দূৰ্গোৎসৱ বুলি কোৱাৰ লগে লগে প্ৰথমে আমাৰ মনলৈ আহে বজাৰ-সমাৰৰ কথা৷ এযোৰ সুন্দৰ পোছাক পৰিধান কৰিবলৈ বা নিজকে সজাই পৰাই আনৰ সন্মুখত আকৰ্ষণীয় কৰি তুলিবলৈ বাৰু কোনে নিবিচাৰে? কিন্তুু মন কৰিব যাতে বজাৰ কৰিবলৈ যাওঁতে আকৌ বিভিন্ন প্ৰতিষ্ঠানৰ মন ভোলোৱা বিজ্ঞাপন বা কৌশলৰ প্ৰৱঞ্চনাৰ বলি হ’বলগীয়া নহ’য়৷ কাৰন দুৰ্গাপূজাক কেন্দ্ৰ কৰি গ্ৰাহকক আকৰ্ষণ কৰাৰ মানসৰে সকলো ব্যৱসায়িক প্ৰতিষ্ঠানেই বিজ্ঞাপনৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱা দেখা যায়৷ শেহতীয়াভাবে গঢ়ি উঠা ম’ল সংস্কৃতিয়েই কোনে কিমান ৰেহাই বা অফাৰ দি উপভোক্তাক আকৰ্ষণ কৰিব পাৰে তাৰে এক অঘোষিত প্ৰতিযোগিতাত নামি পৰে৷ যাৰ ফলত এনেকুৱা ৰেহাই দেখি গ্ৰাহকেও দিকভ্ৰান্ত হৈ পৰে আৰু অলাগতীয়াল কিছুমান সামগ্ৰী কিনি আনে; যিয়ে নিজৰ ঘৰৰ বাজেটখনত বিৰুপ প্ৰভাৱ পেলায়৷ সেয়ে আগতীয়াকৈ ক’ত, কেনেকৈ, কাৰ বাবে কি কি কিনিব তাৰ এখন তালিকা প্ৰস্তুত কৰাটো প্ৰয়োজনীয়৷ মনত ৰাখিব আপোনাৰ অকণমান সচেতনতাই এনেকুৱাধৰণৰ প্ৰৱঞ্চনাৰ পৰা হাত সাৰি থকাত আপোনাক সহায় কৰিব পাৰিব৷
বৰ্তমান যুগৰ পৰিৱৰ্তন হৈছে৷ সময়ৰ ধাম-খুমীয়াত আজি সলনি হৈ গৈছে দুৰ্গা পূজাৰ চিত্ৰখনো৷ আগতে মানুহে দেৱী ভক্তিৰ মনোভাৱ লৈ দেৱীক পূজা বা আৰধনা কৰিবলৈ গৈছিল৷ আজিকালি মানুহ যায় লাখ টকাৰে চমক দিয়াৰ প্ৰয়াস কৰা পূজাৰস্থলীসমূহৰ কাৰুকাৰ্য চাবলৈ৷ আজি আৰু আপোনাৰ খোজ কাঢ়ি পূজা চোৱাৰ দিন উকলিল৷ তাৰ লগতে গাড়ীৰে পূজাচোৱাৰ হাবিয়াসো বিসৰ্জন দিব হ’ল৷ কাৰন ক্ৰমান্বয়ে বাঢ়ি আহা জনস্ৰোতে আপোনাক সেই সুবিধাকণৰ পৰাও যে বঞ্ছিত কৰিছে সেয়া ধুৰুপ৷ আজিকালি মানুহৰ যিদৰে ৰং-ৰুচিৰো সলনি হৈছে; তেনেদৰে সলনি হৈছে প্ৰতিখন পূজা মণ্ডপৰ চিত্ৰ৷ সম্প্ৰতি কোনখন পূজা কমিটিয়ে সাধাৰন ৰাইজক মাধামাৰ শোধাই কিমান টকা ছান্দা লৈ লাখ লাখ টকা খৰচ কৰি কি কি নতুন চমক দিব তাৰে এক প্ৰতিযোগিতাত নামি পৰে৷ তাৰ লগতে আকৌ ভুতৰ ওপৰত দানৱ পৰাদি নিউজচেনেলসমূহৰ শ্ৰেষ্ঠ পূজামণ্ডপ বা শাৰদীৰাণীৰ দৰে প্ৰতিযোগিতাই আচলতে এনে কাৰ্যত ইন্ধন যোগাই আহিছে৷ এক কথাত ক’বলৈ গ’লে বৰ্তমানৰ পূজাও বাহ্যিক বিলাসিতাপূৰ্ণ হৈ পৰিছে আৰু বানিজ্যকৰণৰ পৰা পূজাৰ দৰে উপাসনাৰ মাধ্যমসমূহো সাৰি যোৱা নাই৷ কিন্তুু যিখন ৰাজ্যত বছৰি লাখ লাখ মানুহ বানপানীত ককবকাই থাকে; অন্ন-বস্ত্ৰৰ কাৰণে হাহাকাৰ কৰি থাকে সেইখন ৰাজ্যত পূজাৰ নামত লাখ লাখ টকাৰ শৰাধ পতাতো জানো যুক্তিসংগত? কিন্তুু তথাপিও তাৰ মাজতে এচাম পূজাস্থলী এতিয়াও আছে যিবোৰে পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি এতিয়াও চলি আছে৷ কিন্তুু পূজা পূজায়ে৷ আচলতে উৎসৱৰ মাদকতাই সুকীয়া৷ আজি সন্ত্ৰাস বিচ্ছিন্নতা, হিংসা, অসূয়া আদি বিভিন্ন সমস্যাই ৰাজ্যখনক জুৰুলা কৰাৰ লগতে শান্তিহাৰা তথা কলুষিত কৰিছে৷ ক্ষমতা আৰু ভোগৰ লালসাই ৰাজ্যখনক কলংকিত তথা দুৰ্দশাগ্ৰস্ত ৰাজ্যলৈ পৰিণত কৰিছে৷ পৰিস্থিতিয়ে আজি বহু পৰিবৰ্তন আনিছে৷ বৰ্তমানৰ এই যান্ত্ৰিকতাৰ যুগত হয়তো আগৰ পূজাৰ আনন্দ বিচাৰি পোৱা নাযায়৷ তথাপি আমি সকলোৱে মাথোন এই আশাই কৰিব পাৰোঁ এই শৰতে সকলোলৈ কঢ়িয়াই আনক এক নিৰ্মল বতাহ৷ যিয়ে উৰুৱাই লৈ যাওক হিংসা-কপটতা তথা অশান্তিবোৰ৷ দুৰ্গা মাৰ ওচৰত মাথোন মনে-প্ৰানে কামনা কৰোঁ সকলোফালে বৈ যাওক শান্তিৰ নিজৰা…!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments