সময় – অসময় (সংযুক্তা বৰুৱা)

তেওঁৰ বাৰ্তা পোৱা নাই
টেলিফোন অহা নাই,
তাঁৰ ছিগা নাই, কাকো জনোৱা নাই,
কোনেও জনা নাই
তেওঁৰ খবৰ অহা নাই

অচিনাকি নহ’লেও তেওঁৰ সুবাদতে
খোজবোৰ পেলাওঁ,সাৱধানে, জুখি-মাখি
দিনে-ৰাতিয়ে অব্যাহত একেই চেষ্টা
মাথোন সুনিশ্চিত ভৱিষ্যত,জৰুৰীকালীন বীক্ষণ।
তেজ ফাটি ওলোৱা দিনবোৰ..
উকা হৈ পৰা কপালবোৰ
নতুন চেতনাৰে বান্ধিছো।
মাত্ৰ বান্ধিছো
তেওঁ কিন্তু হিচাপ ঠিকেই ৰাখিছে
এন্ধাৰত বগাকৈ বাটবোৰ কাটি থৈছে
চিৰিয়েদি পোহৰবোৰ তললৈ নামি গৈছে

পখিলা খেদা লগৰীয়াখিনি
জোনাকী পোহৰে বান্ধি থোৱা নহ’ল
ৰহিমলা আৰু টিংখং পুৰণিকলীয়া হ’ল
বৰণীয়া ছাতিবোৰত গলি গলি যোৱা
বৰ্ষাৰ মুকুতাবোৰ
তেওঁলৈ সাঁচি ৰখা নহ’ল
তুমি তুমি দুচকুত
জিলিকি উঠা বৰ্ণাঢ্য নীলাবোৰ
তেওঁৱেইটো উৰুৱাই লৈ গ’ল
ভালপোৱাৰ ঐশ্বৰ্য ;

পুনশ্চ
সেই সুৰবোৰ কেতিয়া বাজি উঠিব
কণ কণ শিশুৰ মনে, বিষ্ণু- জ্যোতিৰ সুৰৰ দেউলেৰে,
নতুন মানুহৰ গগণচুম্বী স্বপ্নৰ ছন্দে ছন্দে,
সেয়ে লিখিছোঁ
সূৰুয নামিল বুলিলেই
ফাগুন গুচি গ’লনে
অন্যথা তেওঁলৈ কোনে মনত পেলায়!
ঠিক
বহুদিন তেওঁৰ বাৰ্তা পোৱা নাই
আচলতে
আমি তেওঁৰ খবৰো লোৱা নাই

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments