সময় গতিশীল (ৰূপাংকৰ চৌধুৰী)

হিমাংশু শৰ্মাই দুপৰীয়া আহাৰ গ্ৰহণ কৰি আধা ঘন্টা মানৰ ভাত ঘুমটি এটা মাৰে। উঠিয়েই পাকঘৰলৈ গৈ নিজে বনোৱা ফিকা চাহ একাপ হাতত লৈ আগফালে বাৰাণ্ডাত বহি ৰাস্তাৰে অহা-যোৱা কৰি থকা মানুহবোৰৰ গতি নিৰীক্ষণ কৰি থাকে। পত্নী ৰূপালীম দেৱী এইখিনি সময়ত প্ৰায় ব্যস্ত থাকে ‘স্কাইপ’ত। হিমাংশু শৰ্মাই নাজানে সদায় একেখিনি সময়ত তেখেতৰ পত্নী কাৰ লগত ব্যস্ত থাকে। জানিবলৈ মনো নকৰে। পুত্ৰ থকাৰ পিছতো সেই স্নেহৰ পৰা বঞ্চিত মানুহজনীয়ে হাঁহি মুখে যে থাকে! শৰ্মাৰ বাবে সেয়াই বহুত। শৰ্মাৰ পুত্ৰ –আকাশ কাশ্যপ।
আকাশে তাৰ পঢ়া-শুনা শেষ কৰি হিমাংশু শৰ্মাক জনাইছিল তাৰ মনৰ কথা। জনাইছিল সি ইতিমধ্যে মনে-প্ৰাণে নাজৰনাক নিজৰ কৰি ল’ব বিচাৰে। শৰ্মা হতচকিত। বিদ্যাপুৰৰ বিখ্যাত ব্ৰাহ্মণ পণ্ডিতৰ বংশৰ ল’ৰাই আন ধৰ্মৰ ছোৱালী বিয়া কৰাব??
– তই আন ছোৱালী বিচাৰি নাপালি হিয়া-দিয়া-নিয়া কৰিবলৈ!
– আজিৰ পৰা ২৫বছৰ আগতেও আপুনি বেলেগক নাপালে নেকি? কেনেকৈ আপুনি সেই সময়ত তলৰ জাতৰ নাৰী এগৰাকীক ঘৰলৈ আনিছিল নিজৰ কৰি?
– আকাশ?? সেই তলৰ জাতৰ নাৰি গৰাকী তোৰ মা হয়! ভদ্ৰভাৱে কথা ক’বলৈ পাহৰিলি? তই এতিয়া চেঙেলীয়া ডেকা ল’ৰা হৈ থকা নাই। অভিযন্তা এজন তই?
– চেঙেলীয়া ল’ৰা নহয় বাবেই নিজৰ বিবেকেৰে সিদ্ধান্ত লৈছোঁ। এতিয়া আপোনাৰ আশীৰ্বাদ বিচাৰিছোঁ- আমাৰ সুখময় যুগ্ম জীৱনৰ বাবে।
– কথা বহুদূৰ আগবাঢ়ি গৈছে তেন্তে? উপদেশৰ কোনো মূল্য নাই। আৰু এটা কথা- নাজৰানাৰ ঘৰৰ মানুহে জানো মানি ল’ব তহঁতৰ এই সম্পৰ্ক?
– সেয়া নাজৰানাৰ দায়িত্ব।
নাজৰানাই নিজৰ দায়িত্ব ঠিকেই পালন কৰিছিল। বংশ-পৰিয়ালৰ দুৰ্ঘোৰ আপত্তিৰ পিছতো আকাশে জীৱনসংগী কৰি লৈছিল নাজৰানাক। হিমাংশু শৰ্মা বাধ্য হৈছিল- নিজৰ একমাত্ৰ সন্তানক পাহৰি যাবলৈ। বাধ্য হৈছিল পত্নী ৰূপালীম দেৱীৰ লগত অৱসৰৰ পিছৰ জীৱনটো পাৰ কৰিবলৈ। নিজৰ মনটোৱে নামানে- তথাপি বংশ-পৰিয়াল, সমাজৰ দোহাই দি নিজকে পুত্ৰৰ পৰা বিচ্ছিন্ন কৰি এক গোমা ভৱিষ্যতৰ দিশে আগবাঢ়ি যাবলৈ বাধ্য হৈছিল। সাৰথি তেখেতৰ পত্নী। ৰূপালীম দেৱী।
ৰূপালীম দেৱীয়ে নিজৰ পিতৃৰ আগত স্বীকাৰোক্তি দিয়া সেই দিনটো? বাপেকে পাহৰি যাবলৈ কৈছিল তাইক সেইবোৰ। বুজাইছিল যে পণ্ডিতৰ পুত্ৰৰ লগত বিয়া হোৱা বহুত দূৰৰ কথা তেনেকৈ ভ‌ৱাটোৱে দুৰ্ঘোৰ পাপ। কোনোপধ্যে সম্ভৱ নহয় ৰূপালীম আৰু পণ্ডিতৰ একমাত্ৰ সন্তানৰ বিবাহ।
বিদ্যাপুৰৰ নামজ্বলা ব্ৰাহ্মণ পৰিয়াল। যিখন ঘৰৰ মূৰব্বীজনেই বিদ্যাপুৰৰ অন্য এক পৰিচয়। পণ্ডিত মুকুন্দ মাধৱ শৰ্মা। সংস্কৃতৰ বিদগ্ধ পণ্ডিত। বিদ্যাপুৰত প্ৰত্যেক বছৰে মাঘৰ বিহুত পালন কৰা যজ্ঞৰ মুল কাণ্ডাৰী। সভা শুৱনি ব্যক্তি। সেই অঞ্চলৰ সকলোবোৰ ধাৰ্মিক তথা অইন সামাজিক কাম পণ্ডিতৰ নিখুঁত তত্বা‌ৱধানত নিয়াৰিকৈ সঞ্চালিত হয়। পণ্ডিতৰ একমাত্ৰ পুত্ৰ সন্তান হিমাংশু শৰ্মা। হিমাংশু শৰ্মাই পদাৰ্থ বিজ্ঞানৰ উচ্চশিক্ষাৰ বাবে বিশ্ববিদ্যালয়ত নাম লগাইছিল। তাতেই ভালদৰে চিনা-পৰিচয় ৰূপালীম দেৱীৰ লগত। ৰূপালীম দেৱী ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰী। নিজৰ অঞ্চলত তাইক নেদেখা নহয়। মাত্ৰাধিক সময় নিজৰ পঢ়া-শুনাৰ লগতেই ব্যস্ত থকা বাবে হিমাংশু শৰ্মাই নিজ বংশ-পৰিয়ালৰে বহুতক ভালকৈ চিনি নাপায়। তেনেস্থলত গাওঁৰ সিমূৰৰ তাকো অইন জাতিৰ এজনী ছোৱালীক নিচিনাই স্বাভাৱিক।
কিন্তু বিশ্ববিদ্যালয়ৰ আৱাসত থাকিবলৈ লোৱাৰে পৰা পঢ়া-শুনাৰ নিয়ম সলনি হ’ল। নিজকে বিভিন্ন সামাজিক কাম তথা খেলা-ধূলাৰ লগত জড়িত কৰিবলৈ ল’লে হিমাংশু শৰ্মাই। আকৰ্ষণীয় ব্যক্তিত্বৰ হিমাংশু শৰ্মাক বেছি পৰ নালাগিল বন্ধুত্ব গঢ়ি তুলিবলৈ সকলোৰে লগত। ৰূপালীমৰ লগতো শৰ্মাৰ বন্ধুত্ব স্বাভাৱিক আছিল। মাজে-সময়ে তেখেতৰ চখৰ বিষয় বিশ্ব- ৰাজনীতিৰ-তাত্ত্বিক দিশবোৰ আলোচনা কৰে ৰূপালীমৰ লগত। তেনেকৈয়েই অজানিতে লাহে-লাহে সংগোপনে তেখেতৰ হৃদয়ত এক বিশেষ স্থান লৈ পেলালে ৰূপালীম দেৱী।
পৰিয়ালৰ সকলো হকা-বাধা অতিক্ৰম কৰি ৰূপালীম দেৱীক নিজৰ কৰি লৈছিল শৰ্মাই। নিজাকে এখন সংসাৰ গঢ় দিছিল ভাৰাঘৰত। স্থানীয় কলেজখনত দুয়ো স্বামী-স্ত্ৰী অধ্যাপক হিচাপে নিয়োজিত হৈছিল নিজ-নিজ মেধাৰ বলত। মাজে মাজে শৰ্মাৰ মাকে পণ্ডিতে গম নোপোৱাকৈ আহি লাড়ু-পিঠা দি থৈ যায় ৰূপালীমৰ হাতত। হাটৰ পৰা পণ্ডিত মুকুন্দ মাধৱ শৰ্মাই বুঢ়াদিয়াৰ ডাঙৰ বৰালি মাছ আনে। হিমাংশুৰ প্ৰিয় বৰালি মাছ মাকে ধুনিয়াকৈ ঔ-টেঙাৰে ৰান্ধি ঘৰৰ বন কৰা ল’ৰা মুৰাকণৰ হাতত পঠিয়াই দিয়ে টিফিনত। লাড়ু, পিঠা আৰু ঔ-টেঙা- মাছৰ আঞ্জাত লাগি থকা মাকৰ সোৱাদ হিমাংশু শৰ্মাই ঠিকেই বুজি পায়। পত্নী ৰূপালীম সেই সময়ত কাষত নাথাকে। খিৰিকিৰ কাষলৈ গৈ নিজৰ স্বৰ্গগত মাকলৈ মনত পেলাই চকুলো টুকে।
ৰূপালীম দেৱীৰ গৰ্ভত আকাশ থকা সময়তো পণ্ডিতৰ ঘৰৰ পৰা বয়-বস্তু দৈনিক আহি আছিল হিমাংশু শৰ্মাৰ ঘৰলৈ। হিমাংশু শৰ্মা বাপেক হোৱাৰ খবৰ পাই পণ্ডিতৰ দুচকুৰে অশ্ৰু নিগৰিছিল। সেয়া আনন্দৰ নে বেদনাৰ বুজি পোৱা নাছিল কিজানি তেখেতে নিজেই। আকাশৰ নামাকৰণৰ ঠিক তিনিদিন আগত বুজি পাইছিল সেই অশ্ৰু বেদনা। বংশ-পৰিয়াল, নীতি, নিয়ম, সমাজ-ব্যৱস্থাক একাষৰীয়া কৰি আঁকোৱালি লৈছিল সকলোকে- পুত্ৰ হিমাংশু শৰ্মা, বোৱাৰী ৰূপালীম দেৱী আৰু নাতি আকাশ কাশ্যপ- সকলোকে- হাঁহিমুখে।৹৹৹৹
হাঁহিমুখেই ৰূমৰ পৰা ওলাই আহি ৰূপালীম দেৱীয়ে শৰ্মাৰ কাষত বহিছিল। শৰ্মাকো আজি বহুত দিনৰ মূৰত প্ৰসন্ন মনে দেখিলে ৰূপালীম দেৱীয়ে।
– ইমান হাঁহিযে তোৰ মুখত? কি হ’ল এই বুঢ়া বয়সত কোনোবা ‘গাৰ্ল’ফ্ৰেণ্ড’ বনালি নেকি? চাবি দেই? বুঢ়ী হ’ব পাৰোঁ- যুগৰ লগত খাপ খুৱাই চলো কিন্তু মই!
– সেই কথাটো মইহে তোক বহুত দিনৰ পৰা সুধিম বুলি ভাবি আছিলোঁ! যুগৰ লগত খাপ খুৱাই এই বুঢ়াক পাহৰি কোনোবা চেঙেলীয়াক মন দিবলৈ ‘ভিডিঅ কলিং’ত ব্যস্ত থাক নেকি?
– চোৰৰ মন পুলিচ পুলিচ। আজি মিঠাই খাবলৈ, খাবলৈ নহয় ঠিক সকলোকে খুৱাবলৈ মন গৈছে অ। লৈ আহ না ৰসগোল্লা। চুবুৰীৰ সকলোকে খুৱাম আৰু দুই বুঢ়া-বুঢ়ী খাম। এদিনৰ বাবে ‘ডায়বেটিছ’ মাৰ গুলি!
– অই! নিচা হৈছে নেকি তোৰ? মই আলমিৰাত যতনাই থোৱা ‘ৰাম’ খিনি খাই শেষ কৰাতো নাই? মিঠাই খাবি? তই? চুবুৰীৰ সকলোকে খুৱাবি?
এনেতে হিমাংশু শৰ্মাৰ ফোনটোৰ ‘মেচেজ’ অহা শব্দ হ’ল। ৰূপালীম দেৱীয়ে সচৰাচৰ হাত নিদিয়া শৰ্মাৰ ফোনটোত কিনো ‘মেচেজ’ আহিছে চালে। ‘হৱাটচ-আপ’ত আহিছে মেচেজ।
“দেউতা এয়া চোৱা তোমাৰ নাতি জীয়ৰীৰ ফটো। নাজৰনাক অলপ আগতে ‘লেবাৰ ৰূম’ৰ পৰা উলিয়াই আনিলে।”- আকাশ।
– আচ্চা তই তাৰ মানে মনে-মনে ‘হৱাটচ-আপ’ত এইবোৰ কৰি থাক?
– আৰু তই ভিডিঅ কলিংত? তই চাগে নাতিনীৰ কান্দোন শুনিলিয়েই? আবতৰীয়া ৰসগোল্লা? গোটেই চুবুৰীক? এই অজুহাততে বিলাবলৈ জানোঁ মন যোৱা নাই তোৰ??
– সোনকালে গৈ ৰসগোল্লা লৈ আহ। মোৰ লগত চুপতি মাৰি থাকিব নালাগে তই এতিয়া। কাইলৈৰ বাবে দুটা টিকট ‘বুক’ কৰিছোঁ। মুম্বাইত বা আকাশৰ অকলে অকলে কি অৱস্থা হৈছে বোৱাৰী আৰু নাতিনীৰ লগত!!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments