সময় দুঃসময় -(মন্দিৰা গগৈ)

mandirar gogoi_poemমোৰ এখন চাদৰ আছিল
নীলা ৰঙৰ সেউজীয়া পাৰিৰ
দিনতহে গাত লওঁ মই চাদৰখন
ৰাতি……..
অঁ! মাত্ৰ এদিনেই ৰাতি চাদৰখন
গাত মেৰিয়াই
বাহিৰলৈ ওলাইছিলোঁ,
শুনিলো সেইদিনা বহুতো কিৰিলি আৰু অট্টহাস্য
মোক যেন ক’লে কোনোবাই
তুমি নগ্ন! তুমি নগ্ন!
‘মোৰ গাত চাদৰ আছে’-
মই ক’লোঁ ;
‘ওঁহো ,নহয়,
তুমি নগ্ন । তুমি নগ্ন।’
আৰু ক’লে – ‘পোহৰত নাচাবা নিজক,
আন্ধাৰত চাবা’…………..
মই লাজ পালোঁ,
পালে ৰাতিয়েও!!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments