সময়, শৈশৱ আৰু কিছু অনুভৱ (দেৱপ্ৰতীম হাজৰিকা)

সময় গতিশীল| ই নিষ্ঠুৰ, কাঢ়ি নিয়ে আমাৰপৰা আমাৰ আপুৰুগীয়া সেই দিন, কিছুমান মধুৰ সময়, দি থৈ যায় মাথো কিছুমান স্মৃতি| কাৰো সাধ্য নাই ইয়াক বাধা দিয়াৰ| মন যায় কেতিয়াবা চিনেমা বা কাহিনীৰ পাতত পোৱা সেই টাইম মেচিনত উঠি যেন যাত্ৰা কৰিম আকৌ সেই মধুৰ সময়ৰ মাজেৰে|

শৈশৱৰ সেই সোণোৱালী দিন য’ত নাছিল কোনো চিন্তাৰ ধাৰা, নাছিল কোনো কূটিল মানসিকতা| য’ত জনা নহৈছিল ধৰ্ম, জাতি আদিৰ দৰে ঠেক মানসিকতা| আছিল মাথো মৰমৰ এক বিশাল মহাসাগৰ| সৰলতাৰে ভৰা এই সময়ত মনত ঠাই পাইছিল এখন কল্পনাৰ ৰাজ্যই, সেই ৰাজ্যত নাছিল কোনো ধৰণৰ হিংসা, বিদ্বেষ বা নাছিল কোনো ধৰণৰ কপটতা| সেই সময়ত আছিল মা-দেউতাই আছিল আমাৰ বাবে নায়ক-নায়িকা| তেওঁলোকেই আছিল আমাৰ বাবে সকলো| মাৰ নিচুকণি গীত শুনি টোপনি গৈছিলোঁ, দেউতাৰ হাতত ধৰিয়ে খোজ দিব শিকিছিলোঁ, ভয় খালে মা বা দেউতাৰ কোলাত উঠিছিলোঁ|

শৈশৱৰ সেই দিনবোৰৰ কথা ভাবিলে মনটো প্ৰফুল্লিত হৈ পৰে, মুখৰপৰা অজানিতে ওলাই আহে এক হাঁহি | আজিও মনত পৰে স্কুলৰ প্ৰথম দিন, যেতিয়া দেউতাই স্কুলত মোক থৈ স্কুলৰ পৰা ওলাই আহিব লওঁতেই ফেঁকুৰি ফেঁকুৰি কন্দাৰ কথা | সেই চুলি নথকা টপা শিক্ষকজনক দেখি ভয় খাইছিলোঁ, তেতিয়া দেউতাই উপায়ন্তৰ হৈ আকৌ লৈ গৈছিল ঘৰলৈ | সেইদৰেই ৩-৪খন স্কুল বাগৰাৰ পাছত শেষত এখন স্কুলত মন বহিছিল | সেই সময়তে আকৌ সোপাধৰা নামৰ আতংক এটাৰ সৃষ্টি হৈছিল, সকলোৰে মনত ভয় সোপাধৰাই ধৰিব | ঘৰতো মা-দেউতাই বেছি উৎপাত কৰিলে “সোপাধৰাই ধৰিব” বুলি ভয় খুৱাইছিল যাতে আমাৰ উৎপাত কমে | লগৰ ল’ৰাৰ লগত লোকৰ বাৰীত গৈ বগৰী, জলফাই, কৰদৈ, অমৰা আদি বিচাৰি ফুৰাৰ কথা কেনেকৈ পাহৰো! গৰাকী আহিব বুলি ভয়ে ভয়ে সেইবিলাক গছৰপৰা পৰা, যিমান পাৰো বুটলি গৰাকী অহাৰ আগতেই তাৰ পৰা পলায়ন কৰা আদি কথাবিলাক মনত পৰিলে আজিও লগৰবোৰৰ লগ লাগি তেনে কৰিব মন যায়| কেতিয়াবা স্কুলৰ ক্লাছ শেষ হোৱাৰ পাছতো ফিল্ডত গৈ লগৰীয়াৰ লগত ক্ৰিকেট খেলা, তাৰপাছত ঘৰত আহি গালি খোৱা কথাবিলাক আজি নাই| ভাবিলে আজিও তেনে কৰিবলৈ মন যায়| লৰমাৰি গুচি যাবলৈ মন যায় সেই দিনবিলাকলৈ|

বিহু বা তেনে কিবা উৎসৱ হ’লেই মনটোৱে আনন্দতে নাচি উঠিছিল| বহাগ বিহুৰ সময়ত দেউতাৰ লগত স্কুটাৰত বহি সম্বন্ধীয় প্ৰায় সকলোৰে ঘৰত বিহু খাবলৈ গৈছিলোঁ| তেতিয়া ভাইটিৰ লগত চলিছিল এক প্ৰতিযোগিতা- “কোনে কিমান ৰুমাল বা ভাল ৰুমাল পাইছে?” দূৰ্গা পূজাৰ সময়ত কোনে কি ল’ব তাক লৈ চলিছিল নানা গুণাগথা| আজিও মনত পৰে ৰাতিপুৱা শুই উঠি মাৰ লগত শেৱালি বুটলাৰ কথা| মলমলাই থকা শেৱালিৰ গোন্ধে যেন ৰাতিপুৱাৰ সেই পৰিবেশটো আৰু মধুৰ কৰি তুলিছিল| কিছুমান সৰু সৰু কথাই মনটো কৰি ৰাখিছিল প্ৰফুল্লিত|

শৈশৱৰ লগত জড়িত আন এটা বস্তু হ’ল ৰৱাব টেঙা| শৈশৱৰ সোণোৱালী দিনবিলাকত সকলোৱে এবাৰ হ’লেও ইয়াক ফুটবল হিচাপে ব্যৱহাৰ কৰি পাইছে নিশ্চয়| তেতিয়া গাঁৱ গ’লেই ইয়েই আছিল আমাৰ ফুটবল| টেঙাবিধৰ অভাৱ নাছিল গাঁৱত| মন গ’লেই হ’ল, কাৰবাৰ বাৰীৰ পৰা এটা টেঙা পাৰি আনিলেই হ’ল| তাৰপাছত সকলোৰে ভিতৰত জাগ্ৰত হয় একো একোজন পেলে, মাৰাডোনা| আজিৰ ল’ৰা-ছোৱালীয়ে হয়তো এই টেঙাবিধ দেখাতো বাদেই দিলোঁ, শুনাও নাই কিজানি| কোনোৱে হয়তো ভাবিও নাপাব যে এসময়ত এই টেঙাবিধেই আছিল আমাৰ শৈশৱৰ ফুটবল, শৈশৱৰ এক আনন্দৰ আহিলা |

ডৰেমন, ছোটা ভীম আদিৰ যুগত আজিৰ শিশুৱে বুঢ়ী আই সাধু, গোপাল ভাড়ৰ সাধু আদি এনে ধৰণৰ কিতাপ নিশ্চয় কমকৈ পঢ়িবলৈ পায়| বজাৰত এই সাধুবিলাকৰ কিতাপসমূহ পায় নে নাই নাজানোঁ | আজিৰ যান্ত্ৰিক যুগৰ শিশুৰ বাল্যকালতকৈ আমাৰ বাল্যকালটো অতি লেহেমীয়া আছিল নিশ্চয় | কিন্তু মই ভাবো সেই লেহেমীয়া বাল্যকালটো আছিল আটাইতকৈ মধুৰ সময়| কাৰণ কিছুমান সাধুকথাৰ পুথিৰ লগতে মৌচাক, সঁফুৰা আদি বিভিন্ন শিশু আলোচনী পঢ়াৰ সুবিধা পাইছিলোঁ| আজিৰ ভাগৰুৱা তথা ব্যস্ত জীৱনৰ কোনোবা এটা পলত ক্ষন্তেক থমকি উভতি চাওঁ সেই কালটোলৈ, ল’ৰালিৰ সেই ৰংচঙীয়া দিনবিলাকলৈ|

আমি শৈশৱ পাৰ হ’লেই হেৰুৱাব ধৰো সেই সৰলতাখিনি| নামি পৰো এখন অঘোষিত যুদ্ধত, য’ত পৰাজয়ীৰ কোনো স্থান নাই| বাঢ়ি অহা যুদ্ধৰ প্ৰস্তুটিয়ে মনৰ পৰা আঁতৰাই পেলাই শৈশৱৰ সৰু সৰু কথাত পোৱা আনন্দৰ আগ্ৰহ| এতিয়াৰ এই যুদ্ধৰ আগত হাৰ মানি অজানিতে হেৰাই যায় শৈশৱৰ কিছুমান সপোন| ডাঙৰ হোৱাৰ লগে লগে হেৰুৱাব ধৰো নিঃস্বাৰ্থ আনন্দবিলাক| সময়ৰ সোঁতত আগবাঢ়ি গৈছোঁ, তথাপি মনৰ কোণে কোণে আজিও সজীৱ সোণোৱালী শৈশৱৰ সেই ৰংচঙীয়া মূহুৰ্ত্তবিলাক!

Subscribe
Notify of
3 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
2 years ago

সুন্দৰ ,,,, অন্তৰ চুই গল দেই

Anonymous
2 years ago

সুন্দৰ

Anonymous
11 months ago

সুন্দৰ লিখনি

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক