সহায়ৰ হাত (কল্লোল কুমাৰ বৰুৱা)

আমিবোৰে প্রায় প্রত্যেকেই ৰাস্তা-ঘাটত চলাফুৰাৰ পথত অনেক পথ শিশু দেখিবলৈ পাওঁ । যিবোৰক ৰাস্তাত বিভিন্ন উপস্থাপনাত কাম কৰা দেখা যায়। ৰাতিপুৱা বাছত উঠিলে দেখা যায় কাৰোবাৰ হাতত পেপাৰ,ওলপ দুপুৰীয়া হলেই দেখা যায় কাৰোবাৰ হাতত পপ কর্ণ,চিপসৰ সৰু সৰু প্লাষ্টিকৰ টোপোলা । কোনো কোনোবাই ঠাণ্ডা পানীলৈ আহে আমাৰ তৃষ্ণা দূৰ কৰিবলৈ । কোনো কোনোবাই হাতত ফুল লৈ ইফালে-সিফালে দৌৰি ফুৰে ৷ কিছুমানে ট্রাফিক জ্যামত ৰৈ থকা গাড়িবোৰ মচি দিয়ে টকা দুটা পোৱাৰ আশাত ৷ আৰু তেনে বহুত উদাহৰণ আমি সচৰাচৰ দেখিবলৈ পাওঁ ৷
এই সৰু কনমানি বয়সতে সিহঁতবোৰে জীৱনৰ কঠিন কাঠগড়াত থিয় হৈছে । কিহৰ বাবে ? হয়, এমুঠি অন্ন পোৱাৰ আশাত, জীয়াই থকাৰ এক আপ্রান চেষ্টা ! যেতিয়া ডাইনিং টেবুলত বহি আমিবোৰে নানান বিধৰ আহাৰ খাওঁ, ঠিক সেই মুহূর্তত অনেকেই ৰাস্তাৰ ডাষ্টবিন নামক টেবিলত সিঁহতৰ খোৱাৰ আয়োজন কৰে আৰু সিহঁতবোৰৰ ৰাতিৰ নিদ্রাসেই মুক্ত ৰাস্তাৰ কাষতেই বা মুক্ত আকাশৰ তলতেই , য’ত আছে ধুমুহা-বৰষুণৰ ভয় , য’ত আছে আৰু ক’ত যে নানান সংশয় ৷

এৰাহয় ৷ চন ২০১২ ! মই আজিৰেই কথা কৈছো ,এক বিন্দুও মিছা কোৱা নাই নিশ্চয় ! কিয়এনে হ’ব? এবাৰ কল্পনা কৰকচোন আপুনি বা আমি নিজকে সেই ঠাইখনত সেই একেখন ঠাইত , কেনে লাগিছে নিজকে ?

আজিৰ এই সমাজ আমাৰ ওচৰত ইমানেই অসহায় নে আমিবোৰ নিজেই অসহায় !!
আমি প্রত্যকেই এনেবোৰ দেখো, কোনো কোনোবাই দ্বিধাবোধ কৰো , আমাৰ কোনোবাই এই বিষয়বোৰ মানি লব নোৱাৰি নীৰৱে চকুলো টুকো । অনেকেই নিজক নিজে ধিক্কাৰো দিওঁ আৰু সোধো আমি কি নোৱাৰিম এইখন দেশৰ পৰা আমাৰ এই ধৰনৰ অভাৱবোৰ দূৰ কৰিবলৈ, কিয় এনে হব এই পথ শিশুবোৰৰ জীৱন, কিয় নাপাব সিঁহতে সিঁহতৰ স্বাভাবিক জীৱন? বহু বিচাৰো এনেবোৰ প্রশ্নৰ উত্তৰ !
এই কথাবোৰ আমি সবেই কম-বেছি পৰিমানে জানো,বুজো ৷ তাৰপিছতও এনদৰে কোৱাৰ কাৰন এইটোৱেই যে , যদি কোনোবাই সহযোগিতাৰ হাতখন এবাৰ আগবঢ়াই দিয়ে , যদি কোনোবাই কাষত থিয় দিয়ে এই পথ-শিশুবোৰৰ সৈতে।

সেইয়ে ক’ম আপোনাৰ মোৰ নিজৰ নিজৰ সামর্থ্য অনুযায়ী সন্মুখত দেখা অন্তত এটি পথ শিশুৰ মুখত হাঁহি আনিবলৈ চেষ্টা এটা কৰিব পাৰো নিশ্চয় । সিহঁতৰ কাৰনেটো উৎসৱৰ তেনে কোনো অৰ্থ নাই ,নতুন ৰং নাই, ফূৰ্তি বা আনন্দ নাই ৷ হওঁক না , কি আছে তাতে , হয়তো আপোনাৰ মোৰ সামান্য সহযোগিতাতেই এটি পথশিশুৰ মুখত হাঁহি আনিব পাৰে , হয়তো পাব পূজাৰ বা ঈদৰ দিনত এযোৰ নতুন কাপোৰ পিন্ধাৰ অনাবিল আনন্দ । যদিও কাপোৰযোৰ পূৰণি ৷ কিন্তু এটি শিশু, যিয়ে হাঁহিব পূজাৰ বা ঈদৰ দিনটোত বা এনে উৎসৱ নথকা দিনটোও । ইমানখিনি নিশ্চয় আমিবোৰে কৰিব পাৰোঁ ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক