সহোদৰ (অমিতাভ মহন্ত)

 
– ইন্দুদা, তই বোলে মোৰ পিছত পুলিচ লগাইছ?
 
– চা, মোৰ তোৰ ওপৰত মূৰটো গৰম হৈ আছে। তোক এইবোৰৰ উত্তৰ দিয়াৰ কিবা দৰকাৰ আছে বুলি মই নাভাবো।
 
– ৱাহ! পুলিচ লগাবি তই, আৰু উত্তৰো নিদিবি। বঢ়িয়া দাদাগিৰি দেখোন তোৰ।
 
– চা পিকু, মই যি কৰিছো মোৰ ঘৰ-সংসাৰ বচাবলৈ কৰিছো। তই নিজেতো কাজিয়া লাগি ধ্বংস হলিয়েই, এতিয়া মোৰ ঘৰ সংসাৰ ধ্বংস কৰিবলৈ উঠি-পৰি লাগি গৈছ।
 
– তোৰ লগত লাগি মই একো ফূৰ্তি নাপাওঁ। উত্তৰপাৰৰ মাটিখিনি ভালে ভালে মোৰ নামত লিখি দে। দুয়ো শান্তিত থাকো।
 
– তোক আকৌ কিয় দিবলৈ যাম? দেউতাই উইলত স্পষ্টকৈ সেইখিনি মোৰ নামত লিখি দি গৈছে। সেইখিনিত চকু দিবলৈ তই বাদ দে কিন্তু। কথা বেয়া হৈ যাব।
 
– শ্যাট আপ।
 
– মুখ চম্ভালি কথা কবি। পাহৰি নাযাবি মই তোতকৈ ডাঙৰ। মই তোৰ দাদা।
 
– ডাঙৰ হ’লি বুলিয়েই যি মন যায় তাকেই কবিনে? মই নাজানো বুলি ভাবিছ যে সেই মাটিখিনি তই অন্যায় কৰি দেউতাৰ পৰা হস্তগত কৰিছিলি।
 
– দেউতা কেৱল মোৰেই নাছিল পিকু, তেওঁ তোৰো দেউতা।
 
– উইলখন পঢ়াৰ আগলৈ ময়ো তেনেকৈয়ে ভাবিছিলো। দেউতাই যে মোক এনেকৈ ঠগিব মই কেতিয়াও ভবা নাছিলো।
 
– কিয় ঘৰ এৰি যাওঁতে সেইবোৰ ভাবিবলৈ নহ’ল তোৰ? তেতিয়াতো খুব ওফাইডাং মাৰি গুছি গৈছিলি।
 
– গুছি নগৈ কি কৰিম? ইয়াত মোক জানো শান্তিত থাকিবলৈ দিছিলি তহঁতে?
 
– নন চেন্স। মই তোক ৰাখিবলৈ কিমান চেষ্টা কৰিছিলো। দেউতাকো বুজাই সকলো ঠিক কৰিছিলো। আৰু ইডিয়ট তই নিজেটো গলিয়েই, লগতে সৰু ভণ্টি বিনিকো লৈ গ’লি।
 
– বিনি নিজৰ ইচ্ছাত মোৰ লগত গৈছিল। তই ভালকৈ জানিছিলি যে তাই সৰু দাদা বুলিলে সৰুৰে পৰা পাগল। বিনি সৰু হ’লেও তাই গম পাইছিল যে তই আৰু দেউতাই মোৰ লগত অন্যায় কৰিছিলি।
 
– খুব ভাল কথা। যদি ইমানেই মৰম আছিল তেন্তে তাইক নি অত্যাচাৰ কৰিছিলি কিয়? মই মাজত নোসোমালেহেঁতেন, যদি তাইক তোৰ কবলৰ পৰা উলিয়াই নানি বিয়া নিদিলোহেঁতেন, তেন্তে ভাবি চাচোন তাইৰ কি অৱস্থা হ’লহেঁতেন।
 
– বিয়া কৰাৰ সিদ্ধান্তটো বিনিৰ নিজৰ আছিল। তাৰোপৰি তই বিনিক মোৰ বিৰুদ্ধে উচটাইছিলি। অৱশ্যে মোৰো দোষ নথকা নহয়। সেই সময়ত ভীষণ চাপত আছিলো মই। মোৰ হতাশাৰ শাস্তি তাই পাইছিল। সেয়া মই অস্বীকাৰ নকৰো। কিন্তু বিশ্বাস কৰ দাদা, সেইবাবে মই আজিও অপৰাধবোধত ভোগো। যিমান যি হ’লেও তাইতো মোৰেই সৰু ভনী।
 
– তোৰ চেণ্টিমেণ্ট তই নিজৰ তাতেই ৰাখ। আৰু হয়, ময়েই তোৰ পিছত পুলিচ লগাইছিলো। বাধ্য হৈছোঁ, কাৰণ তই মোৰ পিছত গুণ্ডা লগাইছ।
 
– মিছা কথা।
 
– মিছা? মোৰ উত্তৰপাৰৰ মাটিখিনিৰ খালটোৰ ফালে আফজল গুণ্ডাই যে খুটি পুতি বহিছে, সি জানো তোৰেই মানুহ নহয়? সেই তিনি বিঘা মাটিৰ আশা মই বাদেই দিছো লাহেকৈ। এটা কথা মনত ৰাখ পিকু, তই এইবোৰ যিমানেই কৰ, মই আৰু এক ইঞ্চি মাটিও এৰি নিদিও। প্ৰয়োজন হ’লে তোৰ বিৰুদ্ধে ক’ৰ্টলৈ যাম। তোকো এসেকা দিহে এৰিম কিন্তু। আৰু বিনিও তলে তলে কম নহয়। এনেই নিবোকা চামোন হৈ থাকে, এইফালে শহুৰেকৰ ঘৰৰ মানুহ লগাই মোৰ পূব ফালৰ সীমা লাহে লাহে ঠেলি আহি আছে। মোৰ সেই মাটিখিনিৰ ৰখীয়াটো আচলতে মহা লোভী। তাক টকা-সিকা দি তাই একেবাৰে হাত কৰি লৈছে।
 
– যি মন যায় কৰ। সেয়া আচলতে মোৰেই মাটি, মই লৈহে এৰিম। মা ঢুকোৱাৰ আগে আগে বাৰে বাৰে কৈ গৈছিল যে সেইখিনি মোৰ মাটি। তই মানুহ লগা, ক’ৰ্টলৈ যা, যি মন যায় কৰি থাক!
 
– এইবোৰ কৰি তই কি ভাল পাৱ পিকু? মই সকলো খবৰ পাওঁ। তোৰ নিজৰ ইমান অভাৱ। ল’ৰাটোৰ পঢ়াৰ ফিজ তই দিব পৰা নাই। নকওঁ বুলি ভাবিছিলো, পিছে আজি ক’বলৈ বাধ্য হৈছো, তোৰ ল’ৰাৰ পঢ়াৰ ফিজ যোৱা এবছৰ ধৰি মই দি আছো। এইবোৰ এৰ আৰু, নিজৰ কামত মন দে।
 
– দাদা, তোৰ এই দানবীৰ হোৱাৰ অভিনয় কৰা স্বভাৱবোৰ এৰ। মোৰ ল’ৰাক দৰকাৰ হ’লে নপঢ়ুৱাও, তথাপি তোৰ সহায় নালাগে। দিনে দিনে তোৰ ওষ্টাদি বাঢ়ি গৈছে।
 
– তোক কিবা বুজাই লাভ আছে নেকি? তই অলপো সলনি হোৱা নাই। তোৰ যি ইচ্ছা তাকেই কৰ। ময়ো মোৰ মতে কাম কৰিম।
 
– আৰু দাদা, যদি আৰু গম পাওঁ তই আকৌ মোৰ পিছত পুলিচ লগোৱা বুলি, তোক কিন্তু মই……….
 
– কি কৰিবি? গুণ্ডা লগাই মাৰিবি? আৰু বেছি কি কৰিব পাৰ তই?
 
– দৰকাৰ হ’লে কৰিবও পাৰো। তই মোক মাৰিবলৈ বাকী আছেনে? আৰম্ভণিৰ পৰা কেৱল অন্যায়, বঞ্চনা…, মোৰ মান-সন্মান বুলিবলৈ একোৱেই নাই এতিয়া।
 
– ৱাহ পিকু! গুণ্ডা লগালি তই আৰু অন্যায় মইহে কৰিলো। এইবোৰ কৈ থকাৰ আগতে দেউতাৰ উইলখন এবাৰ মন দি পঢ়ি চাবিছোন।
 
– উফ, কেৱল উইল উইল। তই তোৰ উইল বুকুত বান্ধি বহি থাক। মই যি কৰিব লাগে কৰিম। মই যাওঁ। তোৰ পুলিচ তোৰ লগতেই ৰাখ। আৰু এটা কথা, এই মিঠাইৰ পেকেটটো ৰাখ, মাইনাহঁতক খাবলৈ দিবি।
 
– মিঠাইৰ পেকেট? কিয়?
 
– ভয় কৰিব নালাগে দে। মিঠাইত বিষ নাই। তয়ো খাবি।
 
– পিছে হঠাৎ মিঠাই কিয়?
 
– জানিও নজনাৰ ভাও নধৰিবি দাদা। কালি মোৰ ঘৰলৈ তয়েই জানো কেকটো দি পঠিওৱা নাছিলি? সোৱাদতেই গম পাইছো। সৰুতে দেউতাই আমাক লৈ যোৱা দোকানখনৰ পৰাই কিনা নাই জানো? ঘৰত নোসোমালি কিয়? এওঁ বৰ দুখ কৰিছে তই ঘৰ নোসোমোৱা কাৰণে।
 
– সোমাম বুলিয়েই গৈছিলো। পিছে তহঁতৰ গলিৰ মুখৰ পোৱালী কেইটাৰ যিহে উৎপাত। সিহঁতৰ আবতৰীয়া দেৱালী দেখি মই তাৰ পৰাই গুছি আহিলো। সেই পিটকলি কেইটাক ইমান সৰুতে আলু বোম্ব কিয় ফুটাবলৈ দিয়? বাৰু, সেইবোৰ কথা বাদ দে এতিয়া, অলপ ফ্ৰেচ হৈ লগৈ যা। বৌৱেৰে আহিবই এতিয়া। জন্মদিনৰ কেক একেলগে কাটিম।
 
– সেইবোৰ হ’ব বাৰু, পিছে তই বেয়া নাপাৱ যদি এটা কথা কওঁ?
 
– কি?
 
– মাজতে মই বিনিৰ তালৈ গৈছিলো। তাই বৰ কষ্টত আছে অ’। ময়ো সহায় কৰিব নোৱাৰো। তহঁতৰ সেই ৰখীয়াটোৱে বোলে তাইক মনে মনে মাটি অলপ দিছেই ইতিমধ্যে। পিছে তাইৰ আৰু অলপ পালে খেতিখিনি কৰিবলৈ সুবিধা হয়। পাৰ যদি তহঁতৰ সেই নৰেন মহৰীক সুধি চাবিচোন তোৰ এনেই পৰি থকা মাটি অলপ তাইক দিব পাৰি নেকি? এনেও এনেয়েহে পেলাই থৈছ সেইখিনি। আৰু বৌ অহালৈ নৰওঁ দে আজি, কেতিয়াবা সময় পালে যাবিচোন…।
 
– পিকু…
 
– কি?
 
– তই বৰ খীনাইছ অ’। ক’লা পৰিছ যথেষ্ঠ। যত্ন লবিচোন নিজৰ অলপ? আৰু তোৰ জণ্ডিছ এতিয়া কমিছেনে? সেইদিনা বৌৱেৰে কৈছিল যে জণ্ডিছত বোলে…
 
– যাওঁ দে দাদা। কাজিয়া লাগি লাগি আজিকালি তোৰ মৰমিয়াল ৰূপটোত এডজাষ্ট কৰিব নোৱাৰা হৈছো চাগে মই। আৰু তোৰ পুলিচগিৰি সোনকালে বন্ধ কৰ কিন্তু, ভালে ভালে কৈ গলো।
 
– যা যা। ২৬ জানুৱাৰীৰ দিনা তই নাহিলেও বোৱাৰী আৰু ল’ৰা-ছোৱালী কেইটাক পঠিয়াবি কিন্তু। আমাৰ বিবাহ বাৰ্ষিকীৰ দিনা সিহঁত নাহিলে বৌৱেৰে বৰ বেয়া পায়। মে’ মাহত তহঁতৰ নৱাজ ড্ৰাইভাৰ আমাৰ নৰেনৰ ঘৰ লোৱালৈ আহিছিল। সিয়ে লৈ আহিব পাৰিব। ৰাষ্টা-ঘাট ভালকৈ চিনি পায় সি।
 
– হ’ব দে। ২৬ জানুৱাৰীলৈ এতিয়াও বহুত দিন আছে। আজি ১৫ আগষ্ট হ’লহে। তেতিয়ালৈ বা আকৌ কি হয়। আহো দেই। হেপী বাৰ্থ ডে…
– বিলেটেড হেপী বাৰ্থ ডে পিকু…
 
— সমাপ্ত —
:: দাদা ইন্দুৰ ভূমিকাত – ভাৰতবৰ্ষ।
:: সৰু ভাই পিকুৰ ভূমিকাত – পাকিস্তান।
:: সৰুভনী বিনিৰ ভূমিকাত – বাংলাদেশ।
 
(থীমটো অন্য লেখাৰ পৰা লোৱা হৈছে। সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালো।)

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
মাইনা
2 years ago

লেখাটো বহুত ধুনীয়া হৈছে।