সাঁচিপাতৰ পুথি ( সাক্ষৰ জ্যোতি মহন্ত )

Xasipator Puthi _Sakhyyorjyoti Mahanta

আদিম যুগৰ পৰাই মানুহে মনৰ অভিপ্ৰায় প্ৰকাশ কৰিছিল কিছুমান চিন বা বৰ্ণৰ সহায়ত৷ মানুহৰ কথিত ভাষা আৰু চিন্তা-চৰ্চা তথা ধাৰণাবোৰক চিহ্ন বা বৰ্ণৰ দ্বাৰা প্ৰকাশ আৰু সংৰক্ষণ কৰিবলৈ ব্যৱহাৰ কৰা মাধ্যমটোৱেই হৈছে লিপি৷ এই লিপিবোৰেই ভিন্ন কালত প্ৰচলিত আৰু পৰিৱৰ্তিত মানৱ সভ্যতা আৰু সংস্কৃতিৰ বিষয়ে ধাৰণা দিয়ে৷ পৃথিৱীত বৰ্তমানলৈকে হাজাৰ হাজাৰ লিপি আৱিষ্কাৰ হৈছে৷ পুৰাতত্ত্ব বিভাগ আৰু ভাষা তত্ত্ববিদসকলে এই প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ এতিয়ালৈকে আৱিষ্কাৰ হোৱা লিপিসমূহত যেনেকৈ ভাষাৰ ক্ষেত্ৰত ভিন্নতা দেখা যায়, ঠিক তেনেকৈ যিবোৰ পৃষ্ঠাত এই লিপিসমূহ অংকন কৰা হৈছে সেই মাধ্যমবোৰৰ প্ৰস্তুত প্ৰণালীৰ ক্ষেত্ৰতো ভিন্নতা পৰিলক্ষিত হয়৷ কালক্ৰমত হোৱা মানৱ সমাজৰ চিন্তাধাৰাৰ বিকাশেই হয়তো ইয়াৰ মূল কাৰণ৷ উদাহৰণস্বৰুপে -ছপাশাল নোহোৱা পৰ্যন্ত লিপিসমূহত ব্যৱহাৰ কৰা বিভিন্ন মাধ্যমবোৰ আছিল -মাটিৰফলক, শিলালিপি, তাম্ৰলিপি, বিশেষ গছৰ ছাল আৰু পাত, তুলাপাত ইত্যাদি৷ সি যি হওক, এই লিপিসমূহ আছিল অতি সুন্দৰ আৰু কলা -কৌশলযুক্ত৷ The art of fine scripts is called calligraphy. আদিম অৱস্থাত চিত্ৰলিপিৰ দ্বাৰাহে লিখা এই লিপিসমূহকে পাণ্ডুলিপি (Manuscripts) বোলে৷ ইতিহাস অধ্যয়ন কৰিলে জানিব পাৰি, আজিৰ পৰা প্ৰায় ৫০০০ বছৰ আগতে সৰ্বপ্ৰথমে লিখাৰ কৌশল আৱিষ্কাৰ কৰে চুমেৰিয়ান (Sumerian) সকলে৷ তেওঁলোকে কোমল মাটিত পৃষ্ঠাত এডাল কাঠিৰ (Stylus) সহায়ত কিছুমান তিনিকোণীয়া চিহ্ন অংকন কৰিছিল৷ ইয়েই হৈছে পৃথিৱীৰ প্ৰথম লিপি সেইদৰে প্ৰাচীন ইজিপ্তত লিখাৰ এটা জটিল পদ্ধতি উদ্ভাৱন হৈছিল যাক কোৱা হয় Hieroglyphics৷

অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ আৰু উল্লেখযোগ্য পাণ্ডুলিপি হৈছে সাঁচিপাতৰ পুথি৷ প্ৰাকশঙ্কৰি যুগৰ পৰাই সাঁচিপাতৰ পুথি ব্যৱহাৰ হৈ আহিছে৷ এই সাঁচিপাতৰ পুথিসমূহ এক বিশেষ পদ্ধতিৰে প্ৰস্তুত কৰা হ়য়৷

সাঁচিপাতৰ পুথিৰ প্ৰস্তুত প্ৰণালী –

সাঁচিগছৰ বাকলি এৰুৱাই এক বিশেষ পদ্ধতিৰে চাৰি পাঁচদিন শুকুৱাই আৰু ছাফা কৰি সাঁচিপাতৰ পুথি তৈয়াৰ কৰা হয়৷ ইয়াৰ পাছত আহে ৰংকৰণৰ প্ৰক্ৰিয়া৷ সাঁচিপাতৰ পুথিত ব্যৱহাৰ কৰা বিশেষ ৰংবোৰ হ’ল হেঙুল, হাইতাল, গোটানীল, ধলমাটি ইত্যাদি৷ এই ৰংবোৰ বিশেষ গুণ বিশিষ্ট আৰু ৰং প্ৰস্তুতৰ এক বিশেষ পদ্ধতি আছে বাবেই এইবোৰ ৰঙৰ স্থায়িত্ব আৰু উজ্জ্বলতা অন্য ৰঙৰ তুলনাত বেছি৷ লিখাৰ প্ৰাৰম্ভিক অৱস্তাত ঘিলাৰে ঘঁহি মিহি কৰা হয় যাতে লিখোতে চিয়াঁহীসমূহ বিয়পি নাযায়৷

সাঁচিপাতৰ পুথিৰ লগতে ইয়াৰ আনুষংগিক অন্য এক উল্লেখযোগ্য বিষয় হ’ল পুথি লিখোতে ব্যৱহাৰ কৰা চিয়াঁহি৷ ভোমোৰা গছৰ ছাল, আমলখি আৰু শিলিখাৰ ফল অংশ সমপৰিমাণে লৈ কেহেঁৰাজ বন, গৰুমূত্ৰ আৰু বান্দাকেঁচুৰ ৰস মিশ্ৰণ কৰি সিজাই চিয়াঁহীখিনি তৈয়াৰ কৰা হয়৷ এই মিশ্ৰণখিনি মাটিৰ মলাত থৈ দিলে কেইদিনমানৰ পাছত মলাৰ বাহিৰ অংশত আপোনা আপোনি নিগৰি অহা ৰলখিনিয়েই হ’ল এই বিশেষ চিয়াঁহী৷ এই চিয়াঁহীক “মুহি” বুলি কোৱা হয়৷ এই চিয়াঁহী স্থায়ীহোৱাৰ লগতে ৰাতিৰ আন্ধাৰতো তিৰবিৰাই থাকে৷

সাধাৰণতে তিনিপ্ৰকাৰৰ সাঁচিপাতৰ পুথি পোৱা যায় –

১/সাধাৰণ সাঁচিপাতৰ পুথি

২/লতাকটা পুথি

৩/সচিত্ৰ পুথি

১/সাধাৰণ সাঁচিপাতৰ পুথি –

বিভিন্ন মন্ত্ৰ আৰু শাস্ত্ৰ সমূহ এইপ্ৰকাৰৰ পুথিতে লিখা হয়৷ এতিয়ালৈকে উদ্ধাৰ হোৱা পুথিসমূহৰ ভিতৰত এইপ্ৰকাৰৰ পুথিৰ সংখ্যাই সৰহ৷

২/লতাকটা পুথি –

এইপ্ৰকাৰৰ পুথিৰ স়ৃষ্টিৰো এক কাহিনী আছে৷ প্ৰবাদমতে সুন্দৰীদিয়া সত্ৰত যেতিয়া এজন বাঢ়ৈয়ে নামঘৰৰ চৌটিত লতাফুল কাটি আছিল সেই সময়ত মাধৱদেৱ গুৰুজনাই তলত বহি সাঁচিপাতত ঘোষা লিখি আছিল৷ তেনেতে গুৰুজনাই বাঢ়ৈজনক উদ্দেশ্যি ক’লে যে – যি ফুল তেওঁ ওপৰত কাটিছে সেইফুল তেওঁ তলতে কাটিব৷ এইবুলি কৈ গুৰুজনাই সাঁচিপাতৰ চাৰিওঁফালে লিখনিৰে সেই আৰ্হিতে লতাফুল আঁকিলে আৰু তেতিয়াৰ পৰাই এইপ্ৰকাৰৰ পুথিৰ সৃষ্টি হ’ল৷ এইপ্ৰকাৰৰ পুথি এতিয়াও বহু সত্ৰত সংৰক্ষিত হৈ আছে৷

৩/সচিত্ৰ পুথি –

এইপ্ৰকাৰৰ পুথিত কাহিনী বা আখ্যানৰ লগতে তাৰ কাষত বিষয়বস্তুৰ চিত্ৰসমূহো উপস্থাপন কৰা থাকে৷ কেইখনমান উল্লেখযোগ্য সচিত্ৰ সাঁচিপাতৰ পুথি হ’ল -‘চিত্ৰ ভাগৱত’, শ্ৰী হস্ত মুক্তাৱলী’ আৰু ‘গজেন্দ্ৰ চিন্তামণি’৷

ঐতিহ্যবাহক এই আপুৰুগীয়া পুথিসমূহৰ সংৰক্ষণ নিতান্তই আৱশ্যক৷ বৰ্তমান সত্ৰসমূহত এই পুথিসমূহ সংৰক্ষিত আছে যদিও এই সংৰক্ষণ প্ৰাথমিক পৰ্যায়তে আছে৷ সেয়েহে এই আপুৰুগীয়া পুথিসমূহক বৈঞ্জানিক পদ্ধতিৰে সংৰকক্ষণৰ ব্যৱস্থা কৰা উচিত৷

(এইক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ সহায় লোৱা হৈছে)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments