সাঁজ পানীৰ বুকুৰে এবুকু শব্দৰ পৰশ (অংকুৰ শইকীয়া)

এখন্তেক ৰৈ যাওঁ দুচকুত সজীৱ হৈ থকা নিভাঁজ গাঁৱলীয়া অনুপম আৱেগ বেষ্টনীত৷ কি যে সুন্দৰতাৰ প্ৰকৃত পৰিচয় বহন কৰে গাঁৱৰ প্ৰতিটো কৰ্ম, প্ৰতিটো শব্দ, আৰু ……………….. স্বপ্ন এহালিচা৷ একলম লিখিব লৈছো চকুৰ আগত ভাহি থকা ল’ৰালিৰ তিৰবিৰিয়া বুকুৰে বৌৰ নিপুণ হাতৰ বাখৰুৱা ছন্দ এমুঠি৷

ল’ৰালিৰ মনে থতমত খাই বৌ (আইতা) ৰ পাকঘৰৰ দৰ্জা চুকৰ এক অনাবিল তৃপ্তিৰ গোন্ধ নাকত লাগি থাকে৷ কি হ’ব পাৰে? এহ চাওঁ ক’লেই চাব নোৱাৰি নহয় তথাপি লুকাই চুৰকৈ চাও ……..আইতাৰ চিয়ঁৰ, “ঐ তই গ’লিনে তাৰ পৰা ….৷” পখিলীৰ মনত খুদুৱনি কি আছে এই কলহ কেইটাত?

সেই তাহানিৰ তৃপ্তিকৰ মিঠা গোন্ধটিয়ে হঠাতে কেতিয়াবা আমনি দিয়ে৷ মনত জুমুৰি দিছে সেই দিনটি যিদিনা বৌহ’তৰ বছেৰেকীয়া নামকৰ্ম এভাগসূত্ৰে গৈছিলো৷ তত্ক্ষণাতে সেই ল’ৰালিৰ গোন্ধটি মনত পৰি চিধাই পাকঘৰ …….ৱাহ তেতিয়া বয়সৰ হ’তে মিল নথকা গোন্ধটিয়ে মলমলাই আছে৷ এপিনে সোটোৰা পৰা দুহাতেৰে আপোন পৰশৰ চেপ ………….. টোপটোপকৈ কলহৰ বুকুৰ পম খেদি চালনিৰ ফাঁকেৰে বৌৰ তৃপ্তিৰ হাঁহি এমোকোৰা৷ বৌৰ মৰমৰ দুবাহুত অলপ ডুব গৈ সুধিলো, …………….বৌৰ কৰ্ম ব্যস্ততাৰ স্বত্বেও কৈ গ’ল অফুৰন্ত হেঁপাহৰ বৰ্ণনা৷ “তই আহোমৰ পোৱালি যেতিয়া বগা পানী মানে সাঁজ পানীৰ গোন্ধ সকলোৰে দুৱাৰ চুকত পাবিয়েই৷ বিহুৱে-চিহুৱে সাঁজ পানী নাখালে আহোমৰ পৰিচয় ক’ত পাবি৷ কিন্তু সোৱাদ পাই বেছিকৈ খালে নিচা আৰু এই আজি যে নামফেৰা পাতিছো তাত সাঁজ পানী লাগিবই জান ……….৷ হেৰ’ মাৰে হ’তে সাঁজ পানী বনাব লাজেই কৰে৷ এতিয়া মই আছো বুলিহে৷ কাইলৈ মৰিলে খাবি আৰু।”

সাঁজ পানী; ঘৰমুৱা হ’লো কিন্তু এই আহোম আৰু সাঁজ পানীৰ সম্পৰ্ক খুচুৰি উত্তৰ নাপালো৷ “সাঁজ পানী নাখালে, নবনালে আহোমৰ পৰিচয় ….; উহ এক আচৰিত প্ৰশ্নত ডুব গ’লো৷” লাহে লাহে সময়বোৰো পাৰ হ’ল মনৰ কোনোবা কোণত সাঁজ পানীও স্তব্ধ হৈ ৰ’ল৷ কিন্তু একে গতিৰেই সাঁজ পানীৰ প্ৰচলন দেখি আহিলো৷ মনত আচৰিত ধৰণে অভিমানৰ বুটা বাচে, “কি যে এই বৌৰ কথাবোৰ।’’ সাঁজ পানী মানে কি লাহে লাহে বুজিবি তই৷’’Xazpani_Ankur Saikia

এতিয়া বয়সৰ সৈতে বুজি উঠিছো সাঁজ পানীৰ অৰ্থ কি? সচাঁই এজন অসমীয়া হিচাপে গৌৰৱ কৰিব পৰা এক অমুল্য সম্পদ৷ তাহানিতে গৰম বন্ধৰ ছুটীত বৌৰ ঘৰত থাকোতে বৌক দেখিছিলো, কি যে হাবিয়ে -বননি ঘূৰি মেলি ল’তা, পাত গোটাই, …………….. “হে’ৰ তই কি বুজিবি? মই হে জানো কিয় গোটাইছো৷” অনুভৱ হয়, লক্ষ্যও কৰো অসমীয়া বিহু, সকামে-নিকামে এক ৰাজকীয় মৰ্য্যাদাৰে সাঁজ পানীৰ যি আদৰ তাক মানিব লগা৷ উপলব্ধিবোৰ স্থায়ী হয় বুকুৰ একোণত; নিগাজীকৈ এডোখৰ ঠাই লৈ বসবাস কৰে বুকুৰ আপোন পৰিচয়৷

বুকুখন পক্ষী মন হৈ উৰি যায় তাহানিৰ সাঁজপানীৰ স্মৃতি সুঁৱৰি৷ মনত পৰে যাউতিযুগীয়া এই সাঁজপানীৰ একোটি ক্ষণ৷ ককাই কৈছিল, “জান, লাওপানী খালে নিচা হয়৷ তই জীৱনত নাখাবি দেই৷’’ কিন্তু মনত আকৌ খুদুৱনি লাওপানী কি? …….. গ’ম পালো সাঁজ পানীকেই লাওপানী বুলি কয়৷

কেতিয়াবা এই মুহূৰ্ত্বত বুকুত হাঁহিৰ জোৱাৰ উঠে কিয়নো ককাৰ কথা শুনি৷ …………, “বৌ, আপুনিও যে এই নিচা ধৰা সাঁজ কিয় বনায়?” ………… তপককৈ বৌৰ মিঠা লগা সুৰৰ পৰশ …“ঐ, তই ককাৰৰ কথা শুনি মোৰ লগত লাগি নাথাকিবি দেই!” এই সৰু সৰু অভিমানী কথা কিছুমান এতিয়া বিচাৰি চাওঁ কিন্তু নাপাওঁ৷ ক্ষণবোৰ পাৰ চপাই ঘৰমুৱা হ’ল৷ বুকুত এবুকু উল্লাহ সামৰি চলাথ কৰো বৌৰ ব্যস্ততাৰ ক্ষণ৷ প্ৰশ্ন কৰো ., “সাঁজ পানী অসমীয়াৰ ৰাজকীয় পৰিচয় কিন্তু কিয় যে এদিন চকুৰ নিলগত ……….সেই পখিলা খেলা অতীতত সাঁজ পানীৰ অৰ্থ বুজি পোৱা হ’লে” ……………“অনুভৱত সাঁজৰ বুকুৰে এবুকু আনন্দৰ হৈ চৈ৷ এহ কাঁহৰ এবাটিৰে জোৰ পেলোৱা বুকুত পূৰ্ণিমাৰ নিশাৰ মাদকতা৷”

গভীৰ ভাৱে অনুভৱ এমোকোৰাত অলপ জিৰণি লওঁ৷ দেউতাৰ কৰ্মসূত্ৰে এখন নতুন পৃথিৱীৰ প্ৰকৃতিৰ হ’তে মোৰ এক নতুন জীৱন৷ প্ৰথম দৰ্শনত একো বুজি নোপোৱা বুকুখনৰ লাহে লাহে বয়স হ’ল৷ দুচকুৰ তিৰিবিৰ চাঁৱনিত জিলিকে বাগানীয়া জীৱনৰ “এটি কলি দুটি পাতৰ স্পন্দন।’’ এক সতেজ কলিৰ কাষৰীয়া স্বপ্নৰে সন্ধ্যা নমাৰ লগে লগেই এই দুটি মান চিনাকি ভাষ্যই বাৰুকৈ আপ্লুত কৰে৷ “তকে হামি কিমান বাৰ বলচি তুই হাড়িয়া বেছি নাই খাবি৷ তুইত’ হামাৰ কথা চুনিয়েই নাই৷ খালি হাড়িয়া খাতেলেহে জানি৷ ঘৰে ডাল চাল আচেনে নাই খবৰ আছে তৰ?” ভাল লাগে; বুকুখনত এজাক খৰিকাজাই হাঁহি ফুলি উঠে কি সুঠাম শব্দৰ বাক্য কেইশাৰী একে উশাহত উজনি হৈ নামনি ….৷ মনোপবনত জিকাৰ খাই শব্দৰ হিল্লোলবোৰে বুকুৰ কৌটিকলীয়া এটি সপোন শ্ৰুতলিপি হয়৷ দিন-ৰাতিৰ হেজাৰ ভাৱনাৰে বাগানীয়া স্বপ্নগাঠা এটি কলি হৈ দুটি পাতাৰ এঘুমটি৷

সঁচাকৈয়ে এখন গাঁও, এখন সমাজ ………কিন্তু এক অনবদ্য আকাংক্ষাৰে ডুব যাও সেই ল’ৰালিৰ খোকোজা লগা সাঁজ পানীৰে৷ অনুভৱৰ জোৱাৰ তুলি বিচাৰো, নিজক প্ৰশ্ন কৰো . “সাঁজ পানীত আহোমৰ হিয়াৰ আমঠু নেকি?” হয়তো হয়৷ ন’হলেনো গাঁৱলীয়া নিপুণ হাতৰ বৌ (আইতা)ৰ পৰশ পাই আমোলমোল গোন্ধ বিয়পিবনে? কি জানোঁ তৃপ্তিৰ একোটা পাহাৰৰ দৰে থাহ খাব পাৰে সাঁজৰ মিঠা নিচাত বেবেৰিবাং ওঁঠৰ ………“এহ ৰতনৰ মাই তুই হামকে কেনে এৰকন গালি দি ৰে৷ হামি এক থেপি হে খাইছিলি?”……..নহলে গাঁৱৰ এঘৰৰ দোৱাৰ মুখত……..“তোক কওঁনে ইমন নাখাবি৷ ফ্ৰিতে পাও যে খাইয়েই থাক৷ ঘৰত ল’ৰা-ছোৱালী এহাল, মাইকী এজনী আছে যে পাহৰিয়েই যাওঁ৷ চাল্লা…………..৷” বিনিময়ত অভিমানৰ খঙাল চকুৰে, “ঐ, বেছি কথা নকবি, নকবি কৈছো নহয় নকবি৷ মই হে জানো কিমান টেনচনত খাইছো৷ ……………………৷”

এক চিনাকি পৰিৱেশ যদিও মোৰ গাঁৱৰ দৃশ্য নহয় তথাপি চকুত ভাঁহি থাকে৷ যিমানেই যি নহওক গাঁৱৰ নাইবা বাগানীয়া সতেজতা বোৰ সতেজ হৈয়ে ৰয়৷ এই সন্ধ্যা বেলা নাইবা নিশাৰ দুপৰ বেলাৰ অভিমান, খং ৰাগ সকলো কাহিলীপুঁৱাতে এই উৰণীয়া পক্ষীৰ আপোন পাহৰা ব্যস্ততা৷ অনুভৱ হয় অন্তত: আমিবোৰৰ দৰে দামী ৱাইন শ্বপৰ এপেগৰ নিচাৰ উত্শৃংখলাতকৈ বহু গুণেই উন্নত এই সাঁজ পানী৷ গাঁৱলীয়া পৰিৱেশৰ মিঠা সুৱাসে বিৰাজ কৰা সাঁজৰ গোন্ধটি ক’ত যুগৰ পৰম তৃপ্তি৷ বুজায় বুজি মেলি অনুভৱত শাওণৰ ভিৰ লগাই এবাটি কাঁহৰ এঢোক টানে ……… তৃপ্তিৰ সাগৰৰ কাষে কাষে উটি ভাঁহি সাৰুৱা ভাৱনাৰে এখোজ নৱ-জীৱনৰ পলস পেলায়৷ “গাঁৱৰ জীৱন যাত্ৰা সদায় অনুপম৷ এই দুখৰ এঙামুৰি এই সুখৰ ৰ’দ কাঁচিয়লীৰ এপলক স্পৰ্শ৷ তুমি দিয়া দুহাত মেলি, তাৰ বিনিময়ত পাব পাৰা আকাশৰ নীলাৰে সেউজীয়া এবুকু৷”

(চিনাকী গাঁও খন বৰকৈ মনত পৰে৷ যেতিয়া গাঁৱৰ পৰা নিলগত আছিলো ভাল লাগিছিল কিন্তু এতিয়া অবুজ ভিৰ বুকুৰ চোতালত৷ পিছে সাঁজৰ মিঠা গোন্ধটি নাকটিতে তৃপ্ত; ওঁঠৰ পৰশ চাগে ভৱিষ্যতেও নপৰিব৷)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক