সাংবাদিকৰ সংগত সপোন সপোন যেন লগা এটা ৰঙীন সন্ধিয়া ….(দীপাংক বৰা)

dipanka bora_rahghara

 

 

কিবা কিবি কাম এসোপা লৈ গুৱাহাটীলৈ গৈছিলো । ইটো অফিচত বোলে ফাইলটো বিচাৰিবলৈ সময় লাগিব …..কাইলৈ আহিব; সিটো অফিচত আকৌ মোৰ কামটো কৰি থকা মানুহজন ছুটিত , আন এটাত আকৌ ফাইলটো হেৰালেই, নতুনকৈ আ‌ৱেদন কৰিব লাগিব ইত্যাদি ইত্যাদি কথাবোৰ শুনি গুজৰি-গুমৰি গণেশগুৰিৰ সস্তীয়া হোটেল এখনত ৰাতিটোৰ বাবে বাহৰ পাতিছিলোহি । কলৈকো যাবলৈও মন যোৱা নাছিল । অলস ভা‌ৱে বিচনাত পৰি কোঠাটোত থকা সৰু পৰ্টেবল টিভিটোত অসমীয়া চেনেল কেইটা পকাই আছিলো । সন্ধিয়াৰ প্ৰাইম টাইম শেষ হোৱাৰ পাছত গোটেইকেইটা চেনেলত বিভিন্ন বিষয়ৰ ওপৰত গুৰুপাকী আলোচনা চলি আছিল । টিভিৰ ৰিমোটটোৰ অৱস্থা বেয়া…মাজে মাজে কাম নকৰা হৈ যায় । বেটাৰীকেইটা উলিয়াই মাজে মাজে হেঁচা মাৰি দিলে অলপ সময় কাম কৰে, তাৰ পিছত আকৌ ঠেঁহ পাতে । বিৰক্তি লাগি গৈছিল । কলিং বেলটো বজাই হোটেলৰ ল’ৰা এটা মাতি ডিঙিটো তিয়াবলৈ সৰু কিবা এটা আনিবলৈ দিলো ।
দুশোহামান মৰাৰ পাছত আগৰাতি এই খুন্দিয়াব, এই লুটি খাই পৰিব বুলি চুলিৰ আগত জীৱটো বান্ধি অহা নিদ্ৰাবিহীন নৈশ বাচ যাত্ৰাৰ ভাগৰে চকুহাল টানি ধৰিলে । বিশল্যকৰণী সাংবাদিক দিগন্ত দাসলৈ ফোন কৰিব লগা আছিল । বহু দেৰি ৰিং হোৱাৰ পাছত কোনোবাই ফোনটো উঠালে । দিগন্ত নহয়,  কিন্তু মাতটো চিনাকী চিনাকী লাগিল ।
চিঞঁৰাৰ নিচিনাকৈ কৈছে ‘….হেল্লো..কোনে কৈছে, ক’ৰ পৰা কৈছে..আপোনাৰ চিনাকীটো দি আপোনাৰ প্ৰশ্নটো কৰক ।’ একো ক’বলৈ নাপালোৱেই লগে লগে সিফালৰ পৰা অলপ খঙৰ সুৰত আকৌ –  ‘সেইয়া..আপোনালোকক কিমানবাৰ কোৱা হৈছে..আমালৈ ফোন কৰিলে টিভিৰ ভলিউমটো কমাই ল’বলৈ । কথা নুশুনে আপোনালোকে .. দেখিছেনে.. এইয়াই হ’ল আমাৰ সচেতন নাগৰিক’ বুলি ফোনডাল থেকেচা মাৰি বেলেগ কাৰোবাক দিয়া যেন পালো ।
গালি খাই মাতটো মনত পৰি গ’ল ..ডি.ৱাইৰ শ্ৰদ্ধেয় মৃণাল তালুকদাৰ ডাঙৰীয়া ।
সিমূৰত কোমল কিন্তু গুৰু গম্ভীৰ কণ্ঠৰে আন এজন… ‘হেল্ল’ …ল্ল’… মই প্ৰশান্ত ৰাজগুৰুৱে কৈছো .. আপুনি কোনে কৈছে… ..যথা সম্ভৱ ছুটিকৈ আপোনাৰ প্ৰশ্নটো কৰক .. মূল বিষয়ৰ ফালৰি কাটি নাহিব কিন্তু ।’
কিনো মূল বিষ একো গম নাপায় থেৰো গেৰো কৰি থকাত তেৱোঁ ফোনটো আন কাৰোবালৈ থেলিলে ।এইবাৰ যেন হিমালয়ৰ সুউচ্চ শৃংগৰ পৰা বৈ আহিল শব্দৰ ঢল । প্ৰণয় দা । ‘ডাঙৰীয়া আপোনাৰ টিভিটো অফ কৰি পৰিচয়টো দি প্ৰশ্নটো কৰক আৰু আজিৰ বিষয় বস্তুৰ ওপৰত আপোনাৰ মতামত জনাওক’ ।
কি কওঁ কি নকওঁ লাগিল । আজি ইমানবোৰ ৰথী মহাৰথীৰ লগত কথা পাতিবলৈ সুযোগ পাই মুখৰ মাত নোলোৱা হ’ল উত্তেজনাত । পিছে প্ৰণয়দাইও মোৰ নিৰৱতাত বিৰক্তি বোধ কৰি ফোনটো আন কাৰোবাক দিলে ।
এইবাৰ পিছে সিমূৰৰ উতনুৱা মাতটো শুনিয়েই গম পালো..তেখেত আমাৰ তেজপুৰৰ অতনুদা.. দুৰন্ত এক্সপ্ৰেছৰ গতিত তেখেতৰ শব্দবোৰে কাণত খুন্দিয়ালেহি… “আপোনাক পাচ ছেকেণ্ড সময় দিয়া হৈছে..এইবাৰ আপুনি আপোনাৰ প্ৰশ্নটো কৰক” ।
নিজৰ ঠাই তেজপুৰৰে বুলি সাহ কৰি সুধিলো.. “অতনুদা..মানে মূল বিষয়টো কি জানিব পাৰিম নেকি” !
লগে লগে যেন বিস্ফোৰণহে ঘটিল… “তাৰমানে আপুনি কি ভাবিছে.. আমাৰ কোনো মূল বিষয় নাই .. আমি কেৱল টি.আৰ.পি.ৰ বাবে সন্ধিয়াৰ পৰা টেটুফালি আছো….আপোনালোকৰ নিচিনা মুখা পিন্ধা ভদ্ৰলোক সকলক আমিও নানানটা অকথ্য ক’ব পাৰো বুজিছে । নকওঁ কাৰণেহে।”
সিফালে ফোনটো দলিয়াই দিয়াৰ নিচিনা লাগিল । আন এটা তেজাল কণ্ঠৰ মাত ভাঁহি আহিল ‘…ফোনত মই নিতুমনি শইকীয়া..আমি শুনি আছো আপুনি কৈ যাওক…’
এইবাৰ গালি খোৱাৰ আগতেই মই পৰিচয়টো দি ল’লো ।
নিতুমনি: “নমস্কাৰ বৰা ডাঙৰীয়া… আপুনি আপোনাৰ অভিমত কৈ যাওক.. আমি শুনি আছো ।’’
মই.. ‘নহয় মানে মই দিগন্তক…’ শেষ কৰিবলৈ নাপালোৱেই নিতুমনিৱে পুণৰ কৈ উঠিল..
‘চাওক বৰা ডাঙৰীয়া..ইয়াত আমি সকলোৱে এটা নতুন দিগন্তৰ আৰম্ভণি বিচাৰিছো । বৰা ডাঙৰীয়া ..এইবাৰ মোৰ আপোনালৈ পোনপেটিয়া প্ৰশ্ন… জাতিটোৰ এই জটিল সন্ধিক্ষণত আপুনি ইমান দেৰি আমাৰ সাংসদ সকলৰ দৰে ক’ত শুই আছিল’।
সেহা বেঙা লাগি কৈ উঠিলো….নাই মানে মই শুই থকা নাই..কালি ৰাতিৰ বাচত আহিছিলোতো..চকু দুটা মুদ খাই গৈছিল মাজতে ।
‘আচলতে আপোনালোকৰ নিচিনা মানুহৰ লগত কথা পতাই ভুল । তথাপিতো সুধিছো…আপুনি মোক মাত্ৰ এটা কাৰণ কওক যাৰ বাবে মই আপোনাক জাতিদ্ৰোহী বুলি গণ্য কৰিব নালাগে’ ।
পুণৰ গালি খাওঁ বুলি চুপ চাপ থকাত আন কোনোবা এজনে ফোনটো লৈ কৈ উঠিল…
‘বৰা ডাঙৰীয়া.. আজিৰ এই বিশেষ অনুষ্ঠানলৈ ফোন কৰাৰ বাবে ধন্যবাদ । কিন্তু ক্ষমা কৰিব আমাৰ সময় শেষ হৈ আহিছে… মই নন্দন প্ৰতিম শৰ্মা বৰদলৈয়ে আপোনাক শেহত দুই চেকেণ্ড দিব বিচাৰিছো… আপুনি আপোনাৰ বক্তব্য দুই চেকেণ্ডৰ ভিতৰত প্ৰকাশ কৰক’ ।
কিবা এটা ক’বলৈ মুখ খন মেলোতেই দুই চেকেণ্ড শেষ হৈ ফোনটো কাটি গ’ল ।………….
কিমান পৰ শুই আছিলো গমেই পোৱা নাছিলো । সাৰ পাই ফোনটো দাঙি চোৱাত দেখিলো দিগন্ত দাসৰ চাৰিটামান মিছ্ড কল ।
ওলোটাই তালৈ ফোন কৰাত জন্মগত বিখ্যাত হাহিঁটোৰে হাঃ হাঃ কৈ অলপ পৰ হাঁহি লৈ সুধিলে… “কি হে… বৰা দা..ইমান ফোন কৰি আছো উঠোৱা নাই যে…গুৱাহাটী পালেহি নেকি…?”
তেতিয়াহে গম পালো.. সুৰাত মগণ চালকৰ হাতত জীৱটো সঁপি অহা দুৰন্ত গতিৰ ভয়াল নৈশ বাচ যাত্ৰাৰ ফলত আগৰাতিৰ টোপনি ক্ষতি আৰু সিক্ত ডিঙিৰ গোলাপী প্ৰভাৱত ইমানদেৰি সপোনহে দেখি আছিলো !দিগন্তলৈ মই ফোনেই কৰা নাছিলো। সি হে কৰি আছিল। হয়তো টিভিত দেখি থকা লাইভ প্ৰগ্ৰেমবোৰ আৰু মবাইল ফোনটোৰ স্ক্ৰীণত আধা মুদা চকুৰে তাৰ নামটো দেখি গোটেইবোৰ একাকাৰ হৈ পৰিছিল !

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments