সাউদৰ দেশ “ভেনিছ“ত এদিন- ৰমণ বৈষ্ণৱ

এই বছৰৰে ফেব্ৰুৱাৰী মাহৰ কথা৷
মিলান চহৰৰ(ইটালী) লগতে ইউৰোপক তেতিয়া শীতৰ প্ৰকোপে বাৰুকৈয়ে কোবাই গৈছে৷ মধ‍্য আৰু পশ্চিম ইউৰোপত এইবাৰৰ শীতৰ প্ৰকোপ আগৰ বছৰবোৰতকৈ তুলনামূলকভাৱে বেছি হৈছিল৷ প্ৰচণ্ড তুষাৰপাতৰ ফলত কহুৱা কোমল বগা দলিছা একো একোখনেহে যেন আৱৰি ধৰিছিল ধৰাৰ চৌপাশ৷ এই ঠাণ্ডাত বাহিৰলৈ ওলাবলৈ এসোপামান কাপোৰ পিন্ধিহে সাহস কৰিব পৰা গৈছিল৷ ইতিমধ্যে বিশ্ববিদ্যালয়, অফিচ, কাছাৰী ইত‍্যাদি বিলাকে সাময়িক বন্ধ ঘোষণা কৰিলে৷ গতিকে এই চেগতে ফুৰিবলৈ তেতিয়া হাতত অফুৰন্ত সময়৷ কিন্তু ঠাণ্ডাৰ প্ৰকোপৰ পৰাহে সাহস গোটাবলৈ টান হৈছিল৷

ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিতে ইংলেণ্ডৰ (UK) কেম্ব্ৰিজত থকা মোৰ একালৰ হোষ্টেল চিনিয়ৰ দিবাকৰ বৰুৱা দাৰ (অৰিজিনেলি শিৱসাগৰৰ) ফোন আহিল৷
“ৰমণ, গৈ আছো এইকেইদিনতে মিলানলৈ, ফুৰাবি ইটালীখন ভালকৈ“
ময়ো মনতে বৰ ফূৰ্তি পালো৷ বৰুৱা দাক লগ পাম প্ৰায় সুৰ্দীঘ আঠ বছৰমানৰ মূৰত৷ তাতে বিদেশত আপোন কোনোবা এজনক লগ পালে এনেও মনটো বৰ ভাল লাগে৷ ময়ো লগে লগে মবাইলতে কেলেণ্ডাৰখন উলিয়াই লৈ সম্ভাব্য তাৰিখ কেইটামান ক’লো সুবিধা অনুযায়ী৷ গতিকে কথামতেই কাম৷ আধাঘণ্টাৰ ভিতৰতে ৱাটচ এপ্ ত দিবাকৰ দাৰ মেছেজ এটা আহিল৷ “ঐ, ফ্লাইট বুক হৈ গ’ল৷“ লণ্ডনৰ পৰা ষোল্ল তাৰিখে আবেলি উৰা মাৰিব মিলান এয়াৰপ’ৰ্টলৈ, মাত্ৰ ডেৰ ঘণ্টাৰ যাত্ৰা৷

পূৰ্ব নিৰ্ধাৰিত সূচীমতে ষোল্ল ফেব্ৰুৱাৰীৰ সন্ধিয়া ছয় বজাত মিলান এয়াৰপ’ৰ্টত দিবাকৰ দা অহা বিমানখনে অৱতৰণ কৰিলে৷ পিছদিনা ৰাতিপুৱা ঠিক কৰিলো যে সেইদিনা মিলান চহৰ খনতে ঘূৰাৰ লগতে চুইজাৰলেণ্ড সীমান্তৰ “ক’ম’“ হ্ৰদলৈ যাত্ৰা কৰাৰ কথা৷ কাৰণ, চুইজাৰলেণ্ড সীমান্তলৈ মিলানৰ পৰা মাত্ৰ আশী কি.মি৷ দ্ৰুতবেগী ৰেলত মাত্ৰ এঘণ্টাৰ বাট৷ দিনটো ক’ম’ হ্ৰদৰ মনোমোহা দৃশ্যৰ আমেজ লৈ সন্ধিয়া মিলানলৈ উভতিলো৷ সেইদিনা ৰাতিৰ আহাৰ সোনকালে গ্ৰহণ কৰি নিদ্ৰাদেৱীৰ কোলাত আশ্ৰয় ল’লো৷ কাৰণ পিছদিনা ৰাতিপুৱাতে সাউদৰ দেশলৈ অৰ্থাৎ ভেনিছলৈ যোৱাটো ঠিক কৰিলো৷ মিলানৰ পৰা উত্তৰ-পূৱ দিশত আদ্ৰিয়াটিক সাগৰৰ বুকুত অৱস্থিত ভেনিছলৈ প্ৰায় দুশ ষাঠি (২৬০ কিমি) কি.মি বাট৷ ৰেলত প্ৰায় ৪ ঘণ্টাৰ যাত্ৰা৷

পিছদিনা ৰাতিপুৱা সোনকালেই সাৰ পালো৷ সৰুৰে পৰা শুনি থকা সপোনৰ চহৰখনলৈ জাগি থকা এক অনামী উৎকণ্ঠাৰ বাবেই কিজানি এৰ্লাম বজাৰ আগতেই সাৰ পালো৷ (পাঠক সকলৰ কাৰোবাৰ নিশ্চয় এনেকুৱা হৈ পাইছে চাগে)৷ খৰতকীয়াকৈ কামবোৰ কৰি ব্ৰেকফাষ্ট কৰি ষ্টেছনলৈ ঢাপলি মেলিলো৷ এক চেকেণ্ডৰো ইফাল সিফাল নহয় ট্ৰেইন এৰোতে৷ সোনকালে সাৰ পালো যদিও যেনেতেনে ট্ৰেইন এৰিবলৈ দুই মিনিট থাকোতেহে ষ্টেছন পালোহি৷

গন্তব‍্যস্থান পোৱাৰ মজাই বেলেগ যদিও যাত্ৰাৰ সময়খিনিৰ মাদকতাই সুকীয়া৷ বিভিন্ন সৰু বৰ চহৰৰ মাজেদি সৰ্পিল গতিৰে আগবাঢ়িল ৰেলখন৷ মিলানৰ পৰা প্ৰায় ডেৰ ঘণ্টাৰ যাত্ৰাৰ অন্তত ভেৰ’না ( Verona) নামৰ ষ্টেচন এটাত আমি যোৱা ট্ৰেইনখন সলনি কৰি অন‍্য এখন ট্ৰেইনত যাত্ৰা আৰম্ভ হ’ল৷ উল্লেখযোগ্য যে, চৌপাশৰ অতুলনীয় নৈসৰ্গিক সৌৰ্ন্দয‍্যই ৪ ঘণ্টাজুৰি সময় কিদৰে মোহাচ্চন্ন কৰি ৰাখিলে গমকে নাপালো৷

১০ বজাত আমি ভেনিছৰ “চাণ্টা লোচিয়া“ ষ্টেছনত উপস্থিত হ’লোগৈ৷ ট্ৰেইনৰ পৰা নমাৰ লগে লগে শীতল বতাহ এজাকে আমাক চুই গ’ল৷ মনটো কিবা এক অজানা আনন্দত পুলকিত হৈ উঠিল৷ আদ্ৰিয়াতিক সাগৰৰ বুকুত উপঙি থকা ভেনিছ নগৰীখনৰ ৰূপৰ বৰ্ণনা সঁচাই অতুলনীয়‌৷ সাগৰৰ নীলা জলৰাশিয়ে আৱৰি থকা চহৰখনত স্থলপথ বুলিবলৈ নাইয়ে, ট্ৰেইন ষ্টেছনটোৱেই সীমা৷ মূল চহৰখন সাগৰৰ বিশাল জলৰাশিৰ মাজত অৱস্থিত৷ মেচিন চালিত জাহাজ বিলাক (ভেপেৰাট’) আৰু বঠাচালিত নাও (যাক গণ্ডোলা বুলি কোৱা যায়) বিলাকেই পৰিবহণৰ প্ৰধান মাধ্যম৷ সাগৰীয় চহৰখনত প্ৰকৃতি আৰু মানৱসৃষ্ট স্থাপত‍্যকলাৰ অনুপম নিদৰ্শন দেখি মুহূৰ্তৰ বাবে যেন হেৰাই গ’লো এক অনাবিল প্ৰশান্তিত৷ নাও চালকবিলাকে প্ৰফুল্লচিত্তে আপোনমনে কিবা গুণগুণাই নাও চলাই থকা দেখি ময়ো জয়ন্ত হাজৰিকাদেৱৰ সেই বিখ্যাত গীতটি মৃদু স্বৰেৰে গুনগুনাই উঠিছিলো৷

“ —-মোৰ এই নাও, মাথোঁ বাই যাওঁ
পাৰ দেখো নাই, পাৰ বাৰু ক’ত?
মোৰ যত গান, মাথোঁ গাই যাওঁ—-“

চাণ্টা লোচিয়া ষ্টেচনৰ সন্মুখৰ বহল খটখটীটোৰে নামি আহিলো৷ সেই সময়ত দেশী-বিদেশী পৰ্য‍্যটকৰে উদুলি মুদুলি ভেনিছৰ দুৱাৰদলি৷ কোনোবাজন যদি পৰিয়ালসহ নতুবা বন্ধুবৰ্গৰ লগত আহিছে, আন কোনোবাজন নৱবিবাহিতা পত্নীৰ সৈতে প্ৰৱাস ভ্ৰমণলৈ৷ মুঠৰ ওপৰত চৌদিশে এক উৎসৱমুখৰ ব‍্যস্ততা৷ জানিব পাৰিলো যে বছৰৰ প্ৰায় প্ৰতিটো দিনেই এনে এক প্ৰাণময় পৰিৱেশে বিৰাজ কৰি থাকে সাগৰীয় চহৰখনত৷ ঐতিহাসিক স্থাপত‍্য কলাৰ লগতে প্ৰকৃতিৰ অনুপম সৌন্দৰ্যই ভেনিছক আন চহৰ বিলাকতকৈ এক সুকীয়া পৰিচয়েৰে মহীয়ান কৰি ৰাখিছে৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰখ‍্যাত জীৱন-ধাৰা আৰু ভ্ৰমণ (Lifestyle/Travel) সম্বন্ধীয় আলোচনী “Conde’ Nast Traveller“ৰ 2016 চনৰ সমীক্ষা মতে বিশ্বৰ মনোৰম চহৰবিলাকৰ ভিতৰত ভেনিছে শীৰ্ষস্থান দখল কৰিছে৷

ষ্টেচনৰ পৰা নামি আহি দেখা পালো এটি কাউণ্টাৰৰ সন্মুখত দীঘলীয়া শাৰী৷ অলপ সময় ইফালে সিফালে চাই এগৰাকী আদহীয়া ব্যক্তিৰ ওচৰলৈ গৈ সোধাত গম পালো যে দিনটোৰ বাবে একোখনকৈ পাচ (Travel Pass) ক্ৰয় কৰিলে যিমান মন যায় নাওবিলাকত ঘূৰি ফুৰিব পাৰি৷ আমিও সময় নষ্ট নকৰি শাৰীত থিয় হ’লো৷ পিছে টিকেট লোৱাৰ পাছতহে কোনখন ফেৰীত উঠিব লাগে, কোনখন ক’লৈ যাব আদি লৈ সমস্যাত পৰিলো৷ কাৰণ ফেৰীবিলাকেও চহৰৰ মেত্ৰ’বিলাকৰ দৰে এক নিৰ্দিষ্ট দিশত যাত্ৰা কৰি ক্ৰম অনুযায়ী একোখনকৈ ঠাইত উপস্থিত হয়৷ ঠিক কৰা হ’ল যে প্ৰথমতে আমি লিড’ সাগৰতীৰলৈ যাম, তাৰপৰা এখন আটকধুনীয়া গাঁও হিচাপে পৰিচিত “বুৰানো“ (Burano)লৈ যাত্ৰা কৰিম৷ চাণ্টা লোচিয়াৰ পৰা প্ৰায় 15 কি.মি দুৰত অৱস্থিত লিড’ সাগৰতীৰে প্ৰায় ১১ কি.মি জুৰি আদ্ৰিয়াতিক সাগৰৰ সৈতে সহাৱস্থান কৰি আছে৷ বিশ্বৰ ভিতৰতে অন্যতম এক চলচ্চিত্ৰ মহোৎসৱ “ভেনিছ ফিল্ম ফেষ্টিভেল“ প্ৰতি বছৰে ইয়াতেই অনুষ্ঠিত হয়৷ আমি সঠিক ফেৰীখন বিচাৰি উলিয়াই সন্মুখৰ খালী ঠাই ভাগত থকা একো একোখন আসন গ্ৰহণ কৰিলো৷ যাত্ৰীৰে গিজগিজাই থকা আমাৰ ফেৰীখনে নিৰ্দিষ্ট সময়ত যাত্ৰা আৰম্ভ কৰিলে৷ আমি বাহিৰৰ ফালে খালী ঠাইডোখৰত থকা হেতুকে নিৰ্মল বতাহকণৰ লগতে মনোৰম দৃশ্যবোৰো কেমেৰাত আৱদ্ধ কৰিবলৈ সুবিধা হৈছিল৷ সৰু বৰ কেনেল(Canal-খাল)বোৰেদি তথা মাজে মাজে দুই এখন দলঙৰ তলেদি মধ্যগতিত আগবাঢ়িল ফেৰীখন৷ বঠাচালিত “গণ্ডোলা“বিলাকত নৌকা বিহাৰ কৰা প্ৰেমিক যুগলবোৰক দেখি আশী দশকৰ এখন হিন্দী বোলচবি “দ‍্য গ্ৰেট গেম্বলাৰ“ (The Great Gambler)ৰ “দ’ লব্জ কী হ‍্যে দিল কি কাহানী“ শীৰ্ষক জনপ্ৰিয় গীতটিৰ অমিতাভ বচ্চন আৰু জীনত আমনৰ যুটিটো মনলৈ আহিছিল৷

নীলিম জলভাগৰ লগতে লাগি থকা এটা আওপুৰণি, ফুলেৰে সু-সজ্জিত ঘৰৰ বাৰাণ্ডাত বহি কফিত চুমুক দি থকা এহাল বৃদ্ধ দম্পতীৰ হাঁহিমুখীয়া মুখকেইখন দেখি মনতে ভাৱ হৈছিল যেন পৃথিৱীৰ সবাতোকৈ সুখী দম্পতী তেওঁলোক৷ জীৱনৰ আবেলিপৰত সুৰুযৰ কিৰণে হেঙুলীয়া কৰি তোলা নীলিম সলিলৰাশিত নিজকে বিলাই দি আপোনপাহৰা হোৱাটো কি যে চাগে এক উপলব্ধি, আঃ!

মনৰ ভাৱনাত বুৰ গৈ থাকোতে উচ্চ স্বৰৰ হাঁহিতহে সম্বিত ঘূৰি আহিল৷ দেখিলো কাষতে বহি থকা কেইজনমানে কিবা ৰগৰ তুলি আছে৷ কেওজনেই ষাঠিৰোৰ্ধৰ৷ বয়সৰ চাপ স্পষ্ট যদিও তাৰুণ‍্যৰে তজবজীয়া একো একোজন যেন চফল ডেকা৷ কথোপকথন শুনি অনুমান কৰিলো জাৰ্মান হ’ব তেওঁলোক৷ এনে ভাৱ হ’ল যেন একঘেয়ামী জীৱনৰ পৰা কিছু অব্যাহতি বিচাৰি বন্ধুবৰ্গৰ লগত অৱসৰ বিনোদনৰ বাবে আহিছে৷ যদিও একো বুজি নাপালো, তথাপি তেওঁলোকৰ হাঁহি দেখি ময়ো মিচিকিয়া হাঁহি এটা মাৰিলো৷ ধীৰে ধীৰে ফেৰীখনে মূল সাগৰৰ পানী ভাগলৈ আগবাঢ়িল৷ ইটোৰ পাছত সিটো ষ্টেচন অতিক্ৰম কৰি ফেৰীখন ক্ৰমান্বয়ে লিড’ সাগৰতীৰৰ দিশে অগ্ৰসৰ হ’ল৷

প্ৰায় ৪৫ মিনিটযোৰা যাত্ৰাৰ অন্তত লিড’ ষ্টেচনত উপস্থিত হ’লোগৈ৷ ষ্টেচনৰ পৰা ওলাই সন্মুখৰ মসৃণ পথটিৰে আগবাঢ়িলো৷ পথৰ দুয়োকাষে সৰু বৰ সদাব্যস্ত ৰেস্তোৰাঁবোৰত পৰ্য‍্যটকবিলাকৰ সমাগম যথেষ্ট৷ আমিও এখন কেফেত(Cafe’) লঘু আহাৰ গ্ৰহণ কৰি সাগৰতীৰলৈ বুলি বাট ল’লো৷ সৰু চহৰখনৰ মাজেদি প্ৰায় ১৫ মিনিট খোজকঢ়াৰ পাছত আমি গন্তব‍্যস্থান পালোগৈ৷ তাত বৰ বিশেষ সমাগম নাছিল সেই সময়ত৷ আদ্ৰিয়াতিক সাগৰৰ মৃদু ঢৌবিলাকে অনবৰতে আমনি কৰি থকা শুভ্ৰ বলুকাৰাশিৰ ওপৰেৰে লাহে লাহে খোজ ল’লো৷ শান্ত-সৌম‍্য সাগৰখনৰ পৰা অহা চেঁচা বতাহজাকে চুই যোৱাত জেকেটটো উলিয়াই পিন্ধি শিলাময় ওখ ঠাই এটুকুৰা বিচাৰি বহি ল’লো৷ দিবাকৰ দা ফটোগ্ৰাফীত ব্যস্ত৷ ময়ো ফোনৰ কেমেৰাতে যিমান পাৰো আৱদ্ধ কৰিবলৈ যত্ন কৰিলো বিশাল সলিল ৰাশিৰ নীলিম আকাশখনৰ সৈতে একাত্ম হোৱাৰ নিৰৱচ্ছিন্ন প্ৰয়াসক৷

সাগৰৰ অক্লান্ত ঢৌবোৰৰ মাজত কিমান সময় আপোনপাহৰা হৈ থাকিলো গমেই নাপালো৷

—- “সাগৰ দেখিছা? দেখা নাই কেতিয়াও?
ময়ো দেখা নাই, শুনিছো তথাপি,
নীলিম সলিলৰাশি বাধাহীন উৰ্ম্মিমালা আছে দূৰ দিগন্ত বিয়াপি“—–

কবি দেৱকান্ত বৰুৱাদেৱৰ সেই বিখ্যাত কবিতা ফাঁকিলৈ মনত পৰিল৷ ইয়াৰ আগতে এবাৰলৈহে সাগৰক ওচৰৰ পৰা চোৱাৰ সুযোগ পাইছিলো৷ ২০১১ চনত পুৰী ভ্ৰমণত যাওঁতে বংগোপ সাগৰৰ বিশালকায় ৰূপ দেখি অভিভূত হৈ পৰিছিলো৷ কিমান ক্ষুদ্ৰ আচলতে আমাৰ অস্তিত্ব অনুভৱ কৰিছিলো৷ একান্তই নিজৰ সেই মধুৰ সময়খিনিত কিছু সময় বিলীন হৈ কটোৱাৰ পাছত আমি ওভতনি বাট বুলিলো৷ এইবাৰ আমাৰ লক্ষ্য স্থান “বুৰানো৷“ নানাৰঙী ঘৰেৰে পৰিবেস্থিত এখন দেখিলেই মন মুহি নিয়া গাওঁ৷ লিড’ সাগৰতীৰৰ পৰা প্ৰায় 11 কি. মি বাট৷ যথাসময়ত বুৰানো যাবলগীয়া নিৰ্দিষ্ট ফেৰীখন আহি উপস্থিত হ’ল৷ আকৌ আৰম্ভ হ’ল সাগৰৰ বুকুত ফেৰী যাত্ৰা৷ তেতিয়া লাহে লাহে আকাশখন গোমা কৰি আহিছিল৷ এটোপাল দুটোপাল বৰষুণ পৰিবলৈ আৰম্ভ কৰিছে৷ মনতে প্ৰাৰ্থনা কৰিলোঁ যাতে দবাপিটা বৰষুণ নাহিলেই হয়৷ দেখিলো দিবাকৰ দাই চিটটোতে আউজি এঘুমতি মাৰিছে(আচলতে Power Nap বুলি কয় ইংৰাজীত)৷ হেডফোনডাল সংযোগ কৰি মই পাপনৰ গীতৰ লিষ্ট এখন লগাই ল’লো৷

প্ৰায় ৪৫ মিনিটমানৰ অন্তত বুৰানো ষ্টেচন পালোগৈ৷ সৰু গাওঁখনৰ প্ৰৱেশ দ্বাৰত কিছুমান বিপণীৰ সন্মুখত পৰ্য্যটকৰ ভিৰ দেখিলো৷ গম পালো তাত হস্তনিৰ্মিত বিভিন্ন সামগ্ৰী পোৱা যায়৷ আপোনজনলৈ বুলি ভেনিচৰ স্মৃতি হিচাপে বহুজনে দুই এপদ ক্ৰয় কৰিছে৷ মূল প্ৰৱেশপথটিৰে সোমাই গৈ বহুতো আইচক্ৰীম, পিজ্জা আদিৰ দোকান দেখা পালো৷ পৰ্য‍্যটকবিলাক পিজ্জা, স্পেঘেটী, আইচক্ৰীম আদিৰ জুতি লোৱাত ব্যস্ত৷ অইন কিছুমানে ইটালীয়ান ৱাইন (wine)ৰ সোৱাদ লৈ সৰস আলোচনাত ব্যস্ত৷ পৰ্য‍্যটকেৰে গিজগিজাই থকা সত্বেও বিশৃংখলতা তেনেও নাই৷ বুৰানো গাওঁখনে প্ৰথম দৃষ্টিতে আমাক মোহিত কৰিলে, ভিন্নৰঙী ঘৰবিলাকৰ ৰং বোৰ ইটালীয়ান চৰকাৰে নিৰ্ধাৰিত কৰি ৰাখিছে৷ কোনোবা বাসিন্দাই যদি কিবা কাৰণত ঘৰৰ ৰং পৰিবৰ্তন কৰিব বিচাৰে, তেন্তে আগতীয়াকৈ চৰকাৰক জনাব লাগিব৷ গাওঁখন বিভিন্ন সৰু সৰু পদপথেৰে সংলগ্ন৷ গাওঁখন “মাজৰ’ব’“ (Mazzorbo) নামৰ আন এটা সাগৰীয় দ্বীপৰ সৈতে এখন দলঙেৰে সংযোগ হৈছে৷ জনশ্ৰুতিমতে, অতীজতে বুৰানো গাওঁখন বুৰিয়ানা (Buriana) নামৰ এটা সমুদায়ে স্থাপন কৰিছিল, যাৰ বাবে গাওঁখনৰ নাম বুৰানো হ’ল৷
আমি গাওঁখনৰ অলিয়ে গলিয়ে ঘূৰি সাগৰৰ দাঁতিতে থকা ৰেষ্টোঁৰাত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবলৈ সোমালো৷ সেই সময়ত জনসমাগম কম আছিল বাবে ভালেই পালো৷ একোটাকৈ পিজ্জাৰ লগতে শীতল পানীয় সেৱন কৰাত দেহৰ শক্তিকণ আকৌ ৰিচাৰ্জ হৈ গ’ল৷ প্ৰায় এঘণ্টা মানৰ পাছত আমি গাওঁখনৰ পৰা ওলাই আহিলো৷ এইবাৰ আমাৰ উভতনি যাত্ৰা আৰম্ভ হ’ল ভেনিচ চহৰৰ কেন্দ্ৰৰ দিশে৷ বিশ্বখ্যাত ৰিয়াল্ট’ দলং, চেইণ্ট মাৰ্ক’ কেথেড্ৰেল আদি চকুৰ আগত ভাঁহি উঠিল৷ ঐতিহ্যমণ্ডিত ভেনিচ আন্তৰ্জাতিক বিশ্ববিদ্যালয়ৰ চৌহদ দূৰৰ পৰাই দেখা পালো৷

সন্ধিয়া তেতিয়া প্ৰায় আঠ বাজিছে৷ আমি ঘূৰি পকি চাণ্টা লোচিয়া ষ্টেচনৰ ওচৰ পালোহি৷ ভেনিচৰ পৰা দিবাকৰ দা যাব ইটালীৰ ৰাজধানী চহৰ ৰোমলৈ (Rome)৷ দুদিন ৰোমত কটাই আকৌ মিলানলৈ উভতিব৷ কিছু এৰাব নোৱাৰা কামৰ বাবে মই মিলানলৈ উভতিব লগীয়াত পৰিলো৷ গতিকে, কাউণ্টাৰত গৈ মই মিলানৰ বাবে ট্ৰেইনৰ টিকেট এটা বুক কৰি ল’লো৷ দিবাকৰ দাৰ বাছখনৰ বাবে তেতিয়াও যথেষ্ট সময় আছিল৷ প্ৰায় আধা ঘণ্টামান ইফালে সিফালে টহল দি অৱশেষত দিবাকৰ দাৰ পৰা বিদায় ল’লো৷ যথাসময়ত ট্ৰেইনখনে যাত্ৰা আৰম্ভ কৰিলে৷ মাজতে ভেৰ’না (Verona) নামৰ ষ্টেচন এটাত ট্ৰেইন সলনি কৰিব লগা হ’ল৷ উল্লেখযোগ্য যে উইলিয়াম চেক্সপিয়েৰৰ “ৰোমিঅ’-জুলিয়েট“ কাহিনীৰ পটভূমি এই ভেৰ’না চহৰ৷ পৰৱৰ্তী ট্ৰেইনখন অলপ পলমকৈ আছিল৷ অৱশেষত প্ৰায় তিনিঘণ্টাৰ যাত্ৰাৰ অন্তত মিলান পালোহি৷

ঘৰ পাই লগে লগে স্নান কৰি বন্ধু এজনে মোলৈ বুলি ৰান্ধি থোৱা ভাতসাঁজ খাই বিছনাত বাগৰ দিলো৷ ক্লান্তিত চকু জাপ খাই আহিছিল যদিও চকুৰ আগত তেতিয়াও ভেনিচৰ মনোমোহা দৃশ্যবোৰৰ অগাদেৱা হৈ আছিল৷ ক’ব নোৱাৰাকৈয়ে কেতিয়ানো নিদ্ৰাদেৱীৰ কোলাত আশ্ৰয় ল’লো গমকে নাপালো৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক