সাক্ষাৎকাৰ: মনোবৈজ্ঞানিক ড০ মৈথিলী হাজৰিকাৰ স’তে সাহিত্য ডট অৰ্গৰ প্ৰতিনিধি বর্গ

সাহিত্য ডট অৰ্গ: নমস্কাৰ বাইদেউ। সাহিত্য ডট অৰ্গক আপুনি বহুমূলীয়া সময় দিয়াৰ বাবে আপোনাক কৃতজ্ঞতা জনালোঁ।
ড০ মৈথিলী হাজৰিকা: নমস্কাৰ।
সাহিত্য ডট অৰ্গ: বাইদেউ আপোনাৰ জন্ম ক’ত হৈছিল?
ড০ মৈথিলী হাজৰিকা: হয়…মোৰ জন্ম গুৱাহাটীত।
সাহিত্য ডট অৰ্গ: বাইদেউ আপোনাৰ পৰিয়ালৰ বিষয়ে কওকচোন।
ড০ মৈথিলী হাজৰিকা: মোৰ পৰিয়ালৰ বিষয়ে কবলৈ হ’লে মই আৰু মোৰ ছোৱালীজনীয়েই বুলি ক’ব লাগিব। মোৰ দেউতাৰ নাম আছিল প্ৰয়াত নিপেন চন্দ্ৰ হাজৰিকা। তেওঁ IIT খড়গপুৰৰ দ্বিতীয় বেটচৰ ছাত্ৰ আছিল। মোৰ মা মঞ্জুলা হাজৰিকা এগৰাকী সমাজকৰ্মী আৰু ভূপেন হাজৰিকা কালচাৰেল ট্ৰাষ্টৰ সম্পাদক হয়।
সাহিত্য ডট অৰ্গ: আপোনাৰ শিক্ষা আৰু কৰ্মজীৱন?
ড০ মৈথিলী হাজৰিকা: হয়…। মোৰ শিক্ষাজীৱনৰ পাতনি মেলিছিলোঁ গুৱাহাটীতে। মোৰ প্ৰথম স্কুল আছিল হ’লি চাইল্ড স্কুল। তাৰপিছত মই হায়াৰ চেকেণ্ডৰী কটন কলেজত পঢ়িলোঁ। তাৰপিছত মই গ’লোঁ ফাৰ্গুছন কলেজ (FERGUSSON COLLEGE), পুনে। এই কলেজৰ পৰাই আকৌ চাইকলজীত স্নাতকোত্তৰ কৰিলোঁ। মই এম ফিল কৰিলোঁ NIMHANS ( National Institute Of Mental Health and Neuro Science ) বাংগালোৰৰ পৰা ক্লিনিকেল চাইকলজী (CLINICAL PSYCHOLOGY) ত। তাৰ পিছত মই পি এইচ ডি কৰিলোঁ গুৱাহাটী বিশ্ববিদ্যালয়ত আৰু মোৰ গাইড আছিল মনোৰোগ বিশেষজ্ঞ-ড: দিপেশ ভাগৱতী। তেওঁ হৈছে আমাৰ গুৱাহাটী মেডিকেল কলেজৰ মনোৰোগ বিভাগৰ প্ৰাধ্যাপক। মোৰ পি এইচ ডি গৱেষণাৰ বিষয়টো আছিল-“ Personality correlate attachment child & family dynamic in father with alcohol use disorders and father with no alcohol symptom।” মানে দুজন দেউতাক যেনে-মদপী দেউতাক আৰু তেওঁৰ ল’ৰা-ছোৱালী আৰু মদ্যপান নকৰা দেউতাক আৰু তেওঁৰ ল’ৰা ছোৱালীক সামৰি এটা ইণ্টাৰ জেনেৰেচনল অধ্যয়ন (intergenerational study) আছিল। দেউতাকৰ ব্যক্তিত্ব আৰু ল’ৰাৰ ব্যক্তিত্ব কেনেকুৱা হয় …। এনেধৰণৰ বিষয়ৰ ওপৰত অধ্যয়ন কৰিছিলো। তাৰপিছত মই কৰিলোঁ পষ্ট ডক্টৰেট (Post Doctorate), ফ্লৰিডা বিশ্ববিদ্যালয় (University of Florida, USA) ৰ পৰা। তাতে মই বিখ্যাত গৱেষক SARA JOHN NICHSON ৰ তত্ত্বাবধানত কাম কৰিছিলো। এতিয়া মোৰ চাৰিটা গৱেষণা প্ৰকল্প চলি আছে। তাৰে তিনিটা বৃত্তীয় অনুদান প্ৰাপ্ত। এটা আমেৰিকাৰ ফ্লৰিডা বিশ্ববিদ্যালয়ৰ অনুদান প্ৰাপ্ত। আন এটা অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ অনুদান প্ৰাপ্ত। আৰু এটা হৈছে Indian Council of Medical Research (ICMR) ৰ অনুদান প্ৰাপ্ত। চতুৰ্থটো প্ৰকল্পৰ বাবে চৰকাৰে অনুদান দিছে-learning disability ৰ ওপৰত।
এই প্ৰকল্প সমূহৰ জৰিয়তে মই বিভিন্ন ধৰণৰ গৱেষণা কৰি আছো। যেনে- Neuro cognitive performance in man with alcoholic symptoms – মানে মদাহী মানুহৰ মগজুত ঘটি থকা পৰিকল্পনা, কাৰ্যবাহী ক্ৰিয়া (executive function) ইত্যাদি বোৰ কেনেকৈ চলে তাৰ ওপৰত এটা নিউৰ’লজিকেল দিশৰ পৰা অধ্যয়ন, বিকাৰগ্ৰস্ত ল’ৰা-ছোৱালীৰ বুদ্ধিমত্তা, ৬ ৰ পৰা ১০ বছৰীয়া ল’ৰা-ছোৱালীৰ বুদ্ধিমত্তাৰ সৈতে জন্মৰ সময়ত ওজনৰ সম্বন্ধৰ অধ্যয়ন, শিশুৰ শিকাৰ ক্ষেত্ৰত থকা বিকলাংগতা (learning disability), ডিসলেক্সিয়া (dyslexia), ডিসগ্ৰাফীয়া (dysgraphia) ইত্যাদি ধৰণৰ বিষয়।
তদুপৰি বৰ্তমান psychiatric, psychologist, psychiatric social workers বিশেষজ্ঞৰে গঠিত এটা দলে কভিড ১৯ ৰোগীসকলক ১০৪ হেল্প লাইনৰ জৰিয়তে সুস্থ মানসিক স্বাস্থ্য বৰ্তি থাকিবলৈ ব্যক্তিগত পৰ্যায়ত পৰামৰ্শ দি আছোঁ। আমি মুঠ ২২০ গৰাকী আছোঁ। এই ক্ষেত্ৰত অসমত ময়েই আগভাগ লৈছো। অসম পুলিচৰ DGP ভাস্কৰজ্যোতি মহন্তই মোক ৬টা হেল্প লাইনৰ নাম্বাৰ দিছে। এই ৬টা হেল্প লাইনৰ নাম্বাৰৰ জৰিয়তে আমাৰ অসম পুলিচ লগতে সৰ্বসাধাৰণ নাগৰিকৰ এই সময়ছোৱাত মানসিক হতাশা বা চাপত ভুগিলে তেওঁলোকে আমাক ফোন কৰি পৰামৰ্শ ল’বলৈ পাৰে। আমি ৬ গৰাকী বিশেষজ্ঞই তেওঁলোকৰ মানসিক দিশটো চাই আছোঁ।

সাহিত্য ডট অৰ্গ: আপুনি মনোবিজ্ঞান বা চাইকলজী যে পঢ়িছিল ইয়াৰ আঁৰত কিবা উল্লেখযোগ্য ঘটনা আছে নেকি?
ড০ মৈথিলী হাজৰিকা: মই যেতিয়া চাইকলজী পঢ়িছিলোঁ তেতিয়া বিষয়টোৰ ওপৰত সিমান গুৰুত্ব দিয়া হোৱা নাছিল। চাকৰিৰ বজাৰখন একেবাৰে শূন্য আছিল। মই যেতিয়া গ্ৰেজুৱেচন কৰিছিলোঁ সেইসময়ত এডুকেচন বিভাগত চাইকলজীৰ এখন পেপাৰ হিচাপেহে আছিল। সেইকাৰণে গ্ৰেজুৱেচনত চাইকলজী কাৰো বিষয় হিচাপে নাছিল। সেয়েহে চাইকলজীৰ প্ৰাথমিক জ্ঞানৰ ভেটি সকলোৰে দুৰ্বল আছিল। মোৰ বোধেৰে চাকৰিৰ বজাৰখন নিশকতীয়া হোৱাৰ এটা কাৰণ। মোৰ কেতিয়াও পৰিকল্পনা নাছিল মই চাইকলজী পঢ়িম বুলি। সোঁতৰ সৈতে যোৱা ছোৱালী আছিলোঁ। মই চাইকলজী বিষয়টো লৈ যেতিয়া পুনে বিশ্ববিদ্যালয়ৰ পৰা ফাষ্ট ক্লাছ চেকেণ্ড হৈ গ্ৰেজুৱেচনত উত্তীৰ্ণ হ’লো তেতিয়াহে মই গম পালোঁ মই চাগে চাইকলজী বিষয়টো ভালপাওঁ। কিন্তু মোৰ গাইডেন্স হে এই দিশত একেবাৰে শূন্য আছিল। পঢ়াৰ ক্ষেত্ৰত মোক কোনেও চাইকলজী পঢ়িব কোৱা নাছিল। অ’, মনত আছে এবাৰ কিন্তু মোৰ মায়ে কৈছিল যে তই চাইকলজিষ্ট হব পাৰ দেখোন। সেই সময়ৰ প্ৰখ্যাত মানসিক ৰোগৰ চিকিৎসক ড: পি. ল. শৰ্মাৰ সহধৰ্মিনী লীলামিতাম্বা (Lilamitamba) অসমৰ একমাত্ৰ ক্লিনিকেল চাইকলজিষ্ট আছিল। তেখেত দক্ষিণ ভাৰতৰ আছিল। মায়ে মোক তেখেতৰ উদাহৰণ দি উৎসাহ দিছিল। গ্ৰেজুৱেচনৰ পাছত মোৰ বিয়া হৈ গ’ল। বিয়াৰ পিছত মই অসমতেই আছিলোঁ। কিছুদিন পাছত পুনৰ স্নাতকোত্তৰ পঢ়িবলৈ গলো। এই ক্ষেত্ৰত মোৰ স্বামীয়েও মোক বহুত উৎসাহিত আৰু সহায় কৰিছিল। মই অসমলৈ ঘূৰি আহি চাকৰিৰ প্ৰথমটো সুবিধা দিলে ডা: ৰাজকুমাৰ পলে। বছৰটো আছিল ১৯৯৮ চন। তেখেত শিশু ৰোগৰ বিশেষজ্ঞ আছিল। তেখেত বহুত বেছি ব্যস্ত চিকিৎসক আছিল আৰু তাৰ মাজতেই মই এজন- দুজন ৰোগী চাবলৈ আৰম্ভ কৰো। ইয়াৰ বাবে মই তেওঁৰ ওচৰত চিৰ কৃতজ্ঞ। ইয়াৰ মাজতে মই বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় আলোচনা চক্ৰসমূহত যোগদান কৰি আছিলো। এবাৰ এনেকুৱা আলোচনা চক্ৰ এখনত বিশিষ্ট মানসিক চিকিৎসক ডা: দিপালী দত্ত বাইদেউ আছিল। সেই সময়ত ডা: দিপালী দত্ত আছিল তিনিখন মেডিকেল কলেজৰ প্ৰিন্সিপাল। সেইখন আলোচনা চক্ৰতে মই আলোচনা চক্ৰৰ বিশেষজ্ঞসকলৰ মাজত প্ৰশ্ন এটা উত্থাপন কৰিছিলোঁ-মানসিক বিকাৰগ্ৰস্ত লোকৰ ৰোগ নিৰাময়ৰ ক্ষেত্ৰত ক্লিনিকেল চাইকলজিষ্টৰ ভূমিকা কি? লগে লগে তেতিয়া বাহিৰৰ পৰা অহা বিশেষজ্ঞ এজন কৈছিল যে- ক্লিনিকেল চাইকলজিষ্ট মানসিক স্বাস্থ্যৰ এক অভিন্ন অংগ। মানসিক বিকাৰগ্ৰস্ত লোকৰ চিকিৎসাৰ ক্ষেত্ৰত মানসিক ৰোগৰ চিকিৎসক আৰু সমাজ কৰ্মীৰ লগত একেলগে কাম কৰিব লাগিব। অলপ পাছতে ডা: দিপালী দত্ত বাইদেৱে মোক ক’লে যে তুমি কিয় নাহা আমাৰ গুৱাহাটী মেডিকেল কলেজলৈ। কলেজত যোৱা ২০ বছৰে ক্লিনিকেল চাইকলজিষ্টৰ পদটো খালী হৈ আছে। পিছত অসম লোকসেৱা পৰীক্ষাত উত্তীৰ্ণ হৈ চাকৰি কৰিব পাৰিবা। তেতিয়ালৈ তুমি মেডিকেল কলজতে ৰোগী চোৱা চিতা কৰা। তেতিয়াৰ পৰা মই মানসিক ৰোগৰ বহিৰ্ভাগত (OTP) ত বিভাগীয় মুৰব্বী ডা: পূৰ্ণধৰ দাস ছাৰৰ সৈতে ৰোগী চোৱা চিতা কৰো। সেইখিনি সময়তে অসম লোকসেৱা পৰীক্ষাতো উত্তীৰ্ণ হ’লো। পৰীক্ষাত মই প্ৰথম হৈ উত্তীৰ্ণ হ’লো। কিন্তু মোৰ চাকৰি গুৱাহাটী মেডিকেল কলেজৰ সলনি ডিব্ৰুগড় মেডিকেল কলেজতহে হ’লগৈ। গতিকে মোৰ আনুষ্ঠানিক চাকৰিৰ আৰম্ভণি হয় ডিব্ৰুগড় মেডিকেল কলেজত ২০০০ চনত। মই ডিব্ৰুগড় গুচি গ’লোঁ মোৰ এক মহীয়া ছোৱালীজনীৰ সৈতে। তাতে মই আঠ মাহ থাকি বদলি হৈ ২০০১ চনত পুনৰ গুৱাহাটী মেডিকেল কলেজলৈ ঘূৰি আহো। তেতিয়াৰ পৰাই মই গুৱাহাটী মেডিকেল কলেজতে আছোঁ।

সাহিত্য ডট অৰ্গ: চৰকাৰী চাকৰিৰ বাহিৰে ক্লিনিকেল চাইকলজীৰ বৰ্তমানৰ চাকৰিৰ বজাৰখন কেনেকুৱা?

ড০ মৈথিলী হাজৰিকা: ক্লিনিকেল চাইকলজী আজিকালি সকলোতে লাগে। ক্লিনিকেল চাইকলজীয়ে মানসিক ভাৰসাম্যহীন লোকৰ চিকিৎসা কৰে যদিও সাম্প্ৰতিক পৰিস্থিতিত সাধাৰণ মানুহে ভোগা বিভিন্ন সাধাৰণ মানসিক সম্বন্ধীয় সমস্যা যেনে- হতাশা, দু: চিন্তা, অতিমাত্ৰা খঙ, টোপনি নহা ইত্যাদি বিষয়ত পৰামৰ্শ দিব পাৰে। ল’ৰা ছোৱালীৰ বিভিন্ন সানসিক সমস্যাও আমি চাব পাৰোঁ। বৰ্তমান বিভিন্ন বহজাতিক কোম্পানীৰ পৰা আৰম্ভ কৰি NGO সমূহত ক্লিনিকেল চাইকলজিষ্ট এক অপৰিহাৰ্য অংগ হৈ পৰিছে।

সাহিত্য ডট অৰ্গ: বাইদেউ, এইযে সামাজিক দূৰত্ব পালন কৰিব যাওঁতে মানসিক ভাৱে কেনেকৈ একত্ৰিত হৈ থাকিব পাৰি তাৰ দুটামান উপায় ক’ব নেকি?

ড০ মৈথিলী হাজৰিকা: হয়, এইটো শাৰীৰিক দূৰত্বহে। শাৰীৰিক দূৰত্বটো সামাজিক দূৰত্ব হ’ব নোৱাৰে। হয়তোবা আমাৰ অকণমান লগ পোৱা, স্পৰ্শ কৰা, সাৱটা-সাৱটি কৰা আদিবোৰ কমি গৈছে। কিন্তু মোবাইল ফোন, ইণ্টাৰনেট আছে। আমি ফোন কৰিব লাগে, ভিডিঅ কল কৰিব লাগে। আৰু চিঠি বা ইমেইল লিখা, মনৰ ভাৱ প্ৰকাশ এইবোৰত গুৰুত্ব দিব লাগে। অতীতৰে পৰা আমাৰ সমাজত চাফ-চিকুনকৈ থকাৰ কিছুমান নিয়ম চলি আহিছিল, সেইবোৰ নতুন কথা নহয়, যিবোৰ বিজ্ঞান সন্মত আছিল। আগতে মানুহবোৰ বেছি চাফ চিকুণ আছিল। সেইকাৰণে হয়তো ভাৰতত স্পৰ্শ কৰাটো ইমান বেছি গ্ৰহণযোগ্য নাছিল।

সাহিত্য ডট অৰ্গ: আৰু এটা কথা আছে বাইদেউ, আপুনিও মন কৰিবচোন প্ৰথম অৱস্থাত লক ডাউন মানি চলিবলৈ বল প্ৰয়োগ কৰিব লগীয়া হৈছিল। মানুহক বুজোৱাৰ পিছতো সমাজৰ প্ৰতিটো স্তৰৰ মানুহেই লক ডাউনৰ নিয়ম-নীতিসমূহ ভংগ কৰিছিল। এনেধৰণৰ মানসিকতা কেনেকৈ সলনি কৰিব লাগিব বাইদেউ?

ড০ মৈথিলী হাজৰিকা: এই ধৰণৰ মানসিকতা সলনি কৰাটো সহজ কথা নহয়। এইটোৱেই দিগদাৰী। আচলতে মানুহৰ স্মৃতি শক্তিটো বহুত বেছি শক্তিশালী নহয়। যিখিনি বস্তু আমি ভালপাওঁ সেইখিনি বস্তু লৈ আমি জীয়াই থাকোঁ আৰু মনতো ৰাখোঁ আৰু সোঁৱৰাই থাকোঁ। যিখিনি আমাৰ কাৰণে কষ্টকৰ, আমি সেইখিনি ল’বও নিবিচাৰোঁ, গ্ৰহণ কৰিবও নুখুজোঁ আৰু এৰি চলিবলৈ চেষ্টা কৰোঁ। আমি যদি এই নিয়ম নীতি সমূহ কষ্টকৰ বুলি লৈছোঁ তেতিয়াহ’লে আমাৰ এইটো মানসিকতা কেতিয়াও সলনি নহয়। কিন্তু এইখিনি যদি আমি ভালকৈ ধনাত্মক ভাৱে লৈছোঁ, ইতিবাচক হিচাবে লৈছো তেতিয়াহলে আমি খুব সোনকালে আমাৰ মানসিকতা সলনি কৰিব পাৰিম।

সাহিত্য ডট অৰ্গ: ধনাত্মক চিন্তাৰে জীয়াই থকাৰ কেইটামান উপায় ক’ব নেকি? প্ৰতিদিনে কেনেকৈ আমি ধনাত্মক হৈ থাকিব পাৰো?

ড০ মৈথিলী হাজৰিকা: মই ভাবোঁ যে মহামাৰীৰ এই সময়ছোৱাত মানুহখিনিয়ে খুব গুৰুত্বপূৰ্ণ কথা কিছুমান ভাবিব লাগে। এই যে আমাৰ ঘৰুৱা হিংসা, পৰিয়ালৰ মাজত কাজিয়া ইত্যাদিৰ ওপৰত অকণমান গুৰুত্ব দিব লাগে। এইখিনি সময়ত একগোট হৈ থকাটো খুব জৰুৰী। ঋণাত্মক কথাবোৰ এৰাই চলি কাজিয়া-পেচাল নোহোৱাকৈ ঘৰ এখনত মিলা প্ৰীতিৰে থাকিব লাগে, নহ’লে দিগদাৰী হৈ যাব সকলোৰে। আৰু এটা কথা, পৰস্পৰৰ মাজত বিশ্বাস শক্তিশালী হ’ব লাগে। অদৃশ্য শক্তিক অলপ বিশ্বাস কৰিব লাগে। মই ভগৱানক অনবৰতে প্ৰাৰ্থনা কৰি থকাৰ কথা কোৱা নাই, আধ্যাত্মিকতাত বিশ্বাস কৰিব লাগে। Something is definitely good is to be happened-যি ঘটিব সকলো ভালেই হ’ব বুলি ভাবি এটা ধনাত্মক চিন্তা ল’ব লাগে সদায়। আৰু জীয়াই যে আছো, মানে আজিৰ দিনটো মই যে জীয়াই আছোঁ, সেইটো এটা ডাঙৰ কথা। আৰু যি আছে সদায় তাতে সন্তুষ্ট হ’ব লাগে। লাগিলে সৰু বস্তুৱে হওক, কিন্তু সেইটো বহুত গুৰুত্বপূৰ্ণ বুলি ভাবিব পাৰিব লাগে। এইখিনি সময়ত মদ-ভাং, বিড়ি চিগাৰেট ইত্যাদি নিচাযুক্ত দ্ৰব্যবোৰ বৰ্জন কৰক। সুষম আহাৰ খাওক। ৰাতিপুৱা সকলোৱে ৰ’দ লওক। ৰ’দে বিজাণু বিষাণু ধ্বংস কৰাত সহায় কৰে। নিশা সোনকালে শুই ৰাতিপুৱা সোনকালে উঠা অভ্যাস কৰক।

সাহিত্য ডট অৰ্গ: আমাৰ মেগাজিনখনৰ বিষয়ে কিবা এষাৰ ক’ব নেকি? মানে কিবা উপদেশ?
ড০ মৈথিলী হাজৰিকা: তোমালোকে stigma বা বেমাৰৰ সামাজিক চেকা-এই বিষয়ত কাম কৰিব পাৰা। আলোচনীৰ বাবে যদি এনে এটা সংখ্যা কৰিব পৰা যায়, তেন্তে বহুত ভাল কথা হ’ব। ইয়াৰ বাবে তোমালোকে অভিজ্ঞ বিশেষজ্ঞক লিখিবলৈ কোৱা আৰু তেওঁলোকৰ পৰা প্ৰয়োজনীয় উপদেশ লোৱা ভৱিষ্যতৰ পৰিকল্পনাৰ বাবে‌। এনে ৰোগীৰো অনুভৱখিনি আলোচনীৰ সংখ্যাত সন্নিবিষ্ট কৰা। তোমালোকে এই গোটেইখিনি সংগ্ৰহ কৰি মোক দিবলৈ অনুৰোধ জনালোঁ। মই তাৰ মাজৰ পৰা সমস্যা তথা সমাধানসমূহ বাচি উলিয়াই চৰকাৰৰ সন্মুখত ডাঙি ধৰিব পাৰিম। আৰু মই ভাবোঁ যে- এতিয়া প্ৰব্ৰজিত শ্ৰমিকৰ বিষয়ে লিখিব লাগে। কিছুমান সঁচা ঘটনা সন্নিৱিষ্ট কৰিব লাগে। এনেকুৱা হ’ব লাগিব যে আলোচনীৰ সংখ্যাটোৱে চৰকাৰক নীৰ্তি নিৰ্ধাৰণত প্ৰভাৱ পেলাব পাৰে। বুজিছা নহয়?

সাহিত্য ডট অৰ্গ: অশেষ ধন্যবাদ বাইদেউ, আমাক ইমান বহুমূলীয়া সময় দিয়াৰ বাবে।

ড০ মৈথিলী হাজৰিকা: ধন্যবাদ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক