সাক্ষাৎকাৰ – (মিন্টু বৰগোঁহাই)

নৰেন কলিতা, এম.এ. আছামিচ । আমাতকৈ চাৰিবছৰমান ডাঙৰ, গতিকে আমাৰ বাবে কলিতাদা, মাতো পিছে ককাই বুলিহে । বিশ্ববিদ্যালয়ৰ হোষ্টেলত প্ৰথম চিনাকী, আমাৰ ফ্লৰতে আছিল । গতিকে মাজে মধ্যে হোষ্টেললৈ আহি আমাক অলপ সকীয়াই থৈ যায়হি পঢ়িবলৈ, লগতে নিজৰ হোষ্টেল জীৱনৰ ৰসাল কাহিনীবোৰো শুনায় । আমিও আড্ডা দিবলৈ ভাল পাওঁ তেখেতৰ লগত । অলপ খোনা-খোনাকৈ লেকচাৰ মাৰি আড্ডা জমাই তোলে । কথাৰ মাজে মাজে বিভিন্ন কবিতাৰ পংক্তি । প্ৰায়বোৰ বিখ্যাত অসমীয়া কবিতাই কলিতাদাৰ মুখস্থ ।
এদিন কলিতাদাই ফ্লৰলৈ আহি চিঞৰ বাখৰ লগাই দিলে “কোন কোন আছ ওলাই আহ, ককায়েৰে ছিলভাৰ জুবিলী পাতি আহিছে । আজি পাৰ্টি হব ।” আমি সকলোৱে তেখেতক আগুৰি ধৰি হোষ্টেলৰ পৰম্পৰা অনুসৰি পানী দুবাল্টিমান ঢালি আদৰণি জনালো । পাৰ্টিৰ আয়োজনৰ সমান্তৰালকৈ আমাৰ আড্ডাও আৰম্ভ হ’ল । আড্ডাত গম পালো তেখেতে কলেজ এখনত সাক্ষাতকাৰ দি আহিছে, প্ৰবক্তা পদৰ বাবে, এয়া তেখেতৰ চাকৰি বিচাৰি ২৫তম সাক্ষতকাৰ । সুধিলো কেনেকুৱা হ’ল, কি কি সুধিছিলে । তেওঁৰ নকয় । বেছিকৈ জোৰ কৰি সোধাত কলে – “কি সুধিব, চব ফিটিং হৈ আছে, কোনো চিৰিয়াছ ইণ্টাৰভিউ হোৱা নাই, যত চব মেনিপুলচন কাৰবাৰ ” ।
তথাপিতো কওকচোন কি সুধিছে বুলি কোৱাত প্ৰথমৰ পৰা আৰম্ভ কৰিলে, “জানোৱেই নাপাওঁ বুলি, সোমায়েই মাথা গৰম, চেয়াৰপাৰ্চন গৰাকীক আগতে তিনিবাৰ ইণ্টাৰভিউ দিছো । চিধা গৈ বহি দিলো আৰু কলো -বহি দিলো বাইদেউ দেই….। কাষতে থকা এজনে কলে “বহক বহক” ।

চেয়াৰপাৰ্চনে গহীন হৈ সুধিলে- “আপোনাৰ নাম” ?
আমাৰ ককাইৰ ডাইৰেক্ট উত্তৰ – “ ফা-ফাইলত লিখা আছে” । (প্ৰাৰ্থীৰ লিষ্টখন আগত লৈ আকৌ নামটোহে পাইছে শুধিবলৈ ।)
চেয়াৰপাৰ্চনে তৎভট খাই আকৌ সুধিলে – “আপুনি… অসমীয়াত ফাৰ্ষ্টক্লাচ” ?
এটি সুন্দৰ প্ৰশ্ন, গতিকে একেবাৰে পোনপটীয়া উত্তৰ – “সেইটোতো হয়েই” । ( মাৰ্কছিট সন্মুখত পৰি আছে, দেখিছেই ফাৰ্ষ্টক্লাছ, ইয়াত সুধিবলগীয়া কিটো আছে )
চেয়াৰপাৰ্চন-“বাৰু কলিতা, আপুনিটো বহুত কবিতা পঢ়িছে” ?
প্ৰশ্নটো সুধি থাকোতেই কলিতাদাৰ উত্তৰ- “সেইটো কিবা প্ৰশ্ন হ’ল নে ?” ( হয়টো, ইমান প্ৰস্তুতি কৰি আহিছে সাক্ষাতকাৰলৈ অথচ সুধিছে কবিতা পঢ়িছে নে নাই )
চেয়াৰপাৰ্চনো এৰি দিয়া ভকতনী নহয়, সুধিলে – “ঠিক আছে মি. কলিতা, আপুনিতো বহুত কবিতা পঢ়িছে…বাৰু কওকচোন কোন কবিৰ কবিতা আপোনাৰ আটাইতকৈ প্ৰিয়” ।
কলিতাদাই অলপ গহীন হৈ কলে –“কবিতা….যত চব ফাল্টু কবিতা” ।
সন্মুখত বহি থকাকেইজনটো সাহিত্যিক মানুহ, চেণ্টিমেণ্টত লাগি গৈছে । এজনে সুধিলে… “কবিতা ফাল্টু ?????”
কলিতাদাই কলে – “নহয়নো কি ??”
চেয়াৰপাৰ্চনৰ কাষত বহি থাকাজনে লাহেকৈ সুধিলে – “তুমি তেনেকৈ ক’লা ? কবিতাৰ এনেই সৃষ্টি হয়নে ??”
কলিতাদা বেপেৰুৱা উত্তৰ – “সেইটোৰ লগত মোৰ কোনো লেনা-দেনা নাই, মুঠতে কবিবিলাক চব ফাল্টু, কবিতাবোৰ আৰু ফাল্টু” ।
কবিসত্বাত আঘাত……সহ্য নহয় কোনো কবিৰ ….জাঙুৰ খাই উঠিল চেয়াৰপাৰ্চন, চেণ্টিমেণ্টত লাগি যথেষ্ট উষ্মাৰে সুধিলে – “কিয় ??? কিয় তুমি তেনেকৈ কলা ?”
কলিতাদা গহীন…..লাহেকৈ আৰম্ভ কৰিলে – “ এ-এই ধৰক….পুৰণি কবিতাবিলাকত পালো…. ‘অথিৰ ধন-জন জীৱন যৌৱন…..’ ধৰি ললো…. ‘অথিৰ….’….ধৰি ললো । এতিয়া কবিয়ে কি কৈছে ….’দিয়া প্ৰিয়তম, প্ৰাণৰ পিয়লা….জীৱন মদিৰা ভৰাই দিয়া….কাইলৈ কিয় আজিয়েই দিয়া’ । আপুনি কওক, আপুনি কওক বাইদেও কোনটো ধৰিব আপুনি….‘অথিৰ ধন জন’ নে…. ‘পিয়লা’টো ধৰিব আপুনি ? কোনটো ধৰিব ?”
চেয়াৰপাৰ্চন হতভম্ভ ….. বাহ কি বিশ্লেষণ…লগে লগে কলিতাদাই লাহেকৈ কলে – “বাইদেউ ফাল্টু কবি নহয় নেকি ?”
“ঠিক আছে ঠিক আছে…. আপুনি…. এইবিলাক পাহৰকচোন এতিয়া…বেলেগ প্ৰসংগলৈ আহো ”- চেয়াৰপাৰ্চনৰ কাষত বহাজনে চশমাখন খুলি লৈ কলে ।
লগে লগে কলিতাদাই উভতি ধৰিলে – “আকৌ আপুনি ফাল্টু কথা কৈ দিলে…. কেনেকৈ পাহৰিব হে কেনেকৈ পাহৰিব…..এই তাহানি কবিয়ে কৈছে “অতীতক নাযাবা পাহৰি…” এতিয়া আকৌ কবিয়ে কি কৈছে “অতীতক যোৱাহে পাহৰি” । কোনটো ধৰিব আপুনি বাইদেউ কো-কোনটো ধৰিব….কবি ফাল্টু নহয় নেকি ?”
চেয়াৰপাৰ্চনৰ মুখৰ মাত হৰিল, লাহেকৈ কলে – “বাৰু ঠিক আছে…..আপোনাৰ কবিতাৰ ওপৰত দখল কি আছে আমি বুজিলো, আপোনাক এতিয়া আমি ইণ্টেলিজেন্স মানে বুদ্ধিমত্তাৰ অলপ পৰীক্ষা লওঁ, কাৰণ ক্লাচৰূমত আপোনাৰ প্ৰেজেন্স অৱ মাইণ্ড অলপ লাগিবতো । বৰুৱা আপুনি আৰম্ভ কৰক ।“
আমাৰ কলিতাদা নিৰ্বিকাৰ হৈ বহি আছে । আজি শেনৰ এজাত, চাকৰিটো নাপায়েই যেতিয়া আজি প্ৰতিটো প্ৰশ্নতে চেলেঞ্জ কৰিবই । বৰুৱা বোলাগৰাকীয়ে আৰম্ভ কৰিলে- “আপোনাৰ ঘৰ ?”
কলিতাদাই অলপ সময় ভালদৰে চিন্তা কৰি সুধিলে- “ মোৰ…….. মানে দেউতাৰ ঘৰ ? তিনিচুকীয়াত ।”
পুনৰ একেজনে প্ৰশ্ন এৰিলে – “এই ধৰক আপুনি তিনিচুকীয়াৰ পৰা গুৱাহাটীলৈ ট্ৰেইনেৰে আহিব্, কিমান সময় লাগিব বাৰু ট্ৰেইনেৰে আহিলে ?”
কলিতাদাই অলপ সময় মনে মনে থাকি মাত লগালে – “হেঃ হেঃ হেঃ বাইদেউ দেখিলেনে প্ৰশ্নৰ মাজত প্ৰশ্ন ৰাখি গ’ল …..মই তিনিচুকীয়াৰ পৰা গুৱাহাটীলৈ আহিম….পিচে কোনখন ট্ৰেইনত ? ৰাজধানীত আহিমনে, ব্ৰহ্মপুত্ৰত আহিম…নে ইণ্টাৰচিটিত আহিম । নে সেই মালগাড়ীত বিনা ভাড়াত আহিম । প্ৰথমতে এই প্ৰশ্নটোৰ উত্তৰ মোক দিয়ক । পেচেঞ্জাৰত আহিমনেকি ? মানুহ মাৰিব দেই আপোনালোকে ।”
চেয়াৰপাৰ্চনে কথা বিষম দেখি হস্তক্ষেপ কৰিলে, “ অ….হয়, এই প্ৰশ্নটো অলপ খেলিমেলি হৈছে । ঠিক আছে বাৰু । এইবিলাক তুমি এৰি দিয়া । পিছে মি. কলিতা আমি অনুভৱ কৰিছো যে আপুনি উত্তৰবোৰ বৰ এটা সদিচ্ছাৰে দিয়া নাই, ভদ্ৰামিটো ৰাখিব জনা নাই । এনেকৈ উত্তৰ দিলে কি হব পাৰে বুলি ভাবিছে বাৰু আপুনি ?”
এইবাৰ আমাৰ কলিতাদা উৎফুল্লিত হৈ উঠিল । উত্তৰবোৰ গাত লাগিছে মানে এইবাৰ । শেষ উত্তৰ দিলে কলিতাদাই, “ বাইদেউ ভয় নেদেখুৱাব, ইণ্টাৰভিউ দি দি কলিজা ডাঠ হৈ গৈছে ।”
চেয়াৰপাৰ্চনে দেখিলে যে এইজন সহজে হাৰ মনা ভকত নহয় । গতিকে বিদায় দিয়াই ভাল হব বুলি ভাবি সিমানতে সাক্ষাতকাৰ সামৰিলে । কলিতাদাও “আজি ভালকৈ দিলো” এনে মনোভাবেৰে আহি আমাৰ হোষ্টেল পালেহি । আমাৰো এসাজ ভালকৈ খোৱাৰ যোগাৰ হ’ল । পিছে ককাইয়ে চাকৰিটো পালেনে নাই সেইটোহে খবৰ নাপালো ।

–**–

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক