সাক্ষাৎকাৰ – শংকৰদেৱ পুতলা নাচ দল

  ভাৰতীয় লোক-সংস্কৃতিৰ ক্ষেত্ৰত ‘পুতলা নাচ’ আটাইতকৈ প্ৰাচীন সম্পদ৷ ভাৰতীয় নাট্য সাহিত্যৰো আদি এই পুতলা নাচ৷ অসম এইবিধ লোক সংস্কৃতিৰ উৰ্বৰা ক্ষেত্ৰ৷ পুতলা নাচ মূলতঃ আঙুলিৰ কলা৷ মাটিৰ কৃষ্টি৷ পুতলা নাচে সমৃদ্ধ কৰিছে অসমীয়া জাতিৰ সংস্কৃতিক, দেখুৱাইছে কৃষ্টিৰ বাটেৰে চহকী হোৱাৰ ইতিহাসক৷ তেনে এবিধ লোকশিল্পৰ বিষয়ে ‘সাহিত্য ডট অৰ্গ’ৰ পঢ়ুৱৈসমাজক অৱগত কৰোৱাৰ উপৰি মাটিৰ পৰা বিশ্বৰ বুকুলৈ তেওঁলোকৰ শিল্প-ইতিহাস, সংকট, সম্ভাৱনাক লৈ যোৱাৰ প্ৰয়াসেৰে আমি নলবাৰী জিলাৰ বাঁহজানী গাঁৱৰ ‘পুতলা নাচ দল’ এটিৰ ওচৰ চাপিছিলোঁ৷ আমি কথা পাতিব বিচাৰিছিলো শিল্পটোৰ সৈতে জড়িত প্ৰবীণ শিল্পী শ্ৰীগোবিন্দ তালুকদাৰৰ সৈতে৷ কিন্তু আশীৰ উৰ্ধৰ শিল্পীগৰাকী অনুপস্থিত থকা হেতুকে আমাৰ সৈতে কথা পাতিছিল তেখেতৰ সুপুত্ৰ আৰু পুতলা নাচ দলটোৰ কৰ্ণধাৰ শ্ৰীদেবেন তালুকদাৰ ডাঙৰীয়াই৷ ‘সাহিত্য ডট অৰ্গ’ৰ হৈ উপস্থিত আছিল শ্ৰীনয়নমণি হালৈ, সম্পাদক দীপাংকৰ দত্ত আৰু দেৱজিত্‍ কলিতা৷ তলত কথোপকথনৰ সম্পাদিত ৰূপ দিয়া হ’ল৷

: ‘পুতলা নাচ’- এই শিল্পটোৰ সৈতে জড়িত হোৱাৰ আপোনাৰ কিমান বছৰ হ’ল?
: আমাৰ ‘শংকৰদেৱ পুতলা নাচ দল’ ২০০৬ চনতহে আৰম্ভ হৈছে৷ কিন্তু দেউতাই তাৰো ৪০ বছৰ আগৰ পৰাই পুতলা নাচৰ লগত জড়িত৷ দেউতা বেলেগ বেলেগ পুতলা নাচ দলত কাম কৰি ঘূৰি ফুৰিছিল৷ দেউতাৰ নাম শ্ৰী গোবিন্দ তালুকদাৰ৷ তেখেতৰ বয়স এতিয়া ৮০ বছৰ৷ আমি সৰু থকাৰে পৰা দেউতা পুতলা নাচৰ লগত জড়িত৷ তেখেতে প্ৰথম শিমেলাবাৰী গাঁৱৰ পুতলা নাচৰ লগত জড়িত আছিল৷ তাত পাঁচবছৰ কটালে৷ তাৰপৰা ওলাই আহি মেধি চুবুৰীৰ পুতলা নাচ দলটোৰ সৈতে জড়িত হয়৷ এই মেধি চুবুৰীৰ দলটোৰ লগত তেখেত বহু বছৰ ধৰি কটালে৷ শেষত কিবা মনোমালিন্য হৈ দেউতা ওলাই আহে আৰু ২০০৬ চনত নিজাববীয়াকৈ এই ‘শংকৰদেৱ পুতলা নাচ দল’ আৰম্ভ কৰে৷

: পুতলা নাচৰ দলটোত তেখেতে কি কাম কৰে? গায়ন, বায়ন নে সূত্ৰধাৰ?
: পুতলা নাচত আচলতে গায়নজনেই সূত্ৰধাৰ, সূত্ৰধাৰজনেই গায়ন৷

: আৰু পুতলাবোৰৰ বিষয়ে কওকচোন৷ কিহেৰে সজা হয় পুতলাবোৰ?
: পুতলা নাচৰ বাবে প্ৰস্তুত কৰা পুতলাবোৰ তৈয়াৰ কৰা হয় ‘কুহিলা’ৰে৷ আৰু পুতলাৰ মুখৰ সংলাপৰ বাবে ‘বেত’ৰ পৰা সাজি উলিওৱা এটা বিশেষ পেঁপা ব্যৱহাৰ কৰা হয়৷

: পুতলা নাচৰ বাবে আৰু কি কি সা-সৰঞ্জাম বা সা-সুবিধাৰ প্ৰয়োজন হয়?
: প্ৰথম কথা পুতলা নচুৱাবৰ বাবে এখন মঞ্চৰ দৰকাৰ৷ মঞ্চখন দীঘলে ওঁঠৰ ফুট আৰু বহলে দহফুটমান হলেই হয়৷ ছয়খন ডেস্ক, পাঁচডাল বাঁহ, আঁৰকাপোৰ, ছাইটস্ক্ৰীণ, এইখিনি হলেই পুতলা নাচ সাজু৷

: আমাৰ নতুন প্ৰজন্মৰ সৰহভাগেই পুতলা নাচ দেখা নাই, সৰহভাগেই এই কলাকৃষ্টিটোৰ বিষয়ে নাজানে৷ তেখেতেসকলৰ উদ্দেশ্যে এই পুতলা নাচৰ গঠন শৈলী বা কাৰ্যক্ৰমণিকাৰ বিষয়ে অলপ কওকচোন৷
: পুতলা নাচ চাৰিপ্ৰকাৰৰ৷ আমি যিটো পুতলা নাচ প্ৰদৰ্শন কৰো সেইটো হৈছে ‘ৰচী পুতলা’৷ এইটো সম্পূৰ্ণৰূপে আঙুলিৰ খেল৷ এই ৰচী পুতলা প্ৰদৰ্শন কৰোতে প্ৰয়োজন সাপেক্ষে দুজন মানুহৰ দৰকাৰ হয়৷ কিন্তু এজন মানুহেও এই পুতলা নাচ প্ৰদৰ্শন কৰিব পাৰে৷ কেৱল মানুহজন অলপ ওষ্টাদ হব লাগিব৷ এতিয়া আমাৰ দলটোৰ পুতলা নাচ মই অকলে দেখুৱাব পাৰো৷ কিন্তু পুতলাকেইটা আগুৱাই দিবৰ বাবে বা আৰু কিছুমান ক্ষেত্ৰত এজন সহায়কাৰী হ’লে অলপ সুবিধা হয়৷ পুতলা নচুওৱা মানুহজনেই পেঁপা বজাই সংলাপ দিবলগীয়া হয়৷

: অৰ্থাত্‍ পুতলানাচৰ বাবে মূল মানুহ এজনেই?
: হয়, পুতলা নচুৱাবৰ বাবে এজন মানুহ হলেই হৈ যায়৷ কিন্তু মইতো কলোৱেই এজন সহায়কাৰী হলে ভাল৷

: এই মানুহ দুজনক কি বুলি কোৱা হয়?
: সূত্ৰধাৰ

: আৰু কি কি অংশ থাকে এটা পুতলা নাচ দলত?
: গায়ন এজন আৰু বায়ন দুজন থাকে৷ বাদ্য থাকে খোল আৰু জুৰি৷

: তাৰমানে পাচজন মানুহ হলেই এটা পুতলা নাচ দল সুন্দৰকৈ চলি থাকিব পাৰে?
: হয়৷ কিন্তু এয়া ‘ৰচী পুতলা’ৰ ক্ষেত্ৰতহে৷

: ৰচী পুতলাৰ বাহিৰে আৰু কি কি পুতলা নাচ আছে অলপ কওকচোন৷
: চাৰি প্ৰকাৰৰ৷ ৰচী পুতলাত বাহিৰে আৰু তিনি প্ৰকাৰৰ পুতলা নাচ আছে৷ ৰড পুতলা, ছায়া পুতলা আৰু হস্ত পুতলা৷ ৰড পুতলাত এজন মানুহে মাত্ৰ এটা পুতলাহে নচুৱাব পাৰে৷ ৰড পুতলাত পুতলাটো এডাল লাঠিৰ সহায়ত নচুওৱা হয়৷ পুতলাটোৰ তলৰ ফালে এডাল লাঠি থাকে আৰু হাত দুখনত লৰচৰ কৰাব পৰা দুডাল সৰু মাৰি থাকে৷ অভিনয় কৰাৰ সময়ত লাঠিডালৰ সহায়ত পুতলাটো দাঙি ধৰে আৰু হাতত লাগি থকা ‘ষ্টিক’দুডালৰ সহায়ত পুতলাটোৱে অভিনয় কৰে৷ এই পুতলা নাচবিধত সূত্ৰধাৰজন পুতলাটোৰ তলত থাকে৷ এই পুতলা নাচবিধ প্ৰায় লুপ্ত বুলিয়ে কব পাৰি, কৰবাত যদি আছেও মই নাজানো৷

: ছায়া পুতলা আৰু হস্ত পুতলাৰ বিষয়ে কওকচোন৷
: ছায়া পুতলা পোহৰৰ সহায়ত ছায়া সৃষ্টি কৰি লোৱা হয় আৰু সেই ছায়া দৰ্শকক দেখুওৱা হয়৷ দৰ্শকে কেৱল ছায়াটোহে দেখিবলৈ পায়, পুতলাটো নেদেখে৷ ধৰি লওক মোৰ এই হাতখনৰ ছাঁটো বেৰত পৰিছে, দৰ্শকে এই ছাঁটোহে দেখিবলৈ পায়, হাতখন নেদেখে৷ এইবিধ পুতলানাচত লাইটটোৱেই মেইন৷

: যিটো গম পালো ছায়া পুতলাত পোহৰৰ যথেষ্ট ভূমিকা আছে৷ কিন্তু যিটো সময়ত ধৰক বিজুলী বাতি বা ইলেকট্ৰিকেল সা-সৰঞ্জাম নাছিল, সেইসময়ত এইবিধ পুতলা নাচ কেনেকৈ দেখুওৱা হৈছিল?
: মানুহৰ সৃষ্টিশীলতা সময় ভেদে বেলেগ বেলেগ৷ আগতে হয়তো কেৰাচিন তেলৰ চাকি, জোৰৰ পোহৰ আদি ব্যৱহাৰ হৈছিল, আজিকালি কাৰেণ্টৰ পোহৰ৷ দিন যোৱাৰ লগে-লগে মানুহৰ অভিজ্ঞতাও বাঢ়ে, গতিকে সময়ে হয়তো ইয়াক অলপ সালসলনি কৰিছে, কিন্তু ইয়াৰ সৌন্দৰ্য একেই আছে৷

: এইবাৰ হস্ত পুতলাৰ বিষয়ে অলপ কওক৷
: এইবিধ পুতলা নাচত সূত্ৰধাৰৰ হাতখনকেই পুতলা বনোৱা হয়৷ এইবিধ পুতলা নাচত কেৱল পুতলাৰ মূৰটো আৰু হাতদুখনহে সজোৱা হয়, বাকী ডিঙিৰ তলৰছোৱাত এটা জামা পিন্ধাই দিয়া হয়৷ ৷ জামাটো সূত্ৰধাৰৰ হাতখনত সুমুৱাই লয় আৰু পুতলাৰ মূৰটো আৰু হাতদুখন বিশেষ কায়্দাৰে তিনিটা আঙুলিত সুমুৱাই লোৱা হয়৷ গোটেই অভিনয় সূত্ৰধাৰজনে নিজৰ হাতদুখনৰ সহায়তেই সম্পন্ন কৰে৷

: এই হস্ত পুতলা বৰ্তমান সময়ত আছেনে? আপুনি দেখিছেনে কেতিয়াবা?
: ১৯৮৪ চনত মোৰ দেউতাই ৰবীন্দ্ৰ ভৱনত এটা পুতলা নাচৰ কৰ্মশালাত অংশগ্ৰহণ কৰিছিল৷ সেই প্ৰশিক্ষণৰ সময়ত মোৰ দেউতাই নিজে এনে পুতলা তৈয়াৰ কৰিছিল আৰু আমাক দেখুৱাবলৈ ঘৰলৈ লৈ আহিছিল৷ আমি তেতিয়া সৰু আছিলো যদিও ভালকৈ মনত আছে৷

: এই চাৰিওটা পুতলা নাচৰ ভিতৰত জনপ্ৰিয় কোনটো?
: ৰচী পুতলা৷ হয়তো সেইবাবেই ই আজিও জীয়াই আছে৷ কিন্তু বাকী তিনিটা পুতলা প্ৰায় লুপ্ত৷ কৰবাত যদি আছেও মই নাজানো৷

: নলবাৰী অঞ্চলত আপোনালোকৰ পুতলা নাচ দলটোকে ধৰি আৰু বহুকেইটা দল আছে৷ আমি জানিব বিচাৰিছো আপোনালোকে প্ৰদৰ্শন কৰা এই পুতলা নাচ কেৱল নলবাৰী, কামৰূপ অঞ্চলতে সীমাবদ্ধ নে অসমৰ আন-আন ঠাইসমূহলৈও আপোনালোকে নিমন্ত্ৰণ পায়?
: হয়, অসমৰ বহু ঠাইত আমি প্ৰদৰ্শন কৰিছো৷ যোৱাবছৰো আমি নগাঁওত পুতলা নাচ দেখুৱাবলৈ নিমন্ত্ৰণ পাইছিলো৷ জুবিন গাৰ্গে আয়োজন কৰা ‘কলাগুৰু ফেষ্টিভেল’ত আমি পুতলা নাচ প্ৰদৰ্শন কৰিছিলোঁ৷ কিন্তু এনে নিমন্ত্ৰণ বৰ কমকৈ আহে৷ আমাৰ স্থানীয় অঞ্চলতে ইয়াত আদৰ কমি অহা যেন লাগে৷

: আমাৰ অঞ্চলত কোনটো সময়ত আপোনালোকৰ নিমন্ত্ৰণবোৰ বেছিকৈ আহে?
: পুতলা নাচ এনেয়ে সকলো সময়তে দেখুৱাব পৰা যায়৷ কিন্তু সাধাৰণতে দুৰ্গা পূজা বা পুহ, মাঘ মাহৰ সভাৰ সময়ত আমি নিমন্ত্ৰণ বেছিকৈ পাও৷

: অসমৰ বাহিৰতো গৈছে নেকি কেতিয়াবা?
: নাই, আমি অসমৰ বাহিৰলৈ যোৱা নাই৷

: আপোনালোকে যেতিয়া ৰাইজৰ মাজত পুতলা নাচ প্ৰদৰ্শন কৰে, তেতিয়া ৰাইজৰ সঁহাৰি কেনেকুৱা? বিশেষকৈ যুৱ প্ৰজন্মৰ পৰা কেনে সঁহাৰি লাভ কৰে?
: সুন্দৰ৷ সুন্দৰ সঁহাৰি পাওঁ ৰাইজৰ পৰা৷ যতেই আমি এই কলা প্ৰদৰ্শন কৰো, তাতেই ৰাইজৰ যথেষ্ট প্ৰশংসা পাওঁ আমি৷ পুৰস্কাৰো পাওঁ৷

: আজিৰ সময়ত মনোৰঞ্জণৰ বাবে অলেখ উপাদান উভৈনদী হৈ পৰিছে৷ হাতৰ মবাইলটোতে বহু মনোৰঞ্জনৰ উপাদান সোমাই থাকে৷ চিনেমা, নাটক, ইউটিউব, টিভি চেনেল, ভ্ৰাম্যমাণ থিয়েটাৰ ইত্যাদি বহু মনোৰঞ্জনৰ বহু উপাদান থকাৰ পিছতো কিন্তু আজি পুতলা নাচ জীয়াই আছে৷ ইমান প্ৰত্যাহ্বান স্বত্বেও আটাইতকৈ প্ৰাচীন এই কলাটো কেনেকৈ জীয়াই আছে বুলি ভাবে?
: শংকৰদেৱ গুৰুজনাই বহু কষ্ট কৰি নিজ হাতে বহু কলা কৃষ্টি আমাক দান দি থৈ গৈছে৷ সেই আটাইবোৰেই কিন্তু জীয়াই আছে৷ কোনো এটা উপাদানেই লুপ্ত হৈ যোৱা নাই৷ আমিও গুৰুজনাৰ আশীৰ্বাদ লৈয়ে কৃষ্টিটো জীয়াই ৰখাৰ বাবে আপ্ৰাণ চেষ্টা কৰি গৈছো৷ কিন্তু এই চেষ্টা কেৱল পুতলা নাচ দেখুওৱা মানুহকেইজনমানে কৰিলেই নহব, গোটেই অসমৰ ৰাইজেই এই চেষ্টাটো কৰিব লাগিব৷ অসমৰ ৰাইজেই এই কৃষ্টি-সংস্কৃতিবোৰ বচাই ৰাখিব লাগিব আৰু বচাই ৰাখিব বুলি মোৰ বিশ্বাস আছে৷

: আপুনি জন্মৰ পৰাই পুতলা নাচ দেখিছে৷ আপোনাৰ দেউতা এই কৃষ্টিটোৰ এজন সাধক৷ এতিয়া তেখেতৰ কৃষ্টিটো আপুনিও গাত পাতি লৈছে৷ কিন্তু আপোনাৰ দেউতাৰ দিনত এই মাধ্যমটো আৰু আজিৰ তাৰিখত এই মাধ্যমটোত কিবা পৰিৱৰ্তন আপুনি দেখিছে নেকি? বা কিবা পৰিৱৰ্তন আনিবলৈ আপুনি চেষ্টা কৰিছে নেকি? মই এইবাবেই এই প্ৰশ্নটো সুধিলো যে বহুতে সস্তীয়া জনপ্ৰিয়তাৰ বাবে পৰম্পৰাগত লোককৃষ্টিসমূহো বিকৃত কৰিবলৈ আগবাঢ়ি অহা দেখা যায়৷
: নাই নাই৷ আমি সেইটো কৰা নাই৷ এইবোৰ গুৰুজনাৰ সম্পদ৷ গুৰুজনাৰ দিনৰ পৰা চলি অহা কলাকৃষ্টি৷ গতিকে আমি তাক বিকৃত কৰিব নোৱাৰো৷ বিকৃত কৰাৰ সাধ্য আমাৰ নাই৷ পুতলা নাচৰ যিটো শুদ্ধ ৰীতি নীতি তাক আমি মানি চলিহে আগবাঢ়ি গৈছো৷ কিন্তু কেতিয়াবা ৰাইজৰ মাজৰ পৰাই দুই-এজনে অলপ বেলেগ কিবা কৰিবলৈ বা পুতলা নাচৰ মাজত দুই-এটা নতুন বস্তু সোমাই দিবলৈ কয়৷ কিন্তু আমি কৰা নাই৷

: এই বছৰ আপোনালোকে পুতলা নাচৰ বাবে কি কি নাটক লৈছে?
: এই বছৰ আমাৰ দুখন নাটক আছে৷ দুয়োখনেই ৰামায়ণৰ কাহিনী- ‘অন্ধমুনিৰ অভিশাপ’ আৰু ‘সীতা হৰণ’৷

: এতিয়ালৈ যিমানবোৰ নাটক দেখুৱালে, আপোনাৰ দৃষ্টিত আটাইতকৈ জনপ্ৰিয় নাটক কোনখন?
: পুতলাৰ নাটক আন নাট্যদলৰ দৰে বছৰি সলাই থাকিব নোৱাৰি৷ কাৰণ নাটকখন সলাই দিয়াৰ লগে পুতলাসমূহকে ধৰি বহু বস্তু সলনি কৰি দিবলগীয়া হয়৷ এনেকৈ সলনি কৰিলে যিটো খৰচ হয়, সেই খৰচ আমাৰ কেতিয়াবা বছৰদিনতো নোলায়৷ গতিকে বহুত বেছি নাটক কৰাৰ কথা পুতলা দলত ভাবিব নোৱাৰি৷

: পুতলা নাচ অসম তথা ভাৰতৰে নহয়, পৃথিৱীৰে আটাইতকৈ পুৰণি লোক-পৰিবেশ্য কলা৷ এই কলাসমূহ জীয়াই ৰাখিবলৈ চৰকাৰৰ ফালৰ পৰা আপোনালোকে কিবা সা-সুবিধা পাইছেনে?
: মোৰ দেউতাই ২০১৫ চনত চৰকাৰী ভাৱে এটা একঁকালীন সাহায্য পাইছিল৷ কিন্তু মোৰ বোধেৰে পুতলা নাচ জীয়াই ৰখাৰ বাবে আমাৰ শিল্পীসকলে চৰকাৰী একো সুবিধা এতিয়ালৈ পোৱা নাই৷ মোৰ দেউতা ‘গোবিন্দ তালুকদাৰে’ গোটেই জীৱনটো এই শিল্প ৰক্ষাৰ নিমিত্তে কাম কৰিলে৷ তেখেত ‘শিল্পী পেঞ্চন’ৰ বাবে যোগ্য ব্যক্তি৷ তেখেতৰ এটা শিল্পী পেঞ্চনৰ বাবে মই বহুতক কলো, বহুতৰ ওচৰত গলো৷ মানুহে মুখেৰে হব বুলি কয়৷ আগৰজন বিধায়কে লিখিও লৈ গৈছিল৷ কিন্তু ফলাফল একো নাই৷ মানুহজন মৰাৰ পিছত শোকসভা কৰিলে কি হব! জীয়াই থাকোতে যদি তেখেতে প্ৰাপ্য সন্মানখিনিকে নাপায়!

: আপোনাৰ দেউতাই নহয়, আমাৰ প্ৰায় সকলো লোককৃষ্টিৰ লগত জড়িত শিল্পীৰে একেই অৱস্থা৷ লোককৃষ্টি জীয়াই ৰখাৰ নামত শিল্পীসকলে জীৱনৰ অৰ্ধেক সময় পাৰ কৰি দিয়ে, অথচ তেওঁলোকক জীয়াই ৰাখিবলৈ যেন চৰকাৰৰ সদিচ্ছাৰ অভাৱ হয়৷ কিয়? আপোনালোকৰ দৰে শিল্পীসকলে চৰকাৰ বা বিভাগীয় বিষয়াসকলৰ ওচৰলৈ যাব নোখোজে নে তেওঁলোকে নিজেই আপোনালোকৰ ওচৰলৈ অহাটো বিচাৰে?
: চৰকাৰে দুই-এটা সৰুসুৰা কাম কৰিছে৷ এই ধৰক, মেলেৰীয়া বা এইডছ ৰোগ আদিৰ ওপৰত মানুহৰ মাজত সচেতনতা আনিবলৈ আমি পোন্ধৰ মিনিট সেই বিষয়টোৰ ওপৰত নাটক কৰিব লাগে৷ মেলেৰীয়া ৰোগটো কেনেকৈ বিয়পে, কি কৰিলে মেলেৰীয়া ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি এনেধৰণৰ বিষয়ৰ ওপৰত নাটক৷ ‘মাজনী’, ‘মামণি’ আদি চৰকাৰী আচনিৰ ওপৰতো আমি নাটক কৰিব লাগে৷ আৰু তাৰকাৰণে আমি এটা মাননি পাও৷ কিন্তু আমাৰ শিল্পটো বা শিল্পীসকল সন্মানসহকাৰে জীয়াই থাকিবলৈ এয়া যথেষ্ট নহয়৷ পুতলা নাচটো চৰকাৰী আচনিৰ এডভাৰটাইজ কৰা বস্তু নহয়৷ এডভাৰটাইজ কৰা পইছাখিনিত বাহিৰে আৰু একো অনুদান নাই৷ শিল্পীসকল কিমান কষ্টত জীয়াই আছে সেইকথা ৰাইজ আৰু চৰকাৰ মিলি গভীৰভাৱে চিন্তা কৰিব লাগে৷

: আপোনাৰ দেউতাই শিল্পী পেঞ্চন পোৱা নাই গম পালো৷ কিন্তু পুতলা নাচৰ লগত জড়িত কোনো ব্যক্তিয়ে শিল্পী পেঞ্চন পাইছেনে এতিয়ালৈ?
: নামটো মোৰ মনত পৰা নাই৷ মহখুলি গাঁৱৰ জনৈক কাকতি নামৰ এগৰাকী ব্যক্তিয়ে শিল্পী পেঞ্চন পাইছে বুলি মই গম পাইছো৷

: লোককৃষ্টিৰ প্ৰতি মানুহৰ আকৰ্ষণ কমি আহিছে নেকি? ই আৰু বহুবছৰ জীয়াই থাকিব বুলি আপুনি ভাবেনে?
: মই জীয়াই থাকিব বুলি আশাবাদী৷ মোৰ দেউতাই এই বৃত্তিটোৰ সৈতে জড়িত৷ তাৰপিছত দেউতাৰ পৰা মই এই শিল্পটোৰ সৈতে জড়িত হৈ পৰিলো৷ মোৰ পিছতো নতুন প্ৰজন্মৰ কোনোবা ওলাব বুলি মই বিশ্বাস কৰো৷

: কিন্তু সঁচাকৈয়ে ওলাইছেনে? আপোনাৰ ওচৰলৈ কোনোবা আহিছেনে পুতলা নাচৰ প্ৰশিক্ষণ লবলৈ বা এটা দল খুলিবলৈ?
: মোৰ জীৱনত এজনেই আহিছিল৷ হাজো অঞ্চলৰ শিক্ষিত ডেকা লৰা এজন আহিছিল পুতলা নাচৰ দল খুলিবলৈ মোৰ পৰা সহযোগ বিচাৰি৷ তাত বাহিৰে অৱশ্যে আজিলৈ কোনো অহা নাই৷ কিন্তু মই আশাবাদী কোনোবা নহয় কোনোবা ওলাব৷ আপোনালোকোতো আহিছে, নিশ্চয় বিষয়টোৰ প্ৰতি আগ্ৰহ থকাৰ বাবেই আহিছে৷

: একেবাৰে নিসংকোচে কওকচোন, এটা পুতলা নাচ দল খুলি এজন নিবনুৱা যুৱকে স্বাৱলম্বী হব পাৰেনে? পুতলা নাচক পেচা হিচাপে লব পাৰেনে?
: সঁচা কথা কওঁ, নোৱাৰে৷ পুতলা নাচ দেখুৱাই কোনেও ঘৰ চলাব নোৱাৰে৷ কৃষ্টিটোৰ প্ৰতি অকাট্য মৰম থাকিলে তেও দুপইছা যে নাপাব তেনে নহয়, কিন্তু সম্পূৰ্ণৰূপে স্বাৱলম্বী হব নোৱাৰে৷ আমিও পৰা নাই৷

: আপোনালোকৰ দৰে শিল্পীসকল সংগঠিত হৈ আছে নেকি? মানে আপোনালোকৰ এখন উমৈহতীয়া মঞ্চ আছে নেকি, য’ত আপোনালোকৰ কথাবোৰ, দাবীবোৰ ৰাইজক বা চৰকাৰ কব পাৰে?
: নাই, আমাৰ কোনো তেনেধৰণৰ দল সংগঠন নাই৷ থাকিলেও আমাৰ নিচিনা শিল্পীসকলৰ কথা শুনাৰ সময় কাৰ আছে! ৰাইজৰ মৰম যেতিয়ালৈ থাকে তেতিয়ালৈ হয়তো শিল্পটো জীয়াই থাকিব, নহলে নাথাকে৷

: শেষত অসমৰ ৰাইজক কিবা কব নেকি?
: ৰাইজক আমি কি কম, পুতলা নাচ ৰাইজৰ বস্তু৷ গুৰুজনাৰ দিনৰ পৰা চলি অহা এই বৃত্তিটো জীয়াই ৰাখিবলৈ হলে ৰাইজেই আগভাগ লব লাগিব৷ আমিতো চহা মানুহ, জনাবুজা মানুহখিনি আগবাঢ়ি আহিলেহে কৃষ্টিটো জীয়াই থাকিব৷ কৃষ্টি-সংস্কৃতিয়ে যদি নাথাকে, জাতিটোৰ থাকিল কি! গতিকে ৰাইজে পৰম্পৰাটো জীয়াই ৰাখিব বুলি আমি আশাবাদী৷ ■ ■

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
1 year ago

অনুগ্ৰহ কৰি ফোন নম্বৰ টো পাম নেকি