সাক্ষাৎকাৰ: শ্ৰীযুত ৰাঘৱ চন্দ্ৰ ডেকা

সাক্ষাৎকাৰ গ্ৰহণ- লক্ষ্য জ্যোতি নাথ, ড° অভিজিত দত্ত আৰু মৃদুল কুমাৰ শৰ্মা

এণ্টাৰ্কটিকাত শ্ৰীযুত ৰাঘৱ চন্দ্ৰ ডেকা
সহকৰ্মীৰ সৈতে শ্ৰীযুত ৰাঘৱ চন্দ্ৰ ডেকা
সহকৰ্মীৰ সৈতে শ্ৰীযুত ৰাঘৱ চন্দ্ৰ ডেকা
এণ্টাৰ্কটিকাৰ দৃশ্য, শ্ৰীযুত ৰাঘৱ চন্দ্ৰ ডেকাৰ কেমেৰাৰে

‘সাহিত্য ডট অৰ্গ’ৰ এই সংখ্যাৰ সাক্ষাৎকাৰৰ বাবে এইবাৰ সাক্ষাৎ কৰা হৈছিল ভাৰতীয় ভূ-চুম্বকীয় বিজ্ঞানী তথা দক্ষিণ মেৰু বা এণ্টাৰ্কটিকাত খোজ পেলোৱা প্ৰথমগৰাকী অসমীয়া ব্যক্তি শ্ৰীযুত ৰাঘৱ চন্দ্ৰ ডেকাক। তেখেতৰ অধ্যয়নৰ ক্ষেত্ৰ তথা ব্যক্তিত্বৰ বিভিন্ন দিশ উদ্ভাসিত হৈছিল নিম্নোক্ত  সাক্ষাৎকাৰটিত।

সাহিত্য ডট অৰ্গ: নমস্কাৰ ছাৰ। আজিৰ এই সাক্ষাৎকাৰৰ বাবে আমাক সময় দিয়া বাবে আপোনাক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

আপুনি বৰপেটা জিলাৰ কাৰাকুছি গাঁ‌ৱত ১৯৪৭ চনত জন্মগ্ৰহণ কৰিছিল। পৰৱৰ্তী কালত আপুনি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা গণিত বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। আপোনাৰ এই শিক্ষায়তনিক যাত্ৰা সম্পৰ্কে অনুগ্ৰহ কৰি আমাক অলপ জনাবনে?

ৰাঘৱ চন্দ্ৰ ডেকা: নিশ্চয়। আচলতে মই পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু গণিত বিষয়ত স্নাতক পৰীক্ষাত উত্তীৰ্ণ হৈছিলো। প্ৰথমৰ পৰাই পদাৰ্থ বিজ্ঞানৰ প্ৰতি মই এক আকৰ্ষণ অনুভৱ কৰিছিলোঁ। মই প্ৰথমতে বজালী মহাবিদ্যালয়ত নামভৰ্তি কৰিছিলোঁ। তাৰ পিছত মই গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত নামভৰ্তি কৰোঁ। মই স্নাতক ডিগ্ৰী লাভ কৰিছিলোঁ এই মহাবিদ্যালয়ৰ পৰা। সেই সময়ত মহাবিদ্যালয়খনৰ পদাৰ্থ বিজ্ঞান বিভাগত অধ্যাপনা কৰিছিল ৰণবীৰ প্ৰসাদ ছাৰ আৰু প্ৰদীপ মোহন দস্তিদাৰ ছাৰে। সেই সময়তেই সেই মহাবিদ্যালয়ত গণিত বিভাগত অধ্যাপনা কৰিছিল মধু ওজা ছাৰে। এখেতসকলৰ পৰা মই অনুপ্ৰেৰণা লাভ কৰিছিলোঁ। ওঁজা ছাৰ মোৰ পিতৃসম আছিল আৰু ডিগ্ৰীৰ সময়ছোৱাত মোক প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত বিনা মাচুলত পঢ়িবলৈ সুবিধা কৰি দিছিল। কিতাপৰ পৰা ছাত্ৰ বৃত্তিলৈ তেখেতে মোক বহুত সহায় কৰিছিল। সেই মহাবিদ্যালয়খনত মই আচলতে বিনামূলীয়াকৈ পঢ়াৰ দৰে হৈ গ’ল। ওজা ছাৰে কৈছিল যে শ্ৰেণীত যিয়েই প্ৰথম হ’ব তেওঁকেই এটা বৃত্তি দিয়া হ’ব। মই প্ৰথম হৈ ছাৰে কোৱা সেই ছাত্ৰবৃত্তি লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। সেই সময়ত ভূতত্ত্ব বিজ্ঞানক আমি গুৰু বিষয় হিচাপে ল’ব পৰা পৰিবেশ এটাৰ সৃষ্টি হোৱা নাছিল। কাৰণ মহাবিদ্যালয়খনত সেই সময়ত উক্ত বিষয়টো নাছিল। সেইখন মই পঢ়া কালত নতুনকৈ আৰম্ভ কৰা মহাবিদ্যালয় এখনহে আছিল। সেই মহাবিদ্যালয়ৰ দস্তিদাৰ ছাৰ, প্ৰসাদ ছাৰ আৰু ওজা ছাৰক মই জীৱনত কেতিয়াও পাহৰিব নোৱাৰো। এইখিনিতে ই মোৰ মনত পৰিছে প্ৰসাদ ছাৰলৈ। ছাৰে এবাৰ মহাবিদ্যালয়ৰ চাকৰি এৰি ওকালতি কৰিবলৈ মন মেলিলে। সেয়েহে ছাৰে মহাবিদ্যালয়ৰ চাকৰিটো বাদ দিলে। পিছে প্ৰসাদ ছাৰ আমাৰ বাবে এগৰাকী প্ৰিয় শিক্ষক হৈ পৰিছিল। আমি ছাৰৰ সিদ্ধান্তক বিৰোধিতা কৰিলোঁ। মই সেই সময়ত পদাৰ্থ বিজ্ঞানৰ শ্ৰেণীৰ প্ৰতিনিধি। আমি ছাৰ পুনৰ মহাবিদ্যালয়লৈ ঘূৰি অহাৰ বাবে অহোপুৰুষাৰ্থ কৰিলোঁ। ছাৰেও ছাত্ৰৰ মৰমক নেওচা দিব নোৱাৰি পুনৰ মহাবিদ্যালয়ৰ চাকৰিটোত যোগদান কৰিলেহি।

পিছলৈ মই গুৱাহাটী বিশ্ববিদ্যালয় পালোগৈ। সেই সময়ত বিশ্ববিদ্যালয়ৰ গণিত বিভাগত অধ্যাপনা কৰিছিল ৰবীন্দ্ৰ মিশ্ৰ ছাৰে। মই তেওঁৰ দ্বাৰাও বাৰুকৈয়েই অনুপ্ৰাণিত হৈছিলোঁ। তেখেতে মোক সদায়েই কৈছিল, “তই বৰপেটাৰ চলি হৈ কাৱৈ মাছৰ মূৰা খোৱা নাই নেকি, গণিত কৰিব পৰা নাই যে?” ছাৰৰ এই কথাটোৱে মোক বহুত উৎসাহ দিছিল আৰু সেই উৎসাহে মোক অধ্যয়নত সহায় কৰিছিল।

সাহিত্য ডট অৰ্গ: ছাৰ, ভাৰত তথা বিশ্বৰ এগৰাকী প্ৰখ্যাত ভূতত্ত্ব বিজ্ঞানী হিচাপে আপুনি জনাজাত। ভূতত্ত্ব বিজ্ঞান অভিমুখী আপোনাৰ যাত্ৰা সম্পৰ্কে অনুগ্ৰহ কৰি আমাক অলপ জনাবনে?

ৰাঘৱ চন্দ্ৰ ডেকা: আচলতে মই গণিত বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিলোঁ। ভাৰতীয় ভূ-চুম্বকত্ব সন্থাৰ তৰফৰ পৰা গুৱাহাটীত এটা সাক্ষাৎকাৰ অনুষ্ঠিত হ’ব বুলি এদিন হঠাৎ খবৰ এটা পালোঁ। পিছে এইবিষয়ে মই বিশেষ জনা নাছিলোঁ। আমি পদাৰ্থ বিজ্ঞানত চুম্বকৰ ওপৰত মাত্ৰ এটা অধ্যায়হে পঢ়িছিলো। তাৰ বাহিৰে চুম্বকত্বৰ ওপৰত মোৰ বিশেষ জ্ঞান নাছিল। তথাপি ভাবিলোঁ যে সাক্ষাৎকাৰটোত অৱতীৰ্ণ হৈ চাওঁ। গুৱাহাটী বিশ্ববিদ্যালয়ত উক্ত সাক্ষাৎকাৰটো অনুষ্ঠিত হ’ল। সাক্ষাৎকাৰটো ল’বলৈ মুম্বাইৰ পৰা বহুজন বিষয়া আহিল। তেওঁলোকে মোক বাছনি কৰিলে আৰু মোক জনালে যে মই মুম্বাইলৈ গৈ তাতেই কামত যোগদান কৰিব লাগিব। ময়ো নতুন কামটোত যোগদান কৰাৰ ইচ্ছা প্ৰকাশ কৰিলোঁ। শ্বিলঙত সেই সময়ত মই ‘অসম লোকপিয়ল বিভাগ’ৰ অস্থায়ী পদ এটাত কাম কৰি আছিলোঁ। সেই সময়ত তাৰে পৰিচালক আছিল অচ্যুত শইকীয়া। প্ৰথমতে যোৰহাটত থকাৰ পিছত আমাক শ্বিলঙলৈ স্থানান্তৰিত কৰা হৈছিল। সেই সময়ত আমাৰ কাৰ্যালয়ত এগৰাকী উপ পৰিচালক আছিল। তেখেতৰ নামটো এতিয়া পাহৰিলো। তেখেতক আমি ছেত্ৰী বুলিয়েই জানিছিলো। তেখেতে মোক এই নতুন কামটোত যোগদান কৰিবলৈ উৎসাহ প্ৰদান কৰিলে। ভূ-চুম্বকত্ব সন্থাৰ দ্বাৰা অনুষ্ঠিত সাক্ষাৎকাৰটোত মই উত্তীৰ্ণ হোৱা বুলি জানিব পাৰি তেখেতে মোক তুৰন্তে ‘ৰিলিজ’ কৰি দিলে। তাৰ পিছত মই ঘৰলৈ আহিলো। ঘৰত মই সবিশেষ জনালোঁ। মোৰ পৰিয়াল আৰু বিশেষকৈ মোৰ দাদাই মোক যথেষ্ট উৎসাহ যোগালে। টালি টোপোলা বান্ধি লৈ মই মুম্বাইলৈ ওলালোঁ। সেইয়া ১৯৭৩ চনৰ কথা। তেতিয়া গুৱাহাটীৰ পৰা মুম্বাইলৈ পোনপটীয়া ট্ৰেইন নগৈছিল। সেয়েহে জীৱনত প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ পৰা কলিকতালৈ বিমানত উঠিলোঁ। দাদাই মোক বিমান বন্দৰলৈ সঙ্গ দিলে। তাৰ পিছত মই কলিকতাৰ পৰা ৰেলগাড়ীৰে মুম্বাই পালোহি। মুম্বাইত মই ‘জিঅ’ মেগনেটিজিম’ বিভাগত যোগদান কৰিলোঁ। মোৰ প্ৰশিক্ষণ আৰম্ভ হ’ল। বিজ্ঞানীসকলৰ অধীনত মই প্ৰশিক্ষণ ল’লোঁ। এইদৰেই ভূ-চুম্বকত্ব বিভাগত মোৰ যাত্ৰা আৰম্ভ হ’ল।

সাহিত্য ডট অৰ্গ: ধন্যবাদ ছাৰ। ভূ-চুম্বকত্ব বিভাগলৈ আপোনাৰ যাত্ৰা সম্পৰ্কে আমি জানিব পাৰিলোঁ। এই বিভাগত যোগদান কৰাৰ বাবে ন্যূনতম শিক্ষাগত অৰ্হতা কিবা বিচাৰিছিল নেকি সেইবিষয়ে আমাক অলপ জনাবনে?

ৰাঘৱ চন্দ্ৰ ডেকা: হয়, তেওঁলোকে গণিত, পদাৰ্থ বিজ্ঞান আৰু ভূতত্ত্ব বিজ্ঞান-এই তিনিটাৰ যিকোনো এটা বিষয়ত স্নাতকোত্তৰ উত্তীৰ্ণ হোৱাটো বিচাৰিছিল।

সাহিত্য ডট অৰ্গ: ছাৰ, আপুনি ভূ-চুম্বকত্ব বিভাগত কৰ্মৰত হৈ থকাৰ সময়ৰ কিবা স্মৰণীয় ঘটনা আছে নেকি? সেই বিষয়ে আমাক অলপ জনাবনে?

ৰাঘৱ চন্দ্ৰ ডেকা: হয়। পূৰ্বতে আমাৰ বিভাগটো ‘ভাৰতীয় বায়ু বিজ্ঞান বিভাগ’ৰ অধীনত আছিল। ১৯৭৩ চনত ই পৃথককৈ ‘ভাৰতীয় ভূ-চুম্বকত্ব বিভাগ’ হিচাপে স্বীকৃতি লাভ কৰে। এই বিভাগৰ প্ৰথমগৰাকী পৰিচালক আছিল প্ৰফেচৰ ডি এম ভাৰ্গৱ। মই বিভাগটোত যোগদান কৰি প্ৰশিক্ষণ লোৱাৰ পিছত বিভাগটোৰ তৰফৰ পৰা এই বিভাগটোৰ অধীনত তেওঁলোকে মোক শ্বিলঙত এটা কাৰ্যালয় খুলিবলৈ নিৰ্দেশ দিয়ে। শ্বিলঙত এই কাৰ্যালয় আৰম্ভ কৰিবলৈ মই যাত্ৰা আৰম্ভ কৰিলোঁ। কাৰ্যালয়টোত প্ৰতিষ্ঠা কৰিবলৈ মোক প্ৰায় নবিধ মান অত্যাধুনিক যন্ত্ৰ দিয়া হ’ল। বিভাগৰ তৰফৰ পৰা এই যন্ত্ৰ পাতিবোৰ যথেষ্ট ব্যয়বহুল বুলি মোক দঢ়াই দঢ়াই কোৱা হ’ল। সেইয়া আছিল ১৯৭৪ চন। মই এলাহবাদৰ পৰা গুৱাহাটী অভিমুখী ট্ৰেইনত যাত্ৰা কৰিবলৈ সাজু হ’লোঁ। পিছে এলাহবাদলৈ আহি গম পালোঁ যে সেই সময়ত ভাৰতীয় ৰেল বিভাগত আন্দোলন চলি আছে। সেইবাবে এলাহবাদ ষ্টেচনতেই মই পাঁচ দিন থাকিব লগা হ’ল। লগত মোৰ সেই লাখটকীয়া চৰকাৰী যন্ত্ৰপাতি। তাৰ পিছত এজন সেনা বিষয়াই মোক সহায়ৰ হাত আগবঢ়ালে। মই সেনা বিভাগৰ ৰেলগাড়ীৰে যাত্ৰা আৰম্ভ কৰিলোঁ। তেওঁলোকৰ স’তে গৈ মই ৰঙিয়া পালোঁ। ৰঙিয়াৰ পৰা মই আকৌ আন এখন ৰেলগাড়ীৰে গুৱাহাটী পালোঁহি। এই যাত্ৰাটোত মোৰ প্ৰায় ৯ দিন লাগিছিল। মই বহু কষ্টেৰে আহি শ্বিলঙত উপস্থিত হ’লোঁ। মোৰ এই কষ্টসাধ্য যাত্ৰাৰ বাবে আমাৰ বিভাগৰ পৰিচালক মহোদয়ে মোৰ বৰকৈ শলাগ ল’লে। আপাৰ শ্বিলঙৰ ‘উইল্টন হল ইষ্টেট’ত কাৰ্যালয়টো পতা হ’ব বুলি মোক বিভাগৰ তৰফৰ পৰা ইতিপূৰ্বে জনোৱা হৈছিল। সেই অনুসৰি মই তালৈ গ’লোঁ। পিছে সেই ঠাইত মই অৰণ্যৰ মাজত এক বিশাল প্ৰাসাদহে আৱিষ্কাৰ কৰিলোঁ। প্ৰাসাদৰ দুৱাৰখন খুলি দেখিলোঁ যে ঘৰটোৰ ভিতৰখন একেবাৰে ভূত বঙলাৰ দৰে। কিন্তু তথাপিও মই কামত লাগিলোঁ। আহিছো যেতিয়া কাম কৰিমেই বুলি মই দৃঢ়প্ৰতিজ্ঞ হলো। ঘৰটোত থকা চকীদাৰজনৰ সতে মই সকলোবোৰ চিজিল লগালোঁ আৰু মই কঢ়িয়াই অনা যন্ত্ৰপাতিবোৰ সংস্থাপন কৰিলোঁ। এনেদৰেই শ্বিলঙত আমাৰ বিভাগৰ নিৰীক্ষণ কেন্দ্ৰটো আৰম্ভ কৰা হ’ল। আজি সেই নিৰীক্ষণ কেন্দ্ৰটোৱে উত্তৰ পূৰ্বাঞ্চলৰ এক লেখত ল’বলগীয়া নিৰীক্ষণ কেন্দ্ৰ হিচাপে স্বীকৃতি লাভ কৰিছে। এই ঘটনাটো মোৰ কৰ্মজীৱনৰ এক স্মৰণীয় ঘটনা বুলি মই গণ্য কৰোঁ।

সাহিত্য ডট অৰ্গ: আপোনাৰ এণ্টাৰ্কটিকা অভিযান এক জগতবিখ্যাত অভিযান বুলি আমি অনুভৱ কৰোঁ। আপোনাৰ এই অভিযানৰ বিষয়ে আমাক অলপ জনাবনে?

ৰাঘৱ চন্দ্ৰ ডেকা: নিশ্চয়। আচলতে মই পঞ্চমটো যাত্ৰাত যাবলৈ নাপালোঁ। কিবা কাৰণত মোৰ নামটো বাছনি নহ’ল। তেতিয়া মই আমাৰ সঞ্চালক মহোদয়ক কৈছিলোঁ যে এজন অসমীয়া বাবে তেওঁ মোৰ নামটো তালিকাৰ পৰা প্ৰত্যাহাৰ কৰিলে। এই কথাটো শুনি তেওঁৰ খঙ উঠিল আৰু বহুবছৰলৈ তেওঁ এই কথাটো কৈয়েই থাকিল। আচলতে কথাটো যে তেনেধৰণৰ নহয়, সেয়া মই পিছলৈ বুজি পালোঁ।

সি যি কি নহওক, শ্বিলঙৰ নিৰীক্ষণ কেন্দ্ৰটোৰ যে কথা ক’লোঁ, সেই সময়ত মই তাতেই কামত ব্যস্ত হৈ আছোঁ। এদিন হঠাৎ মই আমাৰ সঞ্চালক মহোদয়ৰ পৰা টেলিগ্ৰাম এখন পালোঁ। দুইদিনৰ ভিতৰত মোক গৈ মুম্বাইত অৱস্থিত আমাৰ মুখ্য কাৰ্যালয়ত যোগদান কৰিবলৈ টেলিগ্ৰামখনত নিৰ্দেশ দিয়া হৈছে। ইতিমধ্যে এণ্টাৰ্কটিকা যোৱা দলটোত মোক অন্তৰ্ভুক্ত কৰিবলৈ গুণাগথা চলি আছে বুলি মই অৱগত হ’লোঁ। মুম্বাইত মোক জনোৱা হ’ল যে এণ্টাৰ্কটিকা যাবলৈ যিসকল লোকক বাছনি কৰা হ’ব, তেওঁলোকে দিল্লীলৈ গৈ বাছনি পৰীক্ষা এটাত অৱতীৰ্ণ হ’ব লাগিব। মুম্বাইৰ পৰা মই দিল্লী পালোগৈ। সেই বাছনি পৰীক্ষাটোত মই উত্তীৰ্ণ হ’লোঁ।

সাহিত্য ডট অৰ্গ: ছাৰ, আপোনালোকে এণ্টাৰ্কটিকালৈ যাত্ৰা কেনেদৰে আৰম্ভ কৰিলে সেইবিষয়ে আমাক অলপ জনাবনে?

ৰাঘৱ চন্দ্ৰ ডেকা: হয়। প্ৰথমে আমি দিল্লীত গৈ বাছনি পৰীক্ষাত উত্তীৰ্ণ হ’লোঁ। তাৰ পাছত সেনাৰ তত্ত্বাৱধানত আমাক লৈ যোৱা হ”ল হিমালয়লৈ। তাতে সেনাৰ অধীনতেই আমাক প্ৰশিক্ষণ দিয়া হৈছিল। হিমালয়ৰ মাজতেই গুলমাৰ্গৰ ওচৰত HAS (হাই অলটিটিউড স্কুল) এখন আছে। যিহেতু এণ্টাৰ্কটিকাত অতিশয় শীত, সেয়েহে শীতৰ সৈতে কিদৰে সহবাস কৰিব লাগে সেই সম্পৰ্কে অৱগত কৰিবলৈ আমাক গ্লেছিয়াৰত লৈ গৈ প্ৰশিক্ষণ দিয়া হ’ল। সেনাবাহিনীৰ লোকসকলৰ দৰে আমাক পাহাৰে পাহাৰে ঘূৰাই লৈ ফুৰিছিল। তাৰ পিছত আমাৰ স্বাস্থ্য পৰীক্ষা কৰা হ’ল। সেইয়া যথেষ্ট উচ্চ মানদণ্ডৰ স্বাস্থ্য পৰীক্ষা আছিল। সেই স্বাস্থ্য পৰীক্ষা দিল্লীত লোৱা হ’ল। প্ৰায় ৮ ঘণ্টালৈকে আমাক পৰীক্ষা কৰা হৈছিল- ভৰিৰ নখৰ পৰা মূৰৰ চুলিলৈকে। আমাৰ সকলোৰে এটাই আত্মবিশ্বাস আছিল যে স্বাস্থ্য পৰীক্ষাত আমি ভালদৰে উত্তীৰ্ণ হ’লে আন কোনো পৰীক্ষাতেই অকৃতকাৰ্য নহওঁ‌। সেই পৰীক্ষাত মেডিকেল টেষ্টত কৃতকাৰ্যতা লাভ কৰিবলৈ আমি ঈশ্বৰকো খাটিছিলোঁ। অৱশেষত আমি সেই পৰীক্ষাত কৃতকাৰ্য হ’লোঁ।

আমাৰ অভিযান আৰম্ভ হ’বলৈ আৰু কেইটামান দিনহে বাকী। সেই সময়ত আপোনজনক মাত লগাবলৈ মোৰ ঘৰলৈ উভতি যোৱাৰ সময় নহ’ল। আমি মুম্বাই পোৱাৰ পিছতেই আমাৰ সা-সঁজুলি লৈ আমাক গোৱালৈ যাবলৈ নিৰ্দেশ দিয়া হ’ল। মুম্বাইত দুদিন থাকি আমি গোৱা পালোগৈ। গোৱাত আমাক হোটেল এখনত বেলেগ বেলেগকৈ ৰখা হ’ল। হয়তো হোটেলখনৰ নাম মহাৰাজ হোটেল আছিল। আমি যাত্ৰা কৰা জাহাজখন আছিল ছুইডেনৰ। সেইখন ভাড়াত লোৱা হৈছিল। জাহাজখনত উঠা আৰু নমাৰ ক্ষেত্ৰতো আকৌ বহুখিনি নিয়ম আছিল। জাহাজখনত আমাৰ বহুতো পৰীক্ষা-নিৰীক্ষা কৰা হ’ল। মাজতে আকৌ কোনোবা উগ্ৰপন্থীয়ে জাহাজখনত বোমা ৰাখিছে বুলিও এটা বাতৰি ওলাল। আমি যি পোন্ধৰজনীয়া দল আছিলোঁ, তাৰে প্ৰত্যেকজনেই জাহাজত উঠাৰ আগেয়ে আমাৰ মাতৃভূমিক উদ্দেশ্যি সেৱা কৰি লৈছিলোঁ। যিহেতু যোৱাৰ আগেয়ে আমাক চৰকাৰৰ ফালৰ পৰা জীৱন বীমা কৰাই দিয়া হৈছিল সেয়েহে ভাবিছিলোঁ যে হয়তো এই অভিযানৰ পৰা আমি জীৱন্তে ঘূৰি আহিব নোৱাৰিম। সেয়েহে যোৱাৰ আগেয়ে আমি ভাৰতবৰ্ষৰ মাটি চুই জন্মভূমিক সেৱা জনাইছিলোঁ।

এণ্টাৰ্কটিকা যোৱা ‘চামাৰ’ আৰু ‘উইণ্টাৰ’ টিম দল দুটাৰ সমূহ সদস্য সংখ্যা আছিল বিৰানব্বৈজন। অ, এইখিনিতেই এটা কথা জনাও ৰ’বা। এণ্টাৰ্কটিকালৈ সাধাৰণতে দুই ধৰণৰ দল যায়। তাৰে এটা হ’ল ‘চামাৰ টিম’ আৰু আনটো হ’ল ‘উইণ্টাৰ টিম’। এণ্টাৰ্কটিকালৈ যাওঁতে দুয়োটা দল একেলগে যায়। এণ্টাৰ্কটিকা পোৱাৰ পিছত ‘চামাৰ টিম’টোৱে লগৰ ‘উইণ্টাৰ টিম’টোক তাত থৈ আগৰ ‘উইণ্টাৰ টিম’টোক লৈ প্ৰত্যাৱৰ্তন কৰে। অৱশ্যে পুৰণি ‘উইণ্টাৰ টিম’টোক লৈ প্ৰত্যাৱৰ্তন কৰাৰ আগেয়ে ‘চামাৰ টিম’টো এণ্টাৰ্কটিকাত তিনিমাহ থাকে। ‘উইণ্টাৰ টিম’টো এণ্টাৰ্কটিকাত সম্পূৰ্ণ এটা বছৰ থাকে। মই এণ্টাৰ্কটিকাত থাকিলো সৰ্বমুঠ ৪৮৫ দিন।

সাহিত্য ডট অৰ্গ: – জীৱনৰ নিশ্চয়তা নথকাৰ পাছতো আপোনালোক যাবলৈ ওলোৱাৰ গুৰিতেই হয়তো আপোনালোকৰ এক অদম্য ইচ্ছা শক্তি আছিল। এইবিষয়ে আমাক অলপ জনাবনে?

ৰাঘৱ চন্দ্ৰ ডেকা: – মোৰ মনত তেতিয়া এটাই লক্ষ্য আছিল যে যি কোনো প্ৰকাৰে হ’লেও আমি এই এণ্টাৰ্কটিকালৈ যাবই লাগিব। সেই লক্ষ্যৰ দ্বাৰা চালিত হৈ আমি প্ৰত্যাহ্বানৰ মুখামুখি হ’বলৈও সাজু আছিলোঁ।

সাহিত্য ডট অৰ্গ: আপোনালোকে জলপথেৰে এণ্টাৰ্কটিকালৈ যাত্ৰা কৰিছিল। আপোনালোকে যাত্ৰাৰ বাবে ব্যৱহাৰ কৰা জাহাজবোৰ কেনেধৰণৰ আছিল?

ৰাঘৱ চন্দ্ৰ ডেকা: হয় আমি সাগৰেৰে ২৫ দিনৰ যাত্ৰাৰ অন্তত এণ্টাৰ্কটিকাত উপস্থিত হৈছিলোঁ। আমাৰ দেশত ইমান দীঘল যাত্ৰাৰ বাবে আৱশ্যকীয় জাহাজ নাছিল। গতিকে বাহিৰৰ জাহাজতহে আমি যাব লগা হৈছিল। ‘অৰিজিনেল’ যিখন জাহাজ আছিল সেইখনে একমিটাৰ বৰফ কাটি আগবাঢ়িব পাৰিছিল। পাছৰবিলাক বৰফ কাটিব পৰা বিধৰ নাছিল। তদুপৰি জাহাজবিলাক লগে লগে ঘূৰি আহিব লগা হৈছিল। কাৰণ তাত যদি ঠাণ্ডা পৰি যায়, জাহাজবিলাক তাৰপৰা ঘূৰি আহিব নোৱাৰে। গতিকে সোনকালে গুচি অহাৰ বাদে জাহাজবোৰৰ আন উপায় নাথাকে।

সাহিত্য ডট অৰ্গ: শ্বিলঙত নিৰীক্ষণ কেন্দ্ৰটো স্থাপন কৰিবলৈ আপুনি যিবোৰ মূল্যবান যন্ত্ৰপাতি লৈ যোৱাৰ কথা ক’লে, তেনেধৰণৰ যন্ত্ৰপাতি লৈয়েই আপোনালোকে এণ্টাৰ্কটিকালৈ গৈছিল নেকি? তদুপৰি আপোনালোকৰ আগেয়ে যিসমূহ দলে এণ্টাৰ্কটিকা অভিযান চলাইছিল, তেওঁলোকৰ যন্ত্ৰপাতিৰ লগত আপোনালোকৰ যন্ত্ৰপাতিৰ কি প্ৰভেদ আছিল?

ৰাঘৱ চন্দ্ৰ ডেকা: হয়। তেনেধৰণৰ যন্ত্ৰপাতি লৈয়েই আমি এণ্টাৰ্কটিকা ভ্ৰমণ কৰিছিলোঁ। অৱশ্যে তাৰ সতে আন কিছুমান যন্ত্ৰপাতিও এণ্টাৰ্কটিকা ভ্ৰমণৰ সময়ত আমাৰ সতে মজুত আছিল। আচলতে আগতে আটাইবোৰ যন্ত্ৰ ‘মেনুৱেলি’ চলাব লাগিছিল। এতিয়াতো সকলো ‘ডিজিটেল’ হৈ গ’ল। এণ্টাৰ্কটিকালৈ যোৱা প্ৰথম দলটো মাত্ৰ ২১ দিনৰ বাবেহে এণ্টাৰ্কটিকাত আছিল। তেওঁলোকে কেৱল গৈছিলহে। বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষাৰ সলনি তেওঁলোকে যোৱাতহে গুৰুত্ব দিছিল। অৰ্থাৎ এণ্টাৰ্কটিকা ভ্ৰমণ সম্ভৱ হবনে নহ’ব, সেইয়া নিৰ্ধাৰণ কৰাটোৱেই তেওঁলোকৰ প্ৰধান লক্ষ্য আছিল। আমাৰ বিভাগত কৰ্মৰত হৈ থকা প্ৰফেচাৰ ড° আয়েংগাৰ এণ্টাৰ্কটিকালৈ যোৱা প্ৰথম দলটোৰ এগৰাকী অন্যতম সদস্য আছিল। পিছে এই যাত্ৰা সম্পূৰ্ণ গোপনে ৰখা হৈছিল। এইবিষয়ে কোনেও জনা নাছিল। চৰকাৰৰ তত্ত্বাৱধানত গোপনভাৱে তেওঁলোকে এই ভ্ৰমণ কৰিছিল। কেৱল ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু আমাৰ বিভাগৰ পৰিচালকজনেহে এইবিষয়ে জানিছিল। এই যাত্ৰা আমি কৰিব পাৰোঁ নে নোৱাৰোঁ সেইটো জানিবলৈহে তেওঁলোকে এই যাত্ৰাটো কৰিছিল। এই যাত্ৰা ইমানেই গোপন আছিল যে ভ্ৰমণকাৰীসকলৰ পৰিয়ালেও এই বিষয়ে একো নাজানিছিল। তেওঁলোকে এণ্টাৰ্কটিকাৰ যিটুকুৰা ঠাইত ভাৰতৰ পতাকা উৰুৱাই থৈ আহে, সেই ঠাইৰ নাম দিয়া হয় দক্ষিণ গংগোত্ৰী। তেওঁলোকে এণ্টাৰ্কটিকালৈ কোনো বিশেষ যন্ত্ৰপাতি লৈ যোৱা নাছিল। সাধাৰণ হস্তনিৰ্মিত যন্ত্ৰপাতিহে তেওঁলোকৰ হাতত মজুত আছিল।

সাহিত্য ডট অৰ্গ: ছাৰ, প্ৰথমবাৰ এণ্টাৰ্কটিকা যাত্ৰাৰ সময়ত আমাৰ দেশে গোপনীয়তা অৱলম্বন কৰাৰ কাৰণ কি আছিল?

ৰাঘৱ চন্দ্ৰ ডেকা: সেয়া ১৯৮০ চনৰ কথা। তেতিয়া এণ্টাৰ্কটিকাত কিছুমান দেশে স্থায়ী ভাৱে নিজৰ নিজৰ ঠাই দখল কৰি লৈছিল। সেইবাবে কোনেও যাতে এণ্টাৰ্কটিকাত ঠাই দখল কৰিব নোৱাৰে সেই উদ্দেশ্যেৰে এক আন্তঃৰাষ্ট্ৰীয় চুক্তি স্বাক্ষৰ কৰা হয়। ৫৭খন দেশে এই চুক্তিত স্বাক্ষৰ কৰিছিল। পিছে বৈজ্ঞানিক কাম কাজৰ বাবে বা গৱেষণাৰ বাবে এণ্টাৰ্কটিকালৈ যাব পাৰিব বুলি চুক্তিখনত উল্লেখ কৰা আছিল। আনহাতে বহুকেইখন দেশে এণ্টাৰ্কটিকাত বৃহৎ পৰিমাণৰ খনিজ সম্পদ আছে বুলি মত পোষণ কৰিছিল। সেইবাবে সকলো দেশেই প্ৰতিযোগিতাত নামি পৰিছিল আৰু পিছলৈ এই আন্তঃৰাষ্ট্ৰীয় চুক্তিখন স্বাক্ষৰিত হৈছিল। সেইবাবে আমাৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী ইন্দিৰা গান্ধীয়ে আমাৰ দেশৰ প্ৰকল্পটোৰ বাবে খুব জোৰ দিছিল। তেখেতৰ বাবেই এয়া সম্ভৱ হৈছিল। যেতিয়া প্ৰথম দলটো ২১ দিনৰ অন্তত ভাৰতবৰ্ষলৈ ঘূৰি আহিছিল, তেতিয়া সৌভাগ্যক্ৰমে মই মুম্বাইত আছিলোঁ। তেওঁলোকৰ মুখৰ পৰা যিখিনি শুনিছিলোঁ, সেইখিনি শুনিয়েই মই প্ৰতিজ্ঞা কৰিছিলো যে মই এদিন এণ্টাৰ্কটিকা যাবলৈ সুযোগ পালে সেইয়া কোনো মূল্যৰ বিনিময়তেই এৰি নিদিওঁ‌।

সাহিত্য ডট অৰ্গ: – ছাৰ এণ্টাৰ্কটিকাত থকা সময়ছোৱাত আপোনালোক কেতিয়াবা কিবা বিপদত পৰিছিল নে বা তাত থকা সময়ছোৱাত কিবা বিশেষ স্মৰণীয় ঘটনা আপোনালোকৰ লগত ঘটিছিল নেকি?

ৰাঘৱ চন্দ্ৰ ডেকা: – এনেধৰণৰ ঘটনা আচলতে বহুতেই আছে। আমি তাত থাকোঁতে বিভিন্ন কাম যেনে ধৰা পানী গৰম কৰা বা আন কামসমূহ জেনেৰেটৰৰ সহায়ত কৰা হৈছিল। জেনেৰেটৰ আমাৰ তিনিটা আছিল। প্ৰত্যেকটো জেনেৰেটৰ ৯ ঘণ্টাকৈ চলোৱা হৈছিল। মানে তাত পৰিস্থিতি এনেকুৱা আছিল যে জেনেৰেটৰ বন্ধ কৰিলেই যিকোনো বস্তু বৰফ হৈ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছিল। এণ্টাৰ্কটিকাৰ পৰিস্থিতি এনে আছিল যে যদিহে কোঠাটোত এটা বেজীৰ সমানো সুৰুঙা ওলায় তেন্তে অলপ পাছতেই কোঠাটো বৰফেৰে ভৰ্তি হৈ যায়। এবাৰ আমাৰ সেই জেনেৰেটৰটোৱেই বৰফ হৈ গ’ল। মুহূৰ্ততে আমাৰ সদস্যসকলৰ মাজত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হ’ল আৰু আমি ৰাতিৰ ভিতৰতেই সকলো হাতে কামে লাগি সেই বৰফবোৰ আঁতৰাব লগা হ’ল। আন এটা ঘটনা হৈছিল জুইৰ সতে। এণ্টাৰ্কটিকাত বতৰ ইমানেই শুকান যে অকণমান জুই লাগিলেই তৎক্ষণাত সেই জুই চাৰিওফালে জ্বলি উঠে। এবাৰ এনেকুৱা জুই আমাৰ এটা কেবিনত লাগি আমাৰ বহুত বস্তু-বাহানি নষ্ট হৈ গ’ল। আকৌ কেতিয়াবা আমাৰ লগত এনেকুৱাও হৈছিল যে আমি অলপ বাহিৰলৈ ওলাই যোৱাৰ ঠিক পিছতেই হঠাৎ বৰফৰ বতাহ আহি গ’ল। আমি যদি আকাশত অলপমানো মেঘ দেখোঁ, তেনেহলে আমি বাহিৰলৈ ওলাবলৈ সাহস নকৰোঁ। কাৰণ সেই মেঘে বতাহৰ সৃষ্টি কৰি দিব পাৰে। বৰফৰ বতাহৰ ফলত এনেকুৱা অৱস্থা হয় যে আমি আমাৰ হাতখনো কেতিয়াবা দেখা নাপাওঁ। আমাৰ লগত সুধাকৰ ৰাও নামেৰে এজন বিজ্ঞানী আছিল। তেওঁ এবাৰ বৰফৰ বতাহ অৰ্থাৎ ‘ব্লিজাৰ্ড’ৰ মাজত হেৰাই গৈছিল। পিছে সৌভাগ্যক্ৰমে আমি কেইঘণ্টামানৰ পিছত তেওঁক বিচাৰি পালোঁ। এনে অভিজ্ঞতা সম্পৰ্কে মই মোৰ কিতাপখনতো কিছু কথা উল্লেখ কৰিছোঁ। এবাৰ মোৰ এণ্টেনাডাল খোল খাই গৈছিল। এণ্টেনাডাল ঠিক কৰিবলৈ যাওঁতে মোৰ হাতখনৰ কোট আৰু গ্ল’ভচৰ মাজত যিখিনি ঠাই খালী হৈ গ’ল, তাত এটা ক’লা ৰঙৰ চিহ্নৰ সৃষ্টি হ’ল। এই চিহ্নটো মোৰ দেহত বহুদিনলৈ পৰিস্ফূট হৈ আছিল। আকৌ আমি চকু দুটাৰ কাৰণেও খুব সাৱধান হ’বলগীয়া হৈছিল। তদুপৰি তাৰ পানীবোৰত মিনাৰেল নাথাকে বাবে আমি মিনাৰেল টেবলেট খাবলগীয়া হৈছিল। কিন্তু ইয়াৰ মাজতো এটা গুৰুত্বপূৰ্ণ কথা এই যে এণ্টাৰ্কটিকাৰ বতৰ ইমানেই চাফা আছিল যে আমাৰ কোনো এজনৰে একো বেমাৰ-আজাৰ নহ’ল।

সাহিত্য ডট অৰ্গ: – ছাৰ আপুনি এণ্টাৰ্কটিকাত শিলৰ আহিলা আৰু অন্যান্য বহু বস্তু সংগ্ৰহ কৰিছিল। এণ্টাৰ্কটিকাৰ সেই ঠেঁটুৱৈ ধৰা জাৰত আপুনি কেনেদৰে এইবোৰ সংগ্ৰহ কৰিছিল?

ৰাঘৱ চন্দ্ৰ ডেকা: – আচলতে আমাক তাত ঘূৰিবৰ বাবে চৰকাৰৰ ফালৰ পৰা যি পোছাক প্ৰদান কৰা হৈছিল সেই পোছাকযোৰ যথেষ্ট ব্যয়বহুল আৰু শক্তিশালী আছিল। আমাক ৰাবাৰৰ হেণ্ড গ্ল’ভচ, ৰাবাৰৰ মোজা দিয়াৰ উপৰিও তাৰ ওপৰত পিন্ধিবলৈ আকৌ ঊলেৰে তৈয়াৰী গ্ল’ভচ আৰু মোজা দিয়া হৈছিল। ঠিক তেনেদৰে কোট, জোতা আদিবোৰো বৰ উন্নত আছিল। সেইবোৰ পিন্ধি আমি সামগ্ৰীসমূহ গোটাইছিলোঁ।

সাহিত্য ডট অৰ্গ: আপোনালোকে এণ্টাৰ্কটিকাৰ কোন ঠাইত অৱস্থান কৰিছিল?

ৰাঘৱ চন্দ্ৰ ডেকা: – আমি আছিলোঁ দক্ষিণ গংগোত্ৰীত। আমি মৈত্ৰীলৈ সাধাৰণতে গাড়ীৰেই অহা যোৱা কৰিছিলোঁ। দক্ষিণ গংগোত্ৰী আছিল বৰফৰ ওপৰত জমা হোৱা বৰফ। তাৰে ‘আইচচেল’টো আছিল প্ৰায় দুই কিঃ মিঃ ডাঠ-তাৰে ওপৰত দক্ষিণ গংগোত্ৰী। দক্ষিণ গংগোত্ৰী এতিয়া বৰফৰ তলত, আমি য’ত আছিলো তাৰ এতিয়া একো চিনেই নাই। মৈত্ৰী ষ্টেচনত এতিয়া আমাৰ অসমৰেই সুসন্তান প্ৰাঞ্জল শইকীয়া আছে।

সাহিত্য ডট অৰ্গ: – আপোনালোকৰ ঘৰবোৰ কেনেদৰে নিৰ্মাণ কৰা হৈছিল?

ৰাঘৱ চন্দ্ৰ ডেকা: – আমাৰ ঘৰবিলাকৰ বাহিৰত টিং দিয়া হৈছিল আৰু ভিতৰখন আছিল কাঠৰ। তাৰে মাজত ছয় ইঞ্চিৰ এটা ফাঁক ৰখা হৈছিল যাতে বৰফ সোমাব নোৱাৰে।

সাহিত্য ডট অৰ্গ: – ছাৰ এণ্টাৰ্কটিকাত আপোনালোকে উষ্ণতা কিমান ডিগ্ৰীলৈকে পাইছিল?

ৰাঘৱ চন্দ্ৰ ডেকা: – আমি সাধাৰণতে উষ্ণতা মাইনাচ একছল্লিছ ডিগ্ৰীলৈ (-৪১℃) পাইছিলোঁ কিন্তু কিছুমান ‘ফেক্টৰ’লৈ সেয়া একাৱন্নলৈও নামি গৈছিল। আমি তাৰে এটা সৰোৱৰত জানুৱাৰী মাহত নাও চলাইছিলোঁ। কিন্তু সেই একেটা সৰোৱৰতে বৰফ গোট মাৰি যোৱা বাবে আমি অক্টোবৰ মাহত বুলডজাৰ চলাবলগীয়া হৈছিল।

সাহিত্য ডট অৰ্গ: ছাৰ, আপুনি যেতিয়া এণ্টাৰ্কটিকাত আছিল তেতিয়া আপোনাৰ শৰীৰত কিবা পৰিৱৰ্তন লক্ষ্য কৰিছিল নেকি?

ৰাঘৱ চন্দ্ৰ ডেকা: হয়, অকণমান পৰিৱৰ্তন অনুভৱ হৈছিল।

সাহিত্য ডট অৰ্গ: ছাৰ, ভূ-চুম্বকীয় ক্ষেত্ৰ অধ্যয়নৰ ক্ষেত্ৰত ভাৰতৰ পৰিবেশ অনুকূল নে?

ৰাঘৱ চন্দ্ৰ ডেকা: নিশ্চয়। ভৌগোলিক দৃষ্টিভংগীৰে চালে ভাৰতৰ অৱস্থান যথেষ্ট ভাল। কাৰণ কাশ্মীৰত সমুদ্ৰপৃষ্ঠৰ পৰা ভাৰত উচ্চতাত আছে আৰু দক্ষিণৰ ফালে সমুদ্ৰপৃষ্ঠৰ সৈতে লগলাগি আছে। একেদৰে ‘ডীপ ইকুৱেটৰ’ৰ লগতে ‘মেগনেটিক প’লো’ আমাৰ দেশত আছে। গতিকে এণ্টাৰ্কটিকাত আমি নিগাজীকৈ এটা কেন্দ্ৰ খুলি ল’ব পাৰিলে ভূ-চুম্বকীয় ক্ষেত্ৰখনত বিশ্বৰ কোনো ৰাষ্ট্ৰৰ ওপৰতেই আমি নিৰ্ভৰ কৰিব নালাগে। আমাৰ বৰ্তমানো এই কেন্দ্ৰটো এণ্টাৰ্কটিকাত চলি আছে। তোমালোকক জনাব পাই সুখী হৈছোঁ যে বৰ্তমান আমাৰ বিভাগৰ দুজন ল’ৰাই তাত কাম কৰি আছে। তাৰে এজন আমাৰ অসমৰেই। তেওঁ প্ৰাঞ্জল শইকীয়া। মই ইতিমধ্যে তেওঁৰ নামটো তোমালোকক জনাইছোঁ। শিলচৰৰ সুব্ৰত ভৌমিক নামৰ এগৰাকী যুৱকো এণ্টাৰ্কটিকালৈ গৈছিল। তেওঁৰ দেউতাকত ঘৰো সৰ্থেবাৰীত আছিল। আমাৰ বিভাগত যোৰহাটৰ এজনেও কাম কৰিছিল। বহুকেইজন অসমীয়াই এই পৰ্যন্ত এণ্টাৰ্কটিকালৈ গৈছে।

সাহিত্য ডট অৰ্গ: এণ্টাৰ্কটিকাত আপুনি গৱেষণা কৰি থকাৰ সময়ত চৰকাৰৰ পৰা কেনেধৰণৰ সহায়-সহযোগিতা লাভ কৰিছিল সেই সম্পৰ্কে আমাক অলপ জনাবনে?

ৰাঘৱ চন্দ্ৰ ডেকা: হয়, এই ক্ষেত্ৰত আমি কেন্দ্ৰীয় চৰকাৰৰ সম্পূৰ্ণ সহায়-সহযোগ লাভ কৰিছিলোঁ। অৱশ্যে এটা কথাত মোৰ বৰ দুখ লাগিছিল। আচলতে সেই সময়ত মোৰ পত্নী সন্তানসম্ভৱা আছিল। সন্তান প্ৰসৱৰ সময়ত তেওঁ চিকিৎসালয়ৰ আসন এখন যোগাৰ কৰিব পৰা নাছিল। সমস্যাটো সম্পৰ্কে মই দিল্লীক ফোনযোগে জনাইছিলোঁ। দিল্লীৰ পৰা মোক যথাযোগ্য সঁহাৰি জনাইছিল আৰু গুৱাহাটীৰ চিকিৎসালয়ক মোৰ পত্নীক ‘ছীট’ এটা দিবলৈ নিৰ্দেশ দিছিল। মই এণ্টাৰ্কটিকাত থাকোঁতেই আমাৰ সন্তানটি মানে ছোৱালীজনী জন্মৰ শুভ সংবাদটো লাভ কৰিছিলো। আচলতে মোৰ পত্নীৰ এনে সময়তো মোৰ মনত কিবা এটা হয়তো বাসনাৰ জন্ম হৈছিল আৰু সেই বাসনাই মোক এণ্টাৰ্কটিকালৈ যাবলৈ উৎসাহ যোগাইছিল। সেই বাসনাৰ বশৱৰ্তী হৈ মই সকলো ত্যাগ কৰি হ’লেও এণ্টাৰ্কটিকা যাবলৈ বুলি ওলাই আহিছিলোঁ। এইখিনিতে তোমালোকক এটা কাহিনী ক’বলৈ মন কৰিছোঁ। যেতিয়া কেপ্তেইন ৰবাৰ্ট ফেলকন স্কটে দক্ষিণ মেৰুলৈ যাবলৈ ওলাল, তেতিয়া তেওঁৰ পত্নীয়ে দুখ প্ৰকাশ কৰিলে। স্কটে তেওঁৰ পত্নীক বিয়াৰ আগতে কথা এটা কৈছিল। কথাটো আছিল এনেধৰণৰ যে পত্নীৰ ব্যক্তিগত কৰ্মত স্কটে হকাবাধা নকৰিব আৰু পত্নীয়েও স্কটক তেওঁৰ ব্যক্তিগত কৰ্মত হস্তক্ষেপ নকৰিব। বিয়াৰ আগেয়ে স্কট আৰু তেওঁৰ পত্নী কেথলীনে এই চুক্তি কৰিছিল। স্কটে সেই চুক্তি সম্পৰ্কে কেথলীনক সোঁৱৰাই দিলে আৰু দক্ষিণ মেৰুলৈ যাত্ৰা আৰম্ভ কৰিলে। কেথলীনে স্কটক দক্ষিণ আফ্ৰিকালৈ সংগ দিলে। তাৰপৰা কেথলীন চকুলো টুকি ঘৰলৈ ঘূৰি আহিল। মোৰ নিজৰ ক্ষেত্ৰত সেই স্কটৰ কথাটোৰ মিল পাওঁ। সেই স্কট আৰু ঘূৰি নাহিল। দক্ষিণ মেৰুতেই তেওঁক কবৰস্থ কৰা হ’ল। ষাঠি বছৰ পিছত স্কটৰ সন্তান পিটাৰ স্কটে সেই স্থানলৈ গৈ মৃত পিতৃৰ সমাধিস্থলত প্ৰণাম কৰি আহিল। এনেবোৰ ঘটনাই নিজ লক্ষ্যত আগুৱাই যাবলৈ মোক কিবা এক প্ৰেৰণা যোগাইছিল।

সাহিত্য ডট অৰ্গ: ছাৰ, আপুনি এণ্টাৰ্কটিকাত আপোনাৰ ছোৱালীজনী জন্ম হোৱা খবৰটো পালে। সেইয়া নিশ্চয় আপোনাৰ বাবে এক আৱেগিক খবৰ আছিল। এই সম্পৰ্কে আমাক অলপ জনাবনে?

ৰাঘৱ চন্দ্ৰ ডেকা: মোৰ ছোৱালীজনীৰ নামটো মৈত্ৰী দিছো। সেই সময়ত মৈত্ৰী ষ্টেচনটো এণ্টাৰ্কটিকাত প্ৰতিষ্ঠা কৰা হৈছিল। তাইৰ ২১ জুলাইত জন্ম হয়। মই খবৰ পাওঁ চাৰিদিন পিছত অৰ্থাৎ ২৪ জুলাইত। মই তাইৰ জন্মৰ এঘাৰ মাহ পিছতহে তাইক গোৱাত প্ৰথমবাৰৰ বাবে দেখিছিলোঁ। মই এণ্টাৰ্কটিকাৰ পৰা ঘৰলৈ ঘূৰি অহাৰ সময়ত তাই মাকৰ সতে মোক ঘৰলৈ নিবলৈ আহিছিল।

সেই সময়ত অসমত প্ৰফুল্ল মহন্তৰ চৰকাৰ আছিল। মই আকৌ মোৰ সন্তানসম্ভৱা পত্নীৰ কথা লৈ বিমোৰত পৰিছিলোঁ। আমাৰ দলপতি কৰ্ণেল গণেশনে মোৰ পত্নী সম্পৰ্কে অলপ তথ্য জনাবলৈ অসম চৰকাৰক অনুৰোধ জনালে। সেই সময়ত অৱশ্যে মুখ্যমন্ত্ৰী কাৰ্যালয়ত নাছিল। পিছে তেওঁৰ তলতীয়া কৰ্মচাৰীয়ে কৰ্ণেল গণেশনক আমি এণ্টাৰ্কটিকা বা আফ্ৰিকা য’তেই নাথাকোঁ কিয়, তেওঁলোকৰ খবৰ ল’বলৈ কি গৰজ পৰিছে বুলি সমিধান দিলে। পিছে দিল্লীৰ পৰা আমাৰ খৱৰ সদায়ে লোৱা হৈছিল।

সাহিত্য ডট অৰ্গ: ছাৰ, এণ্টাৰ্কটিকাৰ পৰা পৰিয়ালৰ সতে আপোনালোকে কেনেদৰে যোগাযোগ কৰিছিল?

ৰাঘৱ চন্দ্ৰ ডেকা: সেই সময়ত যোগাযোগৰ মাধ্যম একেবাৰেই বেয়া আছিল। আমি ছেটেলাইট ফোনেৰে কথা পাতিছিলোঁ। প্ৰথমে দিল্লীলৈ যোগাযোগ কৰা হয়, তাৰ পিছত দিল্লীৰ পৰা আমাৰ নিজ নিজ ঘৰবোৰলৈ, আকৌ ঘৰৰ পৰা দিল্লী আৰু দিল্লীৰ পৰা এণ্টাৰ্কটিকালৈ। এমাহত আমি সকলোৱে নিজ পৰিয়ালৰ সতে ছয় মিনিট সময় কথা পাতিবলৈ পাইছিলোঁ। ‘আৰ্মী’ৰ দৰে কথা পাতিছিলো- ‘অভাৰ’, ‘কপি’ ইত্যাদি ভাষাৰে। তদুপৰি সেই সময়ত টেলিফোন আজিৰ দৰে সহজলভ্য নাছিল। দুই এঘৰৰ ফোনটো আছিল যদিও ফোনৰ খৰচ বহুত বেছি আছিল। সেইবাবে চৰকাৰী মাধ্যমেৰে আমি কথা পাতিছিলো। কোনোবাই দোকানৰ পৰা, পিচিঅ’ৰ পৰা কথা পাতিছিল। তদুপৰি গুৱাহাটীৰ দৰে চহৰতো মাত্ৰ কেইটামানহে ফোন আছিল সেই সময়ত। সকলো ট্ৰাংক কলহে আছিল।

সাহিত্য ডট অৰ্গ: – ছাৰ এণ্টাৰ্কটিকাত থাকোঁতে কেতিয়াবা আপুনি ভয়াবহ দিন পাৰ কৰিছিলনে?

ৰাঘৱ চন্দ্ৰ ডেকা: – আমাক তেতিয়া দিল্লীৰ পৰা সঘনাই সাৱধান কৰি দিয়া হৈছিল যে যদি বতাহৰ বেগ ৩৫ মাইলতকৈ বেছি হয় তেতিয়া কোনোৱেই যেন বাহিৰলৈ ওলাই নাযায়। কিন্তু কেতিয়াবা এনে হয় যে কিছুমান কাম সম্পূৰ্ণ নহ’লে আমি যাবলগীয়া হয়। মোৰ যন্ত্ৰপাতিবোৰ ‘মূল ভৱনটোৰ’ পৰা প্ৰায় তিনিশ মিটাৰ দূৰৈত আছিল। সেইবোৰ ‘মেগনেটিক’ আছিল বাবে মই মূল ভৱনত ৰাখিব নোৱাৰোঁ। সেইকাৰণে সেই যন্ত্ৰপাতিবোৰ আনিবলৈ মই দিনটোত কেইবাবাৰো অহা যোৱা কৰিব লাগে। মূল ঘৰৰ পৰা সেই ঘৰটোলৈ আমি বাঁহ পুতি ৰচী বান্ধিছিলোঁ আৰু বতাহ আহিলে আমি সেই ৰচীত ধৰি ধৰি অহা যোৱা কৰিছিলোঁ। এদিন মই বৰফৰ বতাহ অহাৰ আশংকা কৰি যন্ত্ৰপাতি থকা ঘৰটো এবাৰ চাবলৈ গ’লো। যাওঁতে মই সুকলমেই গৈ পালোঁ। সাধাৰণতে মোক অকলে যাবলৈ দিয়া নহয় যদিও সেইদিনা দুপৰীয়া সকলো শুই থাকোঁতে মই অকলেই তালৈ গ’লো। যন্ত্ৰপাতিবোৰ ঠিক কৰি ঘূৰি আহোঁতেই মই গম পালোঁ যে বতাহ আৰম্ভ হৈছে। কিন্তু আধা ৰাস্তা পাওঁতেই বতাহজাক ইমান জোৰেৰে আহিল যে মই বৰফৰ ওপৰত পৰি গ’লোঁ। হয়তো ভগৱান মোৰ প্ৰতি সুপ্ৰসন্ন আছিল। কাৰণ মই অনুভৱ কৰিলোঁ যে মোৰ দুইখন হাত ক্ৰমাৎ লগ লাগি গৈছে। কিন্তু হাত দুখনৰ মাজত ৰচীডাল সোমাই আছে। যদি সেইদিনা মোৰ হাতৰ মাজত ৰচীডাল সোমাই নাথাকিলহেঁতেন, মই ৰচীডাল বিচাৰি নাপালোঁহেতেন‌। তাৰ পাছত মই উঠিবলৈ চেষ্টা কৰিছিলোঁ যদিও ব্যৰ্থ হ’লোঁ। কাৰণ বতাহজাকে বৰফৰ ওপৰৰ তৰপখিনি উৰুৱাই নিছিল আৰু তলৰ বৰফখিনি আছিল যথেষ্ট কঠিন আৰু পিছল। তেনেকৈ মই ৰচীডালত ধৰি যেনে তেনে অলপ আগুৱাই অহাৰ পাছত এটা বাঁহৰ খুটা বিচাৰি পালোঁ। ৰচীডালত ধৰি মই শুই শুই মূল ঘৰটোলৈ আগুৱালোঁ। এনেকৈ আহি আহি মই কোনোমতে মূল ঘৰটোলৈ উঠি যাব পৰা জখলাডাল পালোঁ। সেই ৰচীদালৰ এটা মূৰ জখলাডালত বন্ধা থাকে। সেই জখলাডাল পোৱাৰ পাছত মই সেইখিনিতে শুই লৈ ভগৱানক ধন্যবাদ জনাইছিলোঁ। ভগৱানেহে মোক সেই বিপদৰ পৰা উদ্ধাৰ কৰিলে। তাৰ অলপ পিছতেই মূল ঘৰটোৰ পৰা বাহিৰলৈ ওলাই অহা কোনোবা এজন সহযোগীয়ে মোক তেনেকৈ থকা দেখা পাই ভিতৰলৈ কঢ়িয়াই নিছিল। এনে ধৰণৰ বহুতো অভিজ্ঞতা আমাৰ হৈছে।

সাহিত্য ডট অৰ্গ: – ছাৰ এই দুঃসাহসিক অভিযানত যাওঁতে আপোনালোকে আজৰি সময় পাৰ কৰিবলৈ লগত কিতাপ বা আন তেনেধৰণৰ সামগ্ৰী লগত নিছিল নে?

ৰাঘৱ চন্দ্ৰ ডেকা: হয়, হয়। মই লগত নিয়া দুখন অসমীয়া কিতাপ তাত থৈ আহিছিলোঁ যাতে ভৱিষ্যতে কোনোবা অসমীয়া তালৈ গ’লে কিতাপ দুখন দেখা পায়। তাৰে এখন আছিল ‘মামৰে ধৰা তৰোৱাল’ আৰু আনখনৰ নামটো মই এই মুহূৰ্তত পাহৰিছোঁ। মই তাতে প্ৰত্যেকদিনাই সন্মুখীন হোৱা ঘটনাবোৰৰ বিৱৰণ লিখি গৈছিলোঁ। আকৌ আমি তাৰ মাজতে খেলা ধূলাও কৰিছিলোঁ। তাত এবাৰ ৰাছিয়া আৰু ভাৰতবৰ্ষৰ মাজত এখন ফুটবল খেলাও হৈছিল। মই ভাৰতৰ হৈ সেই খেলত অংশ লৈছিলোঁ। জাৰ্মানী আৰু ৰাছিয়াৰ দল দুটা আমাৰ ষ্টেচনৰ ওচৰতেই আছিল। তদুপৰি আমি স্বাধীনতা দিৱস, গণতন্ত্ৰ দিৱস আদিত পতাকা উত্তোলন কৰিছিলোঁ।

সাহিত্য ডট অৰ্গ: ছাৰ আপোনালোকে এণ্টাৰ্কটিকাত কি খাই ভোক নিবাৰণ কৰিছিল?

ৰাঘৱ চন্দ্ৰ ডেকা: আমি লগত খাদ্যসামগ্ৰী লৈ গৈছিলোঁ। প্ৰায় দুবছৰৰ বাবে সেই খাদ্যসামগ্ৰী লৈ যোৱা হৈছিল। প্ৰত্যেকটো অভিযানকাৰী দলেই আচলতে দুবছৰৰ বাবে খাদ্য-সামগ্ৰী লৈ যায়। কিবা কাৰণত যদি এবছৰৰ পাছত আহিব নোৱাৰি, তেতিয়াতো বাচি থাকিব লাগিব। গতিকে দুবছৰৰ কাৰণে মাছ-মাংস সকলো লৈ যোৱা হয়।

সাহিত্য ডট অৰ্গ: এণ্টাৰ্কটিকাত আপোনালোকে সংগ্ৰহ কৰা সামগ্ৰীসমূহ কত সংৰক্ষণ কৰা হৈছে সেই সম্পৰ্কে আমাক অলপ জনাবনে?

ৰাঘৱ চন্দ্ৰ ডেকা: এণ্টাৰ্কটিকাৰ বাবে এটা বিভাগেই আছে। তাৰ মুখ্য কাৰ্যালয় গোৱাত আছে। গোৱাৰ সেই কাৰ্যালয়তেই আমি সংগ্ৰহ কৰা বিভিন্ন সামগ্ৰী যেনে ৰক চেম্পল, প্ৰকাশিত কিতাপ-পত্ৰ আদি সংৰক্ষণ কৰা হৈছে। গোৱাৰ সঞ্চালক ৰথিক ৰবীন্দ্ৰ মোৰ ৰূমমেট আছিল। তেখেতৰ দিনতেই এণ্টাৰ্কটিকালৈ যোৱা অষ্টম অভিযানকাৰী দলটো এক দুৰ্ঘটনাত পতিত হৈছিল। সেই দলটোৰ চাৰিজন সদস্য টেণ্টৰ ভিতৰতেই চিৰনিদ্ৰাত পৰিল। তেওঁলোকে হাম্বল নামৰ এখন পাহাৰত ফিল্ড চাৰ্ভে কৰি জিঅ’লজিকেল চেম্পল গোটাবলৈ যাওঁতে লগত টেণ্ট লৈ গৈছিল। ৰাতি ঠাণ্ডাত টেণ্টৰ ভিতৰত ষ্টভ জ্বলাই তেওঁলোক ভাগৰত লালকাল দিলে। টেণ্টৰ ভিতৰত কাৰ্বন ডাই অক্সাইডৰ সৃষ্টি হ’ল আৰু সেই কাৰ্বন ডাই অক্সাইডৰ বাবে তেওঁলোক মৃত্যু মুখত পৰিল।

সাহিত্য ডট অৰ্গ: ছাৰ, এণ্টাৰ্কটিকালৈ যোৱা স্মৃতিবোৰ কেতিয়াবা আপুনি সপোনত দেখা পায়নে?

ৰাঘৱ চন্দ্ৰ ডেকা: (হাঁহি) এতিয়াচোন সেই অভিযানটো মোৰ নিজৰেই সপোন যেন লগা হ’ল! তাত থকা সেই ৪৮৫টা দিন সঁচাকৈয়েই মোৰ বাবে এক অনন্য অভিজ্ঞতা আছিল। ঘূৰি অহাৰ সময়ত আমি চাৰিমাহমান আগৰপৰাই সাজু হৈছিলো। ‘ঘৰলৈ যাম, ঘৰলৈ যাম’ বুলি মনত অনবৰতে ভাব এটাই ক্ৰিয়া কৰি আছিল। এইখিনিতে এটা কথা কওঁ তোমালোকক। এতিয়া জুন মাহ আৰম্ভ হৈছে। এই জুন মাহৰ ২১ তাৰিখৰ দিনটো এণ্টাৰ্কটিকাত ‘মিড ডে অৱ দ্য উইণ্টাৰ’ বুলি কোৱা হয়। সেইদিনাখন আমাৰ বাবে তাত এটা ডাঙৰ উৎসৱৰ দৰে হয়। তাৰমানে সেইদিনটোৰপৰা আমি পোহৰলৈ আগবাঢ়োঁ। এণ্টাৰ্কটিকাত দুমাহ একেৰাহে আন্ধাৰ হৈ থাকে। মানে একেবাৰে ‘ননষ্টপ’ আন্ধাৰ। আমি আমি এণ্টাৰ্কটিকাত প্ৰথম সূৰ্য্য দেখা পালোঁ ১৯ জুলাইৰ দিনা। সেইদিনা সূৰ্য্যটো মাত্ৰ দহমিনিটৰ বাবে ওলাইছিল। সূৰ্য ওলাল আৰু লগে লগে ডুব গ’ল। সেইয়া সাংঘাতিক ধুনীয়া দৃশ্য। তাৰ পাছদিনা সূৰ্যটো প্ৰায় আধাঘণ্টা সময় ওলাইছিল। তাৰপাছত সূৰ্য ওলোৱা সময়টো লাহে লাহে বাঢ়ি গ’ল। লাহে লাহে ২৪ ঘণ্টাই সূৰ্য্য ওলাই থকা হ’ল।

সাহিত্য ডট অৰ্গ: একেৰাহে দিনৰ পোহৰত থকাৰ কথাটো আপোনালোকৰ বাবে নিশ্চয় এক সাংঘাতিক অভিজ্ঞতা আছিল।

ৰাঘৱ চন্দ্ৰ ডেকা: হয়, পিছে ৰাতিৰ সূৰ্য্যটো আৰু দিনৰ বেলিটোৰ পাৰ্থক্যখিনি আমি ধৰিব পাৰিছিলো। ৰাতি ওলোৱা বেলিৰ ৰঙটো অলপ কম আছিল। দিনত পূবৰ পৰা বেলিটো পশ্চিমলৈ গতি কৰে; ৰাতি ই পশ্চিমৰপৰা দক্ষিণফাললৈ গতি লয়। ইয়াৰ দ্বাৰা পৃথিৱীখনৰ দ্ৰাঘিমাৰ অৱস্থানটো গম পোৱা যায়।

সাহিত্য ডট অৰ্গ: এইক্ষেত্ৰত আপোনালোকৰ ‘বায়’লজিকেল ক্লক’ৰ কিবা অসুবিধা হৈছিল নেকি? মানে যিহেতু বেলিটো কেতিয়াও অস্ত যোৱা নাছিল, আপোনালোকে টোপনি যোৱাত বা তেনে ক্ষেত্ৰত কিবা অসুবিধাৰ সন্মুখীন হৈছিল নেকি?

ৰাঘৱ চন্দ্ৰ ডেকা: টোপনিৰ ক্ষেত্ৰত বহুতৰে অসুবিধা হৈছিল। এজন মেজৰ আছিল আমাৰ সতে। তেখেত বহুতদিন শোৱাই নাছিল। আচলতে কথাটো এনেকুৱা, আমি যিহেতু কোঠাত বৰফৰ কভাৰতে থাকোঁ, সেয়েহে ৰাতি-দিন গমকে নাপাইছিলোঁ। যদি সেইয়া চাবলগীয়া হয় তেন্তে বাহিৰলৈ ওলাই আহিবলগীয়া হয়। ৰাতি বাৰ বজাতো যদি তুমি কোঠাটোৰ পৰা ওলাই আহা, দেখিবা সুন্দৰকৈ সূৰ্য্য ওলাই আছে। সেই সময়তো তুমি প্ৰাণখুলি চিঞৰিব পাৰা, গান গাই বৰফৰ ওপৰত খোজ কাঢ়ি ঘূৰিব পাৰা। আমি তেনেকৈ ফুৰিছিলোঁ। মই কিন্তু তাত এটা কাম কৰিছিলোঁ, য’তেই সুযোগ পাওঁ ত’তেই অসমীয়াত কথা কিছুমান লিখি থৈ আহিছিলোঁ। ৰঙাকে ধৰি বিভিন্ন ৰঙ ব্যৱহাৰ কৰিছিলোঁ।

সাহিত্য ডট অৰ্গ: ছাৰ, এণ্টাৰ্কটিকাত আপুনি কেনেধৰণৰ কথা লিখি থৈ আহিছিল সেয়া অলপ জনাবনে?

ৰাঘৱ চন্দ্ৰ ডেকা: মই বিশেষকৈ অসমীয়াত লিখিছিলোঁ। “মই অসমৰপৰা আহিছোঁ, মোৰ গুৰু হ’ল শংকৰদেৱ-মাধৱদেৱ”, এনেধৰণৰ কথাবোৰ লিখি মই যে অসমৰ পৰা এণ্টাৰ্কটিকালৈ আহিছিলো, সেইয়া অনুভৱ কৰি মনটোত বৰ শান্তি পাইছিলোঁ।

সাহিত্য ডট অৰ্গ: ছাৰ, গুৰুদুজনাৰ নাম কুমেৰুলৈকে উলিয়াই নিয়াত আপোনাৰ এয়া অসমৰ প্ৰতিয়েই এক ডাঙৰ অৱদান বুলি আমি গণ্য কৰিছোঁ।

ৰাঘৱ চন্দ্ৰ ডেকা: আচলতে কথাটো কি জানা? মই যিহেতু অসমীয়া মানুহ, সেয়েহে মই অসমীয়াতেই এণ্টাৰ্কটিকাত লিখিছিলোঁ। মোৰ মাতৃভাষা আৰু মাতৃভূমি অসমী আইৰ নামটো মই এণ্টাৰ্কটিকালৈ কঢ়িয়াই নিয়াৰ তেনে এক চেষ্টা কৰিছিলোঁ। অ, তোমালোকক আৰু এটা কথা কওঁ ৰ’বা। মোৰ পত্নীয়ে জাপি, গামোচা আদি ধৰণৰ বস্তু কিছুমান মোলৈ পঠিয়াইছিল। এণ্টাৰ্কটিকাত লগ পোৱা বিদেশী বৈজ্ঞানিক আদিক সেয়া মই উপহাৰস্বৰূপে আগবঢ়াইছিলোঁ।

সাহিত্য ডট অৰ্গ: – ছাৰ এণ্টাৰ্কটিকাত অধ্যয়ন কৰি আপুনি কেনেধৰণেৰে তথ্যসমূহ সংৰক্ষণ কৰিলে?

ৰাঘৱ চন্দ্ৰ ডেকা- তাত মই অকলে ভূ চুম্বকৰ আছিলোঁ। বাকী দুজন আছিল বায়ু বিজ্ঞান বিভাগৰ। আন সকলোবোৰ সেনাবাহিনীৰ লোক আছিল। আমি তথ্যসমূহ ৰেকৰ্ড কৰি সেইবোৰ গ্ৰাফলৈ সলনি কৰি লৈছিলোঁ। আমাৰ কামবোৰ এই অধ্যয়নৰ আৰম্ভণিৰ কৰ্ম বুলি ক’ব পৰা যায়। আমি সদায় বৰফৰ ওপৰত আছিলোঁ। আমি গ্ৰাউণ্ড পোৱা নাছিলোঁ বাবে আমাৰ যন্ত্ৰপাতিবোৰ প্ৰায়েই অকামিলা হৈ গৈছিল। তথাপি সেইবোৰ মেৰামতি কৰি আমি আমাৰ কামত আগবাঢ়িছিলোঁ।

সাহিত্য ডট অৰ্গ: ছাৰ, এণ্টাৰ্কটিকাৰ পৰা ঘূৰি আহি আপুনি আপোনাৰ পৰিয়ালক লগ পোৱা সেই স্মৰণীয় মুহূৰ্তৰ বিষয়ে আমাক অলপমান জনাবনে?

ৰাঘৱ চন্দ্ৰ ডেকা: মই যেতিয়া এণ্টাৰ্কটিকাৰ পৰা আহি পালোঁ, ঘৰৰ পৰা মোক গোৱাত ৰিচিভ কৰিবলৈ গৈছিল। গোৱাত যিখন মিটিং হ’ল, তাত তেতিয়া আমাৰ বিভাগৰ মন্ত্ৰী মহোদয়ো উপস্থিত আছিল। আমাৰ ডাইৰেক্টৰ কৰ্ণেল গণেশনো সেই সভাখনত উপস্থিত আছিল। যেতিয়া তেওঁ মোৰ বিষয়ে উল্লেখ কৰিলে, তেতিয়া তেওঁ মোৰ নাম কৈ মোক ভূয়সী প্ৰশংসা কৰিলে। সেনাবাহিনীৰ লোকৰ সতে মই কৰা কামক তেওঁ বৰকৈ প্ৰশংসা কৰিলে। মই যে মোৰ সন্তানসম্ভৱা পত্নীক এৰি এণ্টাৰ্কটিকালৈ গৈছিলোঁ, তেওঁ সেই বিষয়েও উল্লেখ কৰিলে। তেতিয়া সকলোৱে মোৰ পত্নীক এবাৰ চাবলৈ উদগ্ৰীৱ হৈ পৰিল। এনেধৰণৰ স্মৃতিবোৰ সুৱৰি মই আজিও আনন্দ লাভ কৰোঁ।

সাহিত্য ডট অৰ্গ: ছাৰ, এণ্টাৰ্কটিকালৈ যোৱা অসমীয়া বিজ্ঞানী বুলি আমি আপোনাক জানো। আপোনাৰ অধ্যয়নৰ ক্ষেত্ৰখনত আপুনি যথেষ্ট অৱদান আগবঢ়াইছে। পিছে সেই ক্ষেত্ৰখন অৰ্থাৎ ভূ-চুম্বকত্ব ক্ষেত্ৰখন সম্পৰ্কে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত বৰ আলোচনা-বিলোচনা হোৱা দেখা নাযায় বুলি আমি ভাবোঁ। এইক্ষেত্ৰত আপোনাৰ মতামত অনুগ্ৰহ কৰি আমাক জনাবনে?

ৰাঘৱ চন্দ্ৰ ডেকা: (হাঁহি এটা মাৰি) আচলতে মই এণ্টাৰ্কটিকাৰ পৰা ঘূৰি অহাৰ সময়ত ভাবিছিলোঁ যে এই কথাটো লৈ অসমত বেছ আলোচনা-বিলোচনা হ’ব। পিছে কথাটো তেনেধৰণৰ নহ’ল। মই নিজে বিভিন্ন ঠাইলৈ গৈহে মোৰ অভিযানৰ কথা ক’ব লগা হ’ল। পিছে অসমৰ বাহিৰত অৰ্থাৎ ধৰা এই মহাৰাষ্ট্ৰত মোৰ অভিযান সম্পৰ্কে বিশদ আলোচনা হ’ল। মহাৰাষ্ট্ৰৰ বাতৰি কাকতত এই বিষয়ৰ চৰ্চা আৰম্ভ হ’ল। আনকি কৰ্ণাটকৰ বাতৰি কাকততো এই বিষয়ে আলোচনা হ’ল। পিছে অসমত মই তেনেধৰণৰ পৰিবেশ এটা নাপালোঁ। অৱশ্যে অসমৰ বিশিষ্ট সাংবাদিক শ্ৰীযুত প্ৰণয় বৰদলৈয়ে মোক বিশেষভাবে সহায় কৰিলে। তেওঁ প্ৰথমে ‘আমাৰ অসম’ত মোৰ বিষয়ে এটা প্ৰবন্ধ লিখিলে। তাৰপিছত মোৰ বিষয়ে লিখিলে শ্ৰদ্ধাৰ তুলতুল বৰুৱা বাইদেৱে। তেখেতৰ ‘কিশোৰ’ নামৰ এখন আলোচনী আছিল। তেওঁ মোৰ পৰা এণ্টাৰ্কটিকা সম্পৰ্কীয় লেখা লৈ সেই আলোচনীত প্ৰকাশ কৰিলে। সেই লেখাবোৰ লৈয়েই মই পৰবৰ্তী কালত ‘পেঙ্গুইনৰ দেশ কুমেৰু’ বুলি গ্ৰন্থ এখন প্ৰকাশ কৰিলোঁ। আনহাতে ‘সঁফুৰা’ নামৰ শিশু আলোচনীখনতো মই শিশুসকলৰ বাবে লিখা কেতবোৰ লেখা প্ৰকাশ পাইছিল। ‘বে অৱ বেঙ্গল’ত কৰা মোৰ কেতবোৰ অধ্যয়ন সম্পৰ্কেও মই এই আলোচনীখনত লিখিছিলোঁ।

সাহিত্য ডট অৰ্গ: ছাৰ মূলতঃ আপুনি এণ্টাৰ্কটিকাত ভূ-চুম্বকত্বৰ ওপৰতেই গৱেষণা কৰিছিল। ভাৰতত এইবিষয়ে আপুনি কেনেধৰণৰ গৱেষণাৰ কামত জড়িত হৈ আছে সেইবিষয়ে আমাক অলপ জনাবনে?

ৰাঘৱ চন্দ্ৰ ডেকা: হয়, ভাৰতত মই এটা গৱেষণা কৰিছিলো। সেইটো হ’ল ‘ডীপ ইকুৱেটৰ’। বিজ্ঞানৰ ভাষাত ‘ইকুৱেটৰ’ বা বিষুৱ ৰেখা বুলিও ক’ব পৰা যায়। মূলতঃ তিনিটা জিঅ’গ্ৰাফিক ইকুৱেটৰ বা ফিক্সড ইকুৱেটৰ থাকে। তাৰে এটা হ’ল মেগনেটিক ইকুৱেটৰ বা মুভিঙ ইকুৱেটৰ আৰু ই বিদ্যুৎ প্ৰৱাহৰ ওপৰত নিৰ্ভৰ কৰে। সেইবাবে ই সলনি হৈ থাকে। আৰু এটা ইকুৱেটৰ হ’ল ডীপ ইকুৱেটৰ। এই ডীপ ইকুৱেটৰটোও সলনি হৈ থাকে। মই ইয়াৰ ‘পজিছন’ চাবলৈ ত্ৰিবান্দ্ৰমলৈ গৈছিলোঁ। ১৯৭৩-৭৪ চনত এই ‘ডীপ ইকুৱেটৰটো’ ত্ৰিবান্দ্ৰমৰ ওপৰত আছিল। তাৰ পিছত মই যেতিয়া ১৯৯৬-৯৭ত আকৌ ত্ৰিবান্দ্ৰমলৈ গৈছিলোঁ তেতিয়া ই ত্ৰিবান্দ্ৰমৰ পৰা বহুদূৰ গুছি গৈছিল। তাৰ পিছত ২০০০ চনত মই পুনৰ ত্ৰিবান্দ্ৰমলৈ গ’লোঁ আৰু দেখিলো যে ইয়াৰ স্থান তেতিয়া সাগৰৰ মাজত। মানে এই ইকুৱেটৰটোৱে দক্ষিণৰ ফালে লাহে লাহে গতি কৰিয়েই আছে। আচলতে চুম্বকীয় মেৰুৰ সৈতে ইয়াৰ সম্পৰ্ক থাকে বাবে ই এইদৰে গতি কৰি থাকে। যেতিয়া আমি চুম্বকশলা এডাল লওঁ‌ তেতিয়া ই উত্তৰা-দক্ষিণাকৈ থাকে যদিও এই চুম্বকশলা অকণমান কম্পমান হৈ থাকে। কিন্তু যেতিয়া আমি দক্ষিণৰ ফালে গৈ থাকোঁ, তেতিয়া এটা অঞ্চলত ই সম্পূৰ্ণ সমান্তৰাল আৰু স্থিৰ হৈ থাকে। আমি এবাৰ যন্ত্ৰ লৈ যাওঁ‌তে ইয়াক প্ৰত্যক্ষ কৰিছিলোঁ। তেতিয়া সেই নিৰ্দিষ্ট অঞ্চল য’ত চুম্বকশলাডাল স্থিৰ হৈ থাকে, সেই ঠাইখিনিক আমি ‘ইকুৱেটৰ’ বুলি কওঁ‌। একেদৰে উত্তৰ ফালে গৈ থাকিলে এটা অঞ্চলত এই চুম্বকশলাডাল সম্পূৰ্ণ ওলোটা হৈ যায়। এইটোক ‘মেগনেটিক প’ল’ বা ‘চুম্বকীয় মেৰু’ বুলি কোৱা হয়।

সাহিত্য ডট অৰ্গ: ছাৰ, ২০০৫ চনত আপুনি আই এ জি এৰ পৰা লং চাৰ্ভিচ বঁটা লাভ কৰিছে। সেইসময়ত আপুনি অসমৰ পৰা গৈ সুদূৰ পেৰিছত এই বঁটাটি লাভ কৰিছিল। এই বঁটাটিৰ বাবে আপুনি কেনেকৈ নিৰ্বাচিত হৈছিল বা এই গৌৰৱময় যাত্ৰা সম্পৰ্কে আমাক অলপ জনাবনে?

ৰাঘৱ চন্দ্ৰ ডেকা: – এইটো এটা আমোদজনক ঘটনা। ইয়াৰ বাছনিৰ বাবে সঞ্চালকে সেইসময়ত মোৰ নামটো প্ৰস্তাৱ কৰিলে। মই তেতিয়া আছিলো আলিবাগত। সেই সময়ত আলিবাগলৈ বহুতো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ নাম থকা বিজ্ঞানী আহিছিল। তেওঁলোকে দেখিলে যে তেওঁলোক আলিবাগৰ যিখিনি ঠাইলৈকে যায়, তাতেই মোৰ কথা শুনা পায়। তেতিয়া সঞ্চালকে মোক নিজৰ বিষয়ে সকলো বিস্তৃতভাৱে জনাবলৈ দিলে আৰু মোৰ নামটো সেই বঁটাৰ বাবে প্ৰস্তাৱ কৰি দি পঠিয়ালে। তেওঁ মোৰ নামটো প্ৰস্তাৱ কৰি পঠোৱাৰ পাছত মোক কৈছিল, “গোটেই বিশ্বৰ পৰাই যিহেতু প্ৰাৰ্থী আহিব গতিকে দেখা যাওকচোন বাৰু কি হয়।” মোৰ নামটো পঠিওৱাৰ দ্বিতীয় দিনাই মই জানিব পাৰিলোঁ যে তেওঁলোকৰ ১৫জন সদস্যৰ অতি কমেও ৯জন সদস্যই সমৰ্থন দিয়াৰ পাছতহে বঁটাটোৰ বাবে মই নিৰ্বাচিত হ’ম। প্ৰায় পোন্ধৰ দিন পাছত মই জানিব পাৰিলোঁ যে নজন সদস্যই মোক ইতিমধ্যে সমৰ্থন কৰিছে। সেই সন্মিলনত বিশ্বৰ বিভিন্ন দেশৰ পৰা প্ৰায় এশ পঁয়ত্ৰিশজন সদস্য উপস্থিত আছিল। তালৈ গৈ মোৰ এটা কথা খুবেই ভাল লাগিছিল যে ব্ৰাজিলৰ এজন বিজ্ঞানীয়ে মোক আনন্দত ডাঙি ধৰি কৈছিল—“উই আৰ প্ৰাউড অৱ ইউ। ইউ আৰ দ্য ফাৰ্ষ্ট মেন ফ্ৰম দ্য ডেভেলপিং কাণ্ট্ৰি।” আৰু এটা কথা এইখিনিতেই উল্লেখ কৰিব বিচাৰিছোঁ। মোক ব্ৰাজিললৈ গৱেষণাৰ বাবে আমন্ত্ৰণ জনাইছিল। মই পিছে ভাৰতবৰ্ষতেই গৱেষণা কৰিম বুলি তেওঁলোকৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিলোঁ।

সাহিত্য ডট অৰ্গ: ধন্যবাদ ছাৰ। আমি আপোনাৰ পৰা আপোনাৰ এণ্টাৰ্কটিকা অভিযান তথা বিভিন্ন ঘটনা সম্পৰ্কে জানিবলৈ পালোঁ। ছাৰ, এগৰাকী মহান বিজ্ঞানী হিচাপে আমি আপোনাৰ পৰা আন অলপ কথা জানিবলৈ আগ্ৰহী। আমি সদায় বিজ্ঞান আৰু সংস্কৃতি সম্পৰ্কে পৰোক্ষ অথবা প্ৰত্যক্ষ সম্পৰ্কৰ কথা শুনিবলৈ পাওঁ। আপোনাৰ মতে বিজ্ঞান আৰু সংস্কৃতিৰ সম্পৰ্ক কেনেধৰণৰ?

ৰাঘৱ চন্দ্ৰ ডেকা: আচলতে বিজ্ঞান আৰু মানৱ সভ্যতাৰ সম্পৰ্ক পূৰ্বৰে পৰা চলি আছে। তদুপৰি ভূ-চুম্বকীয় ক্ষেত্ৰখন অধ্যয়ন কৰিলে আমি জানো যে পৃথিৱীৰো এখন চুম্বকক্ষেত্ৰ থাকে। মই শুনিবলৈ পাওঁ‌ যে শোৱাৰ সময়ত সদায় মূৰ পূৱৰ ফালে আৰু ভৰি পশ্চিমৰ ফালে থৈ শুব লাগে। মই এবাৰ ৰাছিয়ালৈ যোৱাৰ পথত মস্কো বিশ্ববিদ্যালয় দৰ্শন কৰিছিলোঁ। তাত তেওঁলোকে মোক জনাইছিল যে যদিহে আমি পৃথিৱীৰ কোনো এখন ঠাই বা বিন্দুত ভূ-চুম্বকত্ব উদাসীন বা শূন্য কৰি দিব পাৰোঁ, তেন্তে তাত চৰাই এটাও উৰিব নোৱাৰে। আলিগড়ত আমি এই পৰীক্ষাটো চলাই চাইছিলোঁ। ভূ-চুম্বকত্ব শূন্য কৰি পাৰ চৰাই এটা এৰি দিয়াত দেখিছিলো যে পাৰটো সেই ঠাইখিনিত উৰিব পৰা নাছিল। প্ৰকৃততে ভূ-চুম্বকীয় শক্তি খুবেই প্ৰয়োজনীয়। বিশেষকৈ পৰিভ্ৰমী চৰাইবোৰেও এই ভূ-চুম্বকত্বৰ দ্বাৰাই বহুদূৰ যাত্ৰা কৰিব পাৰে। চুম্বকীয় ক্ষেত্ৰৰেখাবোৰ সদায় উত্তৰৰ পৰা দক্ষিণলৈ গতি কৰে আৰু এই ক্ষেত্ৰৰেখাক অনুসৰণ কৰিয়েই পৰিভ্ৰমী চৰাইবোৰে বহুদূৰ যাত্ৰা কৰিও নিজৰ পথত উৰি থাকে। মস্কো বিশ্ববিদ্যালয়ৰ পণ্ডিতসকলে মোক এইবিষয়েও কৈছিল যদিও এয়া কিমানদূৰ সত্য মই নাজানো। হয়তো আমাৰ পক্ষীবিজ্ঞানীসকলে এই সম্পৰ্কে ভালদৰে আলোকপাত কৰিব পাৰিব।

সাহিত্য ডট অৰ্গ: ছাৰ, আপুনি কোৱাৰ দৰেই আমি প্ৰায়েই শুনিবলৈ পাওঁ যে উত্তৰমুৱাকৈ কেতিয়াও শুব নালাগে কাৰণ মানুহৰ দেহৰ মূৰটোৱে উত্তৰ মেৰু আৰু ভৰিয়ে দক্ষিণ মেৰু সূচায়। সেই সম্পৰ্কে ব্যাখ্যা কৰি হয়তো ক’ব পৰা যায় যে মানুহৰ দেহত থকা তেজৰ এটা মুখ্য অংশ হ’ল হিমগ্লৱিন আৰু হিমগ্লৱিনত আইৰণ থাকে। যিহেতু আইৰণ বা লো চুম্বকে আকৰ্ষণ কৰে সেয়েহে মানুহৰ ধ্ৰুৱতাও বেছি হয়। এনেধৰণৰ কিবা গৱেষণা ইতিমধ্যে আৰম্ভ কৰা হৈছে নেকি?

ৰাঘৱ চন্দ্ৰ ডেকা: মই এবাৰ চীনৰ পৰা প্ৰকাশিত এখন গৱেষণা পত্ৰ পঢ়িছিলোঁ। চীনে ইতিমধ্যে ভূ-চুম্বকীয় বিষয়ত বহুখিনি আগবাঢ়ি গৈছে। তাৰে এখন অধিবেশনত যোগদান কৰি মই জানিব পাৰিছিলো যে বহুকেইজন মানসিকভাৱে বিকাৰগ্ৰস্ত ব্যক্তিৰ ওপৰত চিকিৎসালয়ত তেওঁলোকে কিছুমান পৰীক্ষা-নিৰীক্ষা চলাইছিল। চীনৰ ভূতত্ত্ববিদসকলৰ মতে এনেধৰণৰ মানসিকভাৱে বিকাৰগ্ৰস্ত ৰোগীৰ দেহত একপ্ৰকাৰৰ চুম্বকীয় ধুমুহা থাকে। এই চুম্বকীয় ধুমুহাৰ বাবে তেওঁলোক হিংস্ৰ হৈ উঠে। গতিকে এইবিষয়ে হয়তো কিবা থাকিব পাৰে।

সাহিত্য ডট অৰ্গ: ছাৰ, পূৰ্ণিমা অমাৱস্যাৰ লগতো ভূ-চুম্বকত্ব বা চুম্বকত্বৰ কিবা সম্পৰ্ক থাকিব পাৰে নেকি?

ৰাঘৱ চন্দ্ৰ ডেকা: নাই, আচলতে সূৰ্যৰ পৰা যি পোহৰ আহে সেই পোহৰত মূলতঃ কিছুমান পদাৰ্থ থাকে। তাৰ ভিতৰত চুম্বকীয় ধুমুহা অন্যতম। আমাৰ পৃথিৱীৰ চাৰিওফালে যিবোৰ বায়ুমণ্ডলীয় স্তৰ আছে তাৰে এটা হ’ল আয়নস্ফিয়াৰ আৰু মেগনেটস্ফিয়াৰ। সূৰ্যৰ পৰা যদি কিছুমান বিষাক্ত চুম্বকীয় পদাৰ্থ আহে, তেন্তে এই স্তৰে সেই পদাৰ্থসমূহ বিকৰ্ষণ কৰি দিয়ে। সচৰাচৰ ২০০-৩০০ কিমিঃ প্ৰতিঘণ্টা বেগত চুম্বকীয় ধুমুহাই মেগনেটস্ফিয়াৰত খুন্দা মাৰে। কিন্তু কেতিয়াবা ইয়াৰ গতিবেগ খুব বেছি হ’লে, প্ৰকৃততে ১০০০ কিমিঃ প্ৰতি ঘণ্টাৰ সমান হ’লে মেগনেটস্ফিয়াৰত খুন্দা মাৰে আৰু এই স্তৰটো হেঁচি লৈ আহে। তেতিয়া পৃথিৱীৰ চুম্বকীয় ক্ৰিয়াত ব্যাঘাত জন্মে। প্ৰকৃততে সৌৰধুমুহাও ইয়াৰেই এটা কাৰণ। অ, ৰবা, এইখিনিতেই মোৰ আন এটা কথা মনত পৰি গ’ল। আমি এণ্টাৰ্কটিকাত দিনবোৰ অতিবাহিত কৰাৰ সময়ত যেতিয়াই মেগনেটিক ষ্টৰ্ম (চুম্বকীয় ধুমুহা) আহিছিল, তেতিয়া আকাশত আমি এটা সুন্দৰ দৃশ্য দেখিবলৈ পাইছিলো। ইয়াক অৰ’ৰা (aurora) বুলি কোৱা হয়। পূৰ্বতে অৰ’ৰা দেৱী বা ঊষা দেৱীয়ে এই দৃশ্যৰ সৃষ্টি কৰে বুলি বিশ্বাস কৰা হৈছিল। ফৰকাল আকাশখনত চুম্বকীয় ধুমুহাৰ সময়ত নিশা দেখিবলৈ পোৱা এই দৃশ্য সঁচাকৈয়েই মনোমোহা আছিল। কি অপৰূপ দৃশ্য সেয়া! মই আজিও পাহৰিব পৰা নাই। সেই দৃশ্য দেখি এনে লাগিছিল যেন কোনোবাই আকাশখনত ৰঙহে বুলাই দিছে। উত্তৰ মেৰুত অৰ’ৰা বুৰিয়েলি আৰু দক্ষিণ মেৰুত অৰ’ৰা অষ্ট্ৰেলী বুলি কোৱা হয়। দক্ষিণ মেৰুত যিহেতু বহু পৰিমাণৰ ঠাই আছে সেইবাবে এণ্টাৰ্কটিকাত ইয়াক ভালদৰে প্ৰত্যক্ষ কৰিব পাৰি। মোৰ সৈতে বহুকেইখন ফটোও আছে অৰ’ৰাৰ। এটা প্ৰবন্ধও লিখিছিলোঁ অৰ’ৰাৰ বিষয়ে।

সাহিত্য ডট অৰ্গ: ছাৰ, সূৰ্যৰ পৰা অহা পোহৰৰ বাবে এই অ’ৰৰা দেখিবলৈ পোৱা যায় নেকি?

ৰাঘৱ চন্দ্ৰ ডেকা: নহয়। আচলতে চুম্বকীয় ধুমুহাৰ বাবেহে এইটো হয়। যেতিয়া চুম্বকীয় ধুমুহাই আয়নস্ফিয়াৰত খুন্দা মাৰে তেতিয়া এইয়া দেখিবলৈ পোৱা যায়। তাত সূৰ্যৰ ৰশ্মিৰ কোনো কথা নাই।

সাহিত্য ডট অৰ্গ: ছাৰ, আপুনি অলপ আগেয়ে কলে যে ভূ-চুম্বকত্ব শূন্য কৰি দিলে চৰাই উৰিব নোৱাৰে। এইক্ষেত্ৰত ভূ-চুম্বক আৰু মাধ্যাকৰ্ষণ শক্তিৰ মাজত কিবা সম্পৰ্ক আছে নেকি?

ৰাঘৱ চন্দ্ৰ ডেকা: মাধ্যাকৰ্ষণ আৰু ভূ-চুম্বক সম্পূৰ্ণ পৃথক বস্তু। পৃথিৱীৰ চুম্বকীয় শক্তিৰ ৯৯% ইয়াৰ কেন্দ্ৰৰ পৰা আহে। পৃথিৱীৰ কেন্দ্ৰত যি ‘আৰ্থ লিকুইড’ থাকে তাৰ বাবেহে পৃথিৱীৰ ভূ-চুম্বকত্ব অনুভৱ কৰা যায়। পৃথিৱীৰ আহ্নিক গতিৰ বাবে ‘আৰ্থ লিকুইড’ ঘূৰে আৰু ভূগৰ্ভত বিদ্যুৎ প্ৰৱাহ সৃষ্টি হয়। এই বিদ্যুৎ প্ৰৱাহ পূবা-পশ্চিমাকৈ সৃষ্টি হয় বাবে ইয়াৰ লম্বভাৱে অৰ্থাৎ উত্তৰা-দক্ষিণাকৈ পৃথিৱীৰ ভূ-চুম্বকত্বই ক্ৰিয়া কৰে।

সাহিত্য ডট অৰ্গ: ছাৰ, ভূমিকম্প আহিলে কেতিয়াবা কুকুৰবোৰে আগতীয়াকৈ ভুকে। একেদৰে কাউৰীৰো কোলাহল বাঢ়ে। আনকি কেতবোৰ মানুহেও আগতীয়াকৈ অনুভৱ কৰি ভূমিকম্প আহিব পাৰে বুলি কোৱা শুনা যায় আৰু সঁচাকৈয়ে ভূমিকম্প আহে। জীৱ-জন্তুৰ আচৰণ তথা মানুহৰ পূৰ্বানুমানৰ সতে ভূমিকম্পৰ কিবা সংযোগ আছে নেকি?

ৰাঘৱ চন্দ্ৰ ডেকা: বৈজ্ঞানিকভাৱে তেনেকৈ বৰ এটা ক’ব নোৱাৰি। পিছে বহুলোকে এনেদৰে কয়। আনকি প্ৰাণীবিদসকলে কয় যে সাপবোৰ তেনে সময়ত আগবাঢ়ি যাব নোৱাৰে। সৰুৰেপৰা আমিও দেখিছিলোঁ যে ভূমিকম্প অহাৰ আগেয়ে গৰু ইত্যাদিবোৰে হেম্বেলিয়াইছিল। মোৰ বিশ্বাস কোনোবা ভূতত্ত্ববিদে ভূমিকম্পৰ ৰহস্য নিশ্চয়কৈ অতি সোনকালে ভেদ কৰিব। এইখিনিতেই তোমালোকে কাহিনী এটা কওঁ। সেইয়া ১৯৯১ চন। সেই সময়ত অসমৰ পৰা প্ৰকাশিত বাতৰি কাকতবোৰত বৰ বৰ হৰফেৰে বাতৰি এটা ওলাল। বাতৰিটোত কোৱা হ’ল যে অসমত এটা উচ্চ প্ৰাবল্যৰ ভূমিকম্প হ’ব। এই কথাটো আমাৰ সঞ্চালকে গম পাই মোক অসমলৈ যাবলৈ কলে। অসমলৈ গৈ এটা জৰীপ কৰিবলৈ মোক সঞ্চালকে নিৰ্দেশ দিলে। অসমৰ কোন অঞ্চলত এই জৰীপ কাৰ্য সমাপন কৰিব পাৰি, সেইয়া ঠিক কৰিবলৈও সঞ্চালকে মোক দায়িত্ব দিলে। মই অসমলৈ আহিলো। তোমালোকে নিশ্চয় ডাউকি জলপ্ৰপাতৰ নাম শুনিছা। সেইটো বাংলাদেশ আৰু ভাৰতৰ সীমাত অৱস্থিত। সেই জলপ্ৰপাত থকা ঠাইখিনিৰ ওপৰত মোৰ মনত এক সন্দেহে বাহ ল’লে। মোৰ এনে লাগিল যে এই ঠাইতেই ভূমিকম্প এটা হ’ব পাৰে। সেই জলপ্ৰপাতৰ গতিবিধি অধ্যয়ন কৰি মই ঠাৱৰ কৰিলোঁ যে নগাঁও আৰু যোৰহাটৰ মাজেৰে উত্তৰ ফালে ঘূৰি এই জলপ্ৰপাতটো হিমালয়লৈ গুচি গৈছে। আকৌ ধুবুৰীত এটা জলপ্ৰপাত আছে। মই ধুবুৰীৰ পৰা শ্বিলং-শিলচৰ হৈ এক জৰীপ কৰিবলৈ আৰম্ভ কৰিলোঁ। মই কেতবোৰ পথ জৰীপ কৰিবলৈ আৰম্ভ কৰিলোঁ। কেতবোৰ আস্থান নিৰ্মাণ কৰিলোঁ। এনেদৰে মই মোৰ জৰীপৰ কাম দহ বছৰ পৰ্য্যন্ত অব্যাহত ৰাখিলো আৰু ভূ-চুম্বকীয় ক্ষেত্ৰৰ অধ্যয়ন কৰি অসমত যে ডাঙৰ ভূমিকম্প এটা হ’ব পাৰে, তেনেধৰণৰ কোনো সম্ভাৱনা নেদেখিলোঁ। ২০০৫ চনত সেয়েহে মই অসমত আৰু দহ বছৰলৈ কোনো ধৰণৰ উচ্চ প্ৰাবল্যৰ ভূমিকম্প নহয় বুলি সকলোকে জনালোঁ কাৰণ মই ভূ-চুম্বকীয় ক্ষেত্ৰৰ একো সালসলনি নেদেখিলোঁ।

সাহিত্য ডট অৰ্গ: অলপদিনৰপৰা অসমত খুব সঘনাই ভূমিকম্প হ’বলৈ লৈছে। ইয়াৰ কিবা বিশেষ কাৰণ আছে নেকি ছাৰ?

ৰাঘৱ চন্দ্ৰ ডেকা: হয়, অলপদিনৰপৰা যথেষ্ট কম্পন আহি আছে। উত্তৰ-পূবত সংঘটিত হোৱা ভূমিকম্পৰ ওপৰত অধ্যয়ন চলি আছে। শিলচৰ, শ্বিলং আদিবোৰত উচ্চ মানদণ্ডৰ সা-সঁজুলি এই অধ্যয়নৰ বাবে ব্যৱহাৰ কৰা হৈছে।

সাহিত্য ডট অৰ্গ: ছাৰ, বৰ্তমান ভূ-চুম্বকীয় ক্ষেত্ৰখনৰ ওপৰত আপুনি কেনেধৰণৰ অধ্যয়ন অব্যাহত ৰাখিছে, সেইবিষয়ে আমাক অলপ জনাবনে?

ৰাঘৱ চন্দ্ৰ ডেকা: ভূ-চুম্বকীয় ক্ষেত্ৰৰ ওপৰত মোৰ কাম চলি আছে। বহুকেইখন আন্তঃৰাষ্ট্ৰীয় পত্ৰিকাত ইয়াৰ বিষয়ে মোৰ লেখা প্ৰকাশ হৈছে। এণ্টাৰ্কটিকাৰ মেগনেটিক ফিল্ডৰ ওপৰত সম্প্ৰতি অধ্যয়ন চলি আছে। ময়ো এইবিষয়ে লিখা মেলা কৰি আছোঁ। মাজতে মেগনেটিক প’ল সলনি হ’ব নেকি সেইবিষয়ে আলোচনা হৈছিল। মেগনেটিক প’ল খুব বেছিকৈ সলনি হৈছে। সেয়েহে ইয়াৰ ওপৰত বেছি অধ্যয়ন চলি আছে।

সাহিত্য ডট অৰ্গ: ছাৰ আপোনাৰ পৰা আমি জানিব পাৰিলো যে মুম্বাই আৰু ভাৰতৰ বিভিন্ন ঠাইত এই বিষয়বোৰৰ ওপৰত যথেষ্ট অধ্যয়ন চলি আছে। আমাৰ অসমতো এই বিষয়টোৰ ওপৰত কিবা আলোচনা বা অধ্যয়ন আৰম্ভ কৰা হৈছে নেকি?

ৰাঘৱ চন্দ্ৰ ডেকা- নাই, বৰ বিশেষ অধ্যয়ন চলা নাই। অ, এইখিনিতেই কথা এটা মনত পৰিছে। মই অৱশ্যে কথাটো কিমানদূৰ সত্য সেয়া নাজানো। পিছে মই এবাৰ শুনিবলৈ পালোঁ যে এক নিৰীক্ষণ কেন্দ্ৰ স্থাপনৰ বাবে আমাৰ সঞ্চালকে গুৱাহাটী বিশ্ববিদ্যালয়ক তিনি চাৰিবাৰ অলপ ঠাই বিচাৰি অনুৰোধ জনাইছিল। পিছে বিশ্ববিদ্যালয়ৰ পৰা আমাৰ বিভাগে কোনো সঁহাৰি লাভ নকৰিলে। সেইবাবেই শ্বিলঙত নিৰীক্ষণ কেন্দ্ৰ স্থাপন কৰিব লগা হ’ল। মোৰ মতে এইবোৰ অসমৰ বাবে বৰ পৰিতাপৰ কথা।

সাহিত্য ডট অৰ্গ: ছাৰ, এসময়ত জনপ্ৰিয় কিশোৰ আলোচনী ‘মৌচাক’ত আপোনাৰ কথাবোৰ সম্পৰ্কে পাঠকক অৱগত কৰা হৈছিল। অসমৰ দৰে এখন ৰাজ্যৰ পৰা গৈ আপুনি ইমান ডাঙৰ অভিযানত অংশ লোৱা কথাটিয়ে আমাৰ দৰে পাঠকসকলক আমাৰ সেই কৌশোৰৰ দিনবোৰৰ পৰাই অনুপ্ৰেৰণা যোগাই আহিছে। আপোনাৰ সেই অনন্য অভিজ্ঞতাসমূহ গ্ৰন্থ আকাৰে লিখিলে নিশ্চয়েই ভবিষ্যত প্ৰজন্ম উপকৃত হ’ব বুলি আমি অনুভৱ কৰোঁ।

ডেকা – হয় মোক বহুতে এই কথাটো কয়। ‘সঁফুৰা’ৰ সম্পাদক ধীৰাজ গোস্বামীয়েও কৈ আছে কথাটো। আচলতে এইবোৰ কথা আমাৰ দেশৰ লোকসকলক জনোৱাটো ভাল। পিছে সঁচা কথা ক’বলৈ হ’লে মই এণ্টাৰ্কটিকা অভিযানৰ পৰা ঘূৰি আহি অলপ দুখ আৰু খঙ অনুভৱ কৰিছিলো। কাৰণ মই যেতিয়া ঘূৰি আহি অসম পালোঁহি, তেতিয়া মই ভাবিছিলোঁ যে মানুহে মোৰ পৰা আমাৰ অভিযানটোৰ বিষয়ে জানিবলৈ বিচাৰিব। পিছে এইবিষয়ে প্ৰশ্ন কৰা মানুহ মই অসমত বৰ বিশেষ লগ নাপালোঁ। পিছলৈ যেতিয়া মোৰ কথাখিনি শ্ৰী যুত প্ৰণয় বৰদলৈয়ে বাতৰি কাকতত প্ৰকাশ কৰিলে, তেতিয়াও এই বিষয়ত গুৰুত্ব দিয়া মানুহ অসমত প্ৰায় নোলাল। অসমৰ বিভিন্ন ঠাইলৈ গৈ মই নিজে ক’ব লগা হ’ল যে মই এণ্টাৰ্কটিকালৈ গৈছিলোঁ। “এয়ানো কি ডাঙৰ কাম হ’ল” বুলি কেতবোৰ লোকে মোক আকৌ পেংলাই কৰিলে। গতিকে মনত অলপ ক্ষোভৰ সৃষ্টি হ’ল। পিছে মই যেতিয়া মহাৰাষ্ট্ৰলৈ আহিলোঁ, ইয়াত মানুহে মোৰ অভিযানটোক লৈ যথেষ্ট গুৰুত্ব আৰোপ কৰিলে। মহাৰাষ্ট্ৰত মই কেইবাখনো বিদ্যালয়-মহাবিদ্যালয়ত এই সম্পৰ্কে ভাষণ দিলোঁ। পিছে এতিয়া এটা কথাই মোক আপ্লুত কৰিছে। অসমৰ বৰ্তমানৰ প্ৰজন্মই মই কৰা কামবোৰৰ ওপৰত গুৰুত্ব দিয়া আৰম্ভ কৰিছে। মোৰ কামৰ প্ৰতি এই প্ৰজন্মৰ লোকসকলৰ আকৰ্ষণৰ কথা ভাবি মই আপ্লুত হৈ পৰোঁ।

সাহিত্য ডট অৰ্গ: ছাৰ আপুনি এগৰাকী মহান বিজ্ঞানী। ঈশ্বৰৰ অস্তিত্ব সম্পৰ্কে আপোনাৰ মতামত কি?

ৰাঘৱ চন্দ্ৰ ডেকা: ভগৱান মানে ঈশ্বৰ আছে। ভগৱানে ইচ্ছা নকৰিলে কোনেনো এণ্টাৰ্কটিকালৈ এনেদৰে যাব পাৰিব হে! মই সঁচাকৈয়েই ঈশ্বৰ বিশ্বাসী। আচলতে মই ১০০% বিশ্বাস কৰোঁ ভগৱানক।

সাহিত্য ডট অৰ্গ: আচলতে আজিকালি বিভিন্নমহলে বিজ্ঞানীয়ে ঈশ্বৰ বা ধৰ্মীয় কামত বিশ্বাস কৰাটো একধৰণৰ অন্ধবিশ্বাসক প্ৰশ্ৰয় দিয়া কাৰ্য বুলি গণ্য কৰা দেখা যায়৷ আনকি ‘ইছৰো’ৱে ৰকেট উৎক্ষেপণ কৰাৰ আগে আগে পূজা কৰিলেও বিতৰ্কৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়৷ এই দিশটোৰ বিষয়ে আপুনি কি ভাবে?

ৰাঘৱ চন্দ্ৰ ডেকা: ঈশ্বৰ যদি নায়েই তেনেহ’লে মানুহ কিয় সৰ্বনিয়ন্ত্ৰণকৰ্তা হ’ব পৰা নাই? কৰ’নাৰ কথাটোৱেই দেখোন মানুহৰ অসহায়তাৰ এক জ্বলন্ত উদাহৰণ আৰু ই আমাক এক সৰ্বশক্তিমান অস্তিত্বৰ ওপৰত বিশ্বাস ৰাখিবলৈ বাধ্য কৰায়৷

সাহিত্য ডট অৰ্গ: আপোনাৰ অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰি গ্ৰন্থ প্ৰণয়নৰ কামত আগবাঢ়িছে নেকি?

ৰাঘৱ চন্দ্ৰ ডেকা: সদ্যহতে নাই ভবা। বহুলোকে দেখোন আজিকালি এনেবোৰ কথাত আমনি পোৱা বুলিও কয় (ৰসিকতা কৰি হাঁহি এটা মাৰে)।

সাহিত্য ডট অৰ্গ: ছাৰ, আমি ভাবোঁ যে আপোনাৰ অভিযান তথা আপোনাৰ অধ্যয়নৰ কথাবোৰ অসমৰ ৰাইজে বিষদভাৱে জনা দৰকাৰ। এইয়াই হয়তো ভূ-চুম্বকীয় ক্ষেত্ৰখন সম্পৰ্কে অধ্যয়ন কৰিবলৈ নতুন প্ৰজন্মকো উৎসাহ যোগাব। এইবিষয়ে আপোনাৰ মতামত অনুগ্ৰহ কৰি আমাক জনাবনে?

ৰাঘৱ চন্দ্ৰ ডেকা: হয়। এইবোৰ কথা সকলোৱে জানিব লাগে। এতিয়া এইবোৰ কথা জানিবলৈ তথ্য প্ৰযুক্তিৰো বেচ সম্প্ৰসাৰণ হৈছে। এণ্টাৰ্কটিকাৰ পৰাও আমি তথ্যসমূহ সংগ্ৰহ কৰি আগ্ৰহীসকলক জনাব পাৰোঁ। মোৰ বহুজন ছাত্ৰ এতিয়াও এণ্টাৰ্কটিকাত গৱেষণা কৰি আছে। মোৰ দৰে তেওঁলোকেও এই বিষয়ে সকলোকে জনাবলৈ ভাল পাব। তোমালোক যে আজি মোৰ কথা জানিবলৈ বা মোৰ অধ্যয়নৰ ক্ষেত্ৰখন সম্পৰ্কে জানিবলৈ মোৰ ওচৰলৈ আহিছা, এনেবোৰ কথাই আমাক সঁচাকৈ উৎসাহ যোগায়।

সাহিত্য ডট অৰ্গ: ছাৰ, আপোনাৰ জীৱন দৰ্শন সম্পৰ্কে আমাক অলপ জনাবনে?

ৰাঘৱ চন্দ্ৰ ডেকাঃ এতিয়াতো মই আহি আহি বহুদূৰ পালোঁহি। এতিয়া আৰু ভৱিষ্যতৰ বাবে বৰ বিশেষ পৰিকল্পনা নাই। পিছে আশা বহুতেই আছিল মোৰ। মই আচলতে পৃথিৱীখনত এপাক মাৰি অহাৰ সপোন এটা মনটোত সদায়েই প্ৰতিপাল কৰি ৰাখিছিলোঁ। সেইবাবে ক’ৰবালৈ যোৱাৰ কথা ওলালে মই সাধাৰণতে না নকৰোঁ। বহুকেইখন দেশ মই চৰকাৰৰ ফালৰ পৰাই ফুৰিবলৈ পালোঁ। মই ৰাচিয়া, চীন, দক্ষিণ আফ্ৰিকা, ফ্ৰান্স আদি বহু ঠাই দেখিলোঁ। তথাপিও মোৰ দুটামান সপোন আধৰুৱা হৈ ৰ’ল। তোমালোকক মই কথা এটা কওঁ। মই যেতিয়া চাকৰি কৰাৰ বাবে মুম্বাইলৈ যাবলৈ ওলাইছিলোঁ, ঘৰৰ মানুহখিনিয়ে মোকো কৈছিল, “তালৈ গ’লেতো ঘৰৰ মানুহখিনিক তই লগ নাপাবি, অকলে অকলে তই তাত কেনেদৰে থাকিবি?” মই তেওঁলোকক কি ক’লো জানানে? মই তেওঁলোকক ক’লো যে অচিনাকি ঠায়ো চিনাকি কৰি ল’ব লাগিব।

সাহিত্য ডট অৰ্গ: ছাৰ, আপোনাৰ ক্ষেত্ৰখন লৈ বৰ্তমান আপোনাৰ কেনেধৰণৰ পৰিকল্পনা আছে?

ৰাঘৱ চন্দ্ৰ ডেকাঃ মোৰ বৰ্তমান বিশেষ একো পৰিকল্পনা নাই। এতিয়াৰ সময়বোৰো সলনি হ’ল। মহামাৰীত পৃথিৱীখনেই যেন নিজৰ গতি হেৰুৱালে। কামবোৰ কৰিবলৈ পৰিৱেশেই নোহোৱা হ’ল।

সাহিত্য ডট অৰ্গ: ছাৰ, আপোনাক সাহিত্য ডট অৰ্গৰ তৰফৰ পৰা অশেষ ধন্যবাদ জনালোঁ। আমাক ইমান সময় দি আপোনাৰ অভিযানৰ পৰা আৰম্ভ কৰি আপোনাৰ পৰিয়াল তথা আপোনাৰ জীৱন দৰ্শন আদিকে ধৰি আমাক বহু কথা জনালে। আপোনাক আন্তৰিক কৃতজ্ঞতা জনালোঁ, ছাৰ।

ৰাঘৱ চন্দ্ৰ ডেকাঃ তোমালোককো ধন্যবাদ জনালোঁ। আচলতে কি জানা? মই হ’লোঁ কৃষকৰ সন্তান। মই মোৰ শিপা কাহানিও এৰা নাই। সৌ সিদিনা আমাৰ গাওঁ কাৰাকুছিত অনুষ্ঠিত এখন সভাত মই উপস্থিত আছিলোঁ। তাতে লগ পোৱা অঙহী-বঙহী তথা চিনাকি লোকসকলৰ স’তে মই আমাৰ গাঁৱত প্ৰচলিত কথিত ভাষাতেই কথা পাতিছিলোঁ। তাকে দেখি এজনে মোক কলে, “তইচোন গাঁৱৰ ভাষা একেবাৰে পাহৰা নাই। পিছে মই তেওঁক কি ক’লোঁ জানানে? এই গাঁৱৰেই বতাহত মোৰ প্ৰাণ সোমাই আছে। মইনো মোৰ ভাষাটো কেনেদৰে পাহৰো? ঠিক একেদৰেই মই অসমখনকো নাপাহৰো। তোমালোক যে আজি আগুৱাই আহি মোৰ সতে কথা পাতিছা, সেই কথাটো ভাবিয়েই মই বৰ শান্তি পাইছোঁ। মোক মাজে-সময়ে এনেদৰে বাতৰি-কাকত, আলোচনী আদিৰ পৰা যোগাযোগ কৰে। কিন্তু তোমালোকে আজি মোৰ পৰা বিভিন্ন বিষয় জানিবলৈ যি উৎসুকতা দেখুৱালা, সেইয়া মই বৰ ভাল পালোঁ। তোমালোকলৈ আৰু তোমালোকৰ আলোচনীখনলৈ মই শুভেচ্ছা জনালোঁ।

সাহিত্য ডট অৰ্গ: বহুত ধন্যবাদ ছাৰ।

ৰাঘৱ চন্দ্ৰ ডেকা: ধন্যবাদ।

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of
3 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Durjoy Nath
2 months ago

ধন্যবাদ আপনালোকলৈ। ছাৰৰ কথাবোৰ শুনি খুব ভাল লাগিল।

Nagendra Mohan Bhattacharyya
2 months ago

ভূচুম্বকীয় বিজ্ঞানী শ্ৰীযুত ৰাঘৱ চন্দ্ৰ ডেকাৰ সাক্ষাৎকাৰটি পঢ়ি বহুতো নতুন নতুন কথা শিকিলোঁ। অসমৰ সুসন্তান এজনে কৰা কষ্টকৰ অভিযান, অধ্যয়ন আৰু সফলতাৰ বাবে গৌৰৱ বোধ কৰিছোঁ। বিজ্ঞানী গৰাকীলৈ সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ।

B.K saha
2 months ago

প্রশংসনীয়