সাক্ষাৎকাৰ- সংগীত সমুদ্ৰত অৱগাহন: এক ব্যতিক্ৰমী পথেৰে শিল্পী ৰঞ্জন বেজবৰুৱা

একাধাৰে শিল্পী-গীতিকাৰ-অনুবাদক-নিবন্ধকাৰ ৰঞ্জন বেজবৰুৱা এক ব্যতিক্ৰমী ব্যক্তিত্বৰ অধিকাৰী। ভাৰতৰ বৰেণ্য সংগীত-কাণ্ডাৰীসকলৰ শতাধিক জনপ্ৰিয় গীত সংস্কৃত ভাষালৈ অনুবাদ কৰি আৰু কৰোৱাই লগতে কিছু মৌলিক সংস্কৃত গীত ৰচনা কৰি স্বকণ্ঠে আৰু সমৱেত কণ্ঠত পৰিৱেশন কৰি তেওঁৰ নাম ইতিমধ্যে সমগ্ৰ ভাৰতৰ উপৰি বিদেশতো পৰিচিত হৈ পৰিছে।  ২০১৪ চনত ‘সুধাকণ্ঠ ড° ভূপেন হাজৰিকা সোঁৱৰণী সমন্বয়’ বঁটা লাভ কৰাৰ উপৰি শেহতীয়াকৈ এটি আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ তৰফৰ পৰা শিল্পী বেজবৰুৱালৈ আগবঢ়োৱা হৈছে ২০২০ বৰ্ষৰ ‘ৰাষ্ট্ৰীয় সংস্কৃত গীতিকবি’ৰ সন্মান। দিল্লী দূৰদৰ্শনৰ সংস্কৃত বিভাগৰ অতিথি-শিল্পী ৰঞ্জন বেজবৰুৱা উত্তৰ-পূৱৰ প্ৰথম আৰু ভাৰতবৰ্ষৰ দ্বিতীয়টি সংস্কৃত সংগীত বেণ্ড ‘প্ৰাচ্যা’ৰ জন্মদাতা। শিল্পী বেজবৰুৱাৰ গীতিসম্ভাৰ তথা সাহিত্য-সংস্কৃতিমূলক ৰচনাৰ লগতে প্ৰকাশ পাইছে কেইবাখনো শ্ৰৱ্য চিডি।   ব্যতিক্ৰমী সাংস্কৃতিক কৰ্মৰ জৰিয়তে নিজৰ এক সুকীয়া পৰিচয় গঢ়িবলৈ সক্ষম হোৱা শিল্পী ৰঞ্জন বেজবৰুৱাক আজি আমি ‘সাহিত্য ডট অৰ্গ’ৰ মজিয়াত চিনাকি কৰাই দিয়াৰ প্ৰয়াস কৰিছোঁ।

১) সাহিত্য ডট অৰ্গ: আপুনি আপোনাৰ কৰ্মৰাজিৰ জৰিয়তে ইতিমধ্যেই অসমীয়া ৰাইজৰ মাজত এক সুকীয়া পৰিচিতি লাভ কৰিছে। নকৈ আপোনাক চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই বুলিয়েই আমি অনুভৱ কৰোঁ। তথাপিও আপুনি সাধাৰণ মানুহৰ মাজৰ এজন হিচাপে নিজৰ পৰিচয় কিদৰে দিবলৈ ভাল পাব?

ৰঞ্জন বেজবৰুৱা: প্ৰথম কথাটো হ’ল, মই সাহিত্য-সংগীত ভালপোৱা এজন সাধাৰণ মানুহ। ভাৰতীয় কাব্য-ঐতিহ্যত এষাৰ বৰ গুৰুত্বপূৰ্ণ কথা আছে- ‘কবিজন যিদৰে স্ৰষ্টা, সেইদৰেই কবিতাৰ পাঠকজনো স্ৰষ্টা। গীত কেৱল গায়কজনৰে নহয়, সি শ্ৰোতাৰো সৃষ্টি। ৰৱীন্দ্ৰনাথেও কৈছে ‘একাকী গায়কেৰ নয় তো গান’। কথাষাৰ বৰ তাৎপৰ্যপূৰ্ণ। আমিও তেনেকৈ নিজকে মূলতঃ শিল্প-সংস্কৃতিৰ‌ এজন সামান্য ৰসিক বুলিয়ে ভাবোঁ। সৃষ্টিশীল নহ’লেও নাই।

চাবলৈ গ’লে আপুনি, মই আচলতে নিজে একো কৰা নাই। কৰিব‌ও নোৱাৰোঁ। জাতিৰ মহৎ ঐতিহ্যৰ উত্তৰাধিকাৰী হিচাপে নিজৰ মাজত থকা বিশেষ ‘আস্বাদন ক্ষমতা’ৰ সৃষ্টিশীল বিস্তাৰ কৰি যাওঁ মাত্ৰ। আমি যি কৰিছোঁ, সিয়ো অপ্ৰমাদী পূৰ্বপুৰুষৰ চিন্তা-কৰ্মৰে ধ্বনি-প্ৰতিধ্বনি মাথোন। আমাৰ আখৰকেইটা, শব্দকেইটা, ৰং-ৰেখা, সুৰ-সঞ্চাৰ সকলো আচলতে লোকপৰম্পৰাৰ দান। কবি T. S. Eliot ৰ Tradition and individual talent ৰচনাখনলৈ মনত পৰি যায়। এইদৰে দেশীয় ঐতিহ্য বা পৰম্পৰাৰ সমুদ্ৰ-মন্থনত যি সামান্য উঠিছে, তাকেই ৰাইজলৈ অমৃতৰূপে আগবঢ়াই দিছোঁ মাত্ৰ- সবিনয়ে, অকৃপণে।

২) সাহিত্য ডট অৰ্গ: আপোনাৰ পৰিয়ালৰ বিষয়ে অকণমান ক’ব নেকি? লগতে আপোনাৰ শৈশৱ আৰু শৈক্ষিক জীৱনৰ বিষয়েও আমাক কিছু আভাস দিব নেকি?

ৰঞ্জন বেজবৰুৱা: মোৰ জন্মস্থান নগাঁৱৰ হাতীচোং চকলাঘাটত। মা-দেউতা আৰু বাইদেউ দুগৰাকীৰে আমাৰ সৰু পৰিয়াল। দেউতা শিক্ষাবিদ, সাহিত্যিক প্ৰয়াত ৰোহিত চন্দ্ৰ বেজবৰুৱা আৰু মা শিক্ষয়িত্ৰী, শিল্পী শ্ৰীসুভদ্ৰা বেজবৰুৱা। ২০০২ চনত তেজপুৰ- জামুগুৰিহাটৰ বৰ্ণালী পৰাশৰৰ সৈতে যুগ্মজীৱন আৰম্ভ হয়। বৰ্তমান আমি ময়ূখী আৰু জিষ্ণু নামেৰে দুটি সন্তানৰ পিতৃ-মাতৃ। বাইদেউ দুগৰাকী- ভাৰতী আৰু প্ৰতিভাক ইতিমধ্যে বিয়া দিয়া হৈছে যেতিয়া বৰ্তমান আমাৰ একক পৰিয়াল বুলিবলৈ মা, পৰিবাৰ আৰু ল’ৰা-ছোৱালী দুটিয়েই বুলিব পাৰি।

অৱশ্যে শিল্পী হিচাপে মোৰ গানৰ সংসাৰখন বেচ ডাঙৰ। মোৰ গীতৰ অনুৰাগী, প্ৰেমিক-প্ৰিয়জনেৰে আৱৰি থকা মোৰ বিস্তৃত পৰিয়াল। পৃথিৱীখনেই যেন মোৰ ঘৰ, প্ৰতিজনেই মোৰ স্বজন। আৰৱৰ ড’হাত মোৰ সংস্কৃত গীত গাই প্ৰথম হোৱা ৱিশাকা বোলা ছোৱালীজনী মোৰেই সৰু ভনী নহয় নে? চিডনি, ৱাশ্বিংটন ডি চি, মস্কো, আলমোৰা, উজনি অসমৰ সংস্কৃত ‘গঙ্গা’ৰ আধাৰত নচা কেইগৰাকীক কি বুলি ক’ব? দিল্লী, কলকাতা, গুজৰাট, ৰাজস্থান, শিৱসাগৰৰ সংস্কৃত গীত গোৱা ল’ৰা-ছোৱালীকেইটিক?

শৈক্ষিক জীৱনৰ বিষয়ে ক’বলৈ গ’লে- নগাঁৱৰ এ ডি পি কলেজ আৰু কটন কলেজত কলেজীয়া শিক্ষা লৈছিলোঁ আৰু পাছত গুৱাহাটী বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণ কৰিলোঁ। ১৯৯৭ চনত সংস্কৃত সাহিত্যত এম এ কৰিলোঁ আৰু তাৰপাছত অন্যান্য সাহিত্য-ডিগ্ৰীও ল’লোঁ। পঢ়া-শুনাত ভালেই আছিলোঁ, আৰু ভাল কৰিব হয়তো লাগিছিল। যদিও কাৰো কামত নলগা এইবোৰ কথা ইমানতে সামৰি অন্য দিশলৈ গ’লোঁ।

১৯৯৯ চনত মই নগাঁৱৰ এডিপি কলেজত অস্থায়ী শিক্ষকৰূপে যোগদান কৰোঁ। পাছত ‘নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়’ত সংস্কৃত বিষয়ৰ স্থায়ী শিক্ষক হিচাপে যোগদান কৰোঁ। কলংপাৰ বিদ্যাপীঠৰ দৰে অসমৰ আগশাৰীৰ শিক্ষানুষ্ঠানলৈও মোৰ সামান্য সেৱা প্ৰসাৰিত। ইয়াতকৈ ভিন্ন জীৱিকালৈ যোৱাৰ চেষ্টা কৰিব পাৰিলোঁহেঁতেন, কিন্তু বহুমূলীয়া, অথচ চুটি জীৱনটো কেৱল ‘চাকৰি-যুদ্ধ’তে শেষ নকৰি হাততে পোৱা শিক্ষকতাৰ বৃত্তিকেই আকোঁৱালি আনন্দেৰে সমাজৰ কামত অহাৰ কথাহে চিন্তা কৰিলোঁ। ভূপেনদাৰ ভাষাত ক’বলৈ গ’লে- ‘নাই আক্ষেপ কোনো পোৱা নোপোৱাৰ, সমুখত পোহৰৰ জ্বলন্ত জোৱাৰ।’

সৰুৰেপৰাই সংস্কৃত আৰু সংগীত আছিল মোৰ প্ৰিয় বিষয়। সেয়েহে এই দুই বিষয়কে লৈ কিবা এটা কৰিম বুলি সদায় ভাৱি আছিলোঁ। মনতে এটি ভাৱ পুহি ৰাখিছিলোঁ- ‘সমাজৰ বাবে কেতিয়াবা কিবা যদি কৰোঁ, তেনেহ’লে সংস্কৃত আৰু সংগীতক  লৈয়েই কৰিম’। তাৰো কিন্তু শিপাডাল থাকিব লাগিব নিজা সংস্কৃতিৰ মাটিত। জাতিক ‌এৰি একো নকৰোঁ। সংস্কৃতৰ মাধ্যমেৰে ভাৰতীয় সংগীতক আৰু ভাৰতীয় সংগীতৰ মাধ্যমেৰে সংস্কৃত ভাষাক ৰাইজলৈ ন-ৰূপত তুলি ধৰিব খোজাৰ চেষ্টাই হ’ব মোৰ সাধনাৰ সাৰাৎসাৰ।

৩) সাহিত্য ডট অৰ্গ: সঙ্গীত আপোনাৰ তেজত প্ৰৱাহিত হৈ আছে নিশ্চয়! সঙ্গীত-সাগৰৰ অমৃত-মন্থনৰ এই যাত্ৰা আপুনি কিদৰে আৰম্ভ কৰিছিল?

ৰঞ্জন বেজবৰুৱা: সংগীত মোৰ অন্তৰৰ সুপ্ত অনুৰাগ, এদিন সি গভীৰ প্ৰেমত পৰিণত হ’ল। সংস্কৃতো এক প্ৰকাৰ সংগীতেই। সুৰীয়া মাতৃভাষাটিৰ দৰেই। সৰুৰে পৰা সংগীতত মোৰ ৰাপ আছিল। মনত পৰে, ৰেডিঅ’ বা ৰেকৰ্ডত গান বাজিলেই মই য’তে থাকোঁ, তাৰপৰাই লৰ ধৰিছিলোঁ। মা সত্ৰৰ জীয়ৰী। তেওঁৰ কণ্ঠও আছিল শুৱলা। মাৰ কণ্ঠত বৰগীত-লোকগীত শুনিয়েই মই সংগীতৰ প্ৰতি আকৃষ্ট হৈছিলোঁ। সৰুতেই বিয়া হৈ গান গাবলৈ নোপোৱা হোৱা মাই আইনাৰ সমুখত বহি বৰগীত গায় আৰু মাৰ পিঠিত হেন্দোলি মই একান্তমনে শুনি থাকোঁ। সৰুৰে পৰাই ঘৰতে ভাৱ দি ময়ো গান গাইছিলোঁ, যদিও স্কুল-কলেজৰ বাহিৰে ৰাজহুৱা অনুষ্ঠানত খুবে কমেই গাইছিলোঁ। গাইছিলোঁ- আড্ডা-মজলিছত, গছতল-পথাৰ, নৈ-বিলৰ পাৰত। এয়া আছিল মোৰ বাবে আচল ট্ৰেইনিং। সংগীতক মই গভীৰভাৱে অনুভৱ কৰিছিলোঁ। গান শুনিছিলোঁ, গানৰ কথা ভাবিছিলোঁ, গানৰ মায়াত উটি ফুৰিছিলো। গানকে জীৱনৰ ধ্যান-জ্ঞান কৰি লৈছিলোঁ। মই যেন পৃথিৱীৰ সকলো ভাল সংগীতকেই শুনি আৰু গাই শেষ কৰিম! বৰগীত, লোকগীত, জনজাতীয় গীত, বিষ্ণু-জ্যোতি-পাৰ্ৱতিপ্ৰসাদ, ভূপেন্দ্ৰ সংগীত, বাউল-ভাটিয়ালি, ৰবীন্দ্ৰ-নজৰুল-চূফী সংগীতৰ কেছেটেৰে আমাৰ ঘৰ ভৰি আছিল। তদুপৰি বহু ভাৰতীয় ভাষাৰ গীত, ৰাগ-সংগীত, পশ্চিমীয়া ধ্ৰুপদী সংগীত বিভিন্ন ঠাইৰ পৰা সংগ্ৰহ কৰিছিলোঁ। সংগীত‌ আৰু কিতাপৰ ‌এটা ডাঙৰ লাইব্ৰেৰী আমাৰ ঘৰত আছিল।

কিতাপ পঢ়া আৰু গান শুনাই আছিল মোৰ নিচা। জীৱনৰ আদিছোৱাত মই মাত্ৰ শুনিছিলোঁ, গাবলৈ লৈছিলোঁ বহু পলমকৈ। সংগীতো সঁচা অৰ্থত ভৰ যৌৱনতহে শিকিছিলোঁ, বিশ্ববিদ্যালয়ত পঢ়ি থাকোঁতে। এজন শুনোতাৰ পৰা এজন গায়কলৈ তেতিয়াহে পৰ্যৱসিত হৈছিলোঁ, যেতিয়া শিক্ষক হিচাপে যোগদান কৰিলোঁ। ক্লাছৰুমত ছাত্ৰ-ছাত্ৰীক সংস্কৃতৰ প্ৰতি আগ্ৰহ জন্মাবৰ বাবেই কালজয়ী অসমীয়া গীত-কবিতা সংস্কৃতলৈ অনুবাদ কৰি গাই শুনাইছিলোঁ। কাৰণ আমাৰ শ্ৰেষ্ঠ কবিতা বা গীতি-সাহিত্য যে সংস্কৃত শব্দ আৰু সংস্কৃত ভাবেৰে পূৰ্ণ, তাকে বুজাইছিলোঁ। সংস্কৃত শিকাৰ আদিপাঠ তেনেকৈয়ে। সেইধৰণে বুজাই ছাত্ৰ-ছাত্ৰীক সংস্কৃতৰ প্ৰতি আগ্ৰহী কৰি তোলাত সফলো হৈছিলোঁ। এনেকৈ প্ৰায় ‘ধেমালি’তে কৰা ৰসাল কামটোৱেই এদিন যে প্ৰায় গৱেষণাৰ ৰূপ ল’ব ভৱা নাছিলোঁ। একো একোটি গীতৰ অনুবাদে দাবী কৰিলে গভীৰ অধ্যয়ন আৰু মনোনিৱেশৰ।

৪) সাহিত্য ডট অৰ্গ: আমি প্ৰথমেই উল্লেখ কৰি আহিছো- আপুনি এক ব্যতিক্ৰমী সাংস্কৃতিক কৰ্মৰে নিজৰ পৰিচয় সুদৃঢ় কৰাত সফলতা লাভ কৰিছে। সম্পূৰ্ণ এক পৃথক পথেদি আগবঢ়াৰ সাহস আৰু অনুপ্ৰেৰণা কাৰ পৰা কিদৰে লাভ কৰিছিল? সেই বিষয়ে আমাক কিছু কওকচোন।

ৰঞ্জন বেজবৰুৱা: প্ৰকৃত প্ৰেৰণা আহে ভিতৰৰ পৰা। সকলো কলাই আচলতে ‘অন্তৰ্ধ্বনি’। অন্তৰৰ নিঃশব্দ হাহাকাৰ। এই হাহাকাৰেই হ’ল কলা-চৰ্চাৰ ঘাই প্ৰেৰণা‌। এদিন দেখিলোঁ, অসমীয়া গীতে সংস্কৃতৰূপ ল’বলৈ মোৰ ভিতৰত যেন উকমুকাইছে। সংস্কৃতীয়া প্ৰকাশ পাবলৈ সুৰবোৰে হাহাকাৰ কৰিছে। উদ্বাউল কৰি তুলিছে মোক। তাৰ পিছতে হয়তো মই অন্তৰত ধাৰণ কৰিম, জন্ম পাব- অনুৰচনা ভূপেনদাৰ ‘প্ৰেমাৱহতি মে শ্ৰাৱণানাম্’ কিম্বা নিজৰ ‘ভজ গৱিন্দমে’।

কোনো এটা বিষয় বা বস্তুত লাগিবলৈ হ’লে মানুহে প্ৰথমে অন্তঃকৰণেৰে বস্তুটো ভাল পাব লাগিব। যিকোনো এটা গুৰুত্বপূৰ্ণ কাম কৰিবলৈ মানুহে নিজৰ ভিতৰৰ পৰা তাৰ বাবে এক স্বতঃস্ফূৰ্ত তাড়না অনুভৱ কৰিব‌ই লাগিব। সৰুৰে পৰা মই সংগীতৰ প্ৰতি তেনে এক তাড়নাকেই কঢ়িয়াই ফুৰিছিলোঁ।

কৈশোৰত মোক যেতিয়া আৰ্টস্কুলত নাম লগাই দিছিল, দেওবাৰবোৰ মোৰ বাবে হৈ পৰিছিল একো একোটা ‘দৈত্য’। ছবি আছিল বোজা। কাৰণ দেওবাৰে ছবিৰ ক্লাছ হৈছিল। মই ছবি চাই ভাল পাইছিলোঁ, আজিও পাওঁ, কিন্তু আঁকিবলৈ কাহানিও আগ্ৰহী নাছিলোঁ। সেয়েহে মনে মনে দেওবাৰ দিনটো নহাটোৱেই কামনা কৰিছিলোঁ। কিন্তু তেতিয়াই যদি মোৰ সংগীতৰ প্ৰতি থকা ব্যাকুলতাক ঘৰখনে অধিক গুৰুত্ব দিলেহেঁতেন, আজি হয়তো মই আৰু  বিশদভাৱে সংগীতৰ চৰ্চা কৰিব পাৰিলোঁহেঁতেন। ডাঙৰ হৈ পঢ়া-শুনা কৰিহে সংগীত শিকিবলৈ সুযোগ পালোঁ। প্ৰায় আঠাইছ বছৰ বয়সতহে- সংস্কৃতৰ জৰিয়তে সংগীতৰ এই বিশেষ যাত্ৰাটো আৰম্ভ হ’ল। পাছত দেখিলোঁ, ম‌ই আৰম্ভ কৰা অদ্ভুত কামটোকেই মানুহে আদৰি লৈছে। গতিকে মই ভাবোঁ, আমাৰ মাজত কোনো এক কাম কৰাৰ যি গোপন তাড়না বা হাবিয়াহ, সিয়েই কালত স্বতঃস্ফূৰ্তভাৱে আমাৰ বাবে কামৰ প্ৰেৰণা হৈ পৰে।

৫) সাহিত্য ডট অৰ্গ: জন্মগত প্ৰতিভাৰ লগতে কৰ্মযোগী হোৱাটো সফলতা লাভৰ অন্যতম অপৰিহাৰ্য কাৰক। অভিজ্ঞতাই আপোনাক ভৰুণ কৰি তুলিছে। আপুনি আজি এই পৰ্যায়লৈ উপনীত হোৱাৰ আঁৰৰ কাহিনী জানিব খুজিছোঁ।  

ৰঞ্জন বেজবৰুৱা: এই কথা ইতিমধ্যে কৈছোঁৱেই যে মই মূলতঃ এজন ভাল শ্ৰোতা বা ৰসিক। কিন্তু আগলৈ যেতিয়া নিজে সংস্কৃতলৈ অনুবাদ কৰা বা লিখা সংস্কৃত গীতৰ নিজেই গায়ক হ’বলৈ মন কৰিলোঁ, তেতিয়া ভাবিলোঁ যে নিজৰ ভিতৰত মাথোঁ এটা ফিৰিঙতি থাকিলেই নহ’ব, তাত ইন্ধন যোগাবও লাগিব। নিজৰ ভিতৰত থকা হেঁপাহটোক সাধনাৰ হবিৰে জ্বলাই তুলিব পাৰিব লাগিব।
‘জানো জানো জানো, বিফলে নাযায়, মোৰ গানো’- জ্যোতিপ্ৰসাদৰ এই বিখ্যাত গীতটো আছিল মই সংস্কৃত অনুবাদ কৰা প্ৰথমটো গীত। মোৰ গান যদি বিফলে যাব নালাগে, তেনেহ’লে মই মোৰ লক্ষ্যত উপনীত হ’বলৈ আপ্ৰাণ চেষ্টা কৰিব‌ই লাগিব। কলেজত শিক্ষকতা কৰি থাকোঁতেই এই গীতটো অনুবাদ কৰি শিক্ষক-সভা এখনত প্ৰথম গাইছিলোঁ আৰু এই গীত শুনি পিছত মোৰ শিক্ষাগুৰুসকলে যথেষ্ট প্ৰশংসা কৰিছিল। মনত পৰিছে, গুবাহাটী বিশ্ববিদ্যালয়ৰ মোৰ শিক্ষাগুৰু ড° অশোক কুমাৰ গোস্বামী ছাৰৰ দৰে বিভিন্ন গুণীলোকে এই কামটোতে আগবাঢ়িবলৈ নানা প্ৰকাৰে উৎসাহ যোগাইছিল। কিন্তু মোৰ সৰ্বাধিক আৰু সৰ্বাত্মক প্ৰেৰণা আছিল সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱ নিজে। সেইবোৰ বহু কথা।

২০০২ চনৰ কথা। মই ভূপেনদাক তেখেতৰ দুটিমান গীতৰ অনুবাদ গাই শুনাইছিলোঁ। তেখেতে মোৰ কামক প্ৰশংসা কৰিছিল আৰু কৈছিল, ‘ভাৰতত ইমানবোৰ সংস্কৃত পণ্ডিত আছে, কোনেও নাভাবিলে, ভাবিছা তুমি। কোনেও চিন্তা নকৰা কথা এটা অসমৰ ল’ৰা এজনে কৰি দেখুৱাইছা’- ভূপেনদাৰ এই কথাই মোক বৰ উৎসাহিত আৰু আৱেগিক কৰিছিল। ভূপেনদা আছিল মোৰ বাবে ‘সূৰ্য’। ‘জীৱনৰ ধ্ৰুৱতৰা’।
তেখেতৰ গীতসমূহেই বেছিকৈ অনুবাদৰ বাবে লোৱা হৈছিল, অন্যান্য কালজয়ী গীতৰ উপৰি। এনে লাগে, অসমীয়া সংগীতৰ ভিতৰত ভূপেনদাৰ গীতেই হয় সংস্কৃতত অধিক সফল, অধিক সুন্দৰ। ভাব হয়, লক্ষ্মীনাথ-জ্যোতি-বিষ্ণু-পাৰ্বতিপ্ৰসাদৰ পিছতেই ভূপেন হাজৰিকাৰ গীতৰ মাজতেই ঘটিছে অসমীয়া গীতিসাহিত্যৰ সৰ্বোত্তম প্ৰকাশ। আৰু সেই গীতেই সংস্কৃতত হয় অনবদ্য। এইদৰেই বহু গীতৰ সংস্কৃত ৰূপান্তৰণ চলি থাকিল। এক অন্তহীন যাত্ৰাৰ সূচনা হ’ল।

৬) সাহিত্য ডট অৰ্গ: আপুনি দিল্লী দূৰদৰ্শনৰ সংস্কৃত বিভাগৰ বিশেষ আমন্ত্ৰিত শিল্পী। সেইখন জগতত জড়িত হোৱাৰ বাবেই আপুনি পাছৰ কালত আপোনাৰ ব্যতিক্ৰমী কৰ্মধাৰাৰ প্ৰতি অধিক উৎসাহিত হৈছিল বুলি ভাৱিব পাৰোঁ নেকি?

ৰঞ্জন বেজবৰুৱা: কথাটো হয়। মই  অসমীয়া গীতৰ ‘সংস্কৃত গায়ক’ বুলি ইতিমধ্যেই এক অদ্ভুত পৰিচয় লাভ কৰিছিলোঁ। কেতিয়াবা উপহাসো পাইছিলোঁ- ‘ভূপেন হাজৰিকাৰ সংস্কৃত version’ বুলি। এইবোৰ পৰিচয়েই মই ১৯৯৯ চনৰ পৰা ২০১৫ চনলৈকে প্ৰায় দেড় দশক কঢ়িয়াই লৈ ফুৰিছিলোঁ। হঠাতে ২০১৬ চন জুন মাহত মই এটা ডাঙৰ ‘ব্ৰেক’ পালোঁ দিল্লী দূৰদৰ্শনৰ পৰা। এটা সংস্কৃত ভাষাতে ল’ব খোজা সাক্ষাৎকাৰৰ বাবে ডি ডি নিউজৰ পৰা আমন্ত্ৰণ আহিল। সময়ত সাক্ষাৎকাৰটো সম্প্ৰচাৰিত‌ও হ’ল। তাতেই তেওঁলোকে জানিব পাৰিলে যে মই কেৱল অসমীয়া গীতৰেই অনুবাদ কৰা নাই, ৰবীন্দ্ৰনাথ, ইকবাল, কবি প্ৰদীপৰ গীতো অনুবাদৰ চেষ্টা কৰিছোঁ। ‘শুন শুন ৰে সুৰ’, ‘অ’ মোৰ আপোনাৰ দেশ’ৰ উপৰি ‘একলা চলো ৰে’, ‘চাৰে জাহা চে আচ্ছা’ৰ অনুবাদো ম‌ই গাইছোঁ। সেই কথা গম পোৱাৰ পিছত তেওঁলোকৰ তৰফৰ পৰা মোলৈ প্ৰস্তাৱ আহিল যে, মই ‘চাৰে জাহা চে অচ্ছা শীৰ্ষক  দেশপ্ৰেমমূলক গীতটো অতি শীঘ্ৰে ৰেকৰ্ডিং কৰি তেওঁলোকলৈ পঠিয়াই দিব লাগে যাতে আগন্তুক পোন্ধৰ আগষ্টত সেইটো দৃশ্যায়ন কৰি সম্প্ৰচাৰ কৰিব পাৰে। সেইমতেই কথাবোৰ আগবাঢ়িল। মই মোৰ গীতৰ সংগীত ব্যৱস্থাপক আৰু গুণী সহশিল্পীসকলক লৈ লৈ গীতটিৰ সংস্কৃতত ৰেকৰ্ডিং কৰি কিছু দৃশ্যসহ তেওঁলোকলৈ পঠাই দিলোঁ। ২০১৬ৰ পোন্ধৰ আগষ্টৰ দিনা দিল্লী দূৰদৰ্শনৰ ডি ডি নিউজ, ডিডি ভাৰতী প্ৰমুখ্যে দূৰদৰ্শনৰ ভগ্নী চেনেলসমূহ আৰু ইউটিউব আদিৰ মাধ্যমেৰে গীতটি সমগ্ৰ বিশ্বতে সম্প্ৰচাৰিত হ’ল। গীতটি শুনি অনেকে প্ৰশংসা কৰিলে। ভাৰতৰ প্ৰধানমন্ত্ৰী অফিচিয়েল আৰ্কাইভত গীতটি সংৰক্ষিতও হ’ল। আমেৰিকানিবাসী ডি.পণ্ডিত নামৰ এজন ব্যক্তিয়ে গীতটি শুনি মন্তব্য কৰিলে- “I have never felt so Indian in my life. yes, when I heard the song, I had tears in my eyes. What a wonderful translation of ‘Sare Jahan Se Accha’..!” এইদৰেই ‘সংস্কৃত অনুৰাগী বিশ্ববাসী’ৰ মাজত মোৰ সাধাৰণ নামটো কিছু পৰিচিত হৈ পৰিল।

৭) সাহিত্য ডট অৰ্গ: বৰ্তমান সময়ত সংস্কৃত ভাষাৰ চৰ্চা যথেষ্ট পৰিমাণে কমি যোৱা যেন বোধ হয়। এই সম্পৰ্কে আপোনাৰ মতামত জনাবনে? এনে এটা পৰিবেশত আপুনি আপোনাৰ কৰ্মৰাজি সম্পাদন কৰাৰ ক্ষেত্ৰত কিবা অসুবিধাৰ সন্মুখীন হৈছে নেকি? বিশ্বায়নৰ ধামখুমীয়াত বিভিন্ন ভাষা প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে আন ভাষাবোৰ জনপ্ৰিয় কৰাৰ দৰেই  সংস্কৃত ভাষাকো আমি কেনেদৰে বৰ্তমান সময়ত অধিক জনমুখী  কৰি তুলিব পাৰোঁ?

ৰঞ্জন বেজবৰুৱা: সংস্কৃত ভাষা স্কুলীয়া পৰ্যায়ত বাধ্যতামূলক নহয় যদি চৰকাৰে সংস্কৃতৰ গুৰুত্ব বঢ়াব বুলি শেহতীয়াকৈ শুনিবলৈ পাইছোঁ। আচলতে সংস্কৃত পঢ়া আৰু সংস্কৃতৰ মোল বুজা মানুহৰ সংখ্যা অসমত বৰ কম। ইয়াৰ কাৰণ হ’ল মানুহে বা অভিভাৱকে ভাৱে যে, বিজ্ঞান পঢ়ি ডাক্তৰ বা ইঞ্জিনীয়াৰ হ’ব পাৰি বা ইংৰাজী-ভূগোল পঢ়ি প্ৰফেচৰ হ’ব পাৰি। ‘কিন্তু সংস্কৃত পঢ়ি কি কৰিব? ’ এটা অনৰ্থকৰী, অপ্ৰয়োজনীয় বিষয় সংস্কৃত!

আমাৰ মানুহৰ ভুলটো এইখিনিতেই হয়। ভুল বুলি এইবাবেই কৈছোঁ অনেকে ভবাৰ দৰে সংস্কৃত কেৱল এটা ভাষা নহয়, ই আমাৰ মহান সাংস্কৃতিক ঐতিহ্য‌ও। ঐতিহ্যমূলক ভাষা এটাৰ পৰা কিমানখিনি দাবী কৰিব পাৰোঁ? অধ্যয়ন কৰিলে অৱশ্যে ইয়াৰ দ্বাৰাও ভাল চাকৰি পাব পাৰি। তাৰ বাবে সকলোৰে চেষ্টা লাগিব। সৰ্ৱভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাসমূহতো সংস্কৃত বিষয়টো থাকিলে ভাল নম্বৰ পোৱাত সুবিধা হয়। মৌখিক পৰীক্ষাতো নিশ্চিতকৈ ভাল হয়। মূল কথাটো হৈছে, বিদ্যা এটা যথাসম্ভৱ অৰ্থকৰী হ’লেহে আজি সমাজত যিকোনো বস্তুৱে গুৰুত্ব পায়। সংস্কৃত সন্দৰ্ভত থকা তেনেধৰণৰ ধাৰণা আমি মনৰ পৰা পাৰ্যমানে আঁতৰাব লাগিব। অকল নম্বৰ পাবলৈ বা চাকৰি পাবলৈকে নহয়, নিজকে জানিবলৈও সংস্কৃত পঢ়িব লাগে। সংস্কৃত আমাৰ শিপা। মহাত্মা গান্ধীয়ে কৈছিল, ‘কোনো ভাৰতীয় মানুহৰ শিক্ষা তেতিয়ালৈকে সম্পূৰ্ণ নহয়, যেতিয়ালৈ তেওঁ সংস্কৃত নপঢ়ে’। ভাৰতৰ ইতিহাস, সভ্যতা-সংস্কৃতিক চিনি পাবলৈ সংস্কৃত জনাটো অতি প্ৰয়োজন। ভাৰতৰ পৰিচয় সংস্কৃত, স্বাভিমান সংস্কৃত। কথাটো বিদেশৰ মাটিত খোজ দিয়া প্ৰতিজনেই জানে। বিবেকানন্দই ক’বৰ দৰে ‘Where ther is Sanskrit, there is prestige..’ য’তেই সংস্কৃত, ত’তেই সন্মান।

৮) সাহিত্য ডট অৰ্গ: কিছুদিনৰ পৰা অসমীয়া সঙ্গীতৰ মান নিম্নগামী হোৱা যেন বহুতেই অনুভৱ কৰে। এই সন্দৰ্ভত আপোনাৰ মতামত জনাওকচোন?
আধুনিকতাৰ ধামখুমীয়াত অসমীয়া সঙ্গীতৰ ভৱিষ্যৎ সম্পৰ্কে সন্দিহান হয় নেকি আপুনি?

ৰঞ্জন বেজবৰুৱা: কথাটো হয়ো আৰু নহয়ো। আচলতে আমি বহুদিন বহু তৰল গীত শুনি থাকিলোঁ। সন্দেহ হয়, এইখন অসমতে এদিন মঞ্চত ভূপেনদা, জয়ন্ত হাজৰিকা, দীপালি বৰঠাকুৰে গীত গাইছিল নে? বৰ্তমানৰ গোলকীকৰণৰ যুগত মানুহে ‘হঠাৎ জনপ্ৰিয়তা’ক অধিক গুৰুত্ব দিবলৈ লৈছে। ইউটিউব আদিত গীত এটি আপলোড কৰি ৰাতিটোৰ ভিতৰতে অসংখ্য লাইক, কমেণ্ট, ভিউজ গোটাবলৈ সক্ষম হোৱাটোও ইয়াৰ অন্যতম কাৰণ। কথা হ’ল বৰ্তমানৰ প্ৰজন্ম প্ৰকৃত শিক্ষাৰ পৰা বঞ্চিত। তেওঁলোকৰ ভাল সংগীত শুনাৰ পৰিসৰো যথেষ্ট কম। তেওঁলোকক দেখুৱাই দিয়া হৈছে, এই চিনেমাই ভাল, এই গীতেই ভাল আৰু তেওঁলোকেও সেইধৰণে তাকেই গ্ৰহণ কৰিছে। গান হৈছে জ্ঞানৰ লগত সাঙোৰ খাই থকা বস্তু। যাৰ সঠিক অধ্যয়ন নাথাকে, সংস্কৃতিবোধ নাথাকে তেনে ব্যক্তিয়েই আচলতে এনে তৰল গান ৰচে। আজিকালি সাংস্কৃতিক অনুষ্ঠান এখনলৈ গ’লেও স‌ংগীতৰ নামত উৎকট কোলাহলত, ৰুচিহীন পৰিৱেশত ভদ্ৰ মানুহে গান এটা উপভোগ কৰিব নোৱাৰি। দুই এজন সুস্থ মনৰ লোক থাকে যদিও তেওঁলোকো সময়ত মৌন হৈ পৰে।

কথা হ’ল, ‘এন্ধাৰক অভিশাপ দি  মৌন হৈ থকাৰ পৰিবৰ্তে নিজেই এগছি চাকি জ্বলোৱা ভাল’। ’সস্তীয়া’ বুলি গালি পাৰি থকাৰ পৰিৱৰ্তে সঠিক পথ দেখুৱাই দিয়াটোহে অধিক প্ৰয়োজন। আনন্দৰ কথা অতি সীমিত সংখ্যাত হ’লেও কিছু চিৰিয়াছ, গুণী শিল্পী ওলাইছে- সংগীতৰ ভাল উপকৰণ লৈ। সুস্থ পৰীক্ষা-নিৰীক্ষা চলিছে তাৰ মাজতেই। সামগ্ৰিকভাৱে সাম্প্ৰতিক অসমীয়া সংগীতৰ এই মননশীল দিশটোক লৈ মই আশাবাদী।

৯) সাহিত্য ডট অৰ্গ: আজিকালি এচাম শিল্পীয়ে যে সক্ৰিয় ৰাজনীতিত যোগদান দিছে, শিল্পীসকলে ৰাজনীতিত যোগদান দিয়াটো কিমান যুক্তিসংগত হৈছে? আপোনাৰ এই বিষয়ত মতামত?

ৰঞ্জন বেজবৰুৱা: এই সন্দৰ্ভত মই একো ক’বলৈ নাযাওঁ। সেয়া সকলোৰে নিজা নিজা চিন্তা আৰু ৰুচিবোধৰ কথা। কিন্তু এটা কথা ঠিক, শিল্পীসকলক মানুহে অলপ বেলেগ দৃষ্টিৰে চায়। সমাজত আগস্থান দিয়ে আৰু আদৰ্শনীয় বুলি ভাবে। কোনো ৰাজনৈতিক দৰ্শনত শিল্পীয়ে বিশ্বাস ৰাখিব পাৰে হয়তো। কিন্তু মানুহৰ কাম কৰিবলৈ  সকলোৱে মন্ত্ৰী-এম এল এ হ’ব‌ই লাগিব বুলি কথা নাই। গতিকে তেওঁলোকে কিছুমান কাম নকৰাই ভাল।

১০) সাহিত্য ডট অৰ্গ: আপুনি নতুন প্ৰজন্মৰ মাজত সমন্বয়ৰ সাঁকো হৈ কেনেদৰে দায়িত্ব পালন কৰিছে?

ৰঞ্জন বেজবৰুৱা: ‘সমন্বয়ৰ সাঁকো’ৰ দৰে ডাঙৰ শব্দ মই উচ্চাৰণ কৰিব নোখোজোঁ। আচলতে ‘সমন্বয়ৰ সাঁকো’ নহয়, ৰুচিবোধৰ সাঁকোহে। মই গঢ়িবলৈ চেষ্টা কৰিছোঁ- তোমালোকে যিবোৰ শুনিছা, তাৰ বাহিৰতো কিবা থাকিব পাৰে। তোমালোকে সেই গান শুনা, যিবোৰৰ পৰা তোমালোকৰ উচ্চাৰণ, প্ৰকাশভঙ্গী, চিন্তাশক্তি উন্নত হ’ব, জ্ঞান বৃদ্ধি হ’ব। এনেধৰণৰ কথাৰে ৰুচিবোধৰ সলনি কৰিবলৈহে সামান্য চেষ্টা কৰিছোঁ। সংস্কৃত গীতেৰে, লেখাৰে, কথা-বাৰ্তাৰে নতুন প্ৰজন্মৰ চকু যদি সামান্য‌ও মুকলি কৰিব পাৰোঁ, তেনেহ’লে সেয়াই হ’ব মোৰ চেষ্টাৰ আটাইতকৈ ডাঙৰ সফলতা।

১১) সাহিত্য ডট অৰ্গ: সমাজলৈ আপোনাৰ বৰঙনি অনস্বীকাৰ্য। সমাজখনক শৃংখলিত আৰু সুন্দৰ কৰি ৰাখিবৰ বাবে আপোনাৰ কিবা ভৱিষ্যত পৰিকল্পনা আছে নেকি?

ৰঞ্জন বেজবৰুৱা: মই আচলতে সমাজলৈ বৰঙনি আগবঢ়াব পৰাকৈ, শৃংখলিত কৰিব পৰাকৈ নিজকে ইমান ডাঙৰ ব্যক্তিত্ব বুলিও নাভাবোঁ। মই ৰবীন্দ্ৰনাথৰ ‘একলা চলো ৰে’ত বিশ্বাসী। কিবা যদি ভাল কৰিব খুজিছোঁ, মূলতঃ অকলেই কৰিছোঁ, অকলেই কৰি যাম। পাৰিলে নিজৰ মাজৰ সেই ‘মই’টোক নিৰন্তৰ ‘আমি’লৈ পৰিণত কৰি যাম। সকলোৰে সৈতে ধনাত্মক চিন্তাৰ দায়ত লগ হ’ম। সংস্কৃতিৰ সেৱা কৰিম আৰু এইদৰেই গানৰ জৰিয়তেই ৰাইজলৈ সেৱা আগবঢ়াই যাম। তাতেই সমাজখন কিঞ্চিৎ জাগে যদি জাগক। সংস্কৃত দেশভক্তি গীত, সংস্কৃত গণ সংগীত, সংস্কৃত গীতি-নাটিকা হ’ব মোৰ অনাগত দিনৰ সবিনয় সংগীত-অৰ্ঘ্য সমগ্ৰ মানৱ- জাতিৰ বাবে।

১২) সাহিত্য ডট অৰ্গ: সংগীত আপোনাৰ তেজত প্ৰৱাহিত। তাৰ বাদেও আপোনাৰ অন্য কিবা অভিৰুচিৰ বিষয়ে জনাব নেকি?

ৰঞ্জন বেজবৰুৱা: মই কিতাপ পঢ়িবলৈ ভালপাওঁ। বিশেষকৈ ভাল কবিতা আৰু মননশীল গল্প আৰু প্ৰবন্ধ- পঢ়ি ভালপাওঁ। তদুপৰি ভাল পিন্ধিবলৈ, খাবলৈ আৰু প্ৰকৃতিৰ মাজত ঘূৰি ফুৰিবলৈ ভালপাওঁ। লিখা-মেলাৰ কথাটো আছেই।

১৩) সাহিত্য ডট অৰ্গ: আপুনি কণ্ঠদান কৰা  ছবিসমূহৰ লগতে আপুনি জন্ম দিয়া সংস্কৃত বেণ্ড ‘প্ৰাচ্যা’ৰ বিষয়ে কিছু ক’ব নেকি?

ৰঞ্জন বেজবৰুৱা: উত্তৰ-পূৱ ভাৰতৰ প্ৰথমটো সংস্কৃত বেণ্ড ‘প্ৰাচ্যা’ আমি ২০১৭ চনৰ জানুৱাৰী মাহত মুকলি কৰিছিলোঁ। গুৱাহাটীৰ বালাজী মন্দিৰৰ মঞ্চতে আৰম্ভ হোৱা বেণ্ডটোৱে কেইটামান উল্লেখযোগ্য মঞ্চ পৰিৱেশনাও সম্পন্ন কৰিছে। পিছে বিভিন্ন কাৰণত বেণ্ডটোক এতিয়াও পূৰ্ণৰূপ দিব পৰা নাই। ৰাইজক অধিক জনাব‌ও পৰা নাই। তাৰ বাবে বৰ্তমানেও যথেষ্ট পৰিকল্পনা আৰু চিন্তনৰ প্ৰয়োজন আছে। ‘প্ৰাচ্যা’ৰ জৰিয়তে প্ৰধানকৈ পূৰ্ব-ভাৰতৰ একধাৰাৰ সংগীতক ভিন্ন মাত্ৰাৰে নতুন ৰূপত প্ৰকাশ কৰাৰ পৰিকল্পনা আছে।

মই কণ্ঠদান কৰা কথাছৱি:
‘মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ’ (গুৰু শংকৰদেৱ চৰিত্ৰৰ কণ্ঠ, ২০১২), ‘যুগদ্ৰষ্টা’ (সংস্কৃত শ্লোকাদি ৰচনা আৰু পৰিৱেশন, ২০১৫); ‘সৰ্বগুণাকৰ শ্ৰীমন্তশঙ্কৰদেৱ’ (এনিমেশ্যন ছবি, শংকৰদেৱৰ কণ্ঠ, শ্লোক-গীত, ২০১৬); ‘মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ’ (এনিমেছন ছবি, মাধৱদেৱৰ কণ্ঠ ২০২০)

১৪) সাহিত্য ডট অৰ্গ: ভাৰতৰ বৰেণ্য সাহিত্য-সঙ্গীত কাণ্ডাৰীসকলৰ শতাধিক জনপ্ৰিয় গীত সংস্কৃত ভাষালৈ অনুবাদ কৰি স্বকণ্ঠে পৰিৱেশন কৰাৰ যি ধাৰা আপুনি সৃষ্টি কৰিলে, সেয়া অসমীয়া সঙ্গীত জগতখনলৈ একক আৰু অনন্য অৱদান। সংস্কৃত সঙ্গীতৰ এই বিস্তাৰৰ এনে এক ব্যতিক্ৰম পৰিকল্পনা আপোনাৰ মনলৈ কেনেকৈ আহিল। সেই সন্দৰ্ভত অকণমান জনাব নেকি?

ৰঞ্জন বেজবৰুৱা: এই বিষয়ে ইতিমধ্যে কৈছোঁৱেই। ভাৰতীয় সুগম সংগীতক সংস্কৃতৰ মাধ্যমেৰে আৰু সংস্কৃতক সুগম সংগীতৰ মাধ্যমেৰে ৰাইজলৈ আগবঢ়াই দিয়াটোৱেই মোৰ উদ্দেশ্য। মোক অসীমে টানে। কেইবা হেজাৰ বছৰীয়া ভাৰতীয় সভ্যতাই টানে। উপনিষদৰ বাণী- ‘ন স্বল্পে সুখমস্তি, ভূমৈৱ সুখম্। সীমাত সুখ নাই, স্বল্পত আনন্দ নাই। ভূমাই সুখ। এই বিশালক আৰু বিৰাটক বিচাৰিয়ে চাগে’ সংস্কৃতৰ আশ্ৰয় ল’লোঁ। কিয়নো সংস্কৃত আৰু সংগীত- উভয়ে বিশালৰ বতৰা দিয়ে।

১৫) সাহিত্য ডট অৰ্গ: জীৱন পৰিক্ৰমাৰ বহু পথ অতিক্ৰম কৰি সফলতাৰ চূড়ান্ত শিখৰত আৰোহণ কৰিছে বুলি ভাবেনে? আমি ভাবোঁ আপোনাৰ ভালেমান  সপোনেই সাকাৰ হৈছে ইতিমধ্যে। বাস্তৱায়িত নোহোৱা সপোন আছে নেকি?

ৰঞ্জন বেজবৰুৱা: মুঠেই নাভাৱো। আচলতে কথাটো এনেকুৱা, আলেকজেণ্ডাৰে বিশ্ববিজয় কৰি যি আনন্দ লাভ কৰিছিল, শ্ৰেণীকোঠাত ক্লাছ-কেপ্তেইনজনেও সেই একেধৰণৰ আনন্দই লাভ কৰিব পাৰে। এইধৰণৰ কথাবোৰ প্ৰকৃততে আপেক্ষিক। কামখিনি কৰি যি মানসিক পৰিতৃপ্তি পাইছোঁ, সেইখিনি সুখ মই ধন দি কিনিব নোৱাৰোঁ। মোৰ বাবে সেই সুখেই মূল। সফলতাৰ উচ্চতম শিখৰত আৰোহণ কৰিছোঁ বুলি কাহিনীও ভবা নাই। And miles to go before I sleep…

১৬)সাহিত্য ডট অৰ্গ: ‘সাহিত্য ডট অৰ্গ’ৰ পাঠকবৃন্দলৈ আপুনি কেনেধৰণৰ ‘বাৰ্তা’ প্ৰেৰণ কৰিবলৈ বিচাৰে?

ৰঞ্জন বেজবৰুৱা: নিজৰ ঐতিহ্যক সন্মান কৰিব লাগে। ঐতিহ্যৰ ভেঁটিতেই এজন গায়ক বা শিল্পীৰ ঠিয় দিব পাৰে। পাৰিলে সমাজৰ বেয়া ৰুচিৰ, বেয়া দস্তুৰৰ সংস্কাৰ সাধি নৱপ্ৰজন্মক আগুৱাই নিবলৈ চেষ্টা কৰিব লাগে। কেৱল গতানুগতিক পথেৰেই নহয়, গতানুগতিক পথেৰেও আগুৱাব লাগে। চলি থকা বেয়াবোৰ মানি ল’ব নালাগে। এয়াই মোৰ নতুন প্ৰজন্মৰ প্ৰতি আহ্বান। উঠা, জাগা, ‘উত্তিষ্ঠত, জাগ্ৰত’!

১৭) সাহিত্য ডট অৰ্গ: আপোনাৰ গৱেষণাসমৃদ্ধ কৰ্মৰাজিয়ে উত্তৰ-প্ৰজন্মক যথেষ্ট সহায় কৰিব বুলি আমাৰ বিশ্বাস আছে। আপুনি সফলতাৰ উচ্চতম শিখৰত আৰোহণ কৰক। ‘সাহিত্য ডট অৰ্গ’ তৰফৰ পৰা আমাৰ আন্তৰিক শুভেচ্ছা থাকিল।

ৰঞ্জন বেজবৰুৱা: অশেষ ধন্যবাদ। সকলোকে প্ৰণাম। সৰ্ৱেভ্যো নমো নমঃ।

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
8 months ago

ৰঞ্জন বেজবৰুৱাৰ সাক্ষাৎকাৰটি পঢ়ি বৰ ভাল লাগিল ৷ সংস্কৃত ভাষাটিয়েই হ’ল আমাৰ ঐতিহ্য ৷ এনে এটি ভাষাৰ সৰ্বোত্তপ্ৰকাৰৰ উত্তৰণৰ যি সুন্দৰ পৰিকল্পনা লৈ বেজবৰুৱাদেৱ আগবাঢ়িছে- ইয়াৰ বাবে তেখেত নিসন্দেহে সকলোৰে প্ৰশংসাৰ পাত্ৰ ৷ তেখেতলৈ আমাৰ সকলোৰে অভিনন্দন জনালোঁ ৷

8 months ago

সুন্দৰ