সাক্ষাৎকাৰ: সমাজতত্ত্ববিদ ড০ বিকাশ ডেকাৰ সৈতে সাহিত্য ডট অৰ্গৰ প্ৰতিনিধি

ছাৰ, সাহিত্য ডট অৰ্গৰ তৰফৰপৰা পোনপ্ৰথমে আপোনালৈ আন্তৰিক শ্ৰদ্ধা আৰু নমস্কাৰ জনাইছোঁ। আমাৰ আলোচনীখনৰ তৰফৰ পৰা আপোনাক দুটামান কথা সোধাৰ মানসেৰে আমি আপোনাক সাক্ষাৎ কৰিছোঁ আৰু আপোনাৰ সন্মতিৰ বাবে আপোনাক কৃতজ্ঞতা জনাইছোঁ।

সাহিত্য ডট অৰ্গ: ছাৰ, আপোনাৰ জন্ম, শিক্ষা আৰু কর্মজীৱনৰ বিষয়ে দুআষাৰ ক’লে সুখী হ’ম-

ড০ বিকাশ ডেকা: মোৰ জন্ম হৈছিল ১৯৮১ চনৰ ২৮ ডিচেম্বৰত, ধেমাজি জিলাৰ ভৰালী চুক গাৱঁত। মোৰ দেউতা স্বর্গীয় কনক ডেকা আৰু মাতৃ শ্ৰীযুতা ৰেণু ডেকা। মোৰ প্ৰাথমিক শিক্ষাৰ আৰম্ভণি হৈছিল নিজ গাঁওতে। মেট্ৰিকৰ দেওনা পাৰ কৰিছিলো ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা। ইয়াৰ পাছত ধেমাজি কলেজৰ পৰা দ্বাদশ পৰীক্ষাত বিজ্ঞান শাখাত উত্তীর্ণ হৈছিলো। তাৰ পিছতে, সমাজতত্ত্ব বিষয় মেজৰ হিচাপে লৈ ধেমাজি কলেজৰ পৰাই স্নাতক পৰীক্ষাত উত্তীর্ণ হওঁ। প্ৰথমেই কৈ থৈছো যে- সমাজতত্ত্বৰ প্ৰতি আকর্ষিত হোৱাৰ মোৰ কোনো বিশেষ কাৰণ নাছিল। স্নাতকৰ পাছত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰৰ পাঠ্যক্ৰম শেষ কৰোঁ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰাই এম ফিল আৰু পি এইচ ডি কৰো। কর্মজীৱনৰ প্ৰথম আৰম্ভণি হৈছিল মনোহৰী দেৱী কানৈ মহাবিদ্যালয়ত। প্ৰায় এবছৰৰ পাছত পুনৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সমাজতত্ত্ব বিভাগত সহকাৰী অধ্যাপক হিচাপে যোগদান কৰো আৰু বর্তমানলৈ মই ইয়াতে কর্মৰত হৈ আছোঁ।

সাহিত্য ডট অৰ্গ-আপোনাৰ গৱেষণাৰ বিষয়ে কিছু কথা ক’বলৈ অনুৰোধ কৰিলোঁ-

ড০ বিকাশ ডেকা: মোৰ গৱেষণাৰ বিষয় হৈছে –Ageing ৰ ওপৰত যি -Social Gerontology ৰ অন্তর্গত। সহজকৈ সমাজ ব্যৱস্থাৰ পৰিৱর্তনৰ লগে লগে সৃষ্টি হোৱা বয়সীয়াল মানুহখিনিৰ সমস্যাসমূহৰ বিজ্ঞান ভিত্তিক অধ্যয়ন কৰা, সমস্যাসমূহ যেনে-বয়সীয়াল লোকৰ একাকীত্ব, Verbal Abuse, বৃদ্ধাশ্ৰমৰ প্ৰয়োজনীয়তা, সামাজিক স্থান ইত্যাদিয়েই মোৰ গৱেষণাৰ বিষয় বস্তু। এই সমস্যাবোৰ লৈ কৰা মোৰ দুটা আর্থিক অনুদান প্ৰাপ্ত গৱেষণা প্ৰকল্প (University Grants Commission আৰু Indian Council for Social Science Research ৰ পৰা প্ৰাপ্ত প্ৰকল্প) ইতিমধ্যে শেষ হৈছে। তদুপৰি মোৰ অধীনত গৱেষণা আৰম্ভ কৰা গৱেষকসকলক লৈ- গ্ৰাম্য অর্থনীতি, কৃষি, অসমৰ মজদুৰসকলৰ বিভিন্ন সমস্যাসমূহ ইত্যাদি অধ্যয়ন কৰি আছোঁ।

সাহিত্য ডট অৰ্গ: ছাৰ, সামাজিক স্বাস্থ্য বুলিলে কি বুজা যায়? সহজকৈ বুজাই ক’ব নেকি?

ড০ বিকাশ ডেকা: সামাজিক স্বাস্থ্যৰ কথা ক’বলৈ যাওঁতে আমি জানিব লাগিব স্বাস্থ্য মানেনো কি? World Health Organization ৰ মতে ব্যক্তিৰ শাৰিৰীক, মানসিক আৰু সামাজিক সু-স্বাস্থ্য-এই তিনিওটা উপাদান সামৰি স্বাস্থ্যৰ সংজ্ঞা নিৰূপণ কৰা হৈছে। সামাজিক স্বাস্থ্যক বাদ দি আমি মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ কথা ভাৱিব নোৱাৰো। কাৰণ এটা উপাদান আনটোৰ ওপৰত সম্পূর্ণ ভাৱে নির্ভৰশীল। সামাজিক স্বাস্থ্য বুলিলে এজন ব্যক্তিৰ এনে সক্ষমতাক বুজিব লাগিব যাৰ জড়িয়তে সমাজত ব্যক্তিজনে আন এজন ব্যক্তিৰ সৈতে অর্থপূর্ণ সম্বন্ধ ৰক্ষা কৰি চলিব পাৰে। অর্থপূর্ণ সম্বন্ধ মানে এক স্বাস্থ্যকৰ আৰু ধনাত্মক সম্বন্ধৰ কথা কোৱা হৈছে যাৰ জৰিয়তে সমাজখন শৃংখলাবদ্ধ ভাৱে বর্তি থাকিব পাৰে আৰু সুস্থ-সবল বাতাৱৰণ সমাজখনত গঢ়ি তুলিব পাৰি। নাটকীয় সম্বন্ধ ইয়াৰ ভিতৰত নপৰে-য’ত মানুহে কেৱল নিজৰ স্বার্থ সিদ্ধিৰ বাবে সম্বন্ধক লৈ খেলা কৰে। অর্থপূর্ণ সম্বন্ধৰ বাবে আন্তৰিকতাৰ প্ৰয়োজন। উদাহৰস্বৰূপে মই ক’বলৈ বিচৰা কথাটো হৈছে যে-আইনৰ গণ্ডীত পৰি বা বাধ্য-বাধকতাৰ বাবে কিছুমান সম্বন্ধ যেতিয়া বর্তি থাকে তেতিয়া এনে সম্বন্ধক অর্থপূর্ণ সম্বন্ধ বুলি ক’ব নোৱাৰি। বৃদ্ধা পিতৃ-মাতৃৰ প্ৰতিপাল বা দায়িত্ব লোৱাটো এক আন্তৰিকতাৰে কৰা কাম। কিন্তু এই কামক যদি জ্যেষ্ঠ নাগৰিক আৰু পিতৃ-মাতৃ প্ৰতিপালিত কৰা আইনৰ জৰিয়তে যদি কাৰোবাক বাধ্য কৰাবলগীয়া হয়, তেন্তে সেই সম্বন্ধ কেতিয়াও অর্থপূর্ণ নহয় বুলি মই গণ্য কৰোঁ। গতিকে সামাজিক স্বাস্থ্যৰ ভেটিয়েই হৈছে মানুহৰ মাজত থকা অর্থপূর্ণ সম্বন্ধ। আৰু ইয়াৰ লগত জড়িত থকা মূল্যবোধবোৰ বিভিন্ন অনুস্থানৰ জৰিয়তে শিকোৱাটো বর্তমান পৰিৱর্তিত সমাজখনত যথেষ্ট প্ৰয়োজন হৈ পৰিছে।

সাহিত্য ডট অৰ্গ: সাম্প্ৰতিক সময়ত সামাজিক স্বাস্থ্যৰ অৱনতি ঘটিছে নেকি? এই সম্পৰ্কে অলপ বহলাই ক’লে উপকৃত হ’ম।

ড০ বিকাশ ডেকা: হয়। আপোনালোকে ঠিকেই কৈছে। সমাজখনলৈ যদি চোৱা যায় বর্তমান সময়ত মানসিক স্বাস্থ্যৰ অৱনতি সকলোফালে হৈছে। ১০০ শতাংশই সচাঁ কথা। ক’ভিড- ১৯ যেনেকৈ সমগ্ৰ বিশ্বতে দ্ৰুতগতিত সংক্ৰমিত হৈছে, তেনেকৈ প্ৰতিটো জাতি-জনগোষ্ঠী, শ্ৰেণী, সম্প্ৰদায় সমূহত কিছুমান কীট বা বিভিন্ন ভাইৰাছ বিয়পি পৰিছে যি সামাজিক স্বাস্থ্যলৈ অশোভনীয় সংকেত কঢ়িয়াই আনিছে। দুর্নীতি, হিংসা হত্যা, ধর্ষণ ইত্যাদিৰ ঘটনাই সমাজ কলুষিত কৰিছে। বিভিন্ন আইন প্ৰণয়ন কৰা হৈছে যদিও ব্যাধিবোৰ দ্ৰুতহাৰত বাঢ়িছেহে। সঁচাকৈ এইয়া বৰ্তমান চিন্তনীয় বিষয় হৈ পৰিছে। বৰ গভীৰ ভাবে উপলব্ধি আৰু গৱেষণা কৰি এই ব্যাধিবোৰৰ সৈতে মোকাবিলা কৰাৰ কৌশল ৰচনা নকৰিলে সমাজৰ পৰিক্ৰমাত আৰু বেছি ভাইৰাছৰ আক্ৰমণ হ’ব। যিহেতু এই ব্যাধিবোৰ সোঁচৰা আৰু ইতিমধ্যে কৰ’না ভাইৰাছৰ প্ৰকোপত অধিক জটিলহে হৈ পৰিছে, গতিকে সমাজৰ সকলোলোকে এই ব্যাধিবোৰ অনুভৱ কৰি নির্মূলীকৰণৰ চেষ্টা কৰিব লাগে। এটা সুস্থ অর্থপূর্ণ সম্বন্ধৰ বাবে আমাক লাগে পৰস্পৰৰ মাজত বিশ্বাস, সন্মান আৰু কৃতজ্ঞতা। কোনোৱে কাকো বিশ্বাসত ল’ব নোৱাৰা এক অৱস্থা। বিশ্বাস, সন্মান আৰু কৃতজ্ঞতা আজিৰ সমাজত বৰ বিৰল। কিয় হৈছে বাৰু? নিজকে নিজে প্ৰশ্ন কৰাৰ সময় আহি পৰিছে। Erving Goffman নামৰ চিন্তাবিদ জনে কোৱাৰ দৰে- সমাজত নিজকে উপস্থাপন কৰাৰ সময়ত আমি সকলোৱে মুখা পিন্ধি থাকো। আমাৰ মাজত থকা সম্বন্ধবোৰ সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়। বাস্তৱতে, এখন মুখাই আন এখন মুখাৰ লগত কথা পাতে। প্ৰকৃত মুখবোৰ লুকাই থাকে। তেনেস্থলত আন্তৰিকতা ক’ত থাকিব! গতিকে বিশ্বাস, সন্মান আৰু কৃতজ্ঞতা নথকা সম্বন্ধবোৰে সমাজ কলুষিত কৰে। মুখাবোৰ খুলিব লাগিব। সামাজিক মাধ্যমবোৰত মানুহে নিজকে উপস্থাপন কৰা আৰু দৈনন্দিন জীৱনত কৰা কামৰ আকাশ-পাতাল পার্থক্য আছে। সামাজিক মাধ্যমৰ উদাহৰণহে দিলো। প্ৰত্যেক ব্যক্তিয়ে নিজক সুধিলেই গম পাব সামাজিক সম্বন্ধ গঢ়ি তোলোতে কিমান সঘনে তেওঁলোকে মুখা ব্যৱহাৰ কৰে। গতিকে বিশ্বাস, সন্মান আৰু কৃতজ্ঞতা বর্তমান সমাজত বহু যোজন দূৰত। সামাজিক সু-স্বাস্থ্যৰ বাবে কিন্তু এই তিনিওটা উপাদান সমাজত থকাটো নিতান্তই প্ৰয়োজন। এইবোৰৰ চর্চা কৰিব লাগে, তেতিয়াহে সামাজিক স্বাস্থ্য বর্তি থাকিব।
সামাজিক ব্যাধিবোৰ বাঢ়ি যোৱাৰ আৰু এটা কাৰণ হ’ল মানুহৰ অস্বাভাৱিকভাৱে বাঢ়ি যোৱা জড়বাদী প্ৰয়োজনীয়তা। আমি নিজকে স্বাধীন বুলি ভাবো, সেয়েহে গণতন্ত্ৰৰ কথা কওঁ। কিন্তু আমি সচাঁকৈয়ে স্বাধীন নে? কেইজনমান মুষ্টিমেয় পুজিঁপতিয়ে সৃষ্টি কৰি দিয়া “false need বা মিছা প্ৰয়োজনীয়তাৰ পিছত আমি বলীয়া হৈ দৌৰি থকা নাই নে? দুখীয়া মানুহখিনিৰ কথা বাদ দিছো, অজস্ৰ ধন সম্পত্তি থকা মানুহখিনিওটো “আৰু লাগে”, “আৰু লাগে” বুলি চিঞৰি দৌৰি আছে। এটা সুখী জীৱনৰ কাৰণে সঁচাকৈয়ে ইমানবিলাক বস্তুৰ প্ৰয়োজন নে? আমি নিজকে পর্যালোচনা কৰি চোৱাৰ প্ৰয়োজন আহি পৰিছে। মোৰ বোধেৰে এই ক’ৰনা মহামাৰীৰ-লক ডাউন, সামাজিক দূৰত্বৰ দিনতে উপলব্ধি কৰাৰ বাবে উপযুক্ত সময়। এই মহামাৰীয়ে আমাক দেখুৱাই দিলে যে যিবিলাক বস্তু অতি প্ৰয়োজন বুলি পুজিঁপতি উদ্যোগপতি সকলে দেখুৱাই দিছিল, তেনে বহু বস্তু নাথাকিলেও আমি ভালদৰে জীয়াই থাকিব পাৰো। এই সময়খিনিত সকলোৱে এখন তালিকা প্ৰস্তুত কৰিব লাগে-আগতে যিবিলাক বস্তু নহ’লে জীৱন নচলিব বুলি ভাবিছিলো, এতিয়া কোনখিনি ন’হলেও ভালকৈ চলি আছোঁ, সেইয়া আমি চাব লাগিব। আমি স্বাধীন নহয়, আমি কি পিন্ধিম, কি খাম, কি চাম সকলোবোৰ বেলেগে নিৰূপণ কৰে। আমি মাথো অৱলম্বন। সেয়েহে বিজ্ঞাপনত কয়, “If you are wearing Raymonds, you are the complete man”। পিছদিনাৰ পৰাই পূর্ণাংগ মানুহ হোৱাৰ আশাত Raymond ৰ দোকানত গৈ ভিৰ কৰোঁ। সচাঁকে আপোনাক বিছ লাখ টকীয়া গাড়ী এখন, চল্লিছ হাজাৰ টকীয়া এটা মোবাইল, চাৰিশ টকীয়া চাহ বা কফিৰে জীৱন চলাই নিবলৈ প্ৰয়োজন আছে নে? ভাৱক কথাষাৰ, প্ৰয়োজন বুলি আনে কোৱাৰ পাছতহে আপুনি প্ৰয়োজন বোধ কৰিছে, আপুনি নিজস্বভাৱে ভৱা নাছিল। আকৌ বিছ লাখ টকীয়া গাড়ী চলোৱা মানুহজনে ঘৰত বন কৰা মানুহক এদিন আহিব নোৱাৰিলেও ৫০ টকাৰ দৰমহা কর্তন কৰে। আগদিনাৰ অৱশিষ্ট খোৱাখিনি কাম বন কৰা মানুহক আগবঢ়াই দিয়াটো সমাজত আজিকালি তেনেই সাধাৰণ হৈ পৰিছে। গতিকে, এনে পৰিস্থিতিত বিশ্বাস, সন্মান আৰু কৃতজ্ঞতা কিদৰে থাকিব? দৰাচলতে যিদিনাৰ পৰা আমি “মিছা প্ৰয়োজনৰ” বাবে দৌৰাটো বন্ধ কৰিম সেইদিনাৰ পৰাই সুস্থ সামাজিক স্বাস্থ্যৰ পথ মুকলি হ’ব? মই ভাবো যে ক’ভিড -১৯ এ আমাক এটা কথাই শিকালে-সেয়া হ’ল সচাঁ অর্থত আমাৰ প্ৰয়োজনীয়খিনিৰ বিষয়ে। গতিকে এই ধাৰাবাহিকতা ৰক্ষা কৰাটো মই প্ৰয়োজনীয় বুলি ভাৱো। ক’ৰনাই আমাক এটা সুযোগ দিছে নিজকে পর্যালোচনা কৰিবলৈ। তেতিয়াহে সুস্থ সামাজিক স্বাস্থ্যত পাম বুলি আশা কৰিব পাৰি।

সাহিত্য ডট অৰ্গ: এই সামাজিক সমস্যাসমূহ দূৰীকৰণৰ বাবে জনসাধাৰণ কেনেদৰে আগবাঢ়িব লাগিব? সমাজতত্ত্বই এই সমস্যা সমূহ কেনেদৰে দূৰ কৰিব পাৰিব?

ড০ বিকাশ ডেকা: জনসাধাৰণে কি কৰিব লাগিব, সেইটো আগৰ প্ৰশ্নৰ উত্তৰতে সোমাই আছে। সমাজতত্ত্বৰ, ভূমিকা সমাজৰ বিভিন্ন সমাস্যাৰ প্ৰকৃত দিশটোহে প্ৰতিফলিত কৰে। সমস্যা সমাধানৰ বাবে-ইতিহাস, মনোবিজ্ঞানৰ পৰা আৰম্ভ কৰি বিজ্ঞানলৈকে সকলো বিভাগ একেলগে এই দিশত কাম কৰিব লাগিব। এটা উমৈহতীয়া প্ৰচেষ্টাৰ প্ৰয়োজন। চৰকাৰ নাইবা প্ৰশাসনৰ সহযোগ নহ’লে সকলো কথাই কিন্তু মিছা।
আৰু এটা কথা আপোনালোকক কওঁ, ব্যক্তিৰ সামাজিক মূলধনৰ ওপৰত সকলোৱে গুৰুত্ব দিয়াটো উচিত। সামাজিক মূলধন হৈছে এজন ব্যক্তিয়ে সমাজৰ পৰা আহৰণ কৰা বিভিন্ন দিশৰ সম্পদ। এই সম্পদসমূহ ব্যক্তি জনে পৰিয়ালৰ পৰা আৰম্ভ কৰি বিভিন্ন সামাজিক উৎসৰ পৰা আহৰণ কৰে।
আমাৰ শিক্ষা ব্যৱস্থাটোও কেৰোণ লগা। আমাক শিকোৱা হয় এজন ডাক্তৰ, ইঞ্জিনিয়াৰ ইত্যাদি হ’বলৈ। সুখী হবলৈ শিকোৱা নহয়। নহ’লে সুশান্ত সিঙ ৰাজপুতৰ আত্মহত্যাৰ ঘটনা শুনিবলৈ নাপালো হয়।

সাহিত্য ডট অৰ্গ: সংস্কৃতিয়ে সমাজ এখনৰ উন্নতিত আপোনাৰ মতে কেনেদৰে সহায় কৰে?

ড০ বিকাশ ডেকা: সাহিত্য-সংস্কৃতিয়ে এশ শতাংশই সমাজ এখনৰ উন্নতিত সহায় কৰে। মোৰ দৃষ্টিত সাহিত্য-সংস্কৃতিৰ ধাৰণাটো কেৱল নাচ-গান, সাহিত্য-চর্চা আদিতে সীমাবদ্ধ নাথাকে। Culture encompasses many things। সংস্কৃতিত সকলো কথা সোমাই থাকিব পাৰে। ঘৰ এখনত সকাম এখন পাতিলে যিখিনি নিয়ম-নীতি পালন কৰা হয়, সেইখিনিও সংস্কৃতিৰ ভিতৰতেই পৰিব। অসমীয়া সমাজ ব্যৱস্থাৰ নিজস্ব knowledge system এটা আছে। সেইখিনিৰ দ্বাৰাও আমি সমাজৰ বহুখিনি সমস্যা নির্মূল কৰিব পাৰোঁ। অসমীয়া সমাজখন অতিথি পৰায়ন বুলি কথা এটা আছে। মোৰ মতে এইখিনিও সংস্কৃতি। মহাপুৰুষজনাৰ সৃষ্টিকে যদি চোৱা হয়, দেখা যায় যে তেৰাৰ সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰত যিখিনি অৱদান আছে- সেইখিনিয়ে ছশ বছৰে অসমীয়া জাতিটোক একত্ৰিত কৰি ৰাখিছে। অসমীয়া জাতিটোৰ গঠন প্ৰক্ৰিয়াত দেখা যায় যে বিষ্ণু প্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, ভূপেন হাজৰিকা আদিৰ দৰে চিৰ নমস্য ব্যক্তিৰ সৃষ্টিৰ দ্বাৰাও যথেষ্ট প্ৰভাবান্বিত হৈছে। ইয়াতে উমান পোৱা যায় সাহিত্য-সংস্কৃতিৰ শক্তি। আৰু বহু উদাহৰণ আছে। গতিকে সমাজ এখনৰ উন্নতিত সাহিত্য-সংস্কৃতিয়ে পোনপটীয়াভাৱে প্ৰভাৱ পেলায়।

সাহিত্য ডট অৰ্গ- আপুনি বয়সীয়াল মানুহখিনিৰ বিষয়ে গৱেষণা কৰি আহিছে, এই মহামাৰীৰ সময়ত তেওঁলোকক লৈ সমাজখন কেনেকৈ আগবঢ়া উচিত?
ড০ বিকাশ ডেকা: মহামাৰী বুলি নহয় বয়সীয়াল মানুহখিনিক লৈ সমাজখনত এক সমস্যাৰ সৃষ্টি হৈছে। এই অভিজ্ঞতাৰে পুষ্ট মানুহখিনিক প্ৰতিমূহুর্ততে অৱহেলা কৰা দেখা যায়। টিভিত প্ৰায়ে দেখা যায় ল’ৰা-ছোৱালীয়ে মাক দেউতাকক নোচাৱাৰ বাবে বৃদ্ধাশ্ৰমত আশ্ৰয় লোৱা বাতৰি পৰিৱেশন কৰে। মোৰ মতে ইয়াৰ বাবে মাত্ৰ নৱ প্ৰজন্মকে দোষাৰোপ কৰি থাকিব নালাগে। কাৰণটো বা পৰিস্থিতিটো কিয় উদ্ভৱ হৈছে সেইটো বুজিব লাগিব। এইটো এটা বর্দ্ধিত সমস্যা। কিয়নো এই বয়সীয়াল লোকৰ সংখ্যা ২০৫০ ত মুঠ জনসংখ্যাৰ ২৫ শতাংশ হবগৈ। দেশৰ বর্তমানৰ স্বাস্থ্য ব্যৱস্থাটোৰ বাবে মানুহৰ গড় আয়ুস বাঢ়িল। প্ৰায় ৬৮% শতাংশৰ ওপৰত। ২০৩০ চনৰ পাছত, চাকৰিৰ অৱসৰৰ পাছত, মানুহ গড়ে আৰু ২০ বছৰ জীয়াই থাকিব। গতিকে ২০ বছৰ এজন মানুহে কর্মহীন ভাৱে জীয়াই থাকিলে মানসিক ভাৱে ভাঙি পৰাটো স্বাভাৱিক। গাঁওসমূহত কোনো কামেই সমিল-মিল নহ’লে সমাপ্ত নহয়। নামঘৰৰ পৰা আৰম্ভ কৰি বিয়া, দহা কাজ সকলোতে এই বয়সীয়াল মানুহ খিনি জড়িত হৈ থাকে। মহামাৰীৰ কাৰণে গাঁও সমূহত বয়সীয়াল মানুহখিনিয়ে নামঘৰলৈ গৈ নিসংগতা দূৰ কৰাটোও সামাজিক দূৰত্বৰ বাবে নোহোৱা হ’ল। গতিকে, পৰিস্থিতিটো বৰ জটিল হৈ পৰিছে। পৰিয়ালৰ প্ৰতিজন সদস্যই বয়সীয়াল মানুহখিনিক সময় দিয়াটোৱেই এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মই ভাবো। তেওঁলোকে ক’ব বিচৰা কথাবোৰ শুনিব লাগে। নাতিনীয়েকে ককাক আইতাকৰ পৰা সাধু শুনক, পুৰণি সমাজ ব্যৱস্থা, ইতিহাসৰ বিষয়ে জানক। তেনেদৰে তেওঁলোকৰ নিসংগতা দূৰ কৰি সাহস প্ৰদান কৰক। এই পৰিস্থিতিত গাঁওত পোৱা বিভিন্ন থলুৱা ঔষধি বস্তুবোৰ বয়সীয়াল মানুহখিনিক খোৱাব লাগে। যাতে দেহৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বাঢ়ে। আৰু এটা কথা- সৰু ল’ৰা এজনক যদি সোধা যায় তোমাৰ জীৱনৰ লক্ষ্য কি, সি আপোনাক তপৰাই উত্তৰ দিব। কিন্তু এনেদৰে যদি ষাঠি বছৰৰ ব্যক্তিক সোধা হয় আপুনি অৱসৰৰ পাছত কি কৰিব, তাৰ উত্তৰ তেওঁলোকৰ হাতত নাই। উত্তৰ থাকিব লাগিব। উত্তৰ নথকাটোৱে সমস্যা। ইয়াৰ উপায় এটাই সৰুৰ পৰা ব্যক্তি জনে ষাঠি বছৰৰ পাছত কি কৰিব তাৰ প্ৰস্তুতি কৰিব লাগিব। আপোনালোকে দেখা পাব বিদেশৰ ৬০ বছৰৰ উৰ্দ্ধৰ মানুহে আমাৰ ৰাজ্যৰ মাজুলী, কাজিৰঙা ইত্যাদি ৰাজ্যত ঘূৰি ফুৰে। কিন্তু আমাৰ সমাজৰ একে বয়সৰ মানুহ এজনৰ কথাকে ভাৱক। তেওঁ মৃত্যুৰ বাবেহে অপেক্ষা কৰে।

সাহিত্য ডট অৰ্গ: আমাৰ এই অনলাইন সাহিত্য ডট অর্গৰ বিষয়ে কিবা ক’ব নেকি?
ড০ বিকাশ ডেকা: হয়। বর্তমান সময়ত প্ৰিন্ট আৰু এনেধৰণৰ অনলাইন আলোচনীসমূহে সামাজিক সমস্যা সমূহ ডাঙি ধৰিবলৈ গুৰু দায়িত্ব বহন কৰিব লাগিব। আপোনালোকে খুৱ ভাল পদক্ষেপ লৈছে। যেনেকৈ নিউজ পেপাৰবোৰৰ মোবাইলত নির্দিষ্ট এপছ আছে, সাহিত্য ডট অর্গৰ বাবেও মোবাইল এপ এটা বিকশিত কৰিব পাৰে।

সাহিত্য ডট অৰ্গ: শেষত এই জটিল সন্ধিক্ষণত আমাক কি দিহা দিব?
ড০ বিকাশ ডেকা: দুদিনমান আগতে সমীক্ষা এটাত পঢ়িছিলোঁ। দেখা গৈছে যে লকডাউনৰ সময়ছোৱাত দেশত ঘৰুৱা হিংসা তথা পৰিয়াল কেন্দ্ৰিক সমস্যা সমূহ বাঢ়িছে। আশ্বর্যজনক কথা। গতিকে এটাই কথা-ফেচবুক, হোৱাটছএপ, মোবাইল ইত্যাদিৰ পৰা আঁতৰি আহি পৰিয়ালৰ সকলো সদস্যই সকলোৰে বাবে সময় দিয়ক। বয়সীয়াল মানুহখিনিৰ লগত কথা পাতক। মেকানিকেল জগতখনৰ পৰা আঁতৰি আহি কথাবোৰ ভাৱক। আপোনালোকক এটা কথা কৈছো-বয়সে বহু কথা বাস্তৱিকভাৱে শিকায়। গতিকে, এই বয়সীয়াল মানুহখিনিৰ অভিজ্ঞতাক শ্ৰদ্ধা কৰিব লাগে। তেওঁলোকৰ দৃষ্টিৰেও কেতিয়াবা পৃথিৱীখন চাবলৈ চেষ্টা কৰিব লাগে।

সাহিত্য ডট অৰ্গ: ছাৰ, আপোনাৰ বহুমূলীয়া সময়খিনি আমাক দিয়াৰ বাবে ধন্যবাদ জনালোঁ৷
ড০ বিকাশ ডেকা: ধন্যবাদ। আলোচনীখনৰ জয়যাত্ৰা অনাদি কাললৈ অক্ষুন্ন থাকক।

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
বিশ্বজিৎ বৰুৱা
10 months ago

সাক্ষাতকাৰটো ভাল লাগিল। বহুখিনি কথা নতুনকৈ ভবাৰ থল বিছাৰি পাইছো