সাক্ষী- ড০ স্মৃতিমালা শৰ্মা

কাগজৰ সৰু টুকুৰাটো সদায়ে আছে মোৰ সৈতে,
এটা বেগৰ পৰা আনটো বেগলৈ গৈছে,
কাগজখনৰ বগাখিনি হালধীয়া হৈছে,
ক’লা আখৰবোৰ মনিব নোৱাৰা হৈছে,
তথাপিও এটা পুৰণি সুগন্ধি তাত লাগি আছে।
কিমানটা বসন্ত পাৰ হৈ গ’ল
আৰু কিমানটা বিপৰ্যয় !
তাৰ হিচাপ নাই,
তথাপি সদায় লগতে ৰাখিছোঁ
কাগজৰ সৰু টুকুৰাটো।
কেতিয়াবা ভাবো
নাও বনাই উটুৱাই দিম
দুচকুৰ লুণীয়া নৈখনত,
কিন্তু নোৱাৰোঁ।
কিয় জানানে?
সেইখন আমি খোৱা
শেষ কফি কাপৰ বিল,
তোমাৰ শেষ স্মৃতি,
আমাৰ ভালপোৱাৰ অন্তিম সাক্ষী।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক