সাগৰৰ শব্দ, কাজু বাদাম ইত্যাদি (বিজয় বেজবৰুৱা)

(১)

সাগৰৰ পাৰত যেতিয়া মই প্ৰথম ভৰি দিছিলোঁ, তেতিয়া মোৰ মনলৈ আহিছিল দেৱকান্ত বৰুৱাৰ সেই অমৰ সৃষ্টি—

‘সাগৰ দেখিছা? দেখা নাই কেতিয়াও? ময়ো দেখা নাই,

শুনিছোঁ তথাপি,

নীলিম সলিল ৰাশি, বাধাহীন ঊৰ্মিমালা

আছে দূৰ-দিগন্ত বিয়াপি।’

 

কিছু বছৰৰ আগতে গোৱাৰ নয়নাভিৰাম নৈসৰ্গিক বুকুত যেতিয়া ভৰি দিছিলোঁ, তেতিয়া দুটা বস্তুৱে মোক বিশেষভাৱে আকৰ্ষণ কৰিছিল। এটা হ’ল— তাৰ বিস্তৃত সেউজ ভূমি আৰু আনটো হ’ল— সাগৰ। সাগৰৰ পাৰত ভৰি দিয়াৰ পিছত প্ৰত্যেকজন অনুভূতিপ্ৰৱণ মানুহেই ভাবিবলৈ বাধ্য হ’ব যে সাগৰ যেন প্ৰকৃতিৰ এক মনোৰম সৃষ্টি। আপাতঃ দৃষ্টিত চাবলৈ গ’লে সাগৰত চাবলগা একো নাই। চকুৰে মণিব নোৱাৰা জলৰাশি, যেন কেৱল ধোঁৱা! ধুঁৱলী-কুঁৱলী এটা পৰিৱেশ। এক বিশাল শূন্যতা । তথাপি ভাল লাগে সাগৰ। প্ৰকাণ্ড ঢৌ একোটা পাৰত ঠেকা খাই কৰ্ণ-কুহৰত গুণগুণনিৰ ধ্বনি তুলি আঁতৰি যায়! সাগৰৰ পাৰত থিয় হৈ মই ভাবিবলৈ বাধ্য হৈছোঁ পৃথিৱীৰ সৰ্বোত্তম মিউজিক কিজানি সাগৰৰ শব্দ। কিছুমান বিক্ষিপ্ত চিন্তাই যেতিয়া আপোনাৰ মন ভাৰাক্ৰান্ত কৰি তুলিব খোজে, তেতিয়া আপুনি গুচি যাওক সাগৰৰ পাৰলৈ অথবা চকুকেইটা মুদি এবাৰ শুনিবলৈ যত্ন কৰক তাৰ শব্দ। যিয়ে সাগৰ দেখা নাই, সাগৰৰ শব্দ শুনা নাই, তেওঁ কিজানি প্ৰকৃতিৰ আচল সৌন্দৰ্য দেখাৰ পৰা বৰ দুখলগাকৈ বঞ্চিত ।

 

(২)

মানুহে কয় অসমখন জংঘলৰ দেশ। কিন্তু গোৱাত ভৰি দিয়াৰ পিছত ভাবিবলৈ বাধ্য হৈছিলোঁ যে অসমতকৈও কিজানি বেছি জংঘলে আৱৰি ৰাখিছে গোৱাখন। কেউফালে পাহাৰ। অসমত জনসাধাৰণে প্ৰশাসনৰ বাধা তথা আইনক অংগুষ্ঠ প্ৰদৰ্শন কৰি, ঘৰ-দুৱাৰ বান্ধি পাহাৰৰ অৱস্থা কাহিল কৰি প্ৰকৃতিৰ বুকুত কবৰ খান্দি যি দুৰৱস্থাৰ সৃষ্টি কৰিছে, গোৱাত কিন্তু তেনেকুৱা তেনেকুৱা পৰিস্থিতিৰ উদ্ধৱ হোৱা নাই। তাৰ চৰকাৰ যিমান সচেতন, তাতকৈ বেছি সচেতন তাৰ নাগৰিকসকল। প্ৰত্যেকৰে যেন একোটা সুশৃংখলিত জীৱন।

কৰ্মসূত্ৰে গোৱাত থকা সময়ছোৱাত ‘দৈনিক অগ্ৰদূত’ত মই ‘গোৱাৰ পৰা কৈছোঁ’ শিৰোনামেৰে এটা সাপ্তাহিক স্তম্ভ লিখিছিলোঁ। তাত ভিন্ন প্ৰসংগৰ লগতে গোৱা আৰু আমাৰ অসমৰ প্ৰকৃতিৰ মাজত কিছু তুলনামূলক কথাও কেবাবাৰো উল্লেখ কৰিছিলোঁ। আজি পুনৰ কিছু কথা যুকিয়াই চাবলৈ মন গ’ল—

সাধাৰণতে অসমখনক হাবি-জংঘলৰ ঠাই বুলি মানুহে ভাবে। কিন্তু অসমৰ তুলনাত গোৱাতো গছ-গছনিবোৰ বাৰ মাহে ভৰি থাকে। অসমৰ বহুতো হাবি যে উগ্ৰপন্থীয়ে তহিলং কৰি পেলাইছে, তাক কোৱাৰ প্ৰয়োজন নাই, যাৰ বাবে প্ৰাকৃতিক ভাৰসাম্যহীনতা এটা গুৰুতৰ বিষয় হৈ পৰিছে। এইক্ষেত্ৰত আমি বিশেষ কথা এটা ভাবিছোঁ । যিবোৰ গছ মূল্যৱান, সেইবোৰ গছহে সাধাৰণতে উগ্ৰপন্থী তথা কিছুসংখ্যক অসাধু লোকে কাটে অৰ্থলাভৰ আশাত। গতিকে বৃক্ষৰোপণৰ ক্ষেত্ৰত শাল, শিশু, গমাৰী, চেগুণ আদি কেৱল মূল্যৱান গছবোৰকে নাৰাখি কিছুমান অকাঠী গছ ৰোপণ কৰাৰ কথা চিন্তা কৰিব পাৰে। যেনে আম, কঁঠাল, জামু, বগৰি, বেল, নিম, তিতা, শিমলু, মদাৰ আদি। তেতিয়াহ’লে ইয়াৰ পৰা প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা হোৱাৰ লগতে ফলটোও পোৱা যাব আৰু উগ্ৰপন্থীৰ হাতৰ পৰাও এনেবোৰ গছ ৰক্ষা পৰিব। চোৰাং বেপাৰীৰ বাবে মূল্যৱান গছবোৰ ‘হৰিণাৰ মাংসই বৈৰী’ যেন হয়।

গোৱাৰ পাহাৰত সাধাৰণতে চেগুণ, গমাৰী আদিৰ দৰে মূল্যৱান গছবোৰ কমেইহে দেখা যায়। ইয়াৰ পাহাৰবোৰ ভৰি থাকে বিশেষভাৱে কাজু বাদামৰ গছেৰে। কাজু বাদামৰ গছবোৰ দেখাত কোৰাচ বা কঁঠাল গছৰ দৰে আৰু ডাঙৰো হয় সিমান। এইবোৰ গছৰ পৰা গোৱাৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা হোৱাৰ লগতে চৰকাৰ কেনেদৰে লাভৱান হৈছে চাওক—

কোৱা নিষ্প্ৰয়োজন যে গোৱাত আটাইতকৈ সহজলভ্য বস্তুটোৱেই হৈছে মদ। কাজু বাদামৰ পৰা এবিধ মদ প্ৰস্তুত কৰা হয়। কেৱল এই মদৰ পৰাই গোৱা চৰকাৰে বছৰি লাখ লাখ টকা কৰ লাভ কৰি আহিছে। সেই বুলি অসমৰ পাহাৰে-পৰ্বতে কাজু বাদামৰ গছ ৰুই কৰ লাভৰ আশাত জনসাধাৰণক মদাহী কৰিবলৈ আমি কোৱা নাই। অৱশ্যে অসমত উৎপাদন নহ’লে যে মদ খোৱাটো ৰাইজে এৰি দিব, সেইটোও কথা নহয়! আনহাতে কাজু বাদাম স্বাস্থ্যৰ বাবেও উপকাৰী আৰু আৰ্থিকভাৱেও লাভজনক, গতিকে কাজু বাদামৰ গছ ৰোপণৰ প্ৰচেষ্টাৰে চৰকাৰে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাৰ লগতে বাহিৰলৈ ৰপ্তানি কৰিও কিছু লাভৱান হ’ব পাৰে। অৱশ্যে এইক্ষেত্ৰত কাজু বাদামৰ বাবে অসমৰ ভূমি ভৌগোলিকভাৱে কিমান উপযোগী, তাকো বিবেচনা কৰি চোৱা দৰকাৰ।

 

(৩)

প্ৰকৃতিৰ কথা বাদ দি কেতিয়াও আমি জীৱ জগতৰ কথা ভাবিব নোৱাৰোঁ । অথচ আমি ক্ষন্তেকীয়া স্বাৰ্থৰ কথা ভাবি প্ৰকৃতিক কেনেদৰে ধ্বংস কৰি আছো! প্ৰকৃতি ৰক্ষাৰ ক্ষেত্ৰত অসম চৰকাৰেও কিছু আঁচনি ৰূপায়ণ কৰি কাৰ্যক্ষেত্ৰত সুফল লাভ কৰা দেখা গৈছে। কিছু বছৰৰ আগতে ৰাজ্যখনৰ প্ৰাণকেন্দ্ৰ গুৱাহাটীক সেউজীয়া কৰাৰ যি পৰিকল্পনা লৈ চৰকাৰে হাতে-কামে আগবাঢ়িছিল, সি সঁচাকৈয়ে আদৰ্শনীয় । মাজতে বন বিভাগৰ তৰফৰ পৰা জন্মদিনত উপহাৰ দিবৰ বাবে বিনামূলীয়াকৈ গছপুলি বিতৰণৰ কামো হাতত লৈছিল। ই যথেষ্ট ফলপ্ৰসূ হৈছিল। নিশ্চয়কৈ সি শুভ লক্ষণ । কিন্তু সকলো কথা চৰকাৰৰ ফালেই ঠেলি থাকিলে নহ’ব। জনসাধাৰণো কিছু সচেতন হোৱা দৰকাৰ।

কেইবছৰমানৰ আগতে বিহু সম্পৰ্কীয় এখন স্মৃতিগ্ৰন্থত এটা কথা মই লিখিছিলোঁ যে বিহুৰ লগত যিহেতু প্ৰকৃতিৰ এটা সম্পৰ্ক আছে, গতিকে এটা কথা এইখিনিতে উল্লেখ কৰা ভাল হ’ব। বিহু আদৰাৰ নামত, বিহু বিদায় দিয়াৰ নামত নানা ঠাইত নানাধৰণৰ সমিতি গঠন কৰা হয়। কিন্তু তাৰ মাত্ৰ এটা অংশ বৃক্ষৰোপণৰ নামত সমিতিবোৰে খৰচ কৰিব নোৱাৰেনে? অৰ্থাৎ অসমত যদি এহাজাৰখন বিহুমঞ্চ প্ৰস্তুত কৰা হয়, তেন্তে প্ৰত্যেকেই যদি অন্ততঃ দহজোপাকৈ গছ ৰোপণ কৰে, তেনেহ’লে এবছৰত মুঠ দহ হাজাৰজোপা গছ ৰোপণ কৰা নহ’বনে? এনেদৰে দহ বছৰত প্ৰকৃতিয়ে কেনে ৰূপ লয়, এবাৰ অনুমান কৰকচোন। কথাবোৰ বিহু উদযাপন সমিতিবোৰে এবাৰ সহৃদয়তাৰে বিবেচনা কৰি চালে ভাল হয়। ব’হাগ বিহু সমাগত। সমিতিবোৰে কথাটো বিবেচনা কৰি চাব পাৰে।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments