সাগৰ, সংগীত আৰু এটি সন্ধিয়া (-ইন্দুকল্প শইকীয়া)

ৰ’দে চৰি খচি থৈ যোৱা বালিখিনিত
যেতিয়া মই বহিছিলোঁগৈ,
তেতিয়াও লাগি আছিল তাত বেলিৰ দেহৰ উত্তাপ,
গতানুগতিকতাক অনুসৰণ কৰি
তই বৰ্ত্তমানবোৰ ধুই ধুই পাৰলৈ ঠেলি আছিলি
আৰু উভটি গৈছিলি ভৱিষ্যত খান্দিবলৈ…।
গৈ পোৱাৰ ঠিক লগেলগেই চঞ্চল বতাহজাকে
সম্ভাষণ জনাইছিল
দূৰৈৰ পৰা দৌৰি আহি…. ।
তোৰ কাষত এনেদৰে নবহা বহুদিনেই হ’ল,
নিৰ্জ্জনতাবোৰ গাত মেৰিয়াই লৈ
তোৰ গৰ্জ্জনখিনি অনুধাৱন নকৰাকৈও
বহু প্রহৰ পাৰ হৈ গ’ল ….,
আজি আকৌ জুৰি দিছোঁ
তোৰ গভীৰতাখিনিৰ লগত মোৰ হৃদয়ৰ অনুভৱবোৰ,
কিজানিবা গভীৰতাৰ কচৰৎ কৰি সৱল হৈ উঠেই আকৌ
নপুংসক হৃদয়ৰ অনুভূতি অলপ….।
কেতিয়াবা জান কেনে লাগে মোৰ (!)
সাগৰ যেন “সময়ৰ” হে অন্য এক ৰূপ !!
তোৰ মাজ বুকুত যেন উৎপাদিত হয় “বৰ্ত্তমান”,
যাক তই ঠেলি ঠেলি লৈ আন “অতীতলৈ”,
আকৌ উভতি গৈ খান্দ “ভৱিষ্যৎ”
য’ৰ পৰা উৎপাদিত হয় “বৰ্ত্তমান”..!!
অ’হ..!
তোক ক’বলৈ পাহৰিছিলোঁ,
গভীৰতা অলপ ধাৰলৈ লাগিছিল,
হৃদয়খনৰ চিকিৎসা কৰাবলৈ,
অত্যধিক প্রেমহীনতাৰ সেৱনত
দুৰাৰোগ্যত ভুগিছে….।
এইদৰে কথা পাতি থাকোতেই
কেতিয়া জানো “জোন”জনী আহি
আমাৰ মূৰৰ ওপৰ পালেহি !
মিচিকিয়াই হাঁহি মাৰি তাই যদিওবা মোক মাতিলে,
তথাপি যেন তৃপ্তি নাছিল তাত;
থাওকতে বতাহ অলপ গাত সানি মই গুছি আহিলোঁ,
এতিয়া সংগীতৰ তৰংগৰে কঁপাই মোৰ ঠেক পঁজা,
পান কৰিব ধৰিছোঁ
সংগীত , সাগৰ আৰু এটি অনুভৱী সন্ধ্যা….!!!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক