সাজ: দেৱাশ্ৰী বৰগোহাঁই

আহোম যুগৰ পানীয় সাজপানী, নিচা আৰু শক্তিবৰ্ধক (Energy Drinks) পানীয় হিচাপে অতীজৰ পৰাই আমাৰ সমাজত প্ৰচলন আছে৷ ছশবছৰীয়া শাসনকালত আহোমসকলে শক্তিবৰ্ধক বনৌষধিৰ পৰা তৈয়াৰী পানীয় সেৱন কৰিছিল৷ সচৰাচৰ ব্যৱহৃত ভাষাত সাজপানী বা লাওপানী ৰূপে নামাংকিত এই পানীয় বিধ অতি উচ্চ মান বিশিষ্ট৷ সাজপানীৰ অবিহনে আহোমসকলৰ সকাম-নিকাম, উৎসৱ-পাৰ্ৱন, আলহী-অতিথিৰ আপ্যায়ন আধৰুৱা হৈ ৰয়৷ সাজপানী যিহেতু ঔষধি বনশাকেৰে তৈয়াৰ কৰা হয় গতিকে ইয়াৰ দ্বাৰা স্বাস্থ্যহানি হোৱাৰ সম্ভাৱনা খুবেই কম৷ দ্ৰব্যবিধ কিছুপৰিমানে নিছাযুক্ত হ’লেও পৰিমিত সেৱনেৰে ই স্বাস্থ্যসন্মতহে প্ৰমাণিত হয়৷ সাজপানী বা লাওপানীৰ প্ৰস্তুতি অসমৰ আন আন জনগোষ্ঠীৰ মাজতো দেখা যায় যদিও বনশাক তথা প্ৰস্তুত প্ৰণালীত কিছু তাৰতময পৰিলক্ষিত হয়৷ আহোম সম্প্ৰদায়ৰ লোকসকলে ব্যৱহাৰ কৰা প্ৰধান বনশাক সমূহ আছিল – জালুক (Piper Nigrum), কপৌ ঢেকীয়া (Lygodium Floxugsum), পাতিসোণ্দা গছৰ পাত (Cinnamomum Sp.), বন জালুক (Oldenlandia Corymbosa), টংলতিৰ পাত, জেতুলিপকাৰ পাত (Rubus Rugosus), সৰু মানিমুনি (Hydrocotyle Sibthorpioides), বৰ মানিমুনি (Canella Asiatiea), কঠালৰ পাত (Artocarpus Heterophylus), গপচৈ (Naravallia Zeylanica), খুনখুনি ঢেকীয়া (Selaginella Sp.), দোৱামালি (Jarminum Sp.), ভীমৰাজ, পিপলী (Piper Longum), তেজমুৰী (Zanthoxylum Nitidum), চেনিবন (Scoparia Dulcir), বিয়নী সাপোতা (Achyranthes Aspera), লতা মাহুদি (Croton Caudatus), গছ মাহুদি (Croton Joutra), মধুৰী পাত (Psidium Guajava), হেতালতী পাত (Thumbergia Gradiflora), মালকাঠী (Spilanthes Clava), পানী মধুৰী (Psychotirs sp.), বিহলঙীৰ পাত ইত্যাদি৷ অৱশ্যে ঠাইবিশেষে বনশাকৰ উপলব্ধতাৰ ওপৰত নিৰ্ভৰ কৰি তাৰতময দেখা পোৱা যায়৷ এই শাকসমূহ খুন্দি গুৰি কৰি সিজোৱা বৰা বা লাহী চাউলৰ সৈতে মিহলাই পিঠা (হু-লাও) তৈয়াৰ কৰা হয়৷ সাজপানীৰ পিঠাত থকা বনৌষধে ‘ইষ্ট’ নামৰ ভেকুৰবিধ ধৰি ৰাখি সিজোৱা বৰা বা লাহী চাউলৰ লগত কিম্বন বিক্ৰিয়া ঘটায়৷ পাছত সাজপানী খিনি চেকি পৃথক কৰা হয়৷ সাজপানী প্ৰস্তুতিৰ মূল ৰাসায়নিক বিক্ৰিয়াটো হ’ল, C6H12O6 C2H5OH + CO2 + শক্তি৷ বৰ্তমান সময়তো বহুতো আহোম গাঁৱত সাজপানীৰ প্ৰচলন দেখা যায় যদিও বিভিন্ন কাৰণত ইয়াৰ উৎপাদন তথা ঔষধি গুণ বহুখিনি হ্ৰাস পাইছে৷ সময়ৰ সোঁতত বনশাকবোৰ হেৰাই যোৱাৰ উপৰিও ঔষধি শাকবোৰ গুনাগুণ জনা মানুহৰ অভাৱেই হয়তো ইয়াৰ এটা মুখ্য কাৰক৷ বৰ্তমান সময়ত বিদেশী শক্তিবৰ্ধক পানীয়ই আমাৰ বজাৰ দখল কৰিছে৷ সেই পৰিস্থিতিত সাজপানীৰ নিশ্চয়কৈ বাণ্যিজিক প্ৰসাৰৰ থল আছে৷ অৱশ্যে ইয়াৰ ৰাগীয়াল গুণটোৰ অপকাৰী দিশটোও নুই কৰি নোৱাৰি৷ কিন্তুু ভাল আৰু বেয়া হৈছে এটা মুদ্ৰাৰ দুটা পিঠি৷ বিধিসন্মতভাৱে সেৱন কৰা সাজপানী স্বাস্থ্যোপযোপী আৰু অসমীয়া বুৰঞ্জীৰ দিনৰ পৰাই ই অসমীয়া সমাজৰ সৈতে সম্পৰ্কিত৷
(সমল প্ৰৱন্ধ: আহোমসকলৰ বনৌষধি জ্ঞান: এক ঐতিহাসিক পৰম্পৰা, অন্নজ্যোতি গগৈ, খ্বাম্ ৰাপ্)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments