সাদ্ধা* -নয়নমনি হালৈ

বাপধনৰ মাকৰ বহুদিনৰ সাদ্ধা এখন ৰঙীন মেখেলা পিন্ধাৰ৷

ছোৱালী কালৰে কথা৷ বাপধনৰ মাকে তেতিয়া বুকুত কাপোৰ ল’ব লগা হোৱা নাই৷ গাঁৱৰ হেড‍মাষ্টৰ হেমকান্ত শৰ্মাৰ জীয়েকৰ বিয়া৷ হেডমাষ্টৰৰ ঘৈণীয়েকে এখন পাটৰ মেখেলাত ৰঙা গুণা-ফুল বছা মেখেলা পিন্ধি জীয়েকৰ বিয়াত পানী তুলিবলৈ যোৱাৰ কথা বাপধনৰ মাকৰ এতিয়াও স্পষ্টকৈ মনত আছে৷ গাঁৱৰ তিৰোতাবোৰে কোৱা-কুই কৰিছিল ‘চাৱে, মাষ্টন্নীক একেবাৰে গহেনী হেন লাগা হ’ছি”৷ পাটৰ মেখেলাখনৰ ৰঙা ফুলঠকা যে এনে সুন্দৰ লগা হৈছিল, বাপধনৰ মাকৰ চকুত সেই ঠকাফুলে এতিয়াও চাট মাৰি ধৰিব খোজে, কিন্তু বেছি সময়লৈ নহয়, অলপ পিছতে চকুদুটাৰে যেন বাৰিষাৰ পানী পাৰভঙাদি বৈ যাব খোজে৷

বৰ সাদ্ধা আছিল ৰঙীন মেখেলা এখন পিন্ধাৰ৷ বিয়াৰ তেলৰ-ভাৰ*ৰ দিনা বাপধনৰ মাকে ওৰণিৰ তলৰ পৰা চাইছিল, আনিছে নেকি মানুহটোৱে! আনিছে নেকি মানুহটোৱে একঠকা ৰঙা ফুলৰ এখন ৰঙীন পাটৰ মেখেলা! নাই৷ হনোপিতাকৰ* বয়সৰ মৰদটোৱে এখন ৰঙীন মেখেলা লৈ অহা নাছিল৷ তামোল এথোক, খালৰ মাছ আৰু শালত বোৱা মেখেলা-চাদৰ দিয়ে মানুহটোৱে তাইক বিয়া কৰাই লৈ আহিল৷

কেতিয়াবা ক’ম বুলি ভাবে মানুহটোক৷ কিন্তু ক’ব নোৱাৰে৷ দাখনলৈ ৰাতিপুৱাই ওলাই যোৱা মানুহটোৱে গধূলিহে ঘৰ সোমায়৷ চাউল-দাইলৰ ঠোহা*টোত তাই সদায় বিচাৰে গোন্ধতেলৰ বটলটো৷ সেইটোৱে মানুহটোৱে তাইক আনি দিব নোৱাৰে৷ চৌকাৰ কেঁচা খৰিৰ জুইকুৰা বাপধনৰ মাকৰ চকুত ভমককে জ্বলি উঠে, সেই জুইত ৰঙা একঠকা ফুল ছাই হৈ যায়৷

এদিন সংসাৰলৈ বাপধন আহিল৷ বাপধনৰ মুখৰ ফালে চাই মাকে মেখেলাখনৰ কথা পাহৰি যোৱাৰ নিচিনাই হ’ল৷ কেতিয়াবা কেবল ৰঙা একঠকা ফুলে বাপধনৰ মাকৰ চকুত ভাঠিবেলা*ৰ চকা*টোৰ নিচিনাকৈ ৰহন সানি গুচি যাব খোজে, কিন্তু পিছমুহূৰ্ত্ততে তাইৰ ভুল ভাঙে৷ বাপধন ডাঙৰ হ’লে ৰঙা ফুলঠকা পুৱাৰ চকাটোৰ দৰেই তিৰবিৰাই উঠিব৷ বাপধন ডাঙৰ হওক সোনকালে৷

এদিন বাপধন ডাঙৰ হ’ল৷ বাপেকৰ দৰে সিও একেঘাপে বাৰীৰ পিছৰ কদমডাল কাটি আনিব পৰা হ’ল৷ এটা বেলাতে দুইভাৰ খৰি কাটি চোতালত দমাই থব পৰা হ’ল৷ আৰু এদিন বাপধনৰ শৰীৰত ন-ব’হাগে গোটেই ৰঙ আনি সানি থৈ গ’ল৷ বাপধনৰ বিয়াৰ বয়স হ’ল৷

বিয়ালৈ বেছিদিন নাই৷ বাপধনে মাকক সোধে, ‘আই তোক কি লাগিব ক’চোন’৷ বাপধনৰ মাকে বহুসময় একো নকৈ চুপ হৈ বহি থাকিল৷ তাৰপিছত হেডমাষ্টৰৰ জীয়েকৰ বিয়াত মাষ্টৰনী যে ৰঙাফুল থকা এখন পাটৰ মেখলা পিন্ধিছিল, মেখেলাখনেৰে যে মাষ্টৰনীক সকলোৱে গোঁসানী হেন দেখা বুলি কৈছিল, সেইবোৰ কথা উলিয়াব ধৰিলে৷

তাৰে পিছৰটো বজাৰবাৰত বাপধনে যেতিয়া মাকৰ হাতত ৰঙীণ পাটৰ মেখেলাখন তুলি দিয়ে, তেতিয়া বাপধনৰ মাকৰ চকুৰে আৰু এবাৰ আবতৰীয়া বৰষুণ নামি আহিল৷ বাপধনৰ মাকৰ চকুৱে অনবৰতে ভৰি থকা যমুনাৰ ছবিখন দেখি থকা হ’ল৷ ৰামচন্দ্ৰৰ বাবে পানী তুলিব যোৱা কৌশল্যা ৰাণী হৈ বাপধনৰ মাকে খোজ দিছে, পিছে-পিছে তিৰোতাজাক৷ সকলোৱে কৈছে, ‘চাৱে, বাপধনোৰ মাকো গহেনী হেন হৈ উঠিছে হেৰৈ’৷

কিন্তু জপাৰ ভিতৰত সোমাই থকা মেখেলাখন আৰু কোনোদিনে বাপধনৰ মাকে উলিয়াব নোৱাৰিলে৷ কোনেও ভবা নাছিল ল’ৰাৰ বিয়াৰ ঠিক আগৰটো সপ্তাহত বাপধনৰ বাপেকে এনেকৈ সকলোকে কন্দুৱাই থৈ যাব বুলি৷ গছৰ একেবাৰে আগৰ ডালটোলৈ উঠি গৈছিল মানুহটোৱে৷ ডাল ভাঙি হঠাতে মানুহটো তলত সৰি পৰিল, অলপ সময় মাত্ৰ ধৰফৰাই আছিল৷ তাৰপিছত সকলো শেষ৷

তাৰে বছৰদিন পিছত বাপধনৰ বিয়াত মাকে ধকধকীয়া বগা কাপোৰ এযোৰ পিন্ধিয়ে বৰ*টোক আশীৰ্বাদ দিলে৷ বৰ হৈ ওলাই যোৱা বাপধনে পুৱতি নিশা কমলাক লৈ ঘৰ সোমাল৷ কমলাৰ ৰঙা ফুলৰ মেখেলাখন বুঢ়ীৰ চকুত স্থিৰ নক্ষত্ৰ এটা হৈ যেন ৰৈ গ’ল৷

সেইবোৰ বহুত দিন আগৰে কথা৷ বুঢ়ীয়ে একো পাহৰা নাই৷ বাপধনৰ ল’ৰাই এতিয়া চাইকেল মাৰি স্কুললৈ যায়৷ বাপধনৰ ঘৈণীয়েক কমলাৰ বুঢ়ীলৈ বৰ মৰম৷

হঠাৎ এদিন বাপধনৰ ঘৰত হাহাকাৰ লাগিল৷ চুপাটোৰ মানুহেৰে বাপধনৰ চোতাল ভৰি পৰিল৷ সকলোৱে কোৱা-কুই কৰিলে বোলে ‘বাপধনৰ মাকৰ যাবৰ পৰ হ’ল’৷ এদিন-দুদিন কৰি বাপধনৰ মাক এসপ্তাহ বিছনাতে পৰি ৰ’ল৷ কমলাই যিমান পাৰে যোগাৰ ধৰি গৈছে৷

সিদিনা শণিবাৰ৷ দুপৰীয়া৷ চোতালত কোনো মানুহ-দুনুহ নাই৷ কমলাই বুঢ়ীৰ মূৰৰ ফালে বহি বিচনী এখনেৰে বিচি আছে৷ হঠাৎ বুঢ়ীয়ে চকুৰ সিয়াৰেৰে কমলাক কাষলৈ মাতিলে৷

: আই, কিবা ক’ব? -কমলাই সুধিলে৷

: মাই তোক এটা কথা কওঁ, তই কাৰো আগত নক’বি দে মাই৷

কমলা আচৰিত হ’ল৷ বুঢ়ীয়ে এই সময়ত কি কথা কয় বাৰু!

: আই, ভগৱন্তৰ শপত, আপুনি কি ক’ব খুজিছে কওক, মই কাকো নকওঁ৷

: মাই, তোৰ ৰঙা ফুল থকা পাটৰ মেখেলাখন এবাৰ পিন্ধিব দিবি নে?
কমলাই ক্ষন্তেকৰ বাবে বিচুৰ্তি খালে৷ কিন্তু তাই কিবা এটা ভাবিলে আৰু একছেকেণ্ডো দেৰি নকৰি বাকচ খুলি মেখেলাখন উলিয়াই আনিলে৷ থৰক-বৰককৈ বুঢ়ী উঠি আহিল৷ মেখেলাখন পিন্ধাই কমলাই একে যোৰাৰ ৰঙা পাৰিৰ চাদৰখনো পিন্ধাই দিলে৷ গন্ধতেল অলপ মূৰত ঘঁহি দি চুলিকোচা ফণিয়াই পিছফালে এটা সৰুকৈ খোপাও বান্ধি দিলে৷ তাৰপিছত কমলা আচৰিত হৈ গ’ল।
: ‘আই, আপোনাক সাইলাখ গহেনী হেন দেখা হৈছে’৷

এইবাৰ কমলাই চাই থাকিল বুঢ়ীৰ মুখৰ ফালে, বুঢ়ী চাই থাকিল কমলাৰ ফালে৷

: শুন মাই, মানুহ মৰি যায়, ইচ্ছাবোৰ মৰি নাযায়৷ তয়ো তোৰ ইচ্ছাবোৰ মৰি যাব নিদিবি দে আই’৷
কমলাই এইবাৰ বুঢ়ীক সাবট মাৰি ধৰি হুকহুকাই কান্দিব ধৰিলে৷ বুঢ়ীৰ কিন্তু চকুত পানী নাই৷ বুঢ়ীৰ চকুত তেতিয়া দগমগীয়া সূৰ্য এটাহে যেন সৰগৰ পৰা নামি আহিছে৷

তাৰে পিছদিনাই বুঢ়ীক ঘৰৰ পৰা বাহিৰ উলিয়ালে৷ গোটেই গাঁওখনে ক’লে, ‘চাৱে হেৰৈ বাপধনোৰ মাকোৰ হাঁহিটু, বুঢ়ীয়ে হাঁহিটু মুখোত লৈয়ে গেল’৷

__________________

টোকা: গল্পটোত কেইটামান নলবৰীয়া উপভাষাৰ শব্দ ব্যৱহাৰ হৈছে৷ তাৰ অৰ্থসমূহ-

সাদ্ধা- হেঁপাহ
তেলৰ ভাৰ- জোৰণ
হনোপিতা- হনো খুড়া (সম্বোধন, নামনি অসমত পিতাকৰ ককায়েক-ভায়েকসকলোকো ঘৰুৱা নামটোৰ লগত পিতা শব্দটো যোৰা দি মতাৰ নিয়ম আছিল)
ভাঠিবেলা- আবেলি
চকা- সূৰ্য
ঠোহা- পলিঠিন বা কাগজৰ সৰু মোনা
বৰ- দৰা

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক