সাধুকথা আৰু শিশুৰ বিকাশ (দেৱীকা ফুকন)

“………..deeper meaning lies in the fairy tales of my childhood than in the truth that life teaches.”
_Schiller.
শৈশৱতে পৰিয়ালৰ আটাইতকৈ নিকটতম ব্যক্তিগৰাকীৰ মুখেৰেই আমি সকলোৱে শুনিছিলো- ‘সাধুকথা’। সেই নিকটম ব্যক্তিগৰাকী হয়তো আছিল আইতা, ককা, মা-দেউতা বা অন্যান্য লোক। শৈশৱত মাৰ লগত বিছনাত শুই, নহ’লে সন্ধিয়া পৰত সকলোৱে জুম পাতি বহি সাধু শুনাৰ কথা এতিয়াও আমাৰ মনত জলজল পটপট। সেই কমবয়সতে শুনা সাধুকথাবোৰে মনত এনে সাঁচ বহুৱাইছিল যে আজি পৰিপক্ক বয়সতো সেইবোৰ চকুৰ আগত ভাঁহি ফুৰে। সময়ৰ দ্রুত পৰিৱৰ্তনৰ ঢামখুমীয়াত আমি সকলো পাহৰি গ’লেও শৈশৱৰ সেই ৰূপকথা-সাধুকথাবোৰ পাহৰি যাব নোৱাৰো। শৈশৱ কালৰ বৈশিষ্টই হয়তো তেনে। শিশুবোৰ কোমল মাটিৰ এটি চপৰাৰ দৰে। শৈশৱকালত যি শুনো, যি শিকোঁ সেই সকলোবোৰে কোমল মাটিৰ সেই চপৰাটোতে সাঁচ বহুৱায়। সেয়ে কিজানি প্রাপ্তবয়স্ক অথবা বৃদ্ধ কালতো সৰুতে চিঁয়ৰি গোৱা নেওঁতাখন সলসলীয়াকৈ গাব পাৰি। ঠিক তেনেদৰে, শৈশৱৰ ‘বুঢ়ী আইৰ সাধুকথা’ৰ ‘ঔ-কুঁৱৰী’, ‘ঢোৰাকাউৰী আৰু টিপচী চৰাই’, ‘তেজীমলা’, ‘দীঘল-ঠেঙীয়া’, ‘চিলনীৰ জীয়েকৰ সাধু’, ‘চম্পাৱতী’, আদিকে কৰি “গ্রীমৰসাধু”, “চিন্দ্রেলা” আদি আজিও আমাৰ মনত সৌ সিদিনা শুনা কথাৰ দৰে সজীৱ হৈ আছে।
XADHUKOTHA

ছিগমাণ্ড্ ফ্রয়ড, কাৰ্ল য়ুং আদিৰ দৰে মনোবিশ্লেষকসকলৰ মতে এই সাধুকথা সমূহে শিশুৰ মনস্তাত্বিক বিশ্লেষণত যথেষ্ঠ অৰিহণা যোগায়। সাধুকথাসমূহে শিশুক কাহিনীৰ চৰিত্রসমূহৰ বিভিন্ন অভিজ্ঞতাৰ জ্ঞান লাভ কৰাৰ লগতে চিন্তনৰো পৰিসৰতা বৃদ্ধি কৰে। তদুপৰি , সাধুকথাৰ ঘটনা, সংঘাত আদিৰ সহায়ত শিশুৱে নিজা আভ্যন্তৰীণ সংঘাতসমূহ বুজি পাবলৈ সক্ষম হয়। লগতে, সেই সংঘাতসমূহ দূৰ কৰিবৰ বাবে বুদ্ধি, কৌশল আদি প্রয়োগ কৰিবলৈও সক্ষম হয়। সাধুকথাৰ চৰিত্রসমূহে সন্মুখীন হোৱা বিভিন্ন ভয়াৱহ আৰু কষ্টকৰ পৰিবেশৰ বৰ্ণনাৰ সহায়ত শিশুৱে নিজেও তেনে পৰিস্থিতিৰ প্রতি থকা শংকাৰ ভিত্তিক বুজি উঠিবলৈ সক্ষম হয়। নিজৰ মনত পুঞ্জীভূত হৈ থকা খং-ৰাগ আদিৰ বহিঃপ্রকাশ ঘটাব নোৱাৰি শিশুসকলে সাধুকথাৰ খলনায়ক, ডাইনী আদি চৰিত্রৰ বিপৰীতে নায়কৰ প্রত্যুত্তৰৰ জৰিয়তেও সহায় লাভ কৰে। ইয়াৰ বাহিৰেও শিশুৰ কল্পনাশক্তিৰ বিকাশতো সাধুকথাসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আন্না ফ্রয়ডে উল্লেখ কৰিছিল যে, কণ কণ শিশুসকলৰ অহমিকাভাৱ বাহ্যিক পৃথিৱীখনক বিৰোধ বা প্রত্যাহ্বান জনাবপৰাকৈ শক্তিশালী নহয়। সেয়ে, সিহঁতে অলৌকিক কল্পনাৰ সহায়ত বাহ্যিক পৃথিৱীৰ লগত মোকাবিলা কৰিবলৈ সক্ষম হয়। আৰু এইক্ষেত্রত অৰিহণা জনায় কাল্পনিক সাধুকথা, ৰূপকথাসমূহে। শিশুৰ সামাজিকীকৰণতো এই সাধুকথাসমূহে অতুলনীয় অৱদান আগবঢ়ায়। সাধুকথাসমূহৰ সফল আৰু সুখকৰ সমাপ্তিয়ে শিশুক সমস্যা সমাধানৰ কৌশল প্রদান কৰে।
বিভিন্ন সাধুকথা যুগ-যুগান্তৰ ধৰি আমাৰ সমাজত প্রচলিত হৈ আহিছে। এইবোৰে মানুহৰ আগ্রহ তথা হৃদয়ত ইতিহাসৰ আৰম্ভণীৰ স্তৰৰপৰাই উদ্দীপনা যোগায় আহিছে। আমাৰ অজ্ঞাতেই শৈশৱৰ সেই ৰাজকোঁৱৰৰ সাধু, ৰাজকুমাৰীৰ সাধু, তেজীমলা, চম্পা আদি সাধুবোৰে আমাৰ সামগ্রিক বিকাশত অৰিহণা যোগালে। ডাঙৰ হৈ অহাৰ লগে লগে বিভিন্ন পৰিস্থিতিসমূহৰ মুখামুখি হৈ আগুৱাই যাওঁতে এই সাধুকথাবোৰে কিঞ্চিত হ’লেও অৰিহণা যোগোৱাৰ কথা নিশ্চিত। শিশুৰ মানসিক, বৌদ্ধিক, সামাজিক বিকাশত সাধুকথাৰ অৱদান উল্লেখযোগ্য। সেয়ে হয়তো আজিৰ শিশুৰ হাতত মোবাইল, লেপটপ্, ভিডিঅ’ গে’ম্ আদি তুলি দিয়াৰ আগতে সাধুকথা শুনোৱাৰ ব্যৱস্থা বা সাধুকথাৰ কিতাপ আনি গোটাই দিয়াৰ প্রয়োজন বাৰুকৈয়ে হৈছে।
(সহায় লৈ)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক