সাধুকথা (উচ্চজিৎ কলিতা)

সাধুকথা


“পাৰ চৰাই উৰি গ’ল
পালে নদীৰ পাৰ………..”
সাউদৰ পুতেকে নদীৰ বুকুত নাও মেলি
পাৰ চৰাইক মাতিলে –
আহা মোৰ বুকুৰ পঁজাত ৰুণ দিয়াহি।
পাৰ চৰাই গুচি কমলাকুঁৱৰী হ’ল,
জলকোঁৱৰৰ সপোন।
সাউদৰ পুতেক বাৰীকোঁৱৰ হ’ল
নাও-নাৱৰীয়া সকলো পানীত বুৰ গ’ল
কমলাকুঁৱৰী জলকোঁৱৰৰ হ’ল
মানুহৰ বাবে, গানৰ বাবে
বাৰীকোঁৱৰ অকলশৰীয়া হ’ল।
মোৰ পথাৰৰ ধান খাবলৈ নাহিবি
হুৰ হুৰ বটা চৰাই
এতিয়া মই শুনি আছোঁ
চিলনীৰ জীয়েকৰ সাধু,
মাটিলৈ বৈ পৰা চুলিকোছা বগাই
উঠিব খুজিছোঁ আশাৰ চাংঘৰত,
তেজীমলাই ফুল হৈ গাই আছে –
“হাতো নেমেলিবি, ফুলো নিচিঙিবি………..”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক