সাধুকথা (সমুদ্র কাজল শইকীয়া)

সাধুকথা

মই আছিলোঁ এটি পুৰণি সাধুকথাৰ ৰাজকুমাৰ
আৰু ৰাজকুমাৰী তুমি।
আজি তুমি নাই। সাধুকথাটোও নাই। কাৰোবাৰ
কাণে কাণে কৈ পঠিয়ালা তথাপিঃ
ধেৎ, সাধুকথা কাহানিবা পুৰণি হয় হবলা!
পিয়াহ বাঢ়ে। কিজানি
তেৰখন নদীৰ পানী খালেহে গুছিব পিয়াহ, জায়া
নাজানোঁ কোনেনো দিবহি আনি।

মূৰৰ কীৰিটি, হাতৰ তৰবাৰি, ককালৰ টঙালি, সোধা
কিনো মহিমা তাৰ নাথাকে যদি
উপবিষ্ট সভাসদ। কিনো কাম উদাত্ত সংলাপৰ মিছা
নেথাকিলে উৎকীর্ণ দর্শক ৰাশি।

হেঁতেন হেঁতেন কৈ মানুহে সপোন দেখে।
তথাপি তথাপি কৰি জীৱন জীয়াই থাকে।
তেৰখন নদীৰ পানী মোক দিয়া আনি
জায়া, মোৰ যে পিয়াহ বাঢ়ে হে বাঢ়ে।।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments