সাধু সাধু খাই কঠালৰ বাদু – পৰিস্মিতা বৰদলৈ

:আইতা,সাধু এটা কওকচোন।
:ৰহ অ’ এইজনী সদায়নো কিমান একেবোৰ সাধুকে শুনি থাকিবি?
:নাই আইতা ক’বই লাগিব,ক’বই লাগিব।
:ঠিক আছে বাৰু দে।তোক আজি সাধু নহয় কিন্তু সাধু সাধু যেন লগা আমাৰ সৰু কালৰ কথাবোৰ ক’ম।ক শুনিবিনে?
:শুনিম আইতা,শুনিম।বঢ়িয়া লাগিব।
:তেন্তে শুন।আমি তেতিয়া তেনেই সৰু।স্কুললৈ যাবলৈ আৰম্ভ কৰিছো আৰু।আমাৰ আকৌ পানী খোৱা ছুটীত ঘৰ ওচৰতে বাবে ঘৰলৈকে আহো।কিন্তু এদিন কি হ’ল মূল ৰাস্তাৰে নাহি বেলেগ এটা ৰাস্তাৰে য’ত এজোপা বকুল গছ আছিল আৰু ওচৰতে এজোপা প্ৰকাণ্ড বটগছ আছিল সেইফালেদি আহিলো,উদ্দেশ্য বকুল পাৰি খোৱা।কিন্তু বকুলজোপা ওচৰ পোৱা লগে লগে এনে লাগিল যেন সেই বটগছজোপাৰ পৰা কিহবাই আমাক খুব মনোযোগেৰে লক্ষ্য কৰি আছে।তেনেতে ঘৰত ককাদেউতাই কোৱা কথা এষাৰলৈ মনত পৰিল,”দুপৰীয়া সময়ত নামঘৰৰ ওচৰৰ বটগছজোপাৰ ওচৰলৈ নাযাবিহঁক,বুঢ়াডাঙৰীয়া ওলায়”।কথাষাৰ মনত পৰাৰ লগে লগে য’ৰে বকুল ত’তে এৰি আমি দে দৌৰ।
:আইতা,সঁচাকৈয়ে বুঢ়া ডাঙৰীয়া আছিল নে?
:অঁ আছিল বুজিছ।সবে দেখা নাপায় খালী।মুৰত পাগুৰি মৰা বিৰাট ওখ বগা কাপোৰ পিন্ধে বুঢ়াডাঙৰীয়াই,কাকো একো অপকাৰ নকৰে মাথো গছডাল কাটিব খুজিলে অপকাৰ কৰে।এইবোৰ তোৰ এতিয়া সাধুৰ দৰে লাগিছে যদিও সঁচা কথা।
তেতিয়াৰ দিনত সিকি পইচা।আধলিত বহুত বাদাম ভজা,মৰ্টন কিনি খাইছিলো জাননে?চেনীগুটিও কিনি খাইছিলো।মনত পৰিলে আজি সাধু সাধু লাগে।আমাৰ গৰম বন্ধত ঘৰত কৰিবলৈ কি কাম দিছিল জান?কলপাতত কেঁহেৰাজৰ চিঞাহীৰে হাতৰ আখৰ লিখিবলৈ দিছিল।এইবোৰে হাতৰ আখৰ সুন্দৰ কৰাত সহায় কৰিছিল।মুঠতে বৰ মধুৰ দিন আছিল অ’ সেইবোৰ।এইজনী টোপনি গ’লি নেকি?উ,এইজনীচোন শুলেই।হ’ব দে আজিলৈ সাধু শেষ।আমাৰো কাপোৰ কানি ক’লা হ’ল,আমি ঘৰলৈ আহিলো।

ওপৰত উল্লেখ কৰা কথাখিনি কোনো সাধুকথা নহয় । এয়া সম্পূৰ্ণ সঁচা কথা ৷ জোনাকীপৰুৱাবোৰে চোতালত উৰি ফুৰে ৷ পৰিচ্ছন্ন আকাশখনতো তৰাবোৰে তিৰবিৰণি তোলে । গ্ৰীষ্মকালীন জোনাকী নিশাবোৰতে যেতিয়া মুঠি মুঠি জোনাকে চোতালত দলিচা পাৰে,ঠিক তেনে সময়তে আহল বহল পাটিখন পাৰি লৈ আমাৰ আইতাই ওচৰতে খুন্দনাটো যতনাই লৈ আমাৰ আটাইকেইটা নাতি নাতিনীয়েকক ওচৰলৈ মাতে ৷ খুন্দা তামোল পকটিয়াই পকটিয়াই আইতাই ৰস লগাকৈ তাহানিৰ দিনৰ সাধু সাধু যেন লগা কথাবোৰ শুনায় ৷ তামোলৰ পাগটো যিমানেই উঠে,আইতাৰ সৰস্বতী কণ্ঠেৰে সিমানেই ৰসাল সাধুকথাৰ নিঃসৰণো ঘটে ৷

গৰমকালিৰ জোনাকী নিশাৰ চোতাল আমাৰ বাবে যিদৰে সাধু শুনাৰ নিৰ্দিষ্ট ঠাই আছিল,ঠিক একেদৰেই জাৰকালি জুহালখনো আছিল একেই ৷ জ্বলি থকা জুইকুৰাক আঙঠাতে মোৱা আলু,মিঠা আলু দুই এটা দি আইতাই মাজেমাজে খৰি এডালেৰে খুচি খুচি সিজিছেনে নাই পৰীক্ষা কৰে আৰু পুনৰ আমাক সাধুকথা শুনায় ৷ৰামায়ণ,মহাভাৰতৰ ধৰ্মমূলক কাহিনীৰপৰা আৰম্ভ কৰি ভৌতিক যেনে কন্ধ,পৰুৱাই পোৱা,বুঢ়াডাঙৰীয়া আদিৰ দৰে ৰোমাঞ্চকৰ কাহিনীলৈকে আইতাই বৰ সুন্দৰকৈ আমাৰ আগত বৰ্ণাই যায় ৷ আমিও একান্তমনে শুনি থাকো ৷ আমাৰ অনুসন্ধিৎসু মনবোৰত কাল্পনিক কাহিনীবোৰৰ টুকুৰাবোৰে ভ্ৰমি থাকে অনবৰতে ৷ আমাৰ মনবোৰো নিতে ন ন কথা জানিবলৈ ব্যগ্ৰ হৈ উঠে দিনকদিনে ৷

সেয়া আছিল আজিৰ পৰা বহুবছৰৰ আগৰ কথা ৷ তাতকৈও বহু কাল আগৰেপৰাই এই সাধুকোৱা,সাধুশুনাৰ প্ৰথা চলি আছে ৷ লগেলগেই প্ৰচলন ঘটিছিল সাধু লিখাৰ প্ৰথাও ।অসমীয়া সাহিত্যৰ ভঁৰালো অনেক সাধুকথাৰ পুথিৰে ভৰি আছে তাৰে ভিতৰত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ “বুঢ়ীআইৰ সাধু”,“ককাদেউতা আৰু নাতিল’ৰা”,বেণুধৰ শৰ্মা দেৱৰ “ৰাংপতা” ইত্যাদিৰ উপৰিও প্ৰায় সকলো ভাষাৰে সাহিত্যৰ ভঁৰাল চহকী কৰা “বিক্ৰম আৰু বেতালৰ সাধু”,“পঞ্চতন্ত্ৰৰ সাধু” আদিৰ নাম উল্লেখ কৰিব পাৰি ৷

বৰ্তমান সময়ত আজিৰ কিমান শিশুৰ ক্ষেত্ৰত আইতাক ,ককাকৰ মুখৰ সাধু শুনাৰ সৌভাগ্য ঘটিছে সেয়া সন্দিহান যদিও সাধুকোৱা আৰু শুনাৰ প্ৰবণতা গা কৰি উঠাটো অতি আৱশ্যকীয় ৷ প্ৰতি বছৰৰ মাৰ্চ মাহৰ ২০ তাৰিখটো “বিশ্ব সাধুকোৱা দিৱস” হিচাপে পালন কৰা হয় ৷ প্ৰকৃততে ক’বলৈ গ’লে ক্ৰমবৰ্ধমান প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগৰ হেতুকেই হওক বা আন কেতবোৰ কাৰণতেই হওক আজিৰ শিশুসকলৰ হাতত দেখা পোৱা যায় ভিডিঅ গেম,মোবাইল আৰু চকুৰ আগত অনবৰতে টেলিভিছনৰ কাৰ্টুন প্ৰগ্ৰেম ৷ কিন্ত অলপমান যত্ন কৰি শিশুসকলক কলিৰেপৰাই ইলেক্ট্ৰনিক মাধ্যমসমূহৰপৰা নিলগাই ৰাখি সিহঁতৰ আগত যদি সাধুকথা কোৱাৰ অভ্যাস কৰা হয় , তেন্তে নিঃসন্দেহে আগলৈ শিশুসকলৰ মানসিক বিকাশত ই সহায়ক হ’ব ৷লগতে ইলেক্ট্ৰনিক মাধ্যমৰ সংস্পৰ্শৰপৰা আঁতৰত ৰাখিব পাৰিলে শিশুসকলৰ আনুষংগিক কিছু শাৰীৰিক বিসংগতিও দূৰ হ’ব ৷ গতিকে আহকচোন “বিশ্ব সাধু দিৱস” ৰ এই সন্ধিক্ষণতে আমি বদ্ধপৰিকৰ হওঁ শিশুসকলৰ আগত যিমান পাৰি সাধু ক’বলৈ আৰু সিহঁতৰ মনতো সাধু শুনাৰ প্ৰতি স্পৃহা জগাবলৈ ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক