সান্নিধ্য (চন্দ্রমা কলিতা )

সান্নিধ্য (চন্দ্রমা কলিতা )
আন্ধাৰ নমাৰ দুখত ম্রিয়মান আকাশখনক
ধ্রুৱ তৰা এটিয়ে পৰ দিয়ে,
তাইৰ বিষণ্ণ দুৱাৰদলিৰ সিপাৰে যেতিয়া
নিয়ৰ বুটলিবৰ বাবেই সি সাৰে থাকে।
পুৱতিৰ কোলাত ফুল এপাহ ফুলাৰ আনন্দত
বন্ধ কোঠা এটিত বতাহ অকণে হাঁহে,
কুঁৱলিৰ ফাঁকেৰে সৰকি অহা ৰ’দালিৰ উমখিনি যেতিয়া
সি তাইলৈকে সাঁচি ৰাখে।
সৰাপাতবোৰ গচকি
অস্তমিত আবেলিবোৰত সি প্রতিশ্রুতিবোৰ আঁকে,
তাইৰ গালৰ চকুপানীৰ দাগবোৰ
বৰষুণ এজাকে ধুৱাই নিয়ে।
সান্নিধ্যৰ ৰসানুভৱেৰে জীপাল বননি এডৰাত,
সি বাট হেৰুওৱা সেউজীয়াবোৰৰ পোহাৰ মেলে।
তাই আকৌ এবাৰ উলাহত নাচি উঠে,
ঠিক কঁহুৱাবোৰৰ দৰে…।
 
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments